পাৰ্বতী পাহাৰ
দেৱীক্ষেত্ৰং কামৰূপং বিদ্যতেহন্যন্ন তৎসমম্ ।
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে ।। ( কালিকা পুৰাণ ৫৮ / ৪১ )
কামৰূপং মহাপীঠং সৰ্বকামফলপ্ৰদম্ ।
কলৌ শীঘ্ৰ ফলং দেৱী কামৰূপে জপঃ স্মৃতঃ ।।
কামৰূপং দেৱীক্ষেত্ৰং কুত্ৰাপি তৎ সমং ন চ ।
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে ।। ( যোগিনী তন্ত্ৰ ২ / ৬ / ১৫২ )
কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ উভয় গ্ৰন্থতেই পৱিত্ৰ কামৰূপ ভূমিক শক্তি সাধনা আৰু সিদ্ধি লাভৰ উপযুক্ত স্থান হিচাপে নিৰ্ণয় কৰিছে । কামৰূপৰ দৰে আৰু কোনো ঠাই নাই , যি ঠাই দেৱীৰ আৱাসৰ বাবে উপযুক্ত । যি দেৱী অন্য দেশত দুৰ্লভা , সেই দেৱী কামৰূপৰ গৃহে গৃহে বিৰজিত আৰু পূজিত ।
পাৰ্বতী দেৱী মহাদেৱৰ পত্নী । পাৰ্বতী দেৱীৰ আছিল মাতৃসুলভ সুন্দৰ ব্যৱহাৰ । সন্তানক সুশিক্ষা প্ৰদান আৰু এগৰাকী সবল নাৰী হিচাপে সময়ে সময়ে কৰা অসুৰ দমন , আনৰ উপকাৰ সাধন তথা সহায় কৰা ইত্যাদি নানান গুণৰ অধিকাৰী আছিল ।
পাৰ্বতী পাহাৰ , কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত দিলিঙ্গা নামৰ ঠাইত অৱস্থিত । এই পাহাৰখন দিলিঙ্গা ফৰেষ্ট ৰিজাৰ্ভৰ অন্তৰ্ভুক্ত ।
মাটিকালি :- দিলিঙ্গা ফৰেষ্ট ৰিজাৰ্ভৰ ১৩১৩ নং দাগৰ ৮৭০ বিঘা , ৪ কঠা , ৬ লেচা মাটি আগুৰি আছে ।
চাৰিসীমা :- উত্তৰে - বালাপাৰা গাঁও , দক্ষিণে - ভোগদাবাৰী , পূবে - বালাপাৰা গাঁও আৰু পশ্চিমে - ২ নং দিলিঙ্গা গাঁও ।
ভৌগোলিক অৱস্থিতি :- ২৫৮.৩৬ উত্তৰ অক্ষাংশ আৰু ৯ হাজাৰ ১১৪.০২ পূৱ দ্ৰাঘিমাংশত । মন্দিৰৰ মূল তোৰণৰ পৰা মন্দিৰলৈ দূৰত্ব ৮০০ মিটাৰ ।
দক্ষিণ কামৰূপৰ পাৰ্বতী পাহাৰৰ বয়স সম্বন্ধে কোনো নিৰ্দিষ্ট সময়ৰ কথা কোনেও ক'ব নোৱাৰে । স্থানীয় লোকে এই পাৰ্বতী পাহাৰখন কামাখ্যা মন্দিৰৰ সম - সাময়িক বুলি বিশ্বাস কৰে । উল্লেখ্য যে ১৯৮৫ চনত মন্দিৰ নিৰ্মাণৰ সময়ত তাত কিছুমান ইটা পোৱা গৈছিল । এই ইটাবোৰ আহোমসকলৰ দিনত তেওঁলোকৰ বিভিন্ন নিৰ্মাণকাৰ্যত ব্যৱহৃত ইটাৰ লগত মিল আছে । সেই হিচাপে চাবলৈ গ'লে এই স্থানত আহোমসকলৰো বহু আগতে দেৱীৰ পূজা - অৰ্চনা হৈছিল । আহোমসকলে সেই পাহাৰৰ শিখৰত দেৱীৰ মন্দিৰ স্থাপনৰ বাবে চিন্তা কৰিছিল যদিও হয়তো সেই সময়ত ঘন জংঘল কাটি মন্দিৰ নিৰ্মাণ কাৰ্যত তেওঁলোকে অসুবিধা পাইছিল আৰু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল ।
পাৰ্বতী পাহাৰখন আৰু ওচৰ - পাজৰৰ অঞ্চলসমূহ পূৰ্বতে বৰ্তমানতকৈ অতি ঘন জংঘলেৰে আবৃত আছিল । নানান চৰাই - চিৰিকতি আৰু প্ৰায় সকলো ধৰণৰ বনৰীয়া জীৱ - জন্তুৱে তাত বাস কৰিছিল । বাঘ , হাতী , ভালুক , বনৰীয়া ম'হ ইত্যাদি জন্তু তাত পোৱা গৈছিল । পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিবলৈ বাঘে নিৰ্দিষ্ট পথ অনুসৰণ কৰিছিল । পথাৰত চৰণীয়া গৰু , ছাগলী ইত্যাদি চিকাৰ কৰিছিল আৰু গৃহস্থৰ ঘৰৰ পৰাও কেতিয়াবা গৰু চিকাৰ কৰিছিল ।
পুৰণি কালৰ পৰাই পাৰ্বতী পাহাৰত হিন্দু ধৰ্মৰ দেৱী পাৰ্বতী মাৰ আশীৰ্বাদ ল'বলৈ অসংখ্য ভক্তই মন্দিৰ প্ৰাংগণত ভিৰ কৰিছিল । পাহাৰ বগাই 'পাৰ্বতী মা'ৰ মন্দিৰলৈ গৈছিল আৰু বৰ্তমানো নিতৌ 'পাৰ্বতী মা'ৰ ভক্তসকল মন্দিৰলৈ যায় ।
ঘন জংঘল কাটি ব'হাগ বিহু , মাঘ বিহু , অম্বুবাচীৰ শুচিৰ দিনাখন পাৰ্বতী পাহাৰত অতীজৰে পৰা ভক্তসকলে উঠিছিল । প্ৰবাদ আছে যে মহাদেৱে যেতিয়া ৰুদ্ৰ ৰূপ ধাৰণ কৰি পাৰ্বতী দেৱীক কান্ধত লৈ ঘূৰি ফুৰিছিল তেতিয়াই দেৱীৰ অঙ্গ সেই পাহাৰত পৰিছিল আৰু তেতিয়াৰ পৰাই 'পাৰ্বতী মা'ৰ নামত ভক্তসকলে পূজা - অৰ্চনা কৰি আহিছে । তাহানিতে পাৰ্বতী পাহাৰত ভাগৱত পাঠ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তাত ব্ৰাহ্মণৰ দ্বাৰা পূজা - পাতলৰ ব্যৱস্থা কৰা হৈছিল । নিঃসন্তান মহিলাই সন্তান লাভৰ বাবে দেৱীৰ চৰণত প্ৰাৰ্থনা কৰি সন্তান লাভ কৰাৰ বহু উদাহৰণ আছে বুলি অঞ্চলবাসী ৰাইজে জনায় । গাভৰুসকলে শিপিনী কামত লগাৰ আগেয়ে 'দেৱী মা'ৰ আশীৰ্বাদ লৈছিল যাতে ভালদৰে কাপোৰত ফুল তুলিব পাৰে আৰু 'মা'ৰ আশীৰ্বাদত অতি কমদিনৰ ভিতৰতে তেওঁলোক বোৱা - কটা কাৰ্যত পৰিপক্ক হৈ উঠে । ঠিক তেনেদৰে সেই অঞ্চলৰ লোকসকলৰ কোনো মাংগলিক কাৰ্য কৰাৰ আগেয়ে 'দেৱী মা'ৰ চৰণত সেৱা লোৱা কাৰ্য আজি পৰ্যন্ত চলি আহিছে । যিকোনো মনোকামনা পূৰণৰ বাবে গৰু বিহুৰ দিনাখন নতুবা কোনোবা শুভদিনত 'দেৱী মা'ৰ চৰণত ছাগলী , পাৰ চৰাই ইত্যাদি আগবঢ়াম বুলি মনতে ভাবি ভুগি থকা কোনো সমস্যাৰ সমাধান বিচাৰে । ভক্তপ্ৰাণ ৰাইজে মনৰ কামনা অনুসৰি 'দেৱী মা'ৰ আশীৰ্বাদ পাই আহিছে বাবে দিনক দিনে ভক্তৰ সংখ্যা বাঢ়ি গৈছে । এতিয়া দূৰ - দূৰণিৰ পৰা ভক্তসকলে 'দেৱী মা'ৰ দৰ্শনৰ বাবে আহে আৰু যিসকলৰ মনৰ কামনা সিদ্ধি হৈছে তেওঁলোকে 'দেৱী মা'ৰ চৰণত ছাগলী , পাৰ চৰাই ইত্যাদি আগবঢ়ায় । ৰাইজে ছাগলীসমূহ একগোট কৰি কিছু সংখ্যক গাঁৱত এৰি দিয়ে আৰু কিছু সংখ্যক ডাকত দিয়ে । উল্লেখ্য যে 'দেৱী মা'ৰ চৰণত কোনো বলি - বিধানৰ নিয়ম নাই । কিংবদন্তি আছে যে পূৰ্বতে তিনিঘৰীয়াত থকা বুঢ়া ( শিৱ ) গোঁসাইৰ লগত পাৰ্বতী দেৱীও একেলগে আছিল কিন্তু কিবা কথাত অভিমান কৰি পাৰ্বতী দেৱী সন্মুখৰ পাহাৰখনত অকলশৰীয়াকৈ থাকিবলৈ লয় । তেতিয়াৰে পৰাই এই পাহাৰখনৰ নাম পাৰ্বতী পাহাৰ বুলি জনা যায় । ১৯১৪ চনত সেই অঞ্চলৰ এটা ভাগ ফালৰি কাটি আহি ভেহুৱা বাঘৰগাঁৱত এটা মন্দিৰ স্থাপন কৰে । তাত অস্থায়ীভাৱে পাৰ্বতী দেৱীৰ পূজা অৰ্চনা কৰা হয় ।
পাৰ্বতী পাহাৰৰ শিখৰত থকা এটি বৃহৎ শিলত পাৰ্বতী দেৱীৰ মূৰ্ত্তি আছে । আগতে দেৱীৰ মূৰ্ত্তিৰ ওপৰত কোনো চালি নাছিল । মুকলি আকাশৰ তলতেই পূজা হৈছিল । চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনাখনে হ'বলগীয়া পূজাৰ বাবে ভোগদাবাৰী ৰাইজে তাত পূজাৰ আগে আগে চালি বা ৰভাৰ ব্যৱস্থা অতীজৰে পৰা কৰি আহিছে যাতে পূজাভাগ ভালদৰে সমাপন কৰিব পৰা যায় । আদিৰে পৰা মুকলি আকাশৰ তলতেই 'দেৱী মা'ৰ বাসস্থান থকাৰ পিছত ১৯৮৫ চনত ১ নং খাৰিজ ৰাইজে দান - বৰঙণি তুলি 'দেৱী মা'ৰ বাবে এটি মন্দিৰ নিৰ্মাণ কৰে । ইয়াৰে ২৫ বছৰ পিছত অৰ্থাৎ ২০১০ চনত সেই সময়ৰ বকো সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত জ্যোতিপ্ৰসাদ দাসদেৱে ৰাইজক সহযোগ কৰে আৰু পুৰণি মন্দিৰটি ভাঙি নতুনকৈ এটি মন্দিৰ নিৰ্মাণ কৰে । পাৰ্বতী পাহাৰলৈ যোৱা মূল পথৰ তোৰণখন নিৰ্মাণৰ ক্ষেত্ৰত ছয়গাঁও সমষ্টিৰ সেই সময়ৰ বিধায়ক শ্ৰীযুত কমলা কলিতা দেৱে মুখ্য ভূমিকা লয় ।
এই মন্দিৰৰ প্ৰথমটি চিৰি কাঠৰ আছিল আৰু নিৰ্মাণ কৰিছিল বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া অপূৰ্ব নাথ দেৱে ।
১৯৮৫ চনত যেতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ যো - জা কৰা হৈছিল তেতিয়া উক্ত মন্দিৰ নিৰ্মাণ কৰিবলৈ সাজু হোৱা মিস্ত্ৰীজনক দেৱীয়ে ৰাতি সপোন দেখুৱালে যে দেৱীৰ গাত বহুত গেদ পৰিছে আৰু সেই গেদসমূহ যেন মিস্ত্ৰীয়ে বটালিৰে চাফা কৰি গুচাই দিয়ে । লগতে দেৱীয়ে মিস্ত্ৰীক ইয়াকো আশ্বস্ত কৰিলে যে যি বটালীৰে চাফা কৰিব সেই বটালীৰ কোনোধৰণৰ ক্ষয় - ক্ষতি নহয় । সেইমতে মিস্ত্ৰীয়ে ৰাইজৰ আগত কথাখিনি অৱগত কৰে আৰু ৰাইজে পূজা - পাঠ কৰি মিস্ত্ৰীক মূৰ্ত্তিটি চাফা কৰিবলৈ অনুমতি দিয়ে । কথামতে মিস্ত্ৰীয়ে চাফা কৰোঁতে প্ৰায় দুই বস্তা গেদ ওলাল আৰু বটালীৰ কোনো ক্ষয় - ক্ষতিও নহ'ল । সেই গেদসমূহ ধূপ - ধূনা , ধূলি আদি জমা হৈ হৈছিল । সেই হিচাপেৰে চালে পাৰ্বতী দেৱীৰ এই শিলামূৰ্ত্তি কিমানদিনৰ পুৰণি তাক অনুমান কৰাটো বৰ কঠিন । পাৰ্বতী দেৱীৰ ওচৰত থকা আদি দেৱতা গণেশৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো মিস্ত্ৰীক সপোন দেখুৱাইছিল । অসাৱধানতাবশতঃ মিস্ত্ৰীয়ে মন্দিৰ নিৰ্মাণত ব্যৱহৃত কিছু অৱশিষ্ট দ্ৰব্য এতিয়াৰ গণেশ দেৱতাৰ শিলামূৰ্ত্তিৰ ওপৰত থৈ দৈছিল । নিশা মিস্ত্ৰীজনক সপোন দেখুৱালে আৰু গণেশ দেৱতাই আহি ক'লে যে , মোৰ ওপৰত কিয় বস্তু থৈছা মই বৰ ওজন পাইছো । মিস্ত্ৰীয়ে পিছদিনা উক্ত শিলৰ পৰা বস্তুবোৰ গুচালে আৰু পূজা - অৰ্চনা কৰি দায় - দোষ নধৰিবলৈ বুলি 'মা'ক সেৱা জনালে । উক্ত শিলটো ৰাইজে গণেশ দেৱতাৰ থাপনা হিচাপে পূজা - অৰ্চনা কৰিবলৈ লোৱাৰ পিছত লাহে লাহে উক্ত শিলত প্ৰথমে গণেশ দেৱতাৰ শুৰডাল স্পষ্ট হয় আৰু প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় । পিছত কাৰ্তিক দেৱতাৰো মন্দিৰ তাত নিৰ্মাণ কৰা হয় ।
১ নং খাৰিজ ৰাইজে আদিৰে পৰা 'দেৱী মা'ৰ পূজা-অৰ্চনা কৰি আহিছে ।
গৰু বিহুৰ দিনাখন বকোবাসী ৰাইজে গৰুক গা ধুৱাই লাউ-বেঙেনা খুৱাই গীত গায় ―
" লাউ খা , বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হবি বৰ গৰু । " এইবুলি গৰু পথাৰত এৰি সকলোৱে দেৱী মাৰ দৰ্শনাৰ্থে পাৰ্বতী পাহাৰত উঠে । উক্তদিনা বহু দূৰ-দূৰণিৰ পৰা ভক্ত সকলৰ আগমন ঘটে আৰু 'মা'ৰ চৰণত আটায়ে মূৰ দোঁৱাই প্ৰাৰ্থনা কৰে । ধূপ - চাকি , শৰাই , নৈবেদ্য আদি 'মা'ৰ চৰণত আগবঢ়াই নতুন বছৰটো সুকলমে পাৰ হোৱাৰ বাবে প্ৰাৰ্থনা জনায় । লগতে মনৰ আশা পূৰণ হোৱাৰ বাবেও প্ৰণিপাত জনায় । বৰ্তমান সময়ত উক্তদিনা ভক্তৰ ভিৰ লাখৰ ওপৰত হোৱা দেখা যায় ।
তাৰোপৰি প্ৰকৃতিৰ মনোমোহা ৰূপেৰে ভৰপূৰ এই পাহাৰৰ দৃশ্য নান্দনিক । প্ৰকৃতিপ্ৰেমীসকলে প্ৰায়ে এই ঠাইলৈ আহে আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰে । পাহাৰৰ শিখৰৰ পৰা সূৰ্যোদয়ৰ দৃশ্য চাবলৈ বহুতেই ৰাতিপুৱা প্ৰায় ৩ মান বজাতে আহে আৰু মন্দিৰৰ তোৰণৰ পৰা যাত্ৰা আৰম্ভ কৰে । শৰীৰ চৰ্চা কৰাৰ উদ্দেশ্যেও বহুতে এই পাহাৰলৈ আহে ।
সদৌ শেষত বকো সমষ্টিৰ ঐশ্বৰিক এই মহান অনুষ্ঠানৰ বিষয়ে দেশৰ চুকে-কোণে আলোচনা হওক আৰু 'দেৱী মা'ৰ আশীৰ্বাদেৰে সকলো মানুহ সুস্থ , নিৰোগী , আনন্দময়ী হৈ থাকক তাৰেই কামনা কৰিলোঁ । লগতে অসম পৰ্যটন বিভাগ আগবাঢ়ি আহিলে এই মহান অনুষ্ঠানখনি নিশ্চিতৰূপে বিশ্ব দৰবাৰত স্থান পাব আৰু 'দেৱী মা'ৰ আশীৰ্বাদেৰে গোটেই মানৱ সমাজ ধন্য হ'ব ।
পাহাৰত কিছুসংখ্যক ফল - মূলৰ গছ ৰোপণ কৰিব পাৰি লগতে 'ৰোপ ৱে'ৰ ব্যৱস্থা যদি হয় পৰ্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব আৰু পাহাৰ বগাবলৈ অসুবিধা পোৱা ব্যক্তিসকলেও ধুনীয়াকৈ 'দেৱী মা'ৰ দৰ্শন কৰিব পাৰিব ।
( স্থানীয় ব্যক্তি লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন চন্দ্ৰ বড়ো আৰু বকো আঞ্চলিক সুঁৱৰী উৎসৱৰ স্মৃতি গ্ৰন্থ 'সুঁৱৰী' ২০১২ ত প্ৰকাশিত শ্ৰদ্ধাৰ ইৰা দেৱীৰ লিখনি 'দক্ষিণ কামৰূপৰ অন্যতম শক্তিপীঠ পাৰ্বতী মন্দিৰ' ৰ আলম লৈ )
শ্ৰী নৱ কুমাৰ নাথ
সহকাৰী শিক্ষক
বকো মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড : বকো
0 Comments