ছয়গঞা উপভাষাৰ চমু আলোচনা ( নৱম খণ্ড )
মূল ছয়গঞা ভাষা :-
ছয়গাঁও অঞ্চলৰ কেইবাটাও আঞ্চলিক ৰূপৰ আলোচনা ইতিমধ্যে কৰা হ’ল । এই আলোচনাৰ পৰা এয়া নিশ্চিত হব পৰা যায় যে কামৰূপী ভাষাৰ অন্তৰ্গত হ’লেও ছয়গঞা লোক - ভাষা বৈচিত্ৰপূৰ্ণ । এই লোক ভাষাৰ আঞ্চলিক ৰূপ সমূহেই ইয়াৰ বৈচিত্ৰতাৰ মুল কাৰণ । কামৰূপী উপভাষাৰ বৈশিষ্টসমূহ সহিতে ছয়গঞা ভাষাটো কিছু সুকীয়া বৈশিষ্টৰে একক । এই বৈশিষ্টসমূহ উচ্চাৰগত ধ্বনি , ৰূপ , শব্দাৱলী , কথন ভংগী আদিৰ দ্বাৰা প্ৰকাশিত হয় । এই বৈশিষ্টসমূহ অতি চমুকৈ আলোচনা কৰা হ’ল ।
(ক) ধ্বনিগত বৈশিষ্ট
মূল ছয়গঞা ভাষাৰ স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ এনেধৰণৰ –
উদাহৰণস্বৰূপে -
দ্বিৱস্বৰ :-
ছয়গঞা কথিত ভাষাৰ ক্ষেত্ৰত যুক্ত স্বৰধ্বনি বোৰ সমীভৱনৰ জড়িয়তে সৰলীকৃত নহ'লে দ্বিৱস্বৰলৈ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় ।
উদাহৰণ স্বৰূপে :-
ছয়গঞা ৰূপ মান্য অসমীয়া
/ওই/ দৈ দৈ
(দওই)
/ওউ/ মৌ মৌ
(মওউ)
/এউ/ সেউলি শেৱালি
/আঅ/ গাঅ শৰীৰ
/আও/ দাওকাতা অঘাইটং
/উই/ উই উই পোক
ছয়গাঁৱৰ ভাষাত স্বৰৰ বিভিন্ন পৰিৱৰ্তন :-
অপনিহিতিৰ ফলস্বৰূপে আগৱাঢ়ি অহা ‘ই’ বা ‘উ’ তাৰ কাষৰ স্বৰধ্বনিৰ সৈতে আভ্যন্তৰীণ সন্ধিত মিলিত হৈ স্বৰধ্বনিৰ যি পৰিৱৰ্তন ঘটায় , তাকেই অভিশ্ৰুতি বোলে । অৰ্থাৎ অপনিহিত ‘ই’ বা ‘উ’ য়ে যেতিয়া ইয়াৰ কাষৰ স্বৰবৰ্ণৰ শব্দ প্ৰভাৱিত কৰে আৰু ইয়াৰ সৈতে মিহলি হয় , ইয়াকে অভিশ্ৰুতি বোলে । ছয়গঞা কথোপকথনত অভিশ্ৰুতিৰ বাবে মান্য অসমীয়াৰ শব্দৰ স্বৰধ্বনিৰ পৰিৱৰ্তন হোৱা দেখা যায় । যেনে :-
ছয়গঞা ৰূপ মান্য ৰূপ
(১) অ > ও কপোনি (কঅ’পওনই) কঁপনি
মদহি (মঅ’দঅ’হই) মদাহি
(২) ও > উ কুমুৰা (কউমউৰঅআ) কোমোৰা
(৩) অ > উ তুপুনি (তউপউনই) টোপনি
(৪) উ > ই বিজিলি (বইজইলই) বিজুলী
(৫) আ > এ’ বিলেহী (বইলইহই) বিলাহী
(৬) অ > আ দামাৰা (দআমআৰআ) দমৰা
স্বৰভক্তি :-
ছয়গঞা ৰূপ মান্য ৰূপ
ই : কিৰিপিন কৃপণ
এ : মেলেচ ম্লেচ
উ : ভুৰু ভ্ৰু
ইংৰাজী শব্দত স্বৰভক্তিৰ ব্যৱহাৰ -
গ্লাচ> গেলাচ
প্লেট> পিলেত
ব্লাউজ> বুলাজ
ক্লাচ> কিলাচ
অপনিহিতি :-
মান্য ৰূপ ছয়গঞা ৰূপ
বাপেক বাপিয়াক
বোৱাৰী বইৰি
স্বৰধ্বনি বিপৰ্যয় :-
মান্য ৰূপ ছয়গঞা ৰূপ
ৰুমাল উৰমাল
নহৰু নেহুৰ
শতৰু সতুৰ
দীপাংকৰ ঠাকুৰীয়া
গৱেষক ছাত্ৰ ,
গৱেষণাৰ বিষয় – লোক সংস্কৃতি
গুৱাহাটী বিশ্ববিদ্যালয় ।
0 Comments