header ads

অসমীয়া কবিতা, হালধীয়া চিহ্ন দিয়া গছবোৰ, ত্ৰিদীপ শৰ্মা

 



বৃক্ষ থকালৈকে সাৰে থাকিব

বুকুত সেউজীয়া অৰণ্যৰ সপোন
বৃক্ষ থকালৈকে
সাৰে থাকিব
নদীৰ কলতান
পৰিভ্ৰমী চৰাইৰ গান ...
বৃক্ষৰ
উদাৰতাৰে
বিয়পি আছে 
আপোনাৰ মোৰ প্ৰতিটো কোষলৈ
অম্লজান ...
অনুগ্ৰহ কৰি গছবোৰ নাকাটিব
এজোপা গছৰ আশ্বাসত
জীয়াই থাকে 
একোটা জীৱকুল 
এজোপা গছেই 
চন্দ্ৰতাপৰ দৰে
আগুৰি ৰাখে 
ক্লান্ত পথচাৰীবোৰ ... 
কাবৌ কৰিছোঁ
উন্নয়নৰ স্বাৰ্থপৰ সংজ্ঞাৰ
হালধীয়া চিহ্নবোৰ 
মচি দিয়ক  ... 
এই সমূহীয়া হত্যাৰ আদেশ ৰদ কৰক
গছবোৰে 
এতিয়াও ঠিক বুজি পোৱা নাই 
আচলতে জীয়াই থাকিবলৈ 
অম্লজানতকৈ
হাই-ৱে' সম্প্ৰসাৰণ  কিমান প্ৰয়োজন ?







ত্ৰিদীপ শৰ্মা
সহকাৰী শিক্ষক
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া



Post a Comment

0 Comments