header ads

প্ৰবন্ধ, অশ্বক্লান্ত দেৱালয়, ৰূপজ্যোতি দাস

 অশ্বক্লান্ত দেৱালয়



 মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তীৰ্থ নগৰী উত্তৰ গুৱাহাটীত অৱস্থিত অশ্বক্লান্ত এখন ঐতিহ্যপূৰ্ণ তীৰ্থস্থান । উত্তৰ গুৱাহাটীৰ দক্ষিণ পশ্চিমৰ জনাৰ্দ্দন পাহাৰৰ ওপৰতে এই তীৰ্থ বিৰাজমান । খ্ৰীষ্টাব্দ ১৭২০ ত আহোম স্বৰ্গদেউ শিৱসিংহই পৰ্বতীয়া গোঁহাইৰ আশ্ৰয় লোৱা সময়ছোৱাত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি জনা যায় ।
       ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে । ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত জনাৰ্দ্দন মন্দিৰ , আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত অনন্তশায়ী ভগৱান বিষ্ণুৰ মন্দিৰ । জনাৰ্দ্দন  মন্দিৰটো খ্ৰীষ্টাব্দ ১৬১৩ ত দৰঙী ৰজা আৰু অনন্তশায়ী ভগৱান বিষ্ণুৰ মন্দিৰটো ১৭২০ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ দিনতে নিৰ্মিত । মন্দিৰৰ ওপৰভাগলৈ উঠাৰ কাষতে দুটা শিলৰ গুহাও দেখিবলৈ পোৱা যায় । তাৰে এটাৰ ভিতৰত এতিয়াও দেৱ-দেৱীৰ মূৰ্ত্তি পৰিলক্ষিত হয় । খট্ খটীসমূহত শিলত খোদিত ফুল আদিৰ অপূৰ্ব ভাস্কৰ্যৰ প্ৰমাণ পোৱা যায় ।
       কিংবদন্তি প্ৰবাদ অনুসৰি প্ৰাচীন কামৰূপৰ প্ৰবল প্ৰতাপী ৰজা নৰকাসুৰৰ আক্ৰমণৰ পৰা প্ৰজাবৰ্গক ৰক্ষা কৰিবৰ হেতু দ্বাৰকাৰ গৰাকী  শ্ৰীকৃষ্ণই এই ঠাইলৈ আহোঁতে তেওঁৰ ৰথৰ ঘোঁৰা (অশ্ব) ক্লান্ত হৈ পৰে বাবে এই ঠাইডোখৰক অশ্বক্লান্ত বুলি জনা যায় । আন এক জনশ্ৰুতি অনুসৰি বিদৰ্ভ ৰজা ভীষ্মকৰ জীয়াৰী ৰুক্মিনীক শ্ৰীকৃষ্ণই বিয়া কৰাই নিওঁতে এই স্থানত তেওঁৰ ৰথৰ ঘোঁৰা (অশ্ব) ভাগৰি পৰা বাবেই এই ঠাইক অশ্বক্লান্ত বুলিও  জনা যায় ।
       মন্দিৰৰ নামনি ভাগত বিষ্ণুপদ চিহ্ণ লগতে ১২ টা কুণ্ডও আছিল বুলি জনা যায় । চ'ত মাহৰ অশোকাষ্টমী তিথিত ইয়াত স্নান কৰিবৰ বাবে অগণন ভক্তৰ সমাৱেশ হয় । প্ৰবাদ অনুসৰি সেইদিনা মা গংগা আহি ব্ৰহ্মপুত্ৰত বিলীন হয় । ভক্তসকলে সেইদিনা ব্ৰহ্মপুত্ৰত মৃতকৰ অস্থি উটুৱাই, আদ্যশ্ৰাদ্ধ কৰি , স্নান কৰি মৃতকৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে নিজেও পুণ্য লাভ কৰে বুলি বিশ্বাস কৰা হয়‌ । ইয়াৰোপৰি জন্মাষ্টমী , ফাকুৱা ইত্যাদি পৱিত্ৰ উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সোঁত বোৱা দেখা যায় । মন্দিৰৰ কাষত বিবাহ ,অন্নপ্ৰাশন আদি অনুষ্ঠান কৰাৰো সা-সুবিধা থকা দেখা যায় ।

       গয়ানগৰী খ্যাত এই তীৰ্থৰ নান্দনিক সৌন্দৰ্যই ইয়াক এক স্বকীয় বৈশিষ্ট প্ৰদান কৰিছে । যি বিভিন্ন প্ৰান্তৰ পৰ্যটকৰো দৃষ্টিৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ দক্ষিণ প্ৰান্তৰ পৰা জাহাজেৰে এই মন্দিৰলৈ অহাৰো উপযুক্ত যাতায়ত ব্যৱস্থা আছে ।
অশ্বক্লান্ত কেৱল এখন পুণ্য তীৰ্থই নহয় ই সমগ্ৰ উত্তৰ গুৱাহাটীৰ এক জীৱিত আৱেগ ...। এই আৱেগ বুকুত সাৱটি অশ্বক্লান্ত দেৱালয়ক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব  পাৰোঁ তাৰেই কামনাৰে ―
জয় জয়তু অশ্বক্লান্ত ...
জয় জয়তু বিশ্বগৌৰৱ অসমবাসী ।



ৰূপজ্যোতি দাস
সহকাৰী শিক্ষক, 
চৌৰাকাৰা বালক প্ৰাথমিক বিদ্যালয়, 
শিক্ষাখণ্ড : কমলপুৰ





মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা
          ভঁৰালঘৰৰ চোতালখনতে
          মৌ-সৰা দি জহি শুকাই সৰিম ।
পানী পালে , মাটি পালে , ৰ'দে-বৰষুণে
           ভুৰ্ ভুৰকৈ আকৌ গজি উঠিম ।
         ( শস্যমালাৰ ভ্ৰমণ , হীৰেন ভট্টাচাৰ্য )

Post a Comment

0 Comments