ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্যত এভুমুকি
" আমাৰ ওচৰতে
মাহীদেউৰ ঘৰ
তেওঁৰ পুতলাটোৰ
হ'ল এদিন জ্বৰ
পানী লগা জ্বৰ ... হাঁচি ঔ ।।
ডাক্তৰ , ডাক্তৰ
মাহীদেৱে ক'লে
ডাক্তৰ আনিবলৈ
দাদাই লৰ দিলে ।।
দৌৰ ... দৌৰ ... দৌৰ । "
( অসমীয়া ওমলা গীত , ড০ নিৰ্মলপ্ৰভা বৰদলৈ )
অসমীয়া ভাষা-সাহিত্যৰ জগতলৈ যিসকল বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ অনবদ্য সাহিত্য কৰ্মৰ যোগেদি সাহিত্যৰ বৰপেৰা চহকী কৰি গৈছে সেইসকলৰ ভিতৰত ড০ নিৰ্মলপ্ৰভা বৰদলৈ অন্যতম । তেওঁ আছিল একেধাৰে কবি , গীতিকাৰ , লোক-সংস্কৃতিৰ গৱেষক , অধ্যাপক , শিশু - সাহিত্যিক তথা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভাপতি । ১৯৩০ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম. এ. পাছ কৰে আৰু ১৯৫৮ চনত গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে । পিছলৈ ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হৈ ক্ৰমে জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হৈ অৱসৰ গ্ৰহণ কৰে । তাৰোপৰি তেওঁ নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তাও আছিল ।
' বন ফৰিঙৰ ৰং ' তেখেতৰ প্ৰথম কবিতা পুথি । ' সুদীৰ্ঘ দিন আৰু ঋতু ' শীৰ্ষক কাব্য সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত ' সাহিত্য অকাডেমি বঁটা ' লাভ কৰে । তেওঁ বহুতো যুগজয়ী গীত ৰচনা কৰি অসমীয়া সংগীত জগতলৈও অৱদান আগবঢ়াই গৈছে আৰু ড০ ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে ন - পুৰণি অনেক শিল্পীয়ে তেওঁৰ গীতত কণ্ঠ নিগৰাইছে ।
' নীলা বাইদেউ ' ছদ্মনামেৰে তেওঁ অসমীয়া শিশু - সাহিত্যৰ জগতখনলৈ ভিন্নধৰ্মী বহুমূলীয়া সাহিত্য আগবঢ়াই শিশু - সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । ২০ জুন তাৰিখে তেওঁৰ জন্ম দিৱসটো ' প্ৰেৰণা দিৱস ' হিচাপে উদ্ যাপিত কৰা হয় এই দিনটো আৰু এই দিৱসৰ লগত ৰজিতা খুৱাই তেওঁৰ শিশু - সাহিত্যৰ জগতত এভুমুকি মৰাৰ প্ৰয়াস কৰা হৈছে ।
" বগলী এ সবাহলে নগ'লি কিয় ?
গৈছিলো গৈছিলো বাটত বৰষুণে পালে
এঘৰৰ ঘৰতে সোমাব খুজিলোঁ
পখৰা কুকুৰে খালে ।
ছেই কুকুৰ ছেই , নাহিবি জপনা দেই ।
বাঁহৰ বুঢ়া বগৰীৰ গুড়া
ক'ৰ পৰা আহিছ চকু চেলোৱা বুঢ়া ? "
( ওমলা গীত , সুৱদি মাত , ড০ নিৰ্মলপ্ৰভা বৰদলৈ )
তেওঁৰ শিশু - সাহিত্যৰাজি শিশু মনৰ কল্পনা আৰু শিশু - মনস্তত্বৰ ওপৰত আধাৰিত অতি মনোমোহাকৈ শিশুৱে সততে ব্যৱহাৰ কৰি থকা ঘৰুৱা শব্দ সম্ভাৰেৰে ৰচিত । সাহিত্যৰাজি একেধাৰে মনোৰঞ্জনধৰ্মী আৰু জ্ঞানদায়িনী । বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন শিশুৰ মনত হিল্লোল তুলিব পৰাকৈ অতি সংবেদনশীল । শিশুৰ মুখৰ ভাষাকে অতি কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰি পদ্য , কবিতা , নাটিকা , সাধু , গীত আদি ভিন ভিন শিশু উপযোগী সাহিত্য - শিল্প সৃষ্টিৰ যোগেদি শিশুৰ মনৰ চাহিদা পূৰণ কৰিছে । শিশু - সাহিত্য ৰচনাৰ ক্ষেত্ৰত তেওঁ বিষয়বস্তু হিচাপে বাছি লৈছে গ্ৰাম্য অসমীয়া পৰিবেশ , প্ৰকৃতি , পথাৰ , সাংস্কৃতিক উপাদান , লোকাচাৰ , পৰম্পৰা , থলুৱা খেল - ধেমালি আদি । ভাষাও অতি নিভাঁজ , সৰল অসমীয়া গ্ৰাম্য ভাষা । যেনে ―
" মাছবোৰে পানীৰ তলত
তৰিছিলে তাঁত
তাকে দেখি বগলীয়ে
লগালেহি মাত ।
" কি লগাইছা আইহঁত
মেখেলা নে চেলেং ? "
" গামোছাহে মাহীদেউ
মোৰ নাম এলেং । "
শিশু - মনস্তত্ব আৰু শিশু - সাহিত্য সম্পৰ্কত ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাই প্ৰকাশ কৰা ' বিংশ শতাব্দীৰ অসমীয়া সাহিত্য ' (১৯৬৭) গ্ৰন্থত লিখিছে ― " এযোৰ চকু , নিতে' ন - ন কৰি ওলোৱা সূৰ্যৰ একো চেৰেঙা পোহৰ দিনৌ লৈ সি অকণ অকণকৈ মেল খায় । অভিজ্ঞতাৰ বতাহে নপৰশা মনৰ এধানি কলি , চাৰিওপিনে দেখা অজস্ৰ বিস্ময় আৰু কৌতূহলৰ ৰশ্মিত যাৰ পাপৰি এপাহ এপাহকৈ বিকশিত হয় । এখন আলফুল জগত , য'ত কোনো যুক্তি নাই , য'ত অভিজ্ঞতাৰ আঘাত আৰু বোজা নাই , য'ত অসংলগ্ন কল্পনাই ৰূপ জিল্ মিল্ , সোণ জিল্ মিল্ হৈ নাচে ; য'ত ৰ'দ - বৰষুণ দেখিলেই হঠাতে খঁৰা শিয়ালে বিয়া পাতে , ঘনচিৰিকাজনী ক'ৰবাৰপৰা উৰি আহি তামোল কাটি কাটি যাঁচে ; য'ত জোনবাইক দেখি তৰা খুজি থাকোতেই হালধীয়া চৰায়ে বাওঁধান খোৱাৰ কথা মনত পৰে আৰু বাওধান খোৱাৰ কথা কওঁতে - নকওঁতেই শহুৰৰ পুতেকে ক'ৰবাৰপৰা নাও মেলি ক'ৰবালৈ যায়গৈ ; আকৌ নাৱে তুলুং - ভুটুং কৰোঁতেই ডুম - ডুম ডবা বজোৱাৰ কথা মনত পৰেহি । এইখন জগততে শিয়ালীৰ মূৰত ' মৰুৱা ফুল ' ফুলে ; শিয়ালীজনীয়ে চকুৰ পচাৰতে কোনোবা এখন ৰতনপুৰ সদায় পায়গৈ ; বগলীয়ে সবাহ খাবলৈ যাওঁতে বৰষুণত তিতে , কপৌৱে বোকাত ভৰি পৰে বুলি বাঁহ গছত কাপোৰ আৰু বেঙেনা গছত ৰিহা থৈ দেও দি দি ফুৰে । এয়াই শিশুমন আৰু শিশুৰ চিৰন্তন জগতখন , " A big blooming , buzzing confusion . "
শিশুৰ মনৰ কাল্পনিক জগতখনক নিজৰ কৰি লৈ ' নীলা বাইদেৱে ' তেওঁৰ চিন্তাশীল তথা কল্পনাপ্ৰসূত মনেৰে অসমৰ শিশুসকলৰ বাবে লিখি উলিয়াইছিল বহু ভিন্নধৰ্মী লেখা । তাৰ ভিতৰত – ' চিল্ চিল্ চিলা বাগী চিলমিলা ' , ' অসমীয়া ওমলা গীত ' , ' নতুন ওমলা গীত ' , ' শালিকী ৰটৌ টৌ ' , ' সুৱদি মাত ' , ' সুৰীয়া মাত ' , ' মন উৰণীয়া ' , ' জিকিমিকিৰ কথা ' , ' এনেখন মৰমৰ দেশ ' , ' সাধুকথাৰ পুথি ' – ' কথা - সৰিৎ সাগৰ ' , সংকলন আৰু সম্পাদনা কৰা পুথিৰ ভিতৰত 'শিশু গীতি নাট্য সংকলন ' আদি উল্লেখযোগ্য ।
'কথা - সৰিৎ সাগৰ'ৰ সাধুকথাসমূহত প্ৰাচীন ভাৰতীয় সমাজ আৰু ঐতিহ্যৰ পৰিচয় পোৱা যায় । আকৌ শিশুগীত আৰু পদ্যসমূহত শিশুৰ সৰল মনৰ অভিব্যক্তি ― হাঁহি , ধেমালি , মান - অভিমান , ভাৱ - কল্পনা , কৌতূহল আদি সৰল ভাষা আৰু ছন্দৰ মাধুৰ্যৰ মাজেৰে অতি চিকুণ - কোমল শব্দৰ জুনজুননি হৈ প্ৰকাশ পাইছে ।
'অসমীয়া ওমলা গীত'ৰ গীতসমূহ মনোমোহা ছন্দেৰে সমৃদ্ধ হোৱাৰ ওপৰিও সাধুকথা , অসমীয়া লোকজীৱনৰ আচাৰ - ৰীতি আদিও সুন্দৰকৈ প্ৰতিফলিত হৈছে । তদুপৰি ওমলা গীতবোৰে অসমীয়া নাৰ্চাৰী ৰাইমচ্ ৰ অভাৱো পূৰণ কৰিছে । যেনে ―
১) " ৰুণুক্ জুনুক্ কৰি জোনে
ওলাল সাজি-কাচি
নামঘৰত ডুডুমডুম
দবা উঠিল বাজি । "
২) " খঁৰা শিয়ালৰ বিয়া হ'ল
নীলা কাপোৰ পিন্ধি
বান্দৰে মিঠাই খালে
গছৰ ডালত উঠি । "
৩) " ঘনচিৰিকা ঘনচিৰিকা
ক'ত গৈছিলা তুমি
বগলীয়ে খৰিচা খুন্দা
চাইছিলোগৈ জুমি ।
বটলত সুমুৱাই
খৰিচাবোৰ থ'লে
মাছৰ আঞ্জাত দিবলৈ
মেকুৰীয়ে নিলে ।"
ওমলা গীতবোৰে শিশুৰ ভাৱনাৰ অনুসন্ধিৎসু জগতখনকো স্পৰ্শ কৰে । যেনে ―
১) " জোনাকবোৰ ক'ত থাকে ?
সদায়চোন নোলায় ?
হ'মৱৰ্ক কৰে ছাগে
দুৱাৰ মাৰি সোমাই । "
২) " মা তুমি কৈ থাকা
পঢ়া মন দি
মনটো দিম , কোৱা
মন মানে কি ? "
আকৌ 'নতুন ওমলা গীত'ত গীতৰ মাজেৰে আমাৰ গ্ৰাম্য থলুৱা খেলা-ধূলাবিলাকৰো চিনাকি কৰাই দিছে এইদৰে ―
১) " হৈ গুদু , হৈ গুদু
হৈ গুদু দু ।
কুলিয়ে ডালত মাতে
কুউ কু , কু ।। "
২) " কিট , কিট্ কিট্ কিট্
চুলো , চুলো , চুলো ।
খেলত মৰিবা চুলে
কৈ দিলো , দিলো ।। "
৩) " দাৰিয়া খেলিম আমি
মাৰি তিনি জাপ ।
ৰুমাল লুকুওৱা খেলিম
নিদিবা দেই হাক ।। "
সেইদৰে 'নীলা বাইদেউৰ শিশু সাহিত্য'ত 'শালিকী ৰটৌ টৌ'ৰ সন্দৰ্ভত শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীদেৱে লিখিছে ― " শালিকী ৰটৌ টৌৰ কবিতাখিনি 'সুৰীয়া মাত'ৰ গীতকেইটাৰ দৰেই কোমল আৰু নিমজ । এইবোৰৰ যোগেদি নীলা বাইদেৱে অকণিহঁতক সিহঁতৰ চৌপাশৰ পৃথিৱীখনৰ বিভিন্ন বৈচিত্ৰৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে । "
" 'শালিকী ৰটৌ টৌ'ত সন্নিৱিষ্ট পদ্যবিলাক কিছু সাধু আৰু কিছু সাঁথৰৰ সংমিশ্ৰণ । টোপনি অহাৰ পৰত ভয় খুওৱা শিয়ালীৰ পৰা আদি কৰি দ'ত , ভূত , বিৰা ; বিহুৰ পিঠাৰ পৰা আদি কৰি কোনোবাই ডিঙি মুচৰি থৈ যোৱা শালিকীজনীলৈকে অলেখ বিষয় আৰু খবৰ 'শালিকী ৰটৌ টৌ'ৱে সামৰি লৈছে । "
( নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য , নয়নমণি বৰুৱা , অসমীয়া শিশু সাহিত্যৰ সমীক্ষাত্মক অধ্যয়ন )
তেওঁৰ অন্য এখন শিশুগ্ৰন্থ 'চিল্ চিল্ চিলা , বাগী চিলমিলা'ত থলুৱা আৰু অন্য দেশীয় খেলসমূহৰ কথা গল্পৰ ছলেৰে বৰ্ণনা কৰিছে । 'মুনুদাদা'ই দীপ , মাখন , ৰাজ , ৰুমী , ফুণু , ৰুণুহঁতক বিভিন্ন সময়ত বিভিন্ন মনোগ্ৰাহী খেল শিকোৱাৰ লগতে সেইবোৰৰ যোগেদি শব্দৰ খেল , সাঁথৰ সোধাৰ খেল আদি শিকাই জ্ঞান - বুদ্ধিৰো বিকাশ ঘটাইছে ।
আকৌ 'মন উৰণীয়া'ৰ জীৱ - জন্তুৰ লগত জড়িত সাধুসমূহো অতি মনোগ্ৰাহী আৰু অসমীয়া সমাজ জীৱনৰ লগতে প্ৰকৃতি-পৰিবেশৰ লগত খাপ খুৱাই লিখিছে । 'বগলী আৰু মাছ'ত চন্দামাছৰ জন্মদিন পতা , ' মোৱামাছৰ বিয়া ' সাধুত অসমীয়া বিবাহ অনুষ্ঠানৰ ৰীতি-পৰম্পৰাৰ আভাষ পোৱা যায় । সেইদৰে ' ঘঁৰিয়াল , মাছ আৰু বগলী ' সাধুত ঘঁৰিয়ালে ৰসগোল্লা বুলি বেলিটো খাই কি দশা হৈছিল সেইয়াও অতি মনোৰঞ্জনধৰ্মীকৈ বৰ্ণনা কৰিছে ।
ড০ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ শিশু - সাহিত্য সম্ভাৰ অধ্যয়ন কৰি কেৱল শিশুসকলেই নহয় সকলো বয়সৰ ব্যক্তিয়েই এক নিৰ্মল আনন্দ আৰু নিভাঁজ অসমীয়া হোৱাৰ কচৰৎ কৰিব পাৰে । অসমৰ পৰিবেশ , প্ৰকৃতি , গছ - গছনি , চৰাই - চিৰিকটি , ফুল - ফল , জীৱনশৈলী , কলা - সংস্কৃতি , লোকাচাৰ , লোক - কথা , প্ৰবাদ - প্ৰবচন , অসমীয়া ভাষাৰ বৈশিষ্ট্যপূৰ্ণ শব্দ - সম্ভাৰ , থলুৱা গীত - মাত আদি অলেখ উপকৰণ অতি মনোমোহা আৰু কৌশলপূৰ্ণভাৱে উপস্থাপন কৰি শিশুসকলক মনোৰঞ্জনৰ লগতে জ্ঞান বিকাশৰো ব্যৱস্থা কৰিছে । শিশু - সাহিত্যিক হিচাপে তেওঁ সফল আৰু শিশুৰ মনত তেওঁ এক নিৰ্দিষ্ট ঠাই অধিকাৰ কৰিবলৈ সক্ষম হৈছে ।
শেষত 'নীলা বাইদেউ'ৰ সম্পৰ্কত তিলক হাজৰিকাদেৱৰ এষাৰি কথা অতি প্ৰণিধানযোগ্য ―
" নিৰ্মলপ্ৰভাই আমাৰ তেজৰ সোঁতত বৈ থকা পৰম্পৰাগত খেল - ধেমালিৰ লগত জড়িত গীতবোৰ তথা অসমীয়া সংস্কৃতিৰ সম্পদবোৰ অকল শিশু পাঠকৰ আগলৈকে কিয় , ডাঙৰসকলৰ আগলৈও উলিয়াই দি আমাক হেঁপাহৰ পুৰণি দিনবোৰলৈ আকৰ্ষিত কৰিলে । গাঁৱলৈ বহিৰাগত সংস্কৃতিৰেই সোঁত এতিয়া । থলুৱা মাত - কথা , থলুৱা গীত - সুৰ , থলুৱা খেল - ধেমালি আন নেলাগে থলুৱা মাছ - পুঠিওনো আছেগৈ ক'ত ! নিৰ্মলাৰ এটা ঈৰ্ষা কৰিবলগীয়া সম্পদ আছে । থলুৱা সংস্কৃতিৰ লগত তেওঁৰ নিবিড়তম সম্পৰ্ক ― ওতঃপ্ৰোত নহয় জন্মগত । "
সহঃ শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ
জিলা : কামৰূপ ।
সেই দিনটোলৈ মনত পৰিছে
সিদিনাও আছিল ৰাতি
সাৰে আছিলা তুমি
সাৰে আছিল পৃথিৱী
অনন্ত কালৰ যন্ত্ৰণাৰ কথা ভাবি
বৰষুণে নিচুকাই আছিল
ৰ'দে ডেই নিয়া মাটিক
বৰষুণ মানে চিফুঙৰ পৰা নিগৰি অহা
ৰিমঝিম সুৰ
খেতিয়কবোৰে চকুপানী মিহলাই
পান কৰিছিল বাতিত ।
( সেই দিনটোলৈ মনত পৰিছে , বিষ্ণুৰাভা ―
সমীৰ তাঁতী )
0 Comments