header ads

বিশেষ লেখা, কামৰূপ জিলাৰ শৈক্ষিক উন্নয়নৰ দিশত ল'বলগীয়া পদক্ষেপ সম্পৰ্কে অভিভাৱকৰ মতামত

 কামৰূপ জিলাৰ শৈক্ষিক উন্নয়নৰ দিশত ল'বলগীয়া পদক্ষেপ সম্পৰ্কে অভিভাৱকৰ মতামত





কামৰূপ জিলাৰ শৈক্ষিক উন্নয়নৰ দিশত ল'বলগীয়া পদক্ষেপ সম্পৰ্কে জানিবলৈ জিলাখনৰ বিভিন্ন শিক্ষাখণ্ডৰ অভিভাৱকসকলৰ প্ৰতি শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ তৰফৰ পৰা এটি প্ৰশ্ন কৰা হৈছিল । উক্ত প্ৰশ্নটিৰ প্ৰতি অভিভাৱকসকলৰ আশাপ্ৰদ সঁহাৰিত শিক্ষা ক্ষেত্ৰৰ বহুতো গুৰুত্বপূৰ্ণ দিশ উদ্ঘাটন হৈছে । তলত প্ৰশ্নটোৰ লগতে বিভিন্ন শিক্ষাখণ্ডৰ পৰা লোৱা অভিভাৱকৰ সকলৰ উত্তৰসমূহ আগবঢ়োৱা হ'ল । প্ৰশ্নটো আছিল এনেধৰণৰ - কামৰূপ জিলাৰ শৈক্ষিক উন্নয়নৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি আপুনি ভাবে ?

উত্তৰ :- নমস্কাৰ ।  মই অনু বৈশ্য দাস ।  হাজো শিক্ষাখণ্ডৰ ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী অভিভাৱিকা ।
       জয় জয়তে মই জ্ঞানম পৰিয়াললৈ নমস্কাৰ জনাইছোঁ । শৈক্ষিক উত্তৰণৰ অভিমতলৈ মোৰ অনুভৱখিনি জনাব প্ৰয়াস কৰিছোঁ ।
১/ ১ম কথা , শিক্ষকসকলক অন্য কামৰ বোজাৰ পৰা ৰেহাই দি বিদ্যালয়ত উপস্থিতি নিশ্চিত কৰিব লাগিব ।
২/ এখন বিদ্যালয়ত কিমান গৰাকী শিক্ষক ছুটীত আছে , বিদ্যালয়খন কেনেদৰে চলি আছে‌ সেইকথা শিক্ষাবিভাগ অৱগত হ'ব লাগিব আৰু পাৰিলে তাৰ ঠাইত ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ পৰা শিক্ষক   আনি পাঠদানৰ ব্যৱস্থা কৰিব লাগিব ।
৩/ নৈতিক আৰু মূল্যবোধৰ শিক্ষা 'ক' শ্ৰেণীৰ পৰা বাধ্যতামূলক হ'ব লাগিব ।
৪/ শ্ৰেণী আৰু বয়স অনুযায়ী পাঠ্যক্ৰম হোৱা উচিত ।
৫/ শিক্ষা বিভাগৰ বিষয়া বিদ্যালয়সমূহত সঘনাই হঠাৎ পৰিদৰ্শন কৰা উচিত ।
৬/ T.L.M ৰ‌‌ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ হোৱা উচিত ।
৭/ দিৱসসমূহত এসপ্তাহৰ কাৰ্য্যসূচীয়ে পাঠদানত ব্যাঘাত জন্মায় ।
--------------------------------------------------

1. Eco-park / park is necessary for the physical development of the children .
2. Each school should have a playground .
3. One library is necessary from where they can borrow books for the development and increase of their knowledge .
4. The majority of the people of this area are very poor . They can not properly take care of their children . So in every school health check up  of the students should be done on regular basis .
5. In every school special importance should be given on physical activities ( like sports , yoga etc. ) so that the students can possess good health .

Sraboni Das Roy
Amingaon
Block- Karara .
------------------------------------------

কামৰূপ জিলাৰ শৈক্ষিক মানদণ্ড আগতকৈ কিছু ক্ষেত্ৰত উন্নত হোৱা দেখা যায় যদিও সকলো দিশতে উন্নত হোৱা বুলি ক'ব নোৱাৰি । শেষৰটো গুণোৎসৱৰ ফলাফলে  দেখুওৱা ছবিখনে কামৰূপ জিলাৰ শৈক্ষিক বাতাৱৰণ উন্নততৰ হোৱাটোৱে সূচায় যদিও বৰ্তমান শিক্ষা ব্যৱস্থাত থকা কিছু কেৰোণে শিশুৰ শিক্ষাক যথোপযুক্ত ধৰণে গঢ় দিয়াত ব্যৰ্থ হোৱা যেন বোধ হয় । শাৰীৰিক শিক্ষা , কৰ্মমুখী শিক্ষা , নীতিবোধৰ শিক্ষাক যিমান গুৰুত্ব দিয়াৰ প্ৰয়োজন , সিমান দিয়া নহয় । লগতে , সবাতোকৈ দৰকাৰী কথাটো হ'ল -- শ্ৰেণীৰ মানদণ্ড আৰু পাঠ্যপুথিৰ মানদণ্ডৰ মাজত ৰৈ যোৱা বৃহৎ পাৰ্থক্য ; বিশেষকৈ নিম্ন প্ৰাথমিক শ্ৰেণীসমূহত । মোৰ জী বৰ্তমান ২য় শ্ৰেণীৰ ছাত্ৰী । সেয়েহে , এয়া আমাৰ ব্যক্তিগত অনুভৱ । অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ লগতে গণিত আৰু ইংৰাজী বিষয়ৰ বৃহৎ আকাৰৰ পাঠ্যপুথি দুখনে কোমলমতি শিশুসকলৰ বাবে এক হেঙাৰ হৈ পৰিছে । আখৰ চিনাৰ এই বয়সত পাঠ্যপুথিত দিয়া একাধিক দীঘল , দীঘল জটিল পাঠবোৰে সিহঁতৰ ওপৰত যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰে । তাৰ ঠাইত সহজ পাঠ্যপুথি , আখৰ অভ্যসনক মূল হিচাপে লৈ নিৰ্দিষ্ট ক্ৰম বৰ্তাই ৰাখি প্ৰস্তত কৰা পাঠ্যপুথিৰ প্ৰচলনত গুৰুত্ব আৰোপ কৰিলে অধিক ফলপ্ৰদ হোৱাৰ দৃঢ় সম্ভাৱনা আছে ।

- শ্ৰী বিৰেন্দ্ৰ মোহন নাথ 
 অভিভাৱক , বৰিহাট । 
 ( শিক্ষাখণ্ড - ৰাণী )
----------------------------------------------

শৈক্ষিক উন্নয়ন বুলি ক’লে ইয়াৰ সৈতে বিভিন্ন দিশ সাঙোৰ খাই পৰে ৷ কামৰূপ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ মাজত শৈক্ষিকমানৰ তাৰতম্য দেখা যায় ৷ দুৰ্বল আন্ত:গাঁঠনি , যথোপযুক্ত শৈক্ষিক বাতাবৰণৰ অভাৱ , বিজ্ঞান শিক্ষাৰ বাবে শিক্ষণ সঁজুলি ব্যৱহাৰৰ দিশত হেমাহি , বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ( বিশেষকৈ একাংশ চৰকাৰী বিদ্যালয়ত ) হীন ডেঢ়িৰ অভিযোগ বিভিন্ন প্ৰচাৰ মাধ্যমত সততে দেখা যায় ৷ এইসমূহ দোষ-দুৰ্বলতা আঁতৰাব পাৰিলে নিশ্চয়কৈ শৈক্ষিক উন্নয়ন ত্বৰান্বিত হ’ব বুলি আশা কৰিব পাৰি ৷ অন্যহাতে ইংৰাজী ভাষাৰ শিক্ষাদানৰ বাবে বিশেষ আঁচনি গ্ৰহণৰ পৰিৱৰ্তে শেহতীয়াভাৱে ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞানৰ শিক্ষা দিয়াৰ ব্যৱস্থাই গতানুগতিক শিক্ষা ব্যৱস্থাৰ কিবা আমূল পৰিৱৰ্তন আনিবনে , নে এই ব্যৱস্থাই এচাম ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশত নেতিবাচক প্ৰভাৱ পেলাব সেয়া সময়েহে ক’ব ৷ শৈক্ষিক উন্নয়নৰ নিমিত্তে এইবোৰ দিশত নিশ্চিতভাৱে অধিক বিচাৰ-বিশ্লেষণ আৰু গৱেষণাৰ থল আছে বুলি অনুভৱ কৰোঁ ৷ অন্যহাতে বিদ্যালয়সমূহত প্ৰণালীবদ্ধভাৱে কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰমৰ ( গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ আৰ্হিৰ অনুকৰণত ) ব্যৱস্থা সন্নিবিষ্ট কৰিলে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে শৈক্ষিক উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰোঁ ৷ বৰ্তমান যিহেতু প্ৰযুক্তিবিদ্যাৰেই জয়জয়কাৰ , গতিকে শিক্ষাৰ্থীক ন ন প্ৰযুক্তিৰ জ্ঞান প্ৰদানত বিশেষ গুৰুত্ব দিয়াটো আজিৰ সময়ৰ আহ্বান , অন্যথা মুখস্থ বিদ্যা আধাৰিত নম্বৰসৰ্বস্ব শিক্ষাব্যৱস্থাৰে জিলাখনত সুদূৰপ্ৰসাৰী শৈক্ষিক উন্নয়ন সাধন কৰাটো কোনোকালেই সম্ভৱ নহ’ব ৷

- হেমেন ডেকা , অভিভাৱক
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - কমলপুৰ
-----------------------------------------------

শৈক্ষিক উন্নয়নৰ বাবে প্ৰথমে প্ৰতিখন বিদ্যালয়তে উপযুক্ত শৈক্ষিক বাতাবৰণৰ প্ৰয়োজন হয় । তাৰকাৰণে বিদ্যালয় এখনত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক আৰু অন্যান্য সুবিধা থকাটো দৰকাৰ । 
যেনে - ১) বহুত সময়ত  বিদ্যালয়বোৰত ছাত্ৰ - ছাত্ৰী অনুপাতে লগাতকৈ শিক্ষকৰ সংখ্যা কম দেখা যায় ।
তাৰ ওপৰিও শিক্ষকসকলক শিক্ষা বিভাগৰ বাহিৰেও বিভিন্ন কামত লগাই থকাত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাও দেখা যায় । 
২) আমাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ - ছাত্ৰী সকলে বহুত সময়ত নিজৰ গাঁওখন বা নিজৰ অঞ্চলটোৰ পৰা ওলাই গৈ অন্য ঠাইলৈ যোৱাৰ বা অন্য ঠাই চোৱাৰ সুযোগটো কমকৈ পায় । ইয়াৰ ফলত তেওঁলোকৰ ভৌগোলিক জ্ঞান সমূহ সীমিত হৈ ৰয় । বহুত সময়ত বিদ্যালয়ৰ পৰা তেনেকুৱা কাৰ্যসূচী লোৱা হয় যদিও অৰ্থৰ অভাৱত বহুত ছাত্ৰ - ছাত্ৰী যাব নোৱাৰে । যদি কামৰূপৰ বিদ্যালয় সমূহত ক্ষেত্ৰ - ভ্ৰমণৰ কিবা ব্যবস্থা কৰি দিয়া হয় , আমাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সচাঁকৈয়ে উপকৃত হ'ব । 
৩)  বছৰত এবাৰকৈ হ'লেও অলপ দূৰত থকা ( অন্য ব্লকৰ / শিক্ষাখণ্ডৰ ) কোনো এখন বিদ্যালয়ৰ সৈতে যদি শৈক্ষিক বিনিময়ৰ এটা কাৰ্যসূচী হাতত ল'ব পৰা যায় , এইটোৱেই শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি ভাবোঁ ।

- শ্ৰী মাধৱ নিয়োগী ( অভিভাৱক )
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড:- ছয়গাঁও
-----------------------------------------

কামৰূপ জিলাৰ শৈক্ষিক উন্নয়ন :-

কামৰূপ জিলাৰ শৈক্ষিক উন্নয়ন হ'ল এটি গুৰুত্বপূৰ্ণ বিষয় । এই বিষয়টো আমাৰ সমাজ আৰু ভৱিষ্যতৰ প্ৰজন্মৰ লগত জড়িত হৈ আছে । শৈক্ষিক উন্নয়নৰ দিশ চাবলৈ হ'লে আমি বহুত কেইটা বিষয়বস্তু ইয়াৰ লগত সামৰি ল'ব লাগিব ।

পোনপ্ৰথমে , শৈক্ষিক দিশৰ উন্নয়নৰ কাৰণে প্ৰাথমিক স্তৰটোক ভালদৰে  গুৰুত্ব দিব লাগিব , যেনে - বিদ্যালয়খনত যথেষ্ট সংখ্যক শিক্ষক - শিক্ষয়িত্ৰী আছেনে নাই , ভালদৰে পাঠদান বোৰ হৈছেনে নাই ইত্যাদি । যদি যথেষ্ট সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী নাই , তেনেক্ষেত্ৰত শিক্ষক -শিক্ষয়িত্ৰীৰ নিযুক্তিৰ ব্যৱস্থা কৰা উচিত । ইয়াৰ উপৰি অভিভাৱক সকলক সজাগ কৰা উচিত যাতে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে বা শিক্ষক-শিক্ষয়িত্ৰীয়ে ভালদৰে পাঠদান কৰে ।

শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত আন এটি সমাজক গ্ৰাস কৰিব ধৰা সমস্যা হৈছে ছাত্ৰ সকলৰ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উভয়েৰে মোবাইল আসক্তি । এই সমস্যাই বহুত ল'ৰা-ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিছে । এই বিষয়ক লৈ সজাগতাৰ খুবেই প্ৰয়োজন । শিক্ষক -শিক্ষয়িত্ৰী , অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক লৈ বিশিষ্ট বক্তাৰ যোগেদি বা সজাগতা শিবিৰৰ যোগেদি আলোচনা বা মত বিনিময় হোৱা উচিত ।

কামৰূপ জিলা যিহেতু এটা বৃহৎ অঞ্চল , ইয়াৰ প্ৰতিটো অঞ্চলৰ সমস্যা বেলেগ । এই সমস্যা সমূহক বিষয়বস্তু হিচাপে লৈ অধ্যয়ন কৰা উচিত ।

আৰ্থিক অৱস্থাও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ । আমাৰ এই জিলাত বহুত পিছপৰা অঞ্চল আছে । এই অঞ্চলবোৰত আৰ্থিকভাৱে জুৰুলা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক অনাটনত চিৰকালৰ বাবে বিদ্যালয় এৰিব লগা হয় । এনে ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰীজনীৰ ঘৰত গৈ পৰিয়ালৰ লগত আলোচনা কৰি আৰ্থিক অনুদানৰ ব্যৱস্থা কৰা উচিত । এনে পৰিয়ালবোৰৰ কাৰণে NGO ৰ দ্বাৰা বিভিন্ন কৰ্মশালা , প্ৰশিক্ষণৰ যোগেদি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা উচিত । লগতে চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰা উচিত ।
 
ইয়াৰ উপৰিও আমাৰ বিদ্যালয় সমূহত বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত ।

কামৰূপ জিলাৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত আন বহুতো সৰু-বৰ পদক্ষেপ ল'ব পৰা যায় । কিন্তু সেই পদক্ষেপ বিলাক উচিত মূল্যায়ন আৰু কাৰ্যকৰী হোৱা উচিত । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সমস্যা সমূ্হৰ অধ্যয়ন হোৱা উচিত । লগতে সমাজ , অভিভাৱক , শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদান অত্যন্ত জৰুৰী ।


এনি দৈমাৰী
বিৰোগাঁও , মিৰ্জা
শিক্ষাখণ্ড - ৰামপুৰ

----------------------------------------------------

সংগ্ৰাহক
সম্পাদনা সমিতি
জ্ঞানম ।

Post a Comment

0 Comments