header ads

সম্পাদকীয় ( তৃতীয় বছৰ চতুৰ্থ সংখ্যা )

 



কথাতে কয় - " ৰক্তদান এক মহান দান । "

       ৰক্তদানৰ এই গুৰুত্ব তথা মহত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ আহ্বানত সমগ্ৰ বিশ্বই ১৪ জুন তাৰিখ দিনটো ' বিশ্ব ৰক্তদাতা দিৱস ' হিচাপে পালন কৰি আহিছে । আমি সকলোৱে জানোঁ যে , বিভিন্ন ব্যাধি অথবা দুৰ্ভাগ্যজনক ভাৱে ঘটা আকস্মিক দুৰ্ঘটনাত পতিত লোকৰ বাবে প্ৰতি টোপাল ৰক্ত অৰ্থাৎ তেজৰ মূল্য অপৰিসীম । সংকটজনক অৱস্থাত থকা ৰোগীৰ বাবে বহুসময়ত ৰক্তদান জীৱনদানৰ সমপৰ্যায়ৰ বুলিয়েই গণ্য কৰা হয় ।

      আমি সকলোৱে অৱগত যে মানৱ শৰীৰৰ মূল চালিকা শক্তি হ'ল তেজ । সমগ্ৰ শৰীৰত অক্সিজেন , পুষ্টি দ্ৰব্য , হৰম'ন আদিৰ বিতৰণ কৰা , কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা নিষ্কাশন কৰিবলৈ হাওঁফাওঁ , বৃক্ক বা পাচন তন্ত্ৰলৈ কঢ়িয়াই নিয়াৰ উপৰিও তেজে শৰীৰত হোৱা বিভিন্ন সংক্ৰমণ ৰোধ কৰে ।
       এগৰাকী সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত ৪.৫ ৰপৰা ৫.৭ লিটাৰ তেজ থাকে । তেজৰ অভাৱত সংকটজনক অৱস্থাত থকা ব্যক্তিক আন সুস্থ ব্যক্তিৰ পৰা যোগান ধৰা তেজে জীৱনদান দিব পাৰে । ' Times of India ' ৰ এক সমীক্ষা অনুসৰি ভাৰতত প্ৰতিদিনে প্ৰায় ১২,০০০ লোকৰ মৃত্যু হয় কেৱল মাত্ৰ তেজৰ অভাৱত । ভাৰতত প্ৰতি ২ চেকেণ্ডত কোনোবা এগৰাকী ব্যক্তিক তেজ দিব লগা হয় , যাৰ বাবে যথেষ্ট সংখ্যক ৰক্তদাতাৰো প্ৰয়োজন । পিছে দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমান যুগতো ৰক্তদাতাৰ অভাৱতে বহুতো লোকৰ মৃত্যু হৈ আছে । এইক্ষেত্ৰত কিছুমান প্ৰচলিত ভুৱা ধাৰণাৰ ফলত বহুতো মানুহে তেজ দিবলৈ আগবাঢ়ি নাহে । সেয়ে ৰাইজৰ মাজত বহুল পৰিমাণে সজাগতা বৃদ্ধি কৰাৰ বিকল্প আন একো নাই ।
       এগৰাকী সুস্থ ব্যক্তিয়ে ৰক্তদান কৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ একো ক্ষতি নহয় বৰং স্বাস্থ্যৰ পক্ষে ভালেমান সুফলহে পোৱা যায় । তাৰোপৰি তেওঁ মানসিক ভাৱেও অধিক সৎসাহসী হৈ পৰে , মানুহৰ প্ৰতি সহানুভূতিশীলতা বৃদ্ধি পায় , ভাতৃত্ব বোধ জাগি উঠে ; যিয়ে সামাজিক বিশৃংখলতা বোৰ আঁতৰ কৰাত সহায় কৰে ।  ' ই-আলোচনী জ্ঞানম ' ৰ এইটো ( তৃতীয় বছৰ চতুৰ্থ ) সংখ্যাত ৰক্তদানৰ এই অসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি ' নিৰাময় ' নামৰ এটি স্বেচ্ছাসেৱী ৰক্তদাতা সন্থাৰ সাক্ষাৎকাৰ প্ৰকাশ কৰিছোঁ । এয়া নিশ্চিত যে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি তথা ৰক্তদান শিবিৰবোৰত ভিৰ কৰিহে বিশ্ব ৰক্তদাতা দিৱসৰ মহৎ উদ্দেশ্যক সফল কৰিব পৰা যাব । সেয়ে আহক , সকলোৱে হাতে হাতে ধৰি আগুৱাই যাওঁ । ৰক্তদান কৰি আমাৰ জীৱন ধন্য কৰোঁ আৰু আনৰো জীৱন ৰক্ষাত কিছু অৰিহণা যোগাও‍ঁ ।

জীৱন জিন্দাবাদ
জয়তু বিশ্ব ৰক্তদাতা দিৱস
জয়তু জ্ঞানম




নয়ন মণি দাস
সম্পাদক


                                      সহঃ সম্পাদক দ্বয়

                                         মালব্য দাস,                                                  পূৰবী চুতীয়া ,



Post a Comment

0 Comments