শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয় আৰু ইয়াৰ ইতিহাস
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ ফুলুং দীৰ্ঘেশ্বৰী গাঁৱৰ সমতলৰ পৰা প্ৰায় ২০০ মিটাৰ মান উচ্চতাত সীতাচল পৰ্বতৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয় ৷ প্ৰবাদ অনুসৰি দক্ষ ৰজাই নিজৰ যজ্ঞস্থলীত সতীদেৱী আৰু তেওঁৰ স্বামী মহাদেৱক কৰা তিৰস্কাৰ আৰু অপমান সহিব নোৱাৰি সতীদেৱীয়ে যজ্ঞকুণ্ডত জাঁপ দি প্ৰাণ আহুতি দিয়াৰ পিছত খঙত অগ্নিগৰ্ভা হৈ মহাদেৱ শিৱই পত্নীৰ নিথৰ দেহ কান্ধত তুলি বিশ্ব-ব্ৰহ্মাণ্ড ভ্ৰমি ফুৰিছিল ৷ সেই সময়ত ভগৱান বিষ্ণুৱে বিশ্ব-ব্ৰহ্মাণ্ড ৰক্ষাৰ স্বাৰ্থত নিজৰ সুদৰ্শন চক্ৰেৰে সতীৰ দেহ খণ্ড-বিখণ্ড কৰি পেলোৱাত দেৱীৰ শৰীৰৰ একো একোটা অংশ যি যি স্থানত পৰিছিল তাতেই একোখন তীৰ্থস্থান গঢ় লৈ উঠিছিল ৷ সতী দেৱীৰ সোঁ উৰু সীতাচল পাহাৰৰ এই স্থানত পৰাত ইয়াতো এখন দেৱালয় গঢ় লৈ উঠিছিল ৷ পুৰাণস্ৰষ্টা মুণিশ্ৰেষ্ঠ মাৰ্কণ্ডেয়ই এই স্থানত ধ্যান আৰম্ভ কৰিছিল আৰু এদিন মাঁৰ দৰ্শন লাভ কৰি ধন্য হ’ল আৰু পৰৱৰ্তী সময়ত তেওঁ ইয়াত এখন আশ্ৰম পাতি থাকিবলৈ ল'লে ৷ মাৰ্কণ্ডেয় মুণিয়ে ইয়াতে থাকি নিয়মিতভাৱে দেৱীক পূজা অৰ্চনা কৰিবলৈ ধৰিলে ৷ তেওঁৰ মতে এই দেৱালয়ত পূজা-অৰ্চনা কৰিলে দেৱীয়ে অপাৰ শক্তি প্ৰদান কৰে আৰু ভক্তসকল অফুৰন্ত জ্ঞানৰ অধিকাৰী হ’ব পাৰে ।
১৭ শ শতিকাত আহোম স্বৰ্গদেউ শিৱসিংহই মাৰ্কণ্ডেয় ঋষিৰ আশ্ৰমৰ বিষয়ে জানিব পাৰি ১৬৫৯ শকত দেৱীৰ উৰু থকা স্থানত এটি বিশাল মন্দিৰ নিৰ্মাণ কৰে বুলি জনা যায় ৷ মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত স্বৰ্গদেউ শিৱসিংহই বৰ্তমানৰ পশ্চিমবংগৰ নদীয়া জিলাৰ শান্তিপুৰ গাঁৱৰ স্বৰ্গীয় হলিৰাম ভট্টাচাৰ্যৰ পৰিয়ালটোক আনি কামৰূপৰ বৰডেকপাৰ গাঁৱত বিস্তৰ ভূ-সম্পত্তি দান দি সংস্থাপিত কৰে আৰু মন্দিৰৰ পূজা-অৰ্চনাৰ দায়িত্ব অৰ্পণ কৰিলে ৷ এতিয়াও বংশানুক্ৰমে হলিৰাম ভট্টাচাৰ্যৰ পৰিয়ালে মন্দিৰৰ দলৈ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে ৷
প্ৰতিদিনে ৰাতিপুৱা পুৰোহিত আৰু আঠপৰিয়াসকলে ফুল , তুলসী , বেলপাত আদি সংগ্ৰহ কৰি ধুই পখালি মন্দিৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ধূপ-চাকি জ্বলাই মাঁ দেৱীক নৈবেদ্য আগবঢ়ায় ৷ ইয়াৰ পিছত মন্দিৰত থকা বিগ্ৰহসমূহ যথাৰীতি মতে স্নান কৰোৱা হয় ৷ প্ৰথমতে শালগ্ৰামৰূপী শ্ৰীবিষ্ণুক স্নান কৰোৱা হয় ৷ ইয়াৰ পিছত যথাক্ৰমে নাৰায়ণ , দেৱাদিদেৱ মহাদেৱ , শিৱলিঙ্গ , মাঁ মনসা দেৱী , পীঠৰ অন্তৰ্ভাগত থকা গণেশ কুণ্ড আৰু শ্ৰীগণেশ , শিৱকুণ্ড , দুৰ্গাদেৱীৰ বিগ্ৰহ , মাঁ দক্ষিণা কালী আৰু মূল পীঠ অৰ্থাৎ শক্তিপীঠ ধুৱাই প্ৰাতঃপূজা সমাপন কৰা হয় ৷ ইয়াৰ পিছত দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয় ৷ দিনৰ ১:৩০ মান বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত পূৰ্বৰ ৰীতি মতে মহামায়াক ভোগ আগবঢ়োৱা হয় ৷ ভোগ হিচাপে মাঁ দেৱীক ভাত , পায়স , মিঠাই , মাটিৰ দাইল বা মগু দাইল নাইবা ৰহৰ দাইল বা বুটৰ দাইল , পাচলি হিচাপে আলু , ৰঙালাও , কবি , মূলা , স্কোৱাচ আদিৰ লগতে মন্দিৰত যদি বলি হয় তেন্তে মাছ , মাংসৰে ভোগ আগবঢ়োৱা হয় ৷ মন্দিৰৰ ভোগত মচুৰ দাইল , পিঁয়াজ , নহৰু , শুকান জলকীয়া , ভোল , নিলাজি আদি বৰ্জনীয় । গোঁসানীক ভোগ দিয়াৰ পাছতহে ভক্তসকলক ভোগ গ্ৰহণ কৰিবলৈ দিয়া হয় ৷ উল্লেখ্য যে মাঁক দিনত এবাৰহে ভোগ আগবঢ়োৱা হয় ৷ সন্ধিয়াৰ আগমনৰ লগে লগে পীঠস্থান পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি নিতৌ শংখ , ঘন্টা , দবা , কাঁহ আদিৰ মঙ্গল ধ্বনিৰে ধূপ-ধূনা জ্বলাই আৰতি কৰি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় ৷
শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয়ত বাৰ্ষিক পূজা-পাৰ্বণ উদ্যাপন কৰা হয় ৷ তাৰ ভিতৰত অসমীয়া নৱবৰ্ষৰ পহিলা ব'হাগত মন্দিৰত ৰাজহুৱা হোমযজ্ঞ কৰি সমাজৰ পৰা অপায়-অমঙ্গল বিনাশি শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷
আহাৰ মাহত এই দেৱালয়ত অম্বুবাচীও পালন কৰা হয় ৷ এই সময়ত প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ যথাৰীতি মন্দিৰৰ দ্বাৰ সম্পূৰ্ণ বন্ধ ৰখা হয় ৷
পবিত্ৰ শাওণ মাহত শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী মন্দিৰত নাগ পঞ্চমী অৰ্থাৎ মাঁ মনসা দেৱীৰ পূজা কৰা হয় ৷ পূজা উপলক্ষে হোমযজ্ঞ কৰাৰ উপৰিও বলি-বিধানো দিয়া হয় ৷ উক্ত পূজাত ভক্তসকলে নৈবদ্যৰ লগতে পৰম্পৰা অনুযায়ী হাঁহৰ কণী আগবঢ়োৱা দেখা যায় ৷
আহিন-কাতি মাহত শৰৎ ঋতু অৰ্থাৎ শাৰদীয় সময় ৷ এই সময়তে আৰম্ভ হয় শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পূজা ৷ দুৰ্গা পূজা অৰ্থাৎ শক্তি পূজা মূলতঃ কৃষি দেৱীৰ পূজা ৷ শক্তিয়েই প্ৰকৃতি ৷ আদিম কালৰে পৰা মানুহে প্ৰকৃতিক শক্তিৰূপে পূজা কৰি আহিছে ৷ সেয়েহে দীৰ্ঘেশ্বৰী মন্দিৰত ন বিধ উদ্ভিদ যেনে – কলপুলি , হালধি , মানকচু , জয়ন্তী ফুল , বেল এযোৰ, ধানগছ , ডালিম গছৰ ডাল , অশোক গছ , ক’লা কচু , অপৰাজিতা লতাৰে বান্ধি তেলশাৰী এখনেৰে কলগছজোপাত মেৰিয়াই নৱপত্ৰিকা প্ৰস্তুত কৰি যথাবিহিত ৰীতিৰে পাঁচ-ছয়দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা পালন কৰা হয় ৷ নৱমী পূজাত ম’হ বলি ( বৰ বলি ) ৰ উপৰিও পঠা ছাগলী , মতা হাঁহ , পাৰ চৰাই , মাগুৰ মাছ , ব’গা কোমোৰা , কুঁহিয়াৰ , মানকচু আদি বলি দিয়া দেখা যায় ৷ কিছুমান ভক্তই বলিৰ পৰিৱৰ্তে উচৰ্গা কৰি এৰি দিয়াও দেখা যায় ৷ বিজয়ী দশমীৰ দিনা নৱপত্ৰিকা বিসৰ্জন আৰু অপৰাজিতা পূজাৰে দুৰ্গা পূজাৰ সামৰণি মৰা হয় ৷
মাঘ মাহৰ পহিলা দিনটোত ৰাজহুৱা হোমযজ্ঞ কৰি সৰ্বমংগল কামনাৰে দেৱীক প্ৰাৰ্থনা কৰা হয় ৷ মাঘ মাহৰ শুক্লা চতুৰ্থী তিথিত মন্দিৰৰ চৌহদৰ শিলত অৱস্থিত বৃৃহৎ গণেশ মূৰ্তিত শ্ৰীশ্ৰী সিদ্ধি বিনায়ক গণেশ পূজা উদ্যাপন কৰা হয় ৷
ফাগুন মাহত কৃষ্ণ চতুৰ্দশী তিথিত যথাবিহিত ৰীতি-নীতিৰে দীৰ্ঘেশ্বৰী মন্দিৰত মহাশিৱৰাত্ৰী পূজা সম্পন্ন কৰা হয় ৷ পূৰ্বপৰ ৰীতি অনুসৰি পূজাত খাহী ছাগলী মাৰি সেই মাংসৰে ভক্তসকলে ভোগ গ্ৰহণ কৰে ৷ ছাগলীটো বলিৰ পৰিৱৰ্তে অন্য ধৰণেৰে মৰা হয় ৷
সাধাৰণতে চ’ত মাহত ( কেতিয়াবা ব'হাগ মাহত ) মদনভঞ্জী বা মদন চতুৰ্দশী উৎসৱটি মন্দিৰত খুবেই উলহ-মালহেৰে পালন কৰা হয় ৷ সেইদিনা মূল পীঠত থকা মাঁ দক্ষিণা কালীক পূজা অৰ্চনাৰ অন্তত সিংহাসনত বহুৱাই গায়ন-বায়নেৰে শোভাযাত্ৰা কৰি মণিকৰ্ণেশ্বৰত থকা ভৈৰৱ শিৱৰ লগত পুৰোহিতে যথাবিহিত প্ৰথাৰে পূজা-অৰ্চনা কৰি ৰাইজৰ উৰুলি ধ্বনিৰ মাজেৰে মাঁ দক্ষিণা কালী আৰু শিৱৰ মিলন ঘটোৱা দেখা যায় যাক ভক্তসকলে গোঁসানীৰ বিয়া বুলি অভিহিত কৰে ৷ বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পাছত পুনৰ দেৱীৰ বিগ্ৰহ পদব্ৰজে শোভাযাত্ৰা কৰি ৰজাদুৱাৰ , মধ্যমখণ্ড , শিলসাঁকো , অভয়পুৰ , মাজগাঁও আদি অঞ্চলৰ মাজেৰে নিশা পৰিভ্ৰমণ কৰাই পুৱতি নিশা অশ্বক্ৰান্ত দেৱালয়ৰ সমীপত থকা বিষ্ণুপদৰ কাষত ব্ৰহ্মপুত্ৰৰ পবিত্ৰ পানীৰে দেৱীক স্নান কৰাই পূজাৰীয়ে পূজা পাঠ কৰি মাঁ দেৱীৰ বিগ্ৰহ পুৱতি নিশাতে পুনৰ পদব্ৰজে দীৰ্ঘেশ্বৰী মন্দিৰলৈ লৈ অনা হয় ৷ কথিত আৰু বিশ্বাস আছে যে চৰাই-চিৰিকতিয়ে সাৰ নৌপাওঁতেই মাঁক পুনৰ মন্দিৰত প্ৰৱেশ কৰাব লাগে মদন ভঞ্জী উৎসৱ তিনিদিনীয়াকৈ পালন কৰি প্ৰতিদিনেই মাঁৰ বিগ্ৰহ সমগ্ৰ উত্তৰ গুৱাহাটীত পৰিভ্ৰমণ কৰোৱা হয় পৰিভ্ৰমণ কালত ভক্তপ্ৰাণ ৰাইজে পদূলিয়ে পদূলিয়ে আৰু ৰাজহুৱা নামঘৰসমূহত কলগছ ৰুই চাকি-বন্তি জ্বলাই মাঁৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ ভক্তসকলে ৰোৱা কলগছসমূহ বলিকটীয়াই বলি কটা দাৰে এফালৰ পৰা কাটি গৈ থাকে ৷ এই বলিকটীয়া ( দাৱাল )গৰাকী মাঁৰ যাত্ৰাৰ সময়ত অংগৰক্ষক হিচাপে বলি কটা দা হাতত লৈ আগে আগে গৈ থাকে ৷
এইদৰে যুগ যুগ ধৰি চলি আহিছে দেৱীৰ পূজা-অৰ্চনা ৷ দুৰ্গতিনাশিনী মাঁ দীৰ্ঘেশ্বৰীৰ গুণ-গৰিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ৷ যোগিনীতন্ত্ৰৰ মতে দীৰ্ঘেশ্বৰী দেৱীৰ দৰ্শন কৰি প্ৰদক্ষিণ কৰিলে ষাঠি হাজাৰ বছৰ দেৱতুল্য ফল ভোগ কৰিব পাৰি ৷ ইমান দীৰ্ঘ সময় ব্যাপি হোৱা বাবে হয়তো দেৱী মাঁৰ এই পীঠখনৰ নাম দীৰ্ঘেশ্বৰী হোৱা বুলি অনুমান কৰিব পাৰি বা লোক বিশ্বাস আছে ৷
“ সৰ্ব্বে ভৱন্তু সুখিনঃ
সৰ্ব্বে সন্তু নিৰাময়ঃ
সৰ্ব্বে ভদ্ৰানা পশ্যন্তুঃ
মাঁ কশ্চিৎ দুখঃ ভাগ ভৱেৎ ৷৷ ”
সমল কেন্দ্ৰ সমন্বয়ক
শিক্ষাখণ্ড : কৰৰা
0 Comments