header ads

অসমীয়া কবিতা, চাউলৰ টেমাটো, তীৰ্থ শংকৰ ডেকা

 চাউলৰ টেমাটো


কোনে কেতিয়া আৰম্ভ কৰিছিল নাজানো ,
হয়তো ককাই নহ'লে দেউতাই

' নাৰিকল তেলৰ টিনৰ টেমাটো ' আছিল তাৰ প্ৰথম পৰিচয় ...
পৰিচয় পাহৰি সি হৈ পৰিছিল 
আমাৰ ঘৰৰ চাউলৰ টেমাটো

আইতাই জানিছিল কিমান টেমা চাউলে নিবাৰণ কৰিব পাৰে পৰিয়ালৰ ভোক ...

মায়ো জানে , আজিকালি আমাৰ এওঁ শিকি ল'লে তাৰ জোখ ...

চাউলৰ ভৰ দাঙি দাঙিয়ে নে
মধ্যবিত্তৰ ভৰ দাঙি দাঙি
তাৰ গোলাকাৰ মুখখন হৈ পৰিছিল বেকাঁ ...

মুখৰ কোৱাৰি ফাটি গৈছিল যদিও
সিয়েই আছিল সকলোৰে
বিশ্বস্ত লগৰী ...

যেতিয়া এবাৰত পূৰ নহয় তাৰ অভিজ্ঞ পেট
এওঁ কেলেণ্ডাৰ খনলৈ চাই
মায়ো চাইছিল , কিজানি আইতায়ো ... 
দেউতাই কৈছিল আৰু এসপ্তাহমান ৰোৱা ...
দৰমহা হ'লেই আনি দিম আইজং এবস্তা ...

ময়ো কও , ককাই বা কি কৈছিল !

মধ্যবিত্তৰ অব্যক্ত বিষাদৰ ডাৱৰ বোৰে
তাৰ দেহৰ বৰণ কৰি তুলিছিল ক'লা ... 
আজি আকৌ এটি টেমাৰ মুখ কাটি ল'লো মই ...
            



তীৰ্থ শংকৰ ডেকাব্লক ই. ডি. পি.
কমলপুৰ প্ৰাথমিক
শিক্ষাখণ্ড - কমলপুৰ

Post a Comment

0 Comments