header ads

অসমীয়া কবিতা, জোনাক, শ্ৰী ববী কলিতা

 জোনাক


চোতালত বহি থাকোঁতে
     পৰিল চকুত ,
আকাশত দগমগাই থকা জোনটিলৈ ৷
     কি বা কথা পাতি আছে 
     সি তৰা কেইটিৰ স’তে ?
     সিহঁতৰ মৰমবোৰো দেখি 
ডাৱৰে আগুৱাই আহে নিচেই কাষলৈ ,
শুকুলা মেঘৰ মাজত হেৰাই গ’ল
হাঁহিৰ পিৰালিত মগন তৰা আৰু জোনাক ৷
আকাশে তাৰ বুকুখন সেপিয়াই চালে 
জোনাক আাৰু তৰাক বিচাৰি ;
কোনে আহি তচনচ কৰিলে 
মোৰ এই পাহোৱাল বুকুখনি ৷


শ্ৰী ববী কলিতা
সহঃ শিক্ষয়িত্ৰী
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো

Post a Comment

0 Comments