header ads

শিশু নাট, এফ এল এন ( শিশু নাট ), কৃষ্ণ কলিতা

 এফ এল এন ( শিশু নাট )




শুনা শুনা সভাসদ
আমাৰ বচন অ' ...
নতুন শিক্ষানীতি ২০২০ ৰ কথা
শুনা শুনা সৰ্বজন ।
শুনা শুনা গুণীগণ
আমাৰ বচন অ'....
নিপুণ অসম গঢ়াৰ বাবে
চৰকাৰৰ পদক্ষেপ অ'....
শুনা শুনা সৰ্বজন
এফ এল এনৰ কথা
লিখি পঢ়ি জানি বুজি 
সকলো হওঁ দক্ষ ।

( ছাত্ৰ-ছাত্ৰী নাচি নাচি বিদালয়লৈ আহিব । )

ছাত্ৰ ছাত্ৰী :- Good morning sir.

শিক্ষক :- Good morning. বঢ়িয়া , আজি নতুন শিক্ষাবৰ্ষৰ প্ৰথম দিন। সকলোলৈ মই অভিনন্দন জনালো । 
ছাত্ৰ ছাত্ৰী:- ধন্যবাদ ছাৰ ।
শিক্ষক:- আজি শিক্ষাবৰ্ষৰ প্ৰথম দিন কাৰণে আমাৰ  বন্ধু বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ ছাত্ৰী সকলো আমাৰ বিদ্যালয়লৈ আহিব । চি আৰ চি চি মহোদয়কো নিমন্ত্ৰণ কৰিছো । অহ , এয়া বন্ধু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষকসকল আহি পালেই ।

শিক্ষক ১ :- আপোনালোক আহি পালে । আহক , আহক, বহক । আৰু তোমালোক আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহা ।

শিক্ষক ১:- তেন্তে এতিয়া আমি আৰম্ভ কৰিব পাৰোঁ । 

শিক্ষক ২:- হয় , হয় । আৰম্ভ কৰক ।

বন্ধু বিদ্যালয়ৰ ছাত্ৰী : - অনুষ্ঠানৰ আৰম্ভণি এটি গীতেৰে কৰা যাওক ছাৰ ।
শিক্ষক ১:- ঠিক আছে , ঠিক আছে  । নৱ ছাৰে এটি গীতেৰেই আজিৰ কাৰ্যসূচী আৰম্ভ কৰিব ।

নৱ ছাৰ :- হয় নেকি ? ঠিক আছে । বিহু এফাকি লগাই দিছো ৰবা । তোমালোকেও ধৰিবা ।

বহাগতে আহিব চেনাই ঐ.....
নতুন শিক্ষানীতি , আমাৰে মাজলৈ
ব'হাগতে বিদ্যালয় খুলিলে
তোমালোক জানো নাহিবা , জ্ঞান ল'বলৈ

বহাগতে .......


শিক্ষক ছাত্ৰৰ মাজত আছে অভিভাৱক ঐ
শিকনত আগবাঢ়িম , সমাজখনক লৈ
তোমালোক জানো নাহিবা , বিদ্যালয়লৈ
শিক্ষা-দীক্ষা লৈ ডাঙৰ মানুহ হবলৈ..2

ৰাতিপুৱাই আহিবা বিদ্যালয়লৈ ঐ
কিতাপ , বহী  ,কলম , পেঞ্চিল লগতেনো লৈ
তোমালোক  আহিবা , বিদ্যালয়লৈ
মনপুতি পঢ়িবা , ডাঙৰ মানুহ হবলৈ 
আমি যে আছো ৰৈ , এফ এল এনৰ ট্ৰেইনিং লৈ
আখৰ আৰু সংখ্যা জ্ঞান , তোমালোকক দিবলৈ
বোধ আৰু দক্ষতাৰে বুনিয়াদী শিক্ষা লৈ
নিপুণ অসম গঢ়িম আমি সমাজখনক লৈ
নিপুণ অসম গঢ়িম আমি সমাজখনক লৈ ।

শিক্ষক ১:- বৰ সুন্দৰ , বৰ সুন্দৰ । ( সকলোৱে হাত তালি দিব )


শিক্ষক ২ :- কলিতা , কথা এটা কওঁ , বেয়া নাপাব ।
শিক্ষক ১ :- কওক কওক । বেয়া কথা নক'লে বেয়া কিয় পামহে ?
শিক্ষক ২ :- আপোনালোকক দেখি আহিছো , আপোনালোকে বেছিভাগ সময় গীত গাই ,  কবিতা পদ্য আওৰাই আৰু সাধু কথা কৈ কৈ কটায় । ছাত্ৰ ছাত্ৰীক পঢ়ায় কেতিয়াহে ? 
শিক্ষক ১ :- আমি গীত-কবিতা-পদ্য-গল্প আদিৰ মাজেৰেই শিকাওঁ । আহকচোন , এতিয়া  বহি লওক । এই বিষয়ে অলপ পিছত আলোচনা কৰিম ।

( শিক্ষক শিক্ষকৰ শাৰীত আগফালে থিয় হʼব আৰু ছাত্ৰ-ছাত্ৰী সকল ছাত্ৰ-ছাত্ৰী ৰ শাৰীত । )

শিক্ষক ১ :- ঠিক আছে এতিয়া আমি প্ৰথমতে এটি খেল খেলোঁ । হবনে ?

ছাত্ৰ ছাত্ৰী :- হʼব ছাৰ ।

শিক্ষক ১ :- ঠিক আছে । মুখস্থ প্ৰাথমিক বিদ্যালয়ে  পাঁচটা ৰঙৰ নাম কোৱা ।
ছাত্ৰ ছাত্ৰী :- ৰঙা , নীলা , হালধীয়া , বেঙুনীয়া , সেউজীয়া । 
শিক্ষক ১ :- বঢ়িয়া , বঢ়িয়া । 
এতিয়া তুমি কোৱা - এইটো কি ৰং ? ( কাৰ্ড দেখুৱাব) 
ছাত্ৰ :- নীলা
শিক্ষক ১ :- নহয় । এইটো হালধীয়া । বাৰু এইবাৰ তুমি কোৱা । এইটো কি ৰং ?
ছাত্ৰ :- এইটো ৰঙা।
শিক্ষক ১ :- নহয় । তুমি আকৌ ভুল কৰিলা । ( বোধ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী এগৰাকীলৈ আঙুলিয়াই ) তুমি কোৱা এইটো কি ৰং ?
ছাত্ৰী :- এইটো সেউজীয়া ছাৰ ।
শিক্ষক ১ :- বঢ়িয়া । ইয়াৰ ইংৰাজী নাম ক'ব পাৰিবানে ?
ছাত্ৰী :- পাৰিম ছাৰ । এইটোক ইংৰাজীত Green বুলি কয় । 
শিক্ষক ১ :- তুমি চাগে ইয়াৰ spelling তো কব পাৰিবা !
ছাত্ৰী :- পাৰিম ছাৰ । GREEN - গ্ৰীণ ।
শিক্ষক ১ :- বৰ সুন্দৰ । বৰ সুন্দৰ । 
এতিয়া তোমালোকে এই কাৰ্ডকেইখন চাই চাই কোনখন কি ৰং কোৱা । ( শিক্ষকে এখন এখন কাৰ্ড দাঙি ধৰিব । মুখস্থ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী লৈ দেখুৱাই সুধিব । তেওঁলোকে দোধোৰ মোধোৰকৈ ভুলকৈ ক'ব । তাৰ পিছত বোধ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ দেখুৱাই সুধিব । তেওঁলোকে তপাতপ শুদ্ধকৈ ক'ব )
শিক্ষক ১ :- ঠিক আছে । এতিয়া দাসছাৰে তোমালোকৰ অলপ সংখ্যা আৰু অংকৰ ধাৰণা লব ।

শিক্ষক ২ :- ঠিক আছে । ভাল কথা । আৰম্ভ কৰোঁ তেন্তে ।

শিক্ষক ২ :- ( বিদ্যালয়ৰ এজন ছাত্ৰলৈ আঙুলিয়াই ) তুমি কোৱাচোন , ২ + ২ কিমান হ'ব ?
ছাত্ৰ :- ৪ ছাৰ ।
শিক্ষক ২ :- বৰ সুন্দৰ । এতিয়া কোৱা- ২ + ৩ কিমান ?
ছাত্ৰ :- ৫ ছাৰ ।
শিক্ষক ২ :- চাব্বাচ । বঢ়িয়া ।
শিক্ষক ২ :- ৰ'বা । এতিয়া তুমি মোক এইটো যোগ কৰি দিয়া - ( বহীত লিখি দিব ) ৩ + ২ = 
ছাত্ৰ :- ( উত্তৰ লিখিব ) ৬
শিক্ষক ২ :- তোমাৰ অকণমান ভুল হ'ল । এতিয়া মোক এই কাঠিকেইডাল হিচাপ কৰি দিয়া । ৩ আৰু ২ ডাল কাঠি দিব ।
ছাত্ৰ : - ১ , ২ , ৩ , ৪ , ৫ পাঁচ ডাল । 
শিক্ষক: - সুন্দৰ । এইবাৰ  ঠিকে হৈছে  তোমাৰ । সকলোৱে হাতচাপৰি দিয়া । 
শিক্ষক ২ :- এতিয়া বোধ  প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে  কোৱা  ৫ + ৪ = ?
ছাত্ৰ : - ৯ ছাৰ
শিক্ষক ৩ :- ছাৰ , আপোনাৰ  বিদ্যালয়ৰ  সকলো ছাত্ৰ-ছাত্ৰী  বৰ নিপুণ । ভাষা , অংক  সকলোতে পাৰ্গত । আমিওতো সমানে পাঠদান কৰোঁ , কিন্তু  আমাৰ ছাত্ৰ-ছাত্ৰীক নিপুণ কৰিব পৰা নাই কিয় ? 
শিক্ষক : - এৰা , কথাটো তাতেই । আপোনালোকেতো এফ এল  এনৰ ট্ৰেইনিং  নল'লে । ট্ৰেইনিং বাদ দিলো , চৰকাৰে দিয়া এফ এল এন কিটখিনি আপোনালোকে এতিয়ালৈকে ব্যৱহাৰ কৰিছেনে ? 
শিক্ষক ৩ :- এই এফ এল এন  কিটনো কি ? 
শিক্ষক :- তাৰ মানে আপুনি এফ এল এন কিট পোৱা নাই ? এফ এল এন কিট হৈছে কিছুমান শিকন-শিক্ষণ সামগ্ৰী যাৰ সহায়ত ছাত্ৰ-ছাত্ৰীক সহজতে আৰু আনন্দদায়কভাৱে গণিত আৰু  ভাষাজ্ঞানৰ ধাৰণা দিব পাৰি । 'ক' শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ  এনেধৰণৰ কিট  প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ বাবেই যোগান ধৰা হৈছে ।
শিক্ষক ২ :- আমাৰ চি আৰ চি চি মহোদয়ে দেখোন আমাক এইবোৰৰ একো খবৰেই দিয়া নাই । 
শিক্ষক ১ :- এৰা ,  আপুনি আৰু মই এটা মণ্ডলৰ । গতিকে চি আৰ চি চি ও এজনেই । আমি খবৰ পাইছো যেতিয়া আপুনি নাপাব কিয়হে ?  

শিক্ষক ২ :- এই এফ এল এনৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলে ভালকৈ বুজি পাবনে ? 
শিক্ষক ১ :- এইয়া ,  চি আৰ চি চি মহোদয়ো আহি পালেই । ছাৰ , আহক , আহক ।
চি আৰ চি : - মোৰ অকণমান দেৰিয়ে হ'ল । আহোঁতে বৰাছাৰক শিক্ষাসেতুত ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন কৰাৰ পদ্ধতিটো শিকাই দি আহিলো ।
শিক্ষক ১ :- একো নাই ছাৰ । আপোনালোক বৰ ব্যস্ত থাকে । তাৰ মাজতো সকলোবোৰ যে ইমান নিপুণ ভাৱে কৰাৰ চেষ্টা কৰে । ছাৰ আপুনিয়েই  এখেতেক এফ এল এনৰ  বিষয়ে অলপ ভালকৈ বুজাই কওকহে ।

চি আৰ চি :- হয় । এফ এল এন মানে আপোনালোক সকলোৱে জানেই যে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান যাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল , প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীক ভাষা আৰু সাংখ্যিক ধাৰণাত নিপুণ কৰি তোলা । ভাৰতৰ তিনিখন ৰাজ্যত গৱেষণা কৰি দেখা গৈছে যে শিক্ষাদানৰ ৭০% সময় আওৰোৱা বা বৰ্ডৰ পৰা চাই লিখা কামত নিয়োগ হয় । যিটো হয়তো আপুনি আপোনাৰ বিদ্যালয়ত কৰি আছে ।
শিক্ষক ১ :- এৰা ,  আমিও তেনেকৈয়ে শিকি আহিছিলো ।

চি আৰ চি :- হয় । কিন্তু  বিশ্বব্যাপী হোৱা গৱেষণাৰ পৰা দেখা গৈছে যে  মগজুৰ ৮৫% বিকাশ হয় ৬ বছৰ বয়সলৈ । জীৱনৰ প্ৰথম আঠ বছৰ বৰ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় । এই সময়ত লাভ কৰা অভিজ্ঞতা আৰু পৰিবেশে শিশুসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় । আমাৰ দিনত কেৱল মুখস্থৰ ওপৰত ভিত্তি কৰাৰ বাবেই আধা ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ জ্ঞান লাভ নকৰাকৈয়ে শিক্ষা সমাপ্ত কৰিছিলোঁ ।

শিক্ষক ২ :- আপোনাৰ কথাটো উলাই কৰিব নোৱাৰোঁ । কিন্তু এতিয়া আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক কেনেকৈনো নিপুণ কৰি গঢ়োঁ ? 

শিক্ষক :- আপুনি এতিয়াহে মূল্যবান প্ৰশ্নটো কৰিছে । আমাৰ বেছিভাগ শ্ৰেণীত শিশুৱে শিক্ষক বা যিকোনো লোক বা শিশুৰ পিছে পিছে সামূহিক ভাবে পাঠ , গণনা , নেওতা আদি আওৰোৱা দেখা যায় । এই প্ৰক্ৰিয়াত আমি ক'ব নোৱাৰোঁ যে শিশুৱে সঁচাকৈয়ে পাঠ পঢ়িবলৈ বা গণনাৰ ধাৰণাতো বুজিবলৈ শিকি আছে । বুজি লৈ পঢ়া ,  সংখ্যা জ্ঞানৰ ধাৰণা বুজি পোৱাতো এটা জটিল বিষয় যিটো আহৰণ কৰিবলৈ কৌশলৰ প্ৰয়োজন । 
শিক্ষক ১ :- কিন্তু এই কৌশল আমি পাম ক'ত ?
শিক্ষক ২ :- হয় । এই কৌশল লাভৰ বাবেইতো নিপুণ ভাৰত,  নিপুণ অসমৰ ধাৰণাৰে এফ এল এন  কাৰ্যসূচী লোৱা হৈছে ।
শিক্ষক: ১ :- কথাবোৰ কিবা জটিল হৈ পৰিল নহয়নে ? 
শিক্ষক ২ :- একো জটিলতা নাই ছাৰ । বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা যাক আমি এফ এল এন বুলি কওঁ । এফ এল এনে সেই দক্ষতাসমূহক বুজায় ,  যাৰ জৰিয়তে  শিশুৰ জীৱনৰ আধাৰশিলা স্থাপন কৰা হয় । যিকোনো বিষয় বা বস্তু যুক্তিসহ চিন্তা কৰাটো বুনিয়াদী সাক্ষৰতাৰ এক গুৰুত্বপূৰ্ণ আধাৰ । এই আধাৰৰ সহায়ত শিশুৱে মৌখিক ভাষাৰ বিকাশ ,  ধ্বনিৰ বোধগম্যতা , পঠন , লিখন সকলো গুণ আয়ত্ত কৰিব পাৰিব ।
শিক্ষক ১ :- অলপ আঁত ধৰিব পাৰিছো । কিন্তু এইবোৰ সম্ভৱ হ'ব ক্ৰিয়া-কলাপৰ মাজেৰে শিক্ষাদান দিলেহে ।
শিক্ষক ২ :- আপোনাৰ মগজুতো কম নহয় ।  ঠিক ধৰিছে ছাৰ । আৰু শ্ৰেণীত এই ক্ৰিয়া-কলাপবোৰ যাতে সহজভাৱে কৰিব পাৰে তাৰ বাবেই পাঠভিত্তিক সমল যোগান ধৰা হৈছে যিবোৰ ব্যৱহাৰ কৰি শিশুক সহজতে নিপুণ কৰিব পৰা যাব । সেইবাবেই আমি শ্ৰেণীত  গীত-মাত ,  নাট- অভিনয় আৰু এই সমলবোৰ পাৰ্যমানে ব্যৱহাৰ কৰোঁ যাৰ সুফল আপুনি দেখিছে ।
শিক্ষক ১ :- এৰা । মোৰে ভুল । আপোনালোকক শ্ৰেণীত শিক্ষাদান কৰাতকৈ গীত-মাত কৰি সময় অতিবাহিত কৰা বুলি ইতিকিং কৰিলোঁ । নিজেও এফ এল এনৰ ট্ৰেইনিং নল'লো লগতে এই সমল সামগ্ৰীবোৰো নানিলো । মোৰ ভুল বুজি পাইছো  । এতিয়া মই  চি আৰ চি মহোদয়ৰ পৰা সকলো ভালকৈ বুজি লৈ এই এফ এল এন কাৰ্যসূচী সফল কৰিম । 
শিক্ষক : - একো নাই ছাৰ । আমি বেয়া পোৱা নাই । বন্ধু বিদ্যালয় হিচাপে আমাৰো দায়িত্ব আছে । এই ক্ষেত্ৰত আমিও যি পাৰো আপোনালোকক সহায় কৰিম । 

শিক্ষক: - ঠিক আছে তেন্তে । আহক  নিপুণ ভাৰত মিছন অনুসৰি ২০২৬-২৭ বৰ্ষলৈ তৃতীয় শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়েই  বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান লাভ কৰাতো নিশ্চিত কৰোঁ ।
সকলোৱে: - হয় , হয় ।

শিক্ষক ১:- ঠিক আছে তেন্তে , এতিয়া আজি আমি পাৰ্বতী বাইদেউ লিখা কবিতাটিৰে আহক সামৰণি মাৰোঁ ।
পাৰ্বতী বাইদেউ :- 
ৰাষ্ট্ৰীয় শিক্ষানীতিঃ
নতুন আশা নতুন প্ৰত্যাশা লৈ 
নতুন পদ্ধতি শিক্ষানীতিৰ পৰৱৰ্তী শিক্ষা 
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ।
মুক্ত কৰ্মমুখী বাধ্যতামূলক শিক্ষা দেশপ্ৰেমৰ 
অনন্য নিৰন্তৰ প্ৰয়াস পৰীক্ষাৰ ভয় শিক্ষাৰ্থীৰ নাথাকে মনত ।
মূল্যায়নৰো কৰা হ'ব নতুন ব্যৱস্থা
চৰ্চাও কৰা হ'ব _________
বৌদ্ধিক , শাৰীৰিক , মানসিক স্বাস্থ্য ।
যি শিক্ষাৰ দ্বাৰা 
শিক্ষাৰ্থী হব উন্নত,
গুণগত শিক্ষা, বৃত্তিমুখী শিক্ষা 
সকলো গুণেৰে হব পৰিপক্ক ।
ফলত শিক্ষাৰ্থীয়ে পাব সকলোতে গুৰুত্ব ।
অভিভাৱক, সমাজ ,  শিক্ষক , ছাত্ৰ গোলকীয়ভাৱে সকলোৱে মিলি আদৰো আহাঁ___
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি,
আদৰো আহাঁ , নতুন পাঠ্যক্ৰম,
নতুন নতুন শিক্ষা পদ্ধতি ।
" জয়তু ৰাষ্ট্ৰীয় শিক্ষানীতি । "




কৃষ্ণ কলিতা 
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments