header ads

বিশেষ লেখা, প্ৰবীণৰ সততাৰ বিপ্লৱ , ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

প্ৰবীণৰ সততাৰ  বিপ্লৱ 



এক
       মোতকৈ বয়সত তিনি বছৰৰ সৰু বিল গেটছ ২০২৩ চনত ককাদেউতা হ’ব ৷ নিজৰ বৰ জীয়াৰীৰ পৰা এই খবৰটো পোৱাৰ পিছৰ পৰাই  বিল গেটছ আৱেগিক হৈ পৰিছে আৰু সমগ্ৰ বিশ্বৰ শিশু আৰু নাতিসকলৰ সুৰক্ষা আৰু বিকাশৰ বাবে নতুন উদ্যমেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ  সঙ্কল্প লৈছে ৷ গেটছ ফাউণ্ডেছনৰ জৰিয়তে বিল গেটছে সমাজ আৰু ব্যক্তি-মানুহৰ বাবে যিবোৰ কাম কৰি আছে , তাৰ ভিতৰত নাতিৰ আসন্ন জন্মৰ বাবে এতিয়াৰ পৰা শিশুৰ সুৰক্ষা আৰু বিকাশৰ সৈতে জড়িত কামে যে অগ্ৰাধিকাৰ পাব সেই কথা ইতিমধ্যে বিল গেটছে ঘোষণা কৰিছে ৷ তেওঁ বিশ্বৰ ধনী মানুহৰ তালিকাত থাকিব নিবিচাৰে , তাৰ বিপৰীতে বিচাৰে তেওঁৰ ধন-সম্পত্তি এতিয়াৰ পৰা বিশেষকৈ শিশুসকলৰ বাবে ব্যয় হওঁক আৰু তেওঁৰ নামটো বিশ্বৰ ধনী মানুহৰ তালিকাৰ পৰা নোহোৱা হৈ যাওঁক ৷
      বিল গেটছৰ নাতিৰ জন্ম এতিয়াও হোৱা নাই , এই বছৰ হোৱাৰহে কথা ৷ মই কিন্তু ককাদেউতা হ’লোঁ ২০২২ চনতে ৷ বিল  গেটছে বিশ্বৰ সকলো নাতিৰ বাবে কৰিবলৈ ওলোৱা পৰিকল্পনাৰ কথা জনাৰ পিছত মই ভাবিছোঁ আমিনো আমাৰ নাতিসকলৰ বাবে কি কৰিব পাৰোঁ । সোঁৱে-বাৱে দুই নম্বৰী টকা লুটি নিজ নিজ নাতিক অৰ্থনৈতিক সুৰক্ষা দিয়াৰ কথা চিন্তা কৰিম , নে সৎ পথত থাকি নাতিসকলক কিবা এটা আদৰ্শৰ পথ দেখুৱাম ৷ আমি ককাসকল যে নাতিহঁতৰ  বাবে সততা আৰু সুস্থ মূল্যবোধৰ ক্ষেত্ৰত এক ৰোল মডেল হৈ থাকিব পৰা নাই , সেই কথাৰ প্ৰমাণ আজি ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে  বিদ্যমান ৷ নাতিৰ জন্মক লৈ গৌৰৱ কৰা বহু উচ্চ শিক্ষিত ককা নানা কেলেঙ্কাৰীত লিপ্ত হৈ এতিয়া কাৰাগাৰত , বহু উচ্চ পদস্থ বিষয়া টকা লুটি এতিয়া জীৱন কটাইছে কয়দী হৈ , সন্ধিয়া ঘৰলৈ উভতি আহি নাতিৰ সৈতে খেলা কৰা মহাবিদ্যালয়ৰ অধ্যক্ষই এতিয়া ছাত্ৰ-ছাত্ৰীৰ ভাগৰ  টকা লুটি  হাত ডাঙি  ফটো উঠিবলগীয়া হৈছে  , বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কেলেঙ্কাৰীৰ খবৰ আজি শোভা পায় কাকতৰ প্ৰথম পৃষ্ঠাত , ককা-খুৰা-পেহাক আৰক্ষীয়ে দুৰ্নীতিৰ বাবে হাতত হেন্ডকাফ লগাই লৈ যায় পুলিচ থানালৈ ৷ টিভিত নাতিয়েকে সেই দৃশ্য দেখে ৷  ভাবিছোঁ , নাতিৰ জন্মত আনন্দ কৰা আমি ককাসকলে  নাতিহঁতক কি আদৰ্শ দেখুৱাইছোঁ , কোনখন পৃথিৱী সিহঁতৰ বাবে এৰি থৈ যাবলৈ ওলাইছোঁ ? নাতিহঁতৰ বাবে দেউতাকসকল বাদেই , আমি ককাসকল এটা ভাল আদৰ্শ হৈ থাকিব পৰা নাই ৷ মোৰ মনলৈ আহিল মোৰ ককাৰ কথা ৷

দুই
      পিতাৰ মৃত্যুৰ পিছত পিতাৰ ডায়েৰী এখন আৱিষ্কাৰ কৰিছিলোঁ ৷ সেই ডায়েৰীত পিতাই  আতা(ককা)ৰ কথা এনেদৰে লিখিছিল - ‘‘ পিতাই মোক সদায় কৈছিল – মিছা কথা নক’বি , কাৰো অন্যায় চিন্তা নকৰিবি , সদায় সাহায্য কৰিব নোৱাৰিলেও জ্ঞানত কাৰো অন্যায় হোৱাৰ উপদেশ নিদিবি , অসৎ উপায়েৰে সম্পদ আহৰণৰ চেষ্টা নকৰিবি , তেতিয়াহ’লে জীৱন যাত্ৰাত ঘাত-প্ৰতিঘাত আহিলেও শেষ মুহুৰ্তত হ’লেও জয় অনিবাৰ্য ৷ আজি তিনিকুৰি তেৰ বছৰে এই কথাৰ সত্যতাৰ উমান পাই আহিছোঁ আৰু এই কাৰণেই মোৰ ল’ৰাহঁতৰ উপৰি মোক যিয়ে আপোন বুলি বিশ্বাসত লয় সেইসকলক পিতাৰ এই কথাকেইটাৰ মহত্ত্বৰ কথা সোঁৱৰাই দিওঁ ৷ ’’
       আতা যৌথ পৰিয়ালত মাক-দেউতাকক তিনি বছৰতে হেৰুৱাই এটা অনাথ শিশু হিচাপে ডাঙৰ হৈছিল ৷ ইংৰাজী স্কুলত দুই শ্ৰেণী পঢ়াৰ পিছত দোকানত ঘৰ-চোতাল সৰা-মচা কৰা , চাহ কৰি দিয়া আদি সাধাৰণ কাম কৰি জীৱনটো আৰম্ভ কৰিছিল ৷ পিছত কোনোবাই পোষ্ট মাষ্টৰৰ কামত সুমুৱাই দিছিল ৷ দাৰিদ্ৰ  আৰু যৌথ পৰিয়ালত লাভ কৰা অৱজ্ঞা আৰু অত্যাচাৰেও জীৱন সম্পৰ্কত কিছু মহৎ মূল্যবোধৰ পৰা কেতিয়াও আতাক বিচলিত কৰিব পৰা নাছিল ৷ আতাৰ কথা পিতাই পুনৰ ডায়েৰীত উল্লেখ কৰিছে এনেদৰে - ‘‘ চাৰিত্ৰিক দিশত পিতাৰ নিচিনা পবিত্ৰ লোক মই জীৱনত দ্বিতীয়জন লগ পোৱা নাই ৷ যিমানেই তথাকথিত ডাঙৰ লোক নহওঁক কিয় , যিমানেই ডাঙৰ সমাজ নহওঁক কিয় , সত্য আৰু ন্যায়ৰ কথা ক’বলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল , যাৰ বাবে তেওঁ বহুসময়ত শ’লঠেকত পৰিবলগীয়া হৈছিল ৷ ’’ আতাৰ পৰা পোৱা এই শিক্ষাই পিতাক কেনেদৰে গঢ় দিছিল , সেই কথাও পিতাই ডায়েৰীখনত উল্লেখ কৰি থৈ গৈছে এনেদৰে - ‘‘ মিছা , ফাঁকি , অন্যায়ৰ বিৰোধিতা কৰাত কোনো পৰিস্থিতিতে দ্বিধাবোধ কৰাৰ পক্ষপাতী মই নহওঁ ৷ সত্যৰ হকে মাত মতাটো যিমানে অপ্ৰিয় বা বিপজ্জনক নহওঁক কিয় , তাক প্ৰকাশ কৰাত মই কোনো কাৰণতেই কুণ্ঠাবোধ নকৰোঁ ৷ অৱশ্যে তাৰবাবে বহু সময়ত নানা অসুবিধা বা সমালোচনাৰ সন্মুখীন হ’বলগীয়াত পৰিছোঁ ৷ কিন্তু অপ্ৰিয় সত্য অতি স্পষ্ট কঠোৰ ভাষাৰে ব্যক্ত কৰিলে সামাজিকভাৱে ক্ষতি স্বীকাৰ কৰিবলগা হ’লেও শেষটো যে অতি মধুৰ তাৰ প্ৰমাণ মোৰ গোটেই জীৱনতেই পাই আহিছোঁ ৷ ’’
তিনি
       সততাৰ এই মূল্যবোধেই আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা ৷  এই মূল্যবোধ আমাৰ পৰিয়ালত প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰৱাহিত হৈ আছে বুলি মোৰ এতিয়াও বিশ্বাস হয় ৷ ডায়েৰীৰ বহু ঠাইত বিভিন্ন প্ৰসংগত এই মূল্যবোধ আতাৰ  পৰা পিতাৰ জীৱনলৈ সঞ্চাৰিত হোৱাৰ কথা পিতাই উল্লেখ কৰিছে আৰু নাতি হিচাপে প্ৰবাহিত হৈছে আমাৰ জীৱনলৈ ৷ বিল গেটছৰ দৰে বিশ্বৰ নাতিসকলৰ বাবে কিবা এটা কৰিবলৈ আমাৰ অগাধ সম্পত্তি নাথাকিব পাৰে , কিন্তু আমি ককা বা অদূৰ ভৱিষ্যতত ককা হ’বলৈ ওলোৱা ককাসকলে অন্ততঃ নাতিহঁতৰ বাবে প্ৰকৃতাৰ্থত এক সততা আৰু সুস্থ মূল্যবোধৰ Role Model হৈ উঠাৰ প্ৰয়াস কৰিব পাৰো ৷ আমি এই পঙ্কিল পৃথিৱীত সিহঁতৰ বাবে ধন-সম্পত্তিতকৈ  সততাৰ এক মূল্যবোধ আৰু সেই মূল্যবোধেৰে পৰিচালিত সমাজ এখন যদি দি থৈ যোৱাৰ সঙ্কল্প লওঁ , তেনেহ’লে নতুন বছৰত সেয়াই হ’ব ককা হিচাপে নাতিৰ প্ৰতি আমাৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ ৷ সততা আৰু সুস্থ মূল্যবোধৰ অভাৱত বাহিৰৰ ৰঙচঙীয়া আভৰণৰ তলত সমাজখন বৰ বেয়াকৈ গেলিবলৈ আৰম্ভ কৰিছে ৷ এই গেলা সমাজত থাকিলে নাতিহঁতো গেলিব ৷ আজিৰ পৰা নাতিসকলক সুৰক্ষিত কৰিবলৈ ককাকসকলে আৰম্ভ কৰিব লাগিব এক সততাৰ বিপ্লৱ ৷ জীৱনৰ শেষ পৰ্বত এই  বিপ্লৱেই হ’ব তেওঁলোকৰ পৃথিৱীৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ , মহত্তম অৱদান ৷  আহক , তেনে এক বিপ্লৱৰ সূচনা কৰি আমি প্ৰবীণসকলে নতুন প্ৰজন্মক  উপহাৰ দিওঁ সততাৰ এক নতুন মন্ত্ৰ ৷


তুমি আগবঢ়াই দিয়া তোমাৰ সেউজীয়া হাত ―
               মই শস্যৰ প্ৰতিমা গঢ়োঁ
- হীৰেন ভট্টাচাৰ্য




ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
বিশিষ্ট ঔপন্যাসিক ।

Post a Comment

0 Comments