header ads

প্ৰবন্ধ, আলাবৈ ৰণৰ ইতিহাস, পৰেশ বৈশ্য

 আলাবৈ ৰণৰ ইতিহাস





       শৰাইঘাট ৰণৰ প্ৰায় দুবছৰ পূৰ্বে হোৱা আলাবৈ ৰণ আছিল এখন ইতিহাসপ্ৰসিদ্ধ স্থলযুদ্ধ ৷ অসমত আহোম আৰু মোগলৰ মাজত বহুবাৰ সংঘৰ্ষ হৈছিল ৷ আহোম আৰু মোগলৰ মাজত হোৱা আলাবৈ ৰণত সংঘটিত হৈছিল এক কৰুণ ঘটনা ৷ ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্টত বৰ্তমানৰ কামৰূপ জিলাৰ দদৰা – দলিবাৰী  – পছৰীয়া অঞ্চলত হোৱা এই ৰণত একেদিনাই ১০ হেজাৰ অসমীয়া সেনাই প্ৰাণ আহুতি দিবলগা হৈছিল ৷ জাতি ৰক্ষাৰ বাবে এদিনৰ যুঁজত ১০ হেজাৰ সৈনিকে প্ৰাণ বিসৰ্জন দিয়াৰ দৃষ্টান্ত আনকি বিশ্বৰ ইতিহাসত বিৰল ৷ ঐতিহাসিক আলাবৈ ৰণৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল এই ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল যদিও ই হিন্দু আৰু মুছলমানৰ মাজৰ যুঁজ নাছিল ৷ ই আছিল মোগলৰ বাবে সাম্ৰাজ্য সম্প্ৰসাৰণ কৰা আৰু অসমীয়াৰ বাবে  আছিল জাতি ৰক্ষাৰ সংগ্ৰাম ৷ কাৰণ মোগলৰ হৈ যি গৰাকী সেনাপতিয়ে এই ৰণৰ নেতৃত্ব লৈছিল , তেওঁ আছিল অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুত্ৰ ৰামসিংহ ৷ তেওঁ আছিল এগৰাকী হিন্দু ৷ আনহাতে আহোমৰ পক্ষত লাচিত বৰফুকনৰ লগত আছিল স্বৰ্গদেউৰ প্ৰধানমন্ত্ৰী আৰু আন ডা-ডাঙৰীয়াৰ সৈতে ইছমাইল ছিদ্দিক ৷ অসমৰ ইতিহাসত ইছমাইল ছিদ্দিক বাঘ হাজৰিকা হিচাপেহে জনাজাত ৷ বাঘ হাজৰিকা আছিল শিৱসাগৰ জিলাৰ গৰিয়াজানৰ বাসিন্দা ৷
       আলাবৈ ৰণ সংঘটিত হোৱাৰ এক ঐতিহাসিক পটভূমি আছে ৷ আহোম ৰজা স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ( ১৬৪৮ – ৬৩ খ্ৰীঃ ) দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ৷ অসমত প্ৰৱেশ কৰি তেওঁ ১৬৬২ খ্ৰীঃৰ জানুৱাৰী মাহত যোগীঘোপা , ১৬৬২ খ্ৰীঃৰ ফ্ৰেব্ৰুৱাৰী মাহত গুৱাহাটী আৰু সেই চনৰে মাৰ্চ মাহত আহোম ৰজাৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰে ৷ কিন্তু মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাৱ , খাদ্যৰ অভাৱ আৰু অসমীয়া সেনাই লুকাই – চুৰকৈ কৰা গেৰিলা কায়দাৰ যুদ্ধই তেওঁক উভতি যাবলৈ বাধ্য কৰায় ৷ ফলত তেওঁ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ লগত ১৬৬৩ খ্ৰীঃৰ জানুৱাৰী মাহত সন্ধি কৰে ৷ অসমৰ ইতিহাসত এই সন্ধি ঘিলাঝাৰীঘাটৰ সন্ধি হিচাপে খ্যাত ।
       ঘিলাঝাৰীঘাটৰ সন্ধিত আহোমৰ বাবে ভালেমান অপমানজনক চৰ্ত আছিল ৷ কিন্তু মিৰজুমলা উভতি যোৱাৰ পিছত জয়ধ্বজ সিংহই এই চৰ্তসমূহ মানিবলৈ অসন্মত হয় ৷ কিছুদিন পিছত জয়ধ্বজ সিংহৰ মৃত্যু হোৱাত চক্ৰধ্বজ সিংহ ( ১৬৬৩-৬৯ খ্ৰীঃ ) ৰজা হয় ৷ কিন্তু তেওঁৰ দিনত আহোম আৰ মোগলৰ মাজত পুনৰ সংঘৰ্ষৰ সূচনা হয় ৷ স্বাধীনচিতীয়া দেশপ্ৰেমী চক্ৰধ্বজ সিংহই ৰজা হৈয়ে কৈছিল ‘বঙালৰ (মোগলৰ) অধীনত হৈ থকাতকৈ মৰণেই শ্ৰেয় ৷’ ইপিনে ঘিলাঝাৰীঘাটৰ সন্ধিমতে কৰ-কাটল নিদিয়াত মোগল সম্ৰাট ঔৰংজেৱ প্ৰতিশোধপৰায়ণ হৈ পৰে ৷ গুৱাহাটীৰ ফৌজাদাৰ ৰছিদ খাঁই পেচকচ বিচাৰি ৰজালৈ পত্ৰ দিয়ে ৷ ঔৰংজেৱে কটকীৰ জৰিয়তে পৰাধীনতাৰ চিনস্বৰূপে কৰতলীয়া ৰজাই পিন্ধিবলগীয়া শিৰপাও এযোৰ পঠিয়াই দি তেওঁলোকৰ সন্মুখতে স্বৰ্গদেউক পিন্ধিবলৈ দিয়ে ৷ এনে কাণ্ডত ৰজাই অপমান বোধ কৰি লাচিত বৰফুকনক সেনাপতি পাতি গুৱাহাটীত মোগলক আক্ৰমণ কৰিবলৈ পঠিয়ায় ৷ লাচিতে ১৬৬৭ খ্ৰীঃৰ ৪ নৱেম্বৰত গুৱাহাটীৰ ইটাখুলি দুৰ্গ আক্ৰমণ কৰি মোগলক মানাহ নদী পাৰ কৰি পঠিয়ায় ৷ ঔৰংজেৱে এই কথা জানিব পাৰি ৰামসিংহৰ নেতৃত্বত ৩০ হেজাৰ পদাতিক , ১৮ হেজাৰ অশ্বাৰোহী আৰু ৫ হেজাৰ কাড়ী সৈন্য , ৪১ খন ৰণতৰীসহ আহোমক আক্ৰমণ কৰি হৃত মৰ্যাদা উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পৰিণতিতেই আলাবৈ ৰণ সংঘটিত হয় ।
       ১৬৬৯ খ্ৰীঃৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহ আহি ৰঙামাটিত উপস্থিত হয় ৷ তেওঁৰ লগত পূৰ্বৰ গুৱাহাটীৰ থানাদাৰ ৰচিদ খাঁ , শিখগুৰু টেগবাহাদুৰ আৰু পাঁচগৰাকী পীৰ আহে ৷ তাত আহোম সেনাই মোগলক বাধা প্ৰদান কৰে যদিও আহোম সেনাই পিছুৱাই অহাত ৰামসিংহ গুৱাহাটীৰ ওচৰ পায় ৷ আচলতে আহোমে তেওঁলোক গুৱাহাটীৰ ওচৰলৈ অহাটো বিচাৰিছিল ৷ ৰামসিংহই আহি বৰ্তমানৰ পছৰীয়া গাঁৱৰ ওচৰতে থকা আলাবৈ পৰ্বতৰ ওচৰত কোঠ পাতে ৷ ইপিনে , ৰামসিংহৰ লগত নিশ্চিত যুদ্ধৰ উমান পাই লাচিত বৰফুকনে ভিতৰি ভিতৰি যুদ্ধৰ আয়োজন কৰে ৷ তেওঁ নিজে শুক্ৰেশ্বৰ পাহাৰৰ নামনিত বাহৰ পাতি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইক শৰাইঘাট দুৰ্গৰ দায়িত্ব দিয়ে ৷ প্ৰতিৰক্ষাৰ উপায় হিচাপে লাচিতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে একে নিশাৰ ভিতৰতে গড় সাজে , যাক মোমাই তামুলী গড় আখ্যা দিয়া হয় ৷ কিন্তু দলিবাৰী পথাৰত মোগলৰ লগত স্হলযুদ্ধ কৰিবলৈ লাচিত বৰফুকন আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই বৰ আগ্ৰহী নাছিল ৷ কাৰণ ৰামসিংহৰ অশ্বাৰোহীৰ সন্মুখত অসমীয়া সৈন্য তিষ্ঠিব নোৱাৰিব বুলি বিশ্বাস কৰিছিল ৷ তেওঁলোকে মোগলৰ লগত স্হলযুদ্ধৰ সলনি নৌ যুদ্ধৰ পোষকতা কৰিছিল ৷ কাৰণ অসমীয়া সৈন্য নৌ যুদ্ধতহে পাকৈত ৷ তথাপি গেৰিলা কায়দাৰে আহোমে ৰাঙলি বুৰজ , আগিয়াঠুটি , কলাজৰ পৰ্বত , বাঁহবাৰী দুৰ্গ আদিত মোগলৰ লগত যুঁজ কৰে ৷
       ইপিনে , লাচিতে মোগলৰ লগত যুদ্ধ কৰাত বিলম্ব কৰি থকা বুলি ৰংমহল দুৰ্গৰ সেনাপতি পেলন ফুকনে ঘোঁৰা কোঁৱৰক জনায় ৷ ঘোঁৰা কোঁৱৰে এই বাৰ্তা স্বৰ্গদেউ চক্ৰধ্বজ সিংহক অৱগত কৰায় ৷ সমান্তৰালভাৱে লাচিত বৰফুকন ৰামসিংহৰ কূটনীতিৰ ৰোষত পৰে ৷ ৰামসিংহই তেওঁৰ পৰা লাচিতে এক লাখ টকা লৈ যুদ্ধ নকৰাকৈ গুৱাহাটী এৰি দিয়াৰ চুক্তি কৰা বুলি এখনি বেনামী পত্ৰ ধনুকাঁড়ৰ মূৰত বান্ধি বৰফুকনৰ শিবিৰলৈ মাৰি পঠিয়ায় ৷ এই পত্ৰখনো মিৰি সন্দিকৈয়ে পাই স্বৰ্গদেউলৈ পঠিয়ায় ৷ এনেবোৰ কথাত পতিয়ন গৈ ৰজাই ধৈৰ্য্য ধৰিবলৈ অপাৰগ হয় আৰু দলিবাৰী পথাৰতেই মোগলক আক্ৰমণ কৰিবলৈ লাচিতক আদেশ দিয়ে ৷ লগতে ৰজাই বেটীয়ে পিন্ধা সাজপাৰ আৰু খনচেৰেক কুঠাৰ লাচিত বৰফুকনলৈ পঠিয়াই দি কলে – যদিহে সেনাপতিসকলে মোগলক তুৰন্তে আক্ৰমণ নকৰে , তেন্তে সেনাপতিসকলে সেই সাজপাৰ পিন্ধিব লাগিব আৰু কুঠাৰেৰে তেওঁলোকৰ বুকু চিৰি পেলোৱা হ’ব ৷ অৱশ্যে লাচিতৰ দেশপ্ৰেমৰ বিষয়ে স্বৰ্গদেৱে কৰা সন্দেহ ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহায়ে স্বৰ্গদেউৰ মনৰ পৰা আঁতৰ কৰে ৷ 
সেইদিনা আছিল ১৬৬৯ খ্ৰীঃৰ আগষ্ট মাহৰ ৫ তাৰিখ ৷ আলাবৈ পৰ্বতৰ দক্ষিণে আহোম আৰু মোগলৰ মাজত তয়াময়া ৰণ আৰম্ভ হ’ল ৷ আহোমে যুদ্ধলৈ ৪০ হেজাৰ সৈন্য পঠিয়ালে কিন্তু কটকী পঠিয়াই ৰামসিংহক জনালে যে আহোমে ২০ হেজাৰ সৈন্যহে  পঠিয়াইছে ৷ ৰামসিংহই ভাবিলে আহোমতকৈ অলপ কম সংখ্যক সৈন্য পঠিয়াই যুদ্ধত জয়লাভ কৰিলে তেওঁৰ খ্যাতি বাঢ়িব ৷ গতিকে ৰামসিংহই ১০ হেজাৰ সৈন্যহে পঠিয়ালে ৷ ৰামসিংহই মোগল সৈন্যৰ আগে আগে মদনাৱতী নামৰ এগৰাকী তিৰোতাক যুদ্ধৰ বাবে পঠিয়ালে ৷ কাৰণ মহিলাৰ লগত যুঁজি শত্ৰুপক্ষ জয়ী হ'লেও , তেওঁলোকৰ মান-সন্মান নাবাঢ়ে ৷ সেইদৰে আহোমেও কাড়ী আৰু হিলৈদাৰীক ব্ৰাহ্মণৰ সাজ পিন্ধাই যুদ্ধৰ সৈন্যবাহিনীৰ আগত পঠিয়ালে ৷ দদৰা আৰু পছৰীয়াৰ মাজখণ্ডত যুদ্ধ লাগিল ৷ মদনাৱতীয়ে বিজুলী বেগেৰে যুঁজি বহু অসমীয়া সৈনিক নিজ হাতে হত্যা কৰে ৷ কিন্তু পিছত অসমীয়া সৈন্যৰ হাতত ব্ৰহ্মপুত্ৰৰ পাৰত মদনাৱতীয়ে প্ৰাণ ত্যাগ কৰিবলগীয়া হয় ৷ ইফালে , মোগল সৈন্যই ব্ৰহ্মপুত্ৰ পাৰ হবলৈ চেষ্টা কৰাত অসমীয়া সৈন্যই আগভেটা দি ধৰে ৷ আনহাতে , চূড়ামণি দৈবজ্ঞৰ ভবিষ্যদ্বাণী অনুসৰি সৈন্য পৰিচালনাৰ দায়িত্বত থকা মোগলৰ বিষয়া মীৰ নবাবক বন্দী কৰি আহোমৰ দু্ৰ্গত ৰখা হয় ৷ কিন্তু আহোমৰ এই ক্ষণস্থায়ী জয় ধ্বংসত পৰিণত হবলৈ বেছিপৰ নালাগিল ৷ অসমীয়া সেনাই যুদ্ধ জয় কৰি লাভ কৰা বয়-বস্তু আৰু বন্দীৰ সৈতে নিজ শিবিৰলৈ ঘূৰি অহাৰ পৰত বাটতে আগচি ধৰি মোগল সৈন্যই লগত যন্ত্ৰ আৰু আঁৰৰ পৰা অক্ষত দেহেৰে যুদ্ধ কৰিব পৰা ঢাল লৈ অসমীয়া সৈন্যৰ ওপৰত জঁপিয়াই পৰে ৷ তেতিয়া বেলি লহিয়াইছে ৷ ভৰ বাৰিষা হেতুকে দলিবাৰী পথাৰ বোকাময় ৷ এনে পৰিস্থিতিত মোগল সৈন্যই অসমীয়া সৈন্যক এনেভাৱে হেঁচি ধৰিলে যে তেওঁলোকে হিলৈৰ ঘোঁৰা দাঙিবলৈ বা ধেনুত কাঁড় যোজন কৰিবলৈ অকণো সুযোগ নাপালে ৷ মোগল সৈন্যৰ আক্ৰমণত পলকতে ১০ হেজাৰ অসমীয়া সৈন্যই ৰণত মৃত্যুবৰণ কৰে ৷ আহোম সৈন্যক পৰাভূত কৰি মোগলবাহিনী সন্ধিয়া শিবিৰলৈ ঘূৰি যায় ৷ দলিবাৰী পথাৰত হোৱা এই ঐতিহাসিক ৰণখনকেই আলাবৈ ৰণ বোলা হয় ৷
আলাবৈ ৰণত হোৱা বিপৰ্যয়ে লাচিতক সঁচাকৈয়ে বিব্ৰত কৰে ৷ আলাবৈ ৰণৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰো মৃত্যু হয় ৷ কিন্তু লাচিতক উৎসাহ দি ৰাজমন্ত্ৰী আতন বৰগোহাঁইয়ে কৈছিল ,  ‘ডাঙৰ মাছ ধৰিবলৈ ডোবা এটাৰ পানী ঘোদালোতে , সৰু মাছৰ কাঁইটৰ খোঁচ খাব লাগে ৷ ডাঙৰ মাছ ধৰালৈহে কৃতকাৰ্যতাৰ হিচাপ কৰিব লাগে ৷’ – এনে উৎসাহ বাণী সাৰোগত কৰি লাচিতে মোগলক চিৰদিনৰ বাবে মাতৃভূমিৰ পৰা বিদায় দিবলৈ পণ কৰে ৷ তাৰেই ফলত আলাবৈ ৰণৰ বিপৰ্যয়ৰ প্ৰায় দুবছৰ পাছত অৰ্থাৎ ১৬৭১ খ্ৰীঃৰ ৫ এপ্ৰিলত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত হোৱা নৌযুদ্ধত ( যাক শৰাইঘাটৰ যুদ্ধ বোলা হয় ) মোগলক পৰাজিত কৰি অসমৰ পৰা বিদায় দিয়ে ৷ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ আছিল উদয়াদিত্য সিংহ ৷ অৱশ্যে লালুকসোলা বৰফুকনৰ দিনত মোগলৰ অধীনলৈ যোৱা গুৱাহাটীসহ নামনি অংশটো উদ্ধাৰৰ বাবে গদাধৰ সিংহৰ দিনত মোগলৰ লগত আহোমৰ পুনৰ ৰণ হয় ৷ ১৬৮২ খ্ৰীঃ ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন লাগে ৷ যুদ্ধত আহোম সেনাই গুৱাহাটী অধিকাৰ কৰি মোগলক পুনৰ মানাহ নদী পাৰ কৰি থৈ আহে আৰু মানাহ পুনৰ আহোম ৰাজ্যৰ পশ্চিম সীমা হয় ৷



পৰেশ বৈশ্য 

অৱসৰী অধ্যক্ষ
দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়




মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
      হিয়া ভগা মাত ?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
      বুকুৰ সম্বাদ ! 
          ( সাগৰ দেখিছা ― দেৱকান্ত বৰুৱা )

Post a Comment

0 Comments