header ads

প্ৰবন্ধ, ৰামদিয়াৰ সত্ৰীয়া সংস্কৃতি , শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ

 ৰামদিয়াৰ সত্ৰীয়া সংস্কৃতি   


 সত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু  মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান । এই অনুষ্ঠান অপূৰ্ব আৰু অতুলনীয় । ভাৰতত তথা বিশ্বত অসমৰ সত্ৰানুষ্ঠানৰ তুলনা পাবলৈ নাই । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মধ্য অসমৰ বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল । তেওঁ সত্ৰ উদ্ভাৱন কৰি অসমৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱাৰ ফলত ধৰ্মগুৰুসকল তেওঁৰ সান্নিধ্যলৈ আহি ভক্তি ধৰ্ম প্ৰচাৰত মগ্ন হৈছিল । তেওঁৰ সান্নিধ্যৰ আৰু পৰৱৰ্তী কালৰ ধৰ্মগুৰুসকলৰ আন্তৰিক সদিচ্ছা আৰু সৎ চেষ্টাৰ ফলত অসমৰ মুঠ হিন্দু জনসংখ্যাৰ শতকৰা আশীজন লোক সত্ৰ-ধৰ্মৰ অন্তৰ্গত হৈছিল । সত্ৰৰ ভক্তি আন্দোলনৰ এনে সফলতাই মানুহৰ মানসিক বিকাশ আৰু নৈতিক উৎকৰ্ষ সাধন কৰি সমাজ সুশৃংখল আৰু সুন্দৰ কৰি জাতীয়তাক সুস্থ সবল কৰি তোলা পৰিলক্ষিত হয় ।
       মহাপুৰুষ শংকৰদেৱে বীজ অংকুৰিত কৰা নামঘৰ বা সত্ৰসমূহে গোটেই অসমবাসীৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত অতীতৰেপৰা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । মহাপুৰুষ শংকৰদেৱ , মাধৱদেৱ , দামোদৰদেৱ , হৰিদেৱ প্ৰভৃতি ধৰ্মসাধক আৰু প্ৰচাৰকে সত্ৰসভা পাতি ধৰ্ম প্ৰচাৰ কৰা ঠাইবোৰ একোখনি পূণ্যভূমিত পৰিগণিত হ’ল । এনে পূণ্যভূমিৰ ভিতৰত কামৰূপ জিলাৰ হাজোৰপৰা প্ৰায় চাৰি কিলোমিটাৰ পশ্চিমত অৱস্থিত ৰামদিয়াও উল্লেখযোগ্য । ৰামদিয়া সত্ৰ সংস্কৃতিৰ যাদুঘৰস্বৰূপ এখন ঐতিহ্যপূৰ্ণ গাঁও । কামৰূপত ৰামদিয়াক ধৰ্মীয় পৰম্পৰাৰ সমন্বয়ৰ প্ৰতীকৰূপে জনা যায় । মহাপুৰুষ মাধৱদেৱৰ জীৱনচৰিত মতে , ৰামদিয়া হ'ল মহাপুৰুষ মাধৱদেৱৰ কামৰূপ ৰাজ্যৰ শেষ লীলাভূমি । তেওঁ কেইবামাহো ৰামদিয়াত থাকি ধৰ্ম প্ৰচাৰ কৰি ভক্তি ধৰ্ম ৰাম-নামৰ সোঁত বোৱাই বিভিন্ন জনগোষ্ঠীৰ লোকক শান্তি-সুধা পান কৰাই পৰিতৃপ্ত কৰাৰ কাৰণে এই বিশাল দিয়া (বালি) খণ্ড ৰামদিয়া বা ৰামবালি নামে জনাজাত হয় । উল্লেখযোগ্য যে ষোড়শ শতিকাৰ শেষ দশকত মাধৱদেৱে এই বালি ৰামদিয়া এৰি যোৱা বিদায়ৰ দিনটো ৬ ব’হাগ অৰ্থাৎ সাতবিহুৰ দিনটো আজিও তেওঁৰ পূণ্যস্মৃতিৰূপে সত্ৰৰ ভাগৱত বা গোঁসাই-বিগ্ৰহ বিদায়স্থলী ভঠেলীখোলাত নিজ নিজ মণ্ডপত স্থাপিত কৰি সত্ৰীয়া আধ্যাত্মিক পৰিৱেশত ভক্ত সমাজ তথা ৰাইজক পৰমানন্দত নিমজ্জিত কৰি ৰাখিছে । এই আধ্যাত্মিক পৰিৱেশৰ গুৰিতে হ'ল ৰামদিয়াৰ সত্ৰ ধৰ্মৰ প্ৰভাৱ । ৰামদিয়াত সুখে-সন্তোষে থাকিবলৈ লৈ জনগণৰ ভক্তি-ধৰ্ম-সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু শ্ৰদ্ধা দেখি মাধৱদেৱে ৰামদিয়াৰ সত্ৰ –সভাৰ শুভাৰম্ভ কৰিছিল । ৰামানন্দ দ্বিজৰ চৰিত পুথিত উল্লেখ থকা নিম্নলিখিত পদফাঁকিয়ে ৰামদিয়াত মহাপুৰুষ মাধৱদেৱে যে সত্ৰ স্থাপন কৰিছিল সেই কথাৰ সন্ধান দিয়ে : 
" ৰাজ আজ্ঞা শুনি কিছু অসন্তোষ মনে ।
শ্ৰীমন্ত মাধৱদেৱ লড়িলা তেখনে ।।
হাজো সমীপৰ গ্ৰাম নামে ৰামদিয়া ।
তাহিতে ৰহিলা পাছে সত্ৰক কৰিয়া ।। "

       ৰামদিয়া মহাপুৰুষীয়া , দামোদৰীয়া , হৰিদেৱ আৰু চৈতন্যপন্থীৰ ২৭ খন সত্ৰৰ মিলনভূমি । মহাপুৰুষীয়া সত্ৰসমূহ হ’ল :  (১) বগৰীবাৰী সত্ৰ ( তালুকদাৰপাৰা ) , (২) ধূলাৰ সত্ৰ ( ধূলাপাৰা ) , (৩) বংশীগোপাল সত্ৰ ( ধাকুৰাপাৰা ) , (৪) লাড়ুৱাগোপাল সত্ৰ ( ধাকুৰাপাৰা ) , (৫) মেঘনাৰায়ণ সত্ৰ ( বৈদ্যপাৰা ) , (৬) শিশুৰ সত্ৰ ( নামপাৰা ) , (৭) বিষ্ণুপুৰ সত্ৰ ( পাটোৱাৰীছোপা ) ,  (৮) বাসুদেৱ বালিসত্ৰ ( শাক্তিবৰী ) , (৯) নৰনাৰায়ণ সত্ৰ ( কলবাৰীছোপা ) , (১০) নতুন ধৰ্মপুৰ সত্ৰ ( সুঁতিৰমুখ ) । দামোদৰীয়া সত্ৰসমূহ হ’ল :  (১) পোৰাভিঠা সত্ৰ ( চৌধুৰীপাৰা ) , (২) লেংটা গোপীনাথ সত্ৰ ( সস্তাৰ ) , (৩) বাসুদেৱ সত্ৰ ( নামপাৰা ) , (৪) ৰাম লক্ষ্মণ সত্ৰ ( মলিদাপাৰা ) , (৫) শ্যামৰায় সত্ৰ ( হাঁহদিয়া ) , (৬) হাতভঙা সত্ৰ ( নামপাৰা ) , (৭) লেংটা সত্ৰ ( অমিয়াপতি ) , (৮) গোপীবল্লভ সত্ৰ ( কমাৰটোলা ) , (৯) ঔতলী সত্ৰ ( সুঁতিৰমুখ ) , (১০) হংসদ্বীপ গোপাল সত্ৰ ( লহকৰপাৰা ) , (১১) বংশীগোপাল সত্ৰ ( কাঁহিবাৰী ) , (১২) পাগলা পিতা সত্ৰ ( হীৰাপাৰা, উজানকুৰি ) , (১৩) পাগলা বাবা সত্ৰ ( হীৰাপাৰা , মাজৰকুৰি ) , (১৪) গোপাল সত্ৰ ( সুঁতিৰমুখ ) । একমাত্ৰ হৰিদেৱ-পন্থাৰ সত্ৰখন হ’ল  দেউৰীয়াপাৰাত অৱস্থিত শ্ৰীশ্ৰীহৰিদেৱ সত্ৰ আৰু একমাত্ৰ চৈতন্যপন্থীৰ সত্ৰখন হ’ল বঙালটোলাত অৱস্থিত শ্ৰীশ্ৰীচৈতন্য সত্ৰ । ইয়াৰোপৰি আন এখন সত্ৰ হ’ল নামপাৰাত অৱস্থিত কৃষ্ণপুৰী সত্ৰ ।
       মহাপুৰুষ মাধৱদেৱে সত্ৰ-সভাৰ পাতনি মেলা ৰামদিয়াত ষোড়শ সপ্তদশ শতিকাৰপৰা সত্ৰ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ হয় । ৰামদিয়াৰ প্ৰায় মহাপুৰুষীয়া সত্ৰৰ শলা বন্তি বৰপেটাৰ সত্ৰৰপৰা আনি প্ৰতিষ্ঠা কৰা হৈছে । বৈষ্ণৱ যুগৰেপৰা বৰপেটা সত্ৰৰ লগত ৰামদিয়াৰ মহাপুৰুষীয়া সত্ৰৰ সম্পৰ্ক আছে । ৰামদিয়াৰ সকলো সত্ৰই হ'ল শাখা-সত্ৰ । শাখা-সত্ৰ হোৱা বাবে ইয়াত সত্ৰৰ পূৰ্ণাংগ ৰূপটো দেখা নাযায় । শাখা-সত্ৰত সত্ৰাধিকাৰ নাথাকে । সেইবাবে সত্ৰসমূহ পৰিচালনাৰ কাৰণে মেধি , মজুমদাৰ , ভঁৰালী আদি বিভিন্ন পদ ভক্ত ৰাইজে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰে । তেওঁলোকে সত্ৰীয়া পৰম্পৰা তথা নীতি-নিয়ম ৰক্ষা কৰি কাৰ্য সম্পাদন কৰে ।
       সত্ৰৰ নিত্য কৃত্যৰ ভিতৰত নাম-প্ৰসংগ অপৰিহাৰ্য । শ্ৰৱণ-কীৰ্তন-স্মৰণ তিনিওৰে সমন্বয়ত প্ৰসংগ । ৰামদিয়াৰ সত্ৰসমূহত পুৱা , ভাটিবেলা আৰু সন্ধিয়া সময়ত  প্ৰসংগ প্ৰচলিত হয় । মহাপুৰুষীয়া সত্ৰসমূহত চৈধ্য প্ৰসংগ আৰু দামোদৰীয়া  সত্ৰসমূহত বাৰ প্ৰসংগৰ ব্যৱস্থা আছে । মহাপুৰুষীয়া সত্ৰসমূহত হৰিনাৰায়ণ দত্ত বৰুৱাৰদ্বাৰা সম্পাদিত ‘ হৰি প্ৰসংগাৱলী ’ পুথিৰ মতে নাম-প্ৰসংগ হয় । দামোদৰ পন্থা , হৰিদেৱ পন্থা আৰু চৈতন্য পন্থাৰ সত্ৰই মূল সত্ৰৰ নীতি নিয়মেৰে প্ৰসংগ কৰে । সত্ৰসমূহত গুৰুসকলৰ আবিৰ্ভাৱ তিথি , তিৰোভাৱ তিথি , শ্ৰীকৃষ্ণৰ জন্মোৎসৱ , দৌল উৎসৱ , নন্দোৎসৱ আদি নৈমিত্তিক কৃত্য ভক্তিপূৰ্ণভাৱে পালন কৰা হয় ।
       মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৰামদিয়াৰ সকলো সত্ৰতে সাদিনীয়াকৈ পালন কৰা হয় । ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত এই কীৰ্তন আৰম্ভ হয় । সাদিন জুৰি বাপু ভকত , আইসকলৰ নাম প্ৰসংগ , তাল-খোলৰ শব্দেৰে সত্ৰ মুখৰিত হৈ থাকে । মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰোভাৱ তিথি ৰামদিয়াৰ সকলো সত্ৰতে দহদিনীয়াকৈ পালন কৰা হয় । ভাদ মাহৰ কৃষ্ণ পঞ্চমী তিথিত এই কীৰ্তন আৰম্ভ হয় । দহদিন জুৰি বাপু ভকত , আইসকলৰ নাম প্ৰসংগ আৰু তাল-খোলৰ শব্দেৰে সত্ৰ ৰজনজনাই থাকে । মথুৰা দাস বুঢ়া আতাৰ তিথিক পাঁচদিনীয়া কীৰ্তন বা শেষ কীৰ্তন বুলি কোৱা হয় । এই কীৰ্তনত দধিমথন নাট অনুষ্ঠিত হয় । দামোদৰদেৱৰ তিৰোভাৱ তিথি সাদিনীয়াকৈ উদ্‌যাপন কৰা হয় । শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰীচৈতন্যদেৱৰ তিথিও উদ্‌যাপন কৰা হয় । শ্ৰীশ্ৰীচৈতন্য সত্ৰত ফাগুনী পূৰ্ণিমা তিথিত ‘ অষ্ট-প্ৰহৰ ’ হৰি নাম সংকীৰ্তন উদ্‌যাপন কৰা হয় ।
       গুৰুসকলৰ তিৰোভাৱ তিথিত অংকীয়া নাট-ভাওনা অনুষ্ঠিত হয় । ৰুক্মিণী হৰণ , পাৰিজাত হৰণ , ৰাম বিজয় , অৰ্জুন ভঞ্জন ( দধিমথন ) নাট ৰামদিয়াবাসী ৰাইজৰ বৰ আদৰৰ । নাটৰ আদিৰপৰা অন্তলৈকে সূত্ৰধাৰে গায়ন-বায়নৰ সৈতে নাট চলাই নিয়ে । বায়নসকলে নৃত্য সহকাৰে বাদ্য বজায় । ভোজন বেহাৰ নাটত বাৰগোপাল নৃত্য প্ৰদৰ্শিত হয় । ৰামদিয়াৰ ৰাস উৎসৱত সত্ৰীয়া ৰাইজে দধিমথন নাট প্ৰদৰ্শিত কৰে । অৱশ্যে , দুৰ্ভাগ্যজনকভাৱে বৰ্তমান সময়ত ৰামদিয়াত অংকীয়া নাট ভাওনাৰ ঐতিহ্য-পৰম্পৰা আগতকৈ বহুখিনি ম্লান হৈছে ।
       ৰামদিয়াৰ প্ৰাচীন সত্ৰসমূহত শ্ৰীমদ্ভাগৱত , দশম , কীৰ্তন ঘোষা , নামঘোষা , ৰামায়ণ , মহাভাৰত , বৰগীত , গুণমালা , চৰিত পুথি , অংকীয়া নাট আদি বিভিন্ন সাঁচিপতীয়া পুথি আৰু তুলাপাতৰ পুথি সংৰক্ষিত । মানৰ আক্ৰমণ , অগ্নি সংযোগ , লুণ্ঠন আৰু সময়ে সময়ে হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত সত্ৰসমূহৰ অনেক পুথি-পাঁজি নষ্ট হোৱাত ইতিহাসৰ বহুতো সমল ইতিমধ্যে পাহৰণিৰ বুকুত জাহ গৈছে । সত্ৰসমূহ আৰ্থিকভাৱে দুৰ্বল হোৱাত সত্ৰত চলি থকা কৃষ্টি কলাৰ সংৰক্ষণৰ ব্যৱস্থা আজিলৈকে হৈ উঠা নাই । উপযুক্ত প্ৰশিক্ষক আৰু চৰ্চাৰ অভাৱত সত্ৰৰ বাদ্য-বাজনা , নাচ-গানৰ বহুতো সমল হেৰুৱাৰ অতিক্ৰম হৈছে । ৰামদিয়াৰ প্ৰাচীন সত্ৰসমূহত শিল্প-ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায় । গুৰু আসনত কাঠত কটা মূৰ্তি , সিংহ দুৱাৰত থকা বিভিন্ন কাঠ আৰু পিতলৰ মূৰ্তি , কাঠত কটা জয়-বিজয়, হনুমান , কাঠৰ ঘোঁৰা , শিশু কৃষ্ণ , দশাৱতাৰ , গৰুড় পক্ষী আদি আৰু ভাওনাত ব্যৱহাৰ কৰা হনুমান, বাঘ আদিৰ মুখা আছে । ৰামদিয়া সত্ৰীয়া সংস্কৃতিৰ উপাদানেৰে পৰিপূৰ্ণ এক পৱিত্ৰ ভূমি । ৰামদিয়াৰ বিভিন্ন অঞ্চলত অৱস্থিত চাৰিও পন্থাৰ সত্ৰসমূহে সমিলমিলভাৱেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে নৃত্য-গীত , খোল বাদন , গায়ন-বায়ন , ভাওনা আদি চৰ্চা কৰি এখন শান্তিপূৰ্ণ , শৃংখলাৱদ্ধ , আধ্যাত্মিক চিন্তাৰে পৰিপূৰ্ণ সমাজ গঢ়ি তুলিছে । কিন্তু সাম্প্ৰতিক সময়ৰ পৰিপেক্ষিতত সত্ৰসমূহে পূৰ্বৰ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰাত কিছু পৰিমাণে ব্যৰ্থ হৈছে । ৰামদিয়াৰ পৱিত্ৰ সত্ৰানুষ্ঠানসমূহৰ পৱিত্ৰতা ৰক্ষা কৰাটো সমূহ ৰাইজৰ বাবে এক নৈতিক দায়িত্ব । এইবোৰ আজিৰ নৱ-প্ৰজন্মই আধুনিক চিন্তা-চৰ্চা কৰি সমাজৰ মাজত যদি অটুট ৰাখিব পাৰে তেনেহ’লে ৰামদিয়াৰ যি গৌৰৱময় ঐতিহ্য আৰু পৰম্পৰা সি বৰ্তি থাকিব ।   







শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
তৃতীয় বৰ্গৰ কৰ্মচাৰী
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও






 উৎসসমূহ :    (১) ৰামদিয়াৰ সত্ৰ সম্ভেদ : তিলক চন্দ্ৰ মজুমদাৰ ।
                       (২) ৰামদিয়াৰ সত্ৰসমূহৰ ইতিহাস বিচাৰি : কন্দৰ্প নাথ তালুকদাৰ ।
                       (৩) সত্ৰৰ অনুসন্ধান : সৰ্বেশ্বৰ বৰুৱা ।
                       (৪) হাজো অঞ্চলৰ ইতিহাস : সমীন কলিতা ।







মোৰ সুখ-অসুখৰ মাজত
গঢ়ি উঠা এটা চৰাইৰ চুবুৰি ।
কথাই নুঠে সুখৰ দিনত
দুখৰ দিনতো থাকে বুকুজুৰি ।
                   ( হীৰেন ভট্টাচাৰ্য )


Post a Comment

0 Comments