header ads

তত্বাৱধায়কৰ একলম ,ফুলপাহি নাথ

 তত্বাৱধায়কৰ একলম



       শৈক্ষিক গোট , জ্ঞানম , কামৰূপৰ তৃতীয় বৰ্ষত গোটৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত ৰূপায়িত হোৱা কাৰ্যক্ৰমনিকাৰ চমু অবলোকন আগবঢ়াইছোঁ :-

       ‘জ্ঞানসেঁতু’ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান ,  তাৰিখ : ১৫ আগষ্ট , ২০২২ ইং তাৰিখে সমগ্ৰশিক্ষা , তিনিচুকীয়া আৰু কামৰূপ জিলাৰ যৌথ উদ্যোগত তথা শৈক্ষিক গোট , জ্ঞানম , কামৰূপৰ সহযোগত এক নৱ প্ৰয়াস – ‘জ্ঞানসেঁতু’ কাৰ্যসূচীৰ শুভাৰম্ভ আৰু বন্তি-প্ৰজ্বলন অনুষ্ঠান কৰে কামৰূপৰ জিলা আয়ুক্ত নৰচিং বে মহোদয়ে । আদৰণি ভাষণ দিয়ে জিলা মিছন সমন্বয়ক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াদেৱে ৷ কাৰ্যসূচীত কামৰূপ আৰু তিনিচুকীয়া জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা বিভিন্ন অনুষ্ঠান সমূহ —
( ১ ) দেশপ্ৰেমমূলক গীত : ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয় , কৰৰা , কামৰূপ ৷
( ২ ) বক্তৃতা ( ৰাধা শৰ্মা ) : আদৰ্শ হিন্দী মধ্য ইংৰাজী বিদ্যালয় , তিনিচুকীয়া ৷
( ৩ ) নৃত্য ( ভনিতা দাস , বিদিশা তালুকদাৰ , পৰিণীতা দাস ) : ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় , হাজো , কামৰূপ ।
( ৪ ) দেশপ্রেমমূলক গীত ( ৰাজস্মিতা চক্ৰবৰ্তী ) : পানীতোলা নগৰ প্ৰাথমিক বিদ্যালয় , তিনিচুকীয়া ৷
( ৫ ) আবৃত্তি ( সৃষ্টি কাঞ্চন শইকীয়া ) : পলাশবাৰী টাউন বালিকা বিদ্যালয় , ৰামপুৰ , কামৰূপ ।
( ৬ ) দেশপ্রেমমূলক নৃত্য ( সুৰঞ্জনা সন্দিকৈ ) : পানীতোলা নগৰ প্ৰাথমিক বিদ্যালয় , তিনিচুকীয়া ।
( ৭ ) নৃত্য ( মাচুমা আৰ্চী আহমেদ , মুস্কান আৰ্চী আহমেদ , ৰিচিকা চুলতানা , ৰুকিয়া চুলতানা , মাৰুফা আৰ্চী আহমেদ ) : ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয় , ছয়গাঁও , কামৰূপ ৷
( ৮ ) দেশপ্রেমমূলক গীত ( সুপ্ৰিয়া নেওগ , জ্যোতি আদিত্য বৰা ) : বাটৰ পুখুৰী প্ৰাথমিক বিদ্যালয় আৰু ফিল'বাৰী হাইস্কুল , তিনিচুকীয়া ।
( ৯ ) আবৃত্তি ( প্ৰজ্ঞা চৌধুৰী ) : ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয় , ছয়গাঁও , কামৰূপ ।
( ১০ ) দলীয় দেশপ্রেমমূলক নৃত্য : লেজাইহোলা জানমুখ প্ৰাথমিক বিদ্যালয় , তিনিচুকীয়া ।
( ১১ ) নৃত্য ( নন্দিতা দাস , নবনীতা দাস , অংকিতা দাস ) : বৰগাঁও কেতেকীঝাৰ মধ্য ইংৰাজী বিদ্যালয় , কামৰূপ ।
( ১২ ) বক্তৃতা ( নিহাৰিকা বৰা ) : তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয় , তিনিচুকীয়া ।
( ১৩ ) দলীয় সত্ৰীয়া নৃত্য ( পৰিস্মিতা বায়ন , সীমা দাস , লিজা কলিতা , জীয়া কলিতা , নিহাৰিকা কলিতা , জুমন ডাইনাপালি , কংকন কলিতা আৰু ঋষভপ্ৰতীম বৈশ্য ) : ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় , ছমৰীয়া , কামৰূপ ।
( ১৪ ) কবিতা আবৃত্তি ( স্পন্দন বৰঠাকুৰ ) : জনতা উচ্চ ইংৰাজী বিদ্যালয় , তিনিচুকীয়া ।
( ১৫ ) বাঁহীবাদন ( নিশান্ত শৰ্মা ) : পুৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয় , কমলপুৰ , কামৰূপ ।
(১৬ ) একক দেশপ্রেমমূলক গীতত নৃত্য ( নিকিতা দাস ) : আদৰ্শ প্ৰাথমিক বিদ্যালয় , তিনিচুকীয়া ।
( ১৭ ) একক দেশপ্রেমমূলক গীতত নৃত্য ( কলস্বনা গগৈ ) : ২ নং ছপাখোৱা টাউন প্ৰাথমিক বিদ্যালয় , তিনিচুকীয়া ।

       ২ ছেপ্তেম্বৰ , ২০২২ ইং আৰু ৬ চেপ্তেম্বৰ , ২০২২ ইং শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস :
       ২ ছেপ্তেম্বৰ , ২০২২ ইং তাৰিখে শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে বৈদ্যুতিন মাধ্যমত আয়োজিত অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা ----
( ১ ) বন্তিপ্ৰজ্বলন : প্ৰজ্বালক -- তন্দ্ৰা দে
( ২ ) জ্ঞানম শীৰ্ষ গীত : মনবিনী দাস
( ৩ ) শুভেচ্ছামূলক বাৰ্তা : মুখ্যউপদেষ্টা , জ্ঞানম 
( ৪ ) জ্ঞানমৰ দুবছৰীয়া কাৰ্য ক্ৰমণিকাৰ ইতিবৃত্ত : পূবালী দাস শইকীয়া ।
( ৫ ) ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান পৰিৱেশন :
       ( ক ) ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নৃত্য পৰিৱেশন ৷
       ( খ ) ৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী কৃষ্ণা দাসৰ আধুনিক নৃত্য ৷
       ( গ ) বাকো মজলীয়া বিদ্যালয়ৰ ছাত্রদ্বয় কৰণ কলিতা আৰু আখটাৰ হকৰ দেশপ্ৰেমমূলক গীতত নৃত্য ।
       ( ঘ ) কলাকুছি সাতগাঁও হাইস্কুলৰ ছাত্ৰী নিহাৰিকা দাসৰ বিহুনৃত্য ৷
( ৬ ) বৈদ্যুতিন মাধ্যমত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা :

       ৬ ছেপ্তেম্বৰ ২০২২ ইং তাৰিখে শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপনৰ কাৰ্যসূচী :
       বেজেৰা উচতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু 'জ্ঞানম’ৰ উপদেষ্টা  ড° গনেশ্বৰ চহৰীয়া  মহোদয়ৰ দ্বাৰা বৃক্ষৰোপণ কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে সমন্বয়ক ফুলপাহি নাথে । জ্ঞানম শীৰ্ষগীত পৰিবেশন কৰে শৈক্ষিক গোট , জ্ঞানমৰ সদস্য বৃন্দই । মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া মহোদয়ৰ দ্বাৰা কেক কটাই প্ৰতিষ্ঠা দিৱস উদ্‌যাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ মুখ্য উপদেষ্টাৰ আদৰণি ভাষণৰ পিছত উপদেষ্টাৰ শুভেচ্ছামূলক ভাষণ আৰু আমন্ত্ৰিত অতিথিসকলে ভাষণ দিয়ে । ইয়াৰ পিছতে বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় , চৌকী হাইস্কুল , ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য আৰু জ্ঞানমৰ সদস্য প্ৰদীপ কলিতাই সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ উক্ত অনুষ্ঠানত শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ সদস্য তথা ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী দত্তই ‘প্ৰবন্ধ বিচিত্ৰা’ শীৰ্ষক পুথি এখন উন্মোচন কৰে । মনবিনী দাসে আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় জ্ঞানমৰ সহঃ সম্পাদক পুৰৱী চুতীয়াই ৷
       সুধাকণ্ঠ দিৱস উদযাপন :
       যোৱা ইং ০৫/১১/২২ তাৰিখে 'সুধাকণ্ঠ দিৱস' উপলক্ষে শৈক্ষিক গোট , জ্ঞানম , কামৰূপৰ উদ্যোগত অনুষ্ঠিত 'সুধাকণ্ঠ দিৱস'ৰ কাৰ্যসূচী :
( ১ ) বন্তি প্ৰজ্বলন : প্ৰজ্বালক — অপূৰ্ব ঠাকুৰীয়া , বিদ্যালয়সমূহৰ পৰিদৰ্শক , কামৰূপ জিলা ৷
( ২ ) সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা  শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সমন্বয়ক আৰু ৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ।
( ৩ ) সুধাকণ্ঠ দিৱস উপলক্ষে আয়োজিত সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ।
( ৪ ) ভূপেন হাজৰিকা দেৱৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ
বক্তৃতা প্ৰদান ৷
( ৫ ) ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত আৰু নৃত্য পৰিৱেশন ৷
( ৬ ) ভূপেন্দ্ৰ সংগীত পৰিৱেশন — প্ৰদীপ কলিতা আৰু মনবিনী দাস , সদস্য , জ্ঞানম ৷

       জ্ঞানম ই-আলোচনীৰ তৃতীয় বছৰৰ প্ৰথম সংখ্যা উন্মোচনী অনুষ্ঠানৰ কাৰ্যসূচী :-
       ১৩ নৱেম্বৰ , ২০২২ ইং তাৰিখ ৰবিবাৰে শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগ তথা সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী জ্ঞানমৰ তৃতীয় বৰ্ষ , প্ৰথম সংখ্যাটো হাঁহিম উচ্চ মাধ্যমিক বিদ্যালয়ত উন্মোচন কৰা হয় । উন্মোচন কৰে নিজ নালাপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰামধন ৰাভা মহোদয়ে । হাঁহিম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ-সভাপতি বেটলিন জিচাংমা মহোদয়ে বৃক্ষ ৰোপণ কাৰ্যসূচীৰে আৰম্ভণি কৰা অনুষ্ঠানটোত অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত থকা অন্তৰায় সমূহ আৰু ইয়াৰ সমাধান সম্পৰ্কে এখনি আলোচনা চক্ৰৰো আয়োজন কৰা হয় । উক্ত অনুষ্ঠানটোৰ মূল কাৰ্যসূচীসমূহ হ’ল :
( ১ ) সভাৰ উদ্দেশ্য ব্যাখ্যা - সম্পাদক , শৈক্ষিক গোট , জ্ঞানম , কামৰূপ ।
( ৩ ) জ্ঞানমৰ শীৰ্ষগীত ‌‌পৰিবেশন ৷
( ৪ ) হাঁহিম হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ গাৰো নৃত্য অনুষ্ঠান ৷
( ৫  ) মূখ্য উপদেষ্টাৰ সীমা অঞ্চলৰ শিক্ষা উন্নয়ন সম্পৰ্কীয় বক্তব্য আৰু মত বিনিময়ৰ অনুষ্ঠান ৷
( ৬ ) বড়িপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰাভা নৃত্যৰ অনুষ্ঠান ।
( ৭ ) উন্মোচক আৰু কৃতি শিক্ষকৰ বাবে সম্বৰ্দ্ধনা অনুষ্ঠান ।
( ৮ ) আলোচনী সম্পাদকৰ দু-আষাৰ ।
( ৯ ) ই-আলোচনী জ্ঞানমৰ শুভ উন্মোচন – আঁত ধৰে প্ৰকাশক ,  জ্ঞানম ।
( ১০ ) উন্মোচকৰ দু-আষাৰ ৷
( ১১ ) সভাপতিৰ দু-আষাৰ ৷

       ১০ ফেব্রুৱাৰী , ২০২৩ ইং তাৰিখ শুক্রবাৰে শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগ তথা সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত ই- আলোচনী 'জ্ঞানম'ৰ তৃতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাটো কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ত শুভ উন্মোচন কৰা হয় । উন্মোচন কৰে অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া মহোদয়ে । উন্মোচনী সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা 'অভিধানৰ চৰ্চা আৰু প্ৰয়োগ' শীর্ষক কৰ্মশালাখনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে আনন্দ ৰাম বৰুৱা ভাষা আৰু কলা-সংস্কৃতি সংস্থাৰ সহকাৰী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মা মহোদয় । অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ নিমন্ত্রিত শিক্ষক-শিক্ষয়িত্ৰী , লেখক-লেখিকা সকল উপস্থিত থাকে ।
       আনহাতে যোৱা ২৯ এপ্ৰিল , ২০২৩ ইং শনিবাৰে মিৰ্জাস্থিত শ্বহীদ ভৱনত শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগ তথা সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত তিনিমহীয়া ই-আলোচনী 'জ্ঞানম'ৰ তৃতীয় বছৰ ,  তৃতীয় সংখ্যাটিৰ শুভ উন্মোচন কৰা হয় । এই সংখ্যাটি উন্মোচন কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড° গজেন্দ্ৰ অধিকাৰী দেৱে । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া মহোদয় , দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদব্ৰত দাস , প্রথম এডুকেশ্বন ফাউণ্ডেশ্যনৰ ASER ৰাজ্যিক সমন্বয়ক তাপসী মজুমদাৰ গগৈ , জিলা আঁচনি বিষয়া ফুলপাহি নাথ আৰু চুইটি বেজবৰুৱা আদি শিক্ষা বিভাগৰ বিশিষ্টব্যক্তি সকল ৷ লগতে উপস্থিত থাকে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু মাতৃগোটৰ সভানেত্ৰী সকল ।
       ২৫ মাৰ্চ ২০২৩ ইং তাৰিখে অসম মেঘালয়ৰ সীমামূৰীয়া অঞ্চল জিমিৰীগাঁও , মুদুকী হাইস্কুল আৰু পান্টান হাইস্কুলত আৰু ৩১ মাৰ্চ ২০২৩ ইং তাৰিখে কামৰূপ জিলা দিৱস উপলক্ষে উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গণত  শিশু শ্ৰমিক বন্ধ আৰু শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ বিষয়ত বাটৰ নাট পৰিৱেশন কৰা হয় ।

       'শৈক্ষিক গোট জ্ঞানম , কামৰূপ’ৰ উদ্যোগ আৰু ‘সমগ্ৰ শিক্ষা কামৰূপ’ৰ সহযোগত প্ৰকাশিত তিনিমহীয়া ই-আলোচনী ‘জ্ঞানম’ৰ ৪ৰ্থ সংখ্যাটি যথা সময়ত সম্পাদনা কৰি উলিয়াবলৈ সক্ষম হোৱা বাবে সম্পাদনা সমিতিলৈ অশেষ ধন্যবাদ জনাইছোঁ । শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলীৰ সু দিহা-পৰামৰ্শ আৰু সন্মানীয় সদস্যবৃন্দৰ অহোপুৰুষাৰ্থ তথা ঐকান্তিক প্ৰচেষ্টা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেঁতেন ৷ সেয়ে এই চেগতে মই তেখেতসকললৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

       'জ্ঞানম’ত সন্নিবিষ্ট লেখাসমূহে পঢ়ুৱৈ সমাজ আৰু জ্ঞানমৰ শুভাকংক্ষীসকলক যৎকিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিলে আমাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম ৷ এই ক্ষেত্ৰত সদায়েই আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ৷

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ ...…. ।

       সকলো সাৱধানে থাকক , সুৰক্ষিত হৈ থাকক , ক'ভিড -১৯ ৰ স্বাস্থ্য বিধি মানি চলক , সুস্বাস্থ্যৰে থাকক , সেই কামনাৰে ---

ফুলপাহি নাথ ,
তত্বাৱধায়ক , তিনিমহীয়া ই-আলোচনী , জ্ঞানম ,
তথা জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ



Post a Comment

0 Comments