নৱকান্ত বৰুৱাৰ শিশুনাট সংকলন ' মনত পৰাৰ শব্দ ' অথবা ' কেৰেলুৱাৰ ৰে'ল ' : এটি চমু আলোচনা
' মাজে মাজে খদ্দৰৰ চুট পিন্ধে
টাই মাৰে গেৰুৱা ৰঙৰ
কণ কণ ল'ৰা-ছোৱালীয়ে সপোন দেখে
সেইজন চুটি মানুহৰ ৷ ’
মহেন্দ্ৰ বৰাই 'জাতিস্মৰ' কবিতাটোত বৰ্ণনা কৰা এইগৰাকীয়েই অসমীয়া সাহিত্যৰ বৰেণ্য সাহিত্যিক নৱকান্ত বৰুৱা । তেখেতে কবিতা , উপন্যাস , গীত , সমালোচনামূলক ৰচনা আদি বিভিন্ন সাহিত্যিক উপাদানেৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে । শিশুসাহিত্যৰ ক্ষেত্ৰখনলৈও তেওঁৰ উপহাৰ অনন্য । এই ক্ষেত্ৰখনত তেওঁ প্ৰৱেশ কৰিছিল 'ৰংঘৰ' আলোচনীৰ পাতত 'এখুদ ককাইদেউ' ছদ্মনামেৰে ৰচনা কৰা এলানি 'ধেমেলীয়া কবিতা'ৰে । নৱকান্ত বৰুৱাই শিশু সাহিত্যসমূহ 'এখুদ ককা' , 'এখুদ ভাইটি' , 'সপোন ককা' , 'ছদ্মবেশী আইতা' আদি বিভিন্ন ছদ্মনামেৰে ৰচনা কৰিছিল । সাহিত্যিকগৰাকীয়ে শিশুসকলৰ বাবে পদ্য তথা কবিতা , শিশুনাটিকা , গীত , গল্প , উপন্যাস আদি ৰচনা কৰাৰ উপৰিও শিশুক জ্ঞানৰ সম্ভেদ দিবলৈ বিভিন্ন গদ্যও লিখি উলিয়াইছিল । বীৰেন্দ্ৰনাথ দত্তই নৱকান্ত বৰুৱাৰ শিশুৰ লগত সম্পৰ্কিত সমগ্ৰ বিষয়বস্তুক দুটা ভাগত ভাগ কৰিছে । এটা হ'ল 'শিশু আৱৰ্তিত ৰচনা' আৰু আনটো হ'ল 'শিশু আধাৰিত ভাৱনা'। শিশুসকলক পাঠক হিচাপে লক্ষ্য কৰি ৰচনা কৰা তথা শিশুসকলক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা সাহিত্যসমূহক তেওঁ 'শিশু আৱৰ্তিত ৰচনা'ৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। আনহাতে সাহিত্যিক গৰাকীয়ে শিশু আলোচনী সম্পাদনা কৰা , শিশুৰ বাবে উপযুক্ত ধৰণৰ পাঠ্যপুথি প্ৰণয়ন কৰা , বাতৰি কাকতৰ শিশুশিতানৰ বাবে নিয়মীয়াকৈ লেখা যুগুতোৱা ইত্যাদিৰ মাজেৰে তেওঁৰ শিশু আধাৰিত ভাৱনাৰ প্ৰতিফলন ঘটিছে বুলি বীৰেন্দ্ৰনাথ দত্তই মতপোষণ কৰিছে।
নৱকান্ত বৰুৱাৰ শিশুসাহিত্য সমূহৰ ভিতৰত অন্যতম হ'ল ― শিশুনাটসমূহ । 'কেৰেলুৱাৰ ৰেল' , 'মনত পৰাৰ শব্দ' , 'কাগজ কলমৰ ৰণ' , 'গোলাপ আৰু বেলিফুল' , 'মই টুনিয়ে টুনটুনালো' আদি বৰুৱাৰ ইতিমধ্যে প্ৰকাশিত শিশু গীতিনাট । উল্লেখিত পাঁচোখন শিশুনাট একেলগে একেখন কিতাপত সন্নিবিষ্ট কৰি প্ৰকাশ কৰা হয় প্ৰথমতে ১৯৮৪ চনত 'মনত পৰাৰ শব্দ' নাম দি আৰু পিছত ১৯৯০ চনত 'কেৰেলুৱাৰ ৰে'ল' নাম দি । এই আলোচনাত উল্লেখিত নাটকেইখনত আলোকপাত কৰা হৈছে । নাটকেইখনৰ বিষয়বস্তু গধুৰ কিন্তু পাতলীয়া প্ৰকাশভংগীৰে সৰু ল'ৰা-ছোৱালীৰ মাত-পদবোৰ ছন্দোবদ্ধকৈ ৰচনা কৰা হৈছে । 'কেৰেলুৱাৰ ৰে'ল' নাটকখনত বিছা , মকৰা , মাখি , কেৰেলুৱা , গুবৰুৱা , পৰুৱা আদি কীট-পতঙ্গক চৰিত্ৰ হিচাপে উপস্থাপন কৰা হৈছে । নাটখনত মকৰাই লগোৱা তাঁতখনৰ বতাহতে আঁত হেৰাই গৈছে । তাকেই ঠিক কৰাবলৈ বিছাই কোনোৱে ধৰিব নোৱাৰাকৈ নকল কৰাত পাকৈত মাখিৰাম কেৰাণীক অনাৰ প্ৰস্তাৱ দিছে আৰু কেৰেলুৱাই ৰে'লত উঠি মকৰাৰ স'তে যাত্ৰা আৰম্ভ কৰিছে । কেৰেলুৱাই মাখিৰ পদূলি চিনি নোপোৱাত মকৰাই মাখিৰামৰ ঠিকনা দিছে । এই ছেগতে বিছাই 'মাখিমৰা'ৰ পৰা 'মাখিৰাম' হোৱাৰ বৃত্তান্ত দাঙি ধৰিছে । বিছাই আগবঢ়োৱা এই বৃত্তান্তৰ মাজতে সোমাই আছে ৰত্নাকৰৰ পাপৰ ফলত 'ৰাম' শব্দ 'মৰা' হৈ উচ্চাৰিত হোৱা আৰু তপস্যাৰ অন্তত পাপ খণ্ডন হৈ বাল্মীকি ৰূপে ৰামায়ণ ৰচনা কৰাৰ তত্বপূৰ্ণ কাহিনী । ৰে'ল চলাই যাওঁতে কেৰেলুৱাই বাটত গুবৰুৱা আৰু পৰুৱাকো উঠাই লৈছে । কেৰেলুৱাই বিছাৰ আগত পৰুৱাৰ পৰিচয় দিয়াৰ প্ৰসঙ্গত লেখকে প্ৰকাৰান্তৰে 'পিম্পৰা গুচোৱা'ৰ কাহিনীত উল্লেখ কৰিছে ―
' ইতি আদি পৰুৱা , যে আছে ডাঙৰ সৰু
সকলোকে ধৰ্মপুথিত বোলে পিম্পৰা
চিৰি কৃষ্ণই গুচাইছিলে কলহৰ পৰা
আটাইবিলাক মিলি হৈছে পি পৰুৱা নাম । '
( কেৰেলুৱাৰ ৰে'ল )
কেৰেলুৱা ৰে'লত উঠি গৈ থাকোঁতে বিছা , মকৰা , পৰুৱা , গুবৰুৱাহঁতে কৰা কথোপকথন আৰু সাধুবোৰৰ মাজত শিশুৱে জানিবলগীয়া চীনদেশৰ সাধু , আলাদিনৰ যাদুকৰী চাকি , চিৰিয়াখনৰ কথা , চাণক্যৰ বংশ , চিত্ৰকূটৰ সৰোবৰ আদি অনেক কথাৰ আঁত দিছে । নাটকখনৰ শেষত পৰুৱাই ই-কুট , বি-কুট আৰু চি-কুটৰ সাধু কয় আৰু সকলোৱে কেৰেলুৱাক চিকুট মাৰে । কেৰেলুৱা মেৰখাই যোৱাত মকৰাৰ সূতা ছিগে , বিছাৰ নোমাল চোলা ফাটে , গুবৰুৱাৰ পাখি সৰে আৰু পৰুৱাও চেপেটা লাগি নগুৰ-নাগতি হয় । তেতিয়া সকলোৱে মিলি অষ্টবক্ৰৰ পুত্ৰক চক্ৰ মেলি দিবলৈ অনুৰোধ কৰে আৰু কেৰেলুৱাইয়ো অনুৰোধ ৰক্ষা কৰি পুনৰ ৰে'ল চলাবলৈ ধৰে । লেখকে নাটখনত উপস্থাপন কৰা এনে সৰু-বৰ কাহিনীবোৰে শিশুক আনন্দ দিয়াৰ লগতে জ্ঞান প্ৰদান কৰে ।
' সেনাপতি চেনিপুঠি বেগাই ব'ল
খৰকৈ পাওঁগৈ কদমতল ।
কটকী কথকী চেলেকনা তাৱৈ
বৰ সেনাপতি আমাৰ কাৱৈ । '
( মনত পৰাৰ শব্দ )
এনেদৰে ছন্দ আৰু অন্ত্যধ্বনিৰ মিল ৰাখি ৰচনা কৰা নৱকান্ত বৰুৱাৰ এখন আকৰ্ষণীয় আৰু সুখপাঠ্য নাটক হৈছে 'মনত পৰাৰ শব্দ' । নাটখনত চেলেকনা , পুঠি আৰু ভেকোলা ― তিনিওটা চৰিত্ৰৰ মাজেৰে শিশুসকলক চেনিপুঠি , কাৱৈ , খালৈভাঙি , দৰিকণা আদি মাছৰ লগতে পানীত থকা জীৱ মাছ , মগৰ , ঘঁৰিয়াল , কাছ , পানী পৰুৱা আৰু মাটিত থকা জীৱ গুড়িপৰুৱাৰ লগত চিনাকি কৰি দিয়া হৈছে । তদুপৰি পিঠাগুড়ি , ময়দাগুড়ি , আটাগুড়ি শব্দৰ 'গুড়ি' আৰু কঁঠালগুৰি , আঁহতগুৰি শব্দৰ 'গুৰি'ৰ মাজত থকা পাৰ্থক্য আদি শব্দৰ বিভিন্নতা সম্পৰ্কে ধাৰণা দিয়াৰ প্ৰয়াস দেখা যায় । নাটখনৰ শেষত 'মুন' নামৰ চৰিত্ৰটোৰ জৰিয়তে শিশুৰ বৰশী বোৱাৰ প্ৰতি থকা হেঁপাহ আৰু 'ভণ্টি'ৰ চৰিত্ৰৰ মাজেৰে পঢ়া-শুনাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছে ।
'কাগজ কলমৰ ৰণ' লেখকৰ আন এখন শিশু নাটক । নাটকখনত কাগজ আৰু কলমৰ ৰণৰ সাক্ষী সোণটি । সোণটিৰ অংক বহীৰ কাগজ আৰু কলমৰ ৰণখনে কাগজ আৰু কলমৰ গুণবোৰ বখানিছে । কাগজে কৈছে যে তাৰ বুকুত পণ্ডিতে গধুৰ গধুৰ কথাবোৰ লিখে , 'দুৱৰা ককা' অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰাই কোমল কবিতাবোৰো লিখে , বাতৰি কাকতে খবৰ আনি দিয়ে , সোণটিয়ে মুকুতাৰ দৰে আখৰেৰে চিঠি লিখে আৰু চানাচুৰ , চেনি আদিৰ টোপোলাবোৰো কাগজেৰে বন্ধা হয় । অৰ্থাৎ কাগজৰ ব্যৱহাৰ অলেখ । আনহাতে কলমৰ মতে তাৰ অবিহনে কাগজৰ বুকু উকা । কাগজ-কলমৰ এই ৰণখন শেষত ভাঙিছে সোণটিয়ে । সোণটিৰ মুখেৰেই নাট্যকাৰে কাগজ আৰু কলম যে ইটো আনটোৰ পৰিপূৰক সেই কথা বুজাই দিছে । শৰাইঘাটৰ যুদ্ধ , লিখাৰ সামগ্ৰী হিচাপে সাঁচিপাত , তুলাপাতৰ ব্যৱহাৰ , আদিম মানুহৰ হাবিত বাস আদি কথাই শিশুমনক ইতিহাসৰ প্ৰতিও আকৃষ্ট কৰে । শেষত মানুহৰ হাত , মন আৰু মগজু যে সকলো কামৰে মূল সেই কথা সোণটিৰ যোগেদি আৰু ভাল মনতহে যে ভাল চিন্তাৰ উদ্ৰেক হয় সেই বাৰ্তা আইতাৰ যোগেদি শিশুসকললৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উপৰিও অন্ত্যধ্বনিৰ মিলে নাটকখনক সুখপাঠ্য কৰি তুলিছে ।
' তই ইমান জবৰজং
তোৰ ইমান কিয়নো খং
চিয়াঁহীয়ে তোৰ ভোক নুগুচালে
কোনে চায় তোৰ ৰং !
তোৰ ইমান কিয়নো খং
যেন বহুৱাৰ চং ।'
( কাগজ কলমৰ ৰণ )
নৱকান্ত বৰুৱাৰ আন এখন ভাৱগধুৰ শিশু নাট হ'ল 'গোলাপ আৰু বেলিফুল' । নাটখনত শিশু , ফুলগছ , ফুল , হীৰালাল , কেৰ্কেটুৱা , মিঠু আদি চৰিত্ৰৰ সমাৱেশ ঘটিছে । চৰিত্ৰৰ সংলাপৰ মাজেৰে জৱাহৰলাল নেহৰুৰ মহানতা , শিশুৰ প্ৰতি থকা মৰম আৰু দায়িত্ব , ইতৰ প্ৰাণীৰ প্ৰতি স্নেহ , দেশৰ প্ৰতি থকা আনুগত্য , অধ্যয়ন লিপ্সা সুন্দৰকৈ ফুটি উঠাৰ লগতে শিশুসকলৰো 'নেহৰু খুড়া'ৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰকাশ পাইছে । নাটখনত শিশুসকলক জৱাহৰলাল নেহৰুৰ জন্মস্থান এলাহাবাদ , ভাৰতৰ ৰাজধানী দিল্লী , কাশ্মীৰ আদি ঠাইৰ নামৰ লগত চিনাকি কৰি দিয়া হৈছে । তদুপৰি কেৰ্কেটুৱাক বুজাবলৈ 'গিলহাৰি' শব্দৰ ব্যৱহাৰেৰে শব্দজ্ঞান আৰু জৱাহৰলাল নেহৰু জেলত থকা , ইংৰাজৰ সৈতে ৰণ লগা আদি কথাৰ উল্লেখেৰে শিশুক ইতিহাসৰ সৈতে পৰিচিত কৰাৰ প্ৰয়াস কৰা হৈছে । জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছতো যে দেশবাসীয়ে তেওঁৰ আদৰ্শই অনুসৰণ কৰে , সেইকথা এনেদৰে প্ৰকাশ কৰিছে ―
' উৰি গ'ল এৰোপ্লেন
পৰি গ'ল ছাই
আমাৰ নেহৰু খুৰা
পৃথিৱীত নাই ।
ওহোঁ নহয় নহয় ।
উৰি যোৱা এৰোপ্লেনে
ছটিয়ালে ছাই
নেহৰু খুৰাক দিলে
দেশত বিয়পাই ।'
( গোলাপ আৰু বেলিফুল )
নাটখনৰ এটা মন কৰিবলগীয়া দিশ হৈছে পুৰণিৰ লগত নতুনৰ যোগসূত্ৰ স্থাপন । অৰ্থাৎ পুৰণিৰ লগত নতুন সাঙোৰ খাই থাকে ; এটা পুৰুষে আৰম্ভ কৰা কামৰ আঁত ধৰি পিছৰ পুৰুষে তাক আগবঢ়াই লৈ যায় সেই কথা আলোচ্য নাটখনিৰ মাজেৰে ফুটি উঠিছে ।
নৱকান্ত বৰুৱাৰ এখনি হাস্যৰসেৰে সমৃদ্ধ নাটিকা হৈছে , 'মই টুনিয়ে টুনটুনালো' । নাটখনত ক্ৰমান্বয়ে ৰজা , ভৰালী , টুনি চৰাই , সূত্ৰধাৰ , মন্ত্ৰী , মাদৈসকল , সেনাপতি আদি চৰিত্ৰৰ সমাবেশ ঘটিছে । নাটখনৰ কাহিনীভাগ এনেধৰণৰ ― ৰজাৰ ভঁৰালৰ ভেকুৰি যোৱা টকাবোৰ ৰ'দত দিবলৈ তেওঁ বৰভঁৰালী , সৰুভঁৰালী আৰু মাজুভঁৰালীক আদেশ দিছে । সেইমতে তেওঁলোকে টকাবোৰ ৰ'দত দিওঁতে টুনি চৰায়ে এটি টকা নি বাহত থৈ দিয়ে আৰু ৰজাৰ মানুহে টকাবোৰ গণি থোৱাৰ সময়ত চৰাইটোৱে সেইকথা ৰজাৰ আগত কয় । ৰজাই টুনিৰ বাহত তালাচী চলাই টকাটো পোৱাত টুনিয়ে ৰজাক 'খুদখোৱা ৰজা', 'ভয়াতুৰ ৰজা' আদি কৈ অপমান কৰে । খঙতে ৰজায়ো টুনিক খাবৰ বাবে ভাজিবলৈ দিয়ে । কিন্তু মাদৈসকলে লিৰিকি-বিদাৰি থাকোঁতে চৰাইটো উৰি যায় । ভয়তে মাদৈসকলে বেং ভেকোলাকে ধৰি আনি ৰজাক ৰান্ধি খুৱায় । এই কথা জানিব পাৰি ৰজাই সাতোগৰাকী মাদৈৰ নাক কটায় আৰু টুনিক ধৰি আনি গোটে গোটে গিলি থয় । পিছে ৰজাই উগাৰ মাৰি দিয়াত ওলাই যোৱা টুনি চৰাইক সেনাপতিয়ে কাটিব খোজোতে ৰজাৰ নাক কটা যায় । টুনি চৰাইটোৱে তাৰ বুদ্ধিমত্তাৰে ৰজা , ৰাণী , মন্ত্ৰী , সেনাপতি সকলোকে নগুৰ-নাগতি কৰা দৃশ্যই শিশুসকলক আমোদ দিয়ে । ৰজাই টুনি চৰাইটোক গোটে গোটে গিলি থোৱা , টুনিয়ে ৰজাৰ ডাঙৰ পেটটোৰ ভিতৰত আকাশত উৰাৰ দৰে উৰি ফুৰা আদি অবিশ্বাস্য কথাৰ উল্লেখে শিশুমনক কৌতূহলী কৰি তোলে । নাটখনত নাট্যকাৰে শিশুসকলক সংখ্যাজ্ঞান দিবলৈ চেষ্টা কৰাও পৰিলক্ষিত হয় ।
' এক দুই তিনি চাৰি
টকা বৰ দৰকাৰী
দুই তিনি চাৰি পাঁচ
টকা বৰ বদমাচ ....'
( মই টুনিয়ে টুনটুনালো )
অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা নৱকান্ত বৰুৱাৰ এই শিশুনাটকেইখনৰ আলোচনাৰ অন্তত ক'ব পাৰি যে প্ৰতিখন নাটকৰে ভাষা সাৱলীল , ৰচনাশৈলী সহজ সৰল তথা প্ৰকাশভংগীও আকৰ্ষণীয় । লেখকে 'কেৰেলুৱাৰ ৰে'ল' শিশুনাট সংকলনৰ 'লেখকৰ নিবেদন'ত শিকোৱাতকৈ আনন্দ দিয়া শিকাতকৈ নিৰ্দোষ আনন্দ পোৱাটোৱেই এই নাটবোৰৰ উদ্দেশ্য বুলি ক'লেও নাটকেইখনে যে আনন্দ লাভৰ উপৰিও শিশুৰ জ্ঞানৰ সম্ভাৰো সমৃদ্ধ কৰে সেই কথা অনস্বীকাৰ্য ।
পাদটীকা :
১. দত্ত, বীৰেন্দ্ৰনাথ : নৱকান্ত বৰুৱা আৰু শিশু সাহিত্য ( নৱকান্ত বৰুৱা শিশু সাহিত্য সমগ্ৰ , প্ৰথম খণ্ড ) পৃষ্ঠা.১
গ্ৰন্থপঞ্জী
অধিকাৰী , গগণচন্দ্ৰ ( সম্পাদনা ) : নৱকান্ত বৰুৱা শিশু সাহিত্য সমগ্র ( প্ৰথম খণ্ড ) , ২০১০ ( দ্বিতীয় প্ৰকাশ ) , অন্বেষা , গুৱাহাটী ।
কলিতা , ৰেখা (সম্পাদনা)
বৰা , মনালিছা ( সম্পাদনা ) : অসমীয়া শিশু সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত , এন.এল.পাব্লিকেচন , পাণবজাৰ , ২০১৫
কৃষ্ণা কলিতা
হিন্দী শিক্ষয়িত্ৰী , নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা
শিক্ষাখণ্ড : ৰামপুৰ
জিলা : কামৰূপ ।
বিষাদ ডাৱৰে ঢাকে জীৱন আকাশ
পোহৰৰ লেশ মাথো নাই
এখুজি দুখুজি কৰি ধীৰে ধীৰে দেহি
বাটৰুৱা যায় আগুৱাই,
পোহৰৰ লেশ মাথো নাই ।
(যতীন্দ্ৰনাথ দুৱৰা )
0 Comments