শাওণ
শুকান মাটিত বৃষ্টিৰ
নৱ প্ৰেৰণাৰ কৃষ্টি আৰু
খেতিয়কৰ আশা ।
আকাশৰ মেঘত বৃষ্টিৰ
জলাধাৰে আনিব খেতিয়কৰ উৎসাহ ,
মাটিডৰাক সেউজ কৰাৰ
পৰিকল্পনা নাঙল আৰু বলধৰ
ভাষাই দিব লখিমী অনাৰ সপোন ।
ৰোৱনিৰ মুখত বিয়ানাম আৰু শিৱ গোহাঁইৰ গীত
বতাহত ভাঁহি যায় দূৰণিৰ
গাঁও আৰু পাহাৰৰ বুকুলৈ ।
কাষত বগলি বোৰে ডেও
মাৰি মাৰি বিচাৰি খাই পোক
কীটবোৰ বোকাৰ মাজত দেখি ।
কি যে সুন্দৰ ! শাওনৰ ছবি
ৰাম , ৰহিম , বসুমতাৰীহঁতে
একেখন পথাৰত চাহ কৰে ।
অসমৰ বুকুত নাই হীনপৰ
সকলো যেন একে মাতৃৰ সন্তান এখন আকাশৰ তলত ।
শংকৰদেৱৰ , আজান ফকীৰৰ
বৰগীত , জিকিৰ গায় ,
চহা জীৱনৰ এনাজৰীৰ
মিলন সেতুৰ মহামিলনৰ
সমাজত জীয়াই ।
বলেন চন্দ্ৰ দাস
সহকাৰী শিক্ষক
বকো মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : বকো
0 Comments