header ads

প্ৰবন্ধ, ইতিহাসে ৰিঙিয়ায় : শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয় আৰু অন্নপূৰ্ণা দেৱী, তীৰ্থমণি ডেকা

 ইতিহাসে ৰিঙিয়ায় : শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয় আৰু অন্নপূৰ্ণা দেৱী


ঔম অন্নপূৰ্ণে সদাপূৰ্ণে
শঙ্কৰ প্ৰাণবল্লভে ।
জ্ঞান-বৈৰাগ্য সিদ্ধ্যৰ্থং
ভিক্ষাং দোই চ পাৰ্বতী ॥


       নীলাচল ধামৰ পৰা উত্তৰে ৫৫ কিলোমিটাৰ দূৰত অৱস্থিত শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয় ( অন্নপূৰ্ণা মন্দিৰ ) ইতিহাসৰ পাতত সোণালী আখৰৰে খোদিত এক চিৰজ্যোতিস্মান অধ্যায় । পৌৰাণিক তথা ইতিহাসৰ স্বাক্ষৰ বহনকাৰী 'যোগিনী-তন্ত্ৰ'ত স্পষ্টকৈ উল্লেখ আছে যে নীলাচলস্থিত কামাখ্যা ধামৰ পৰা উত্তৰে ২২ ক্ৰোশ দূৰত দেৱী অন্নপূৰ্ণা জাগ্ৰত ৰূপত বিৰাজ কৰিছে । ভৌগোলিকভাৱে ৰঙিয়া নগৰৰ পৰা পূৱে অৱস্থিত শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয় অৰ্থাৎ দেৱী অন্নপূৰ্ণাৰ মন্দিৰটোৰ অৱস্থিতিয়ে পুৰাণখনৰ কথাৰ সত্যতা প্ৰমাণ কৰে । এটা সময়ত মাটিত পোত খাই থকা কামাখ্যাৰ আন এটা ৰূপ বুলি গণ্য কৰা  দীপ্তেশ্বৰী দেৱালয়খনৰো কামাখ্যাৰ নিচিনাকৈয়ে গুহাৰ তলেৰে পানী বৈ গৈছে ।

       দীপ্তেশ্বৰী দেৱালয়খন কেতিয়া প্ৰতিষ্ঠা হৈছিল সেই বিষয়ে সঠিককৈ জনা নাযায় যদিও ভূ-পৃষ্ঠৰ পৰা ৪০ ফুট তলত দেৱীৰ শিলত কটা মূৰ্তি চাই পণ্ডিতসকলে এই দেৱালয়খন সপ্তম শতিকা অথবা তাৰো আগৰ সময়ৰ হ'ব পাৰে বুলি মত পোষণ কৰে । দীপ্তেশ্বৰী দেৱালয়ৰ বংশ বৃক্ষ অধ্যয়ন কৰিলে দেখা যায় ১৫৯৮ শকত স্বৰ্গীয় আচাৰ্য্য চূড়ামণি ভট্টাচাৰ্য্য আছিল দীপ্তেশ্বৰী দেৱালয়ৰ দলৈ । মদন কামদেৱ দেৱালয়ৰ প্ৰায় সম-সাময়িক  দীপ্তেশ্বৰী দেৱালয়ৰ নামটো অথবা ঠাইখিনিৰ নাম দীপ্তেশ্বৰী হোৱা সম্পৰ্কেও এটা জনশ্ৰুতি পোৱা যায় । কথিত আছে যে বৰ্তমানৰ দীপ্তেশ্বৰী অঞ্চলটো নিয়ন্ত্ৰণ কৰিছিল দীপকাসুৰ নামৰ দানৱ এজনে । দিনে দিনে বাঢ়ি যোৱা দানৱজনৰ আসুৰিক অত্যাচাৰে প্ৰজাসকলৰ জীৱন শোচনীয় কৰি পেলাইছিল । সেয়ে সকলোৱে অসুৰজনৰ পাশৱিক অত্যাচাৰৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি অঞ্চলটোৰ আৰাধ্য দেৱী অন্নপূৰ্ণাক স্তুতি কৰিবলৈ ধৰে । ভক্তৰ নিনাদত সন্তুষ্ট হৈ দেৱী জাগ্ৰত হৈ অসুৰক অন্নগ্ৰহণৰ পৰা বঞ্চিত কৰি শক্তিহীন কৰি পেলালে । আৰু এদিন সন্ধিয়া সময়ত দেৱী প্ৰকট হৈ বৰ্তমানৰ দেৱালয়খনৰ চোতালত দীপকাসুৰক বধ কৰিলে । প্ৰচলিত আছে যে অসুৰ বধৰ সন্ধিয়া দেৱীৰ দেহৰ পৰা এক অপূৰ্ব দীপ্তি অৰ্থাৎ পোহৰ প্ৰতিফলিত হৈছিল । পাৰ্বতীৰ আন এটা ৰূপ মা অন্নপূৰ্ণাৰ সেই দীপ্তি বা পোহৰৰ বাবেই তেওঁক দীপ্তেশ্বৰী নামেৰে অভিহিত কৰা হ'ল । আৰু ঠাইডোখৰ দীপ্তেশ্বৰী দেৱালয় নামেৰে জনপ্ৰিয় হৈ পৰিল ।

       আমি সকলোৱে জানো যে সংস্কৃত শব্দ অন্নপূৰ্ণাৰ অৰ্থ হৈছে  'খাদ্যৰে পূৰ্ণ' । অন্নপূৰ্ণা হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী । হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱানৰ প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে শিৱৰ পত্নীৰ আন এটা ৰূপ দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয় ।  ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে । অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮ টা নামেৰে স্মৰণ কৰা হৈছে । পৰ্বতৰ দেৱতা হিমাৱতৰ পুত্ৰী বুলি গণ্য কৰা অন্নপূৰ্ণা অৰ্থাৎ খাদ্য আৰু পুষ্টিদাত্ৰী দেৱীগৰাকীক হিমালয় পৰ্বতত থকা  শৃংগ এটা অন্নপূৰ্ণা দেৱীগৰাকীৰ নামেৰে নামাকৰণ কৰা বুলি বিশ্বাস কৰা হৈছে । 

       'হিন্দু ৰন্ধন কলা'ৰ দেৱী বুলি মান্যতা প্ৰদান কৰা দেৱীগৰাকীৰ উৎপত্তি সম্বন্ধে এক উদ্ধৃতি দিয়া হ'ল । কথিত আছে যে  এদিনাখন ভগৱান শিৱ আৰু দেৱী পাৰ্বতীয়ে ভৌতিক জগতৰ বিষয়ে এখন তৰ্কযুদ্ধত লিপ্ত হ'ল । ভৌতিক জগতখন পৰিচালনা কৰি থকা পাৰ্বতীক শিৱই ক'লে যে ভৌতিক জগতৰ সকলো বস্তু আনকি খাদ্যও হৈছে এক বিভ্ৰমহে মাথোন । এই কথাত পাৰ্বতী ক্ষুণ্ণ হৈ পৰিল আৰু তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ঠাইতেই অন্তৰ্ধান হ'ল ।

       পাৰ্বতীৰ অন্তৰ্ধানৰ লগে লগে পৃথিৱীত দেখা দিলে খাদ্যৰ নাটনিয়ে । শিৱৰ অনুগামীসকলে শিৱৰ ওচৰত খাদ্য বিচাৰি হাহাকাৰ কৰিবলৈ ধৰিলে । কিন্তু ক'তোৱেই  খাদ্য পোৱা নগ'ল । অৱশেষত শিৱ আৰু তেওঁৰ অনুগামীসকলে জানিব পাৰিলে যে বাৰাণসীত থকা এটা পাকঘৰত তেতিয়াও খাদ্য সঞ্চিত হৈ আছে । সেয়ে শিৱ বাৰাণসীলৈ খাদ্য বিচাৰি গ'ল । কিন্তু বাৰাণসীত সেই বিশেষ পাকঘৰটো দেখি তেওঁ খুবেই আচৰিত হ'ল কিয়নো সেই পাকঘৰটো আছিল দেৱী পাৰ্বতীৰ । ধৰ্মগ্ৰন্থসমূহত উল্লেখ কৰা অনুসৰি বেঙুনীয়া ৰঙৰ কাপোৰ আৰু পাতলভাৱে সজ্জিত অলঙ্কাৰেৰে বিভূষিতা চন্দ্ৰমাৰ দৰে গোল মুখ , তিনিটা চকু আৰু চাৰিখন হাতেৰে অন্নপূৰ্ণা দেৱীয়ে এখন আসনত বহি থাকে আৰু শিৰত চন্দ্ৰ বিৰাজমান হৈ থাকে । বাওঁহাতখনত সুস্বাদু খাদ্যৰে ভৰপূৰ এটা কলহ আৰু সোঁহাতখনত এখন ডাঙৰ হেতা , আন দুখন হাত অভয় আৰু বৰদা মুদ্ৰাত থকা দেৱীগৰাকীয়ে আসনত উপৱিষ্টা হৈ ভোকাতুৰ জনসাধাৰণক অন্ন বিলাই থকা দেৱীগৰাকীয়ে  শিৱক বুজাব বিচাৰিছিল  যে শিৱ হয়তো ভোকৰ পৰা মুক্ত কিন্তু তেওঁৰ অনুগামীসকল ভোকৰ পৰা মুক্ত নহয় ।

       অক্ষয়া তৃতীয়াত জন্মদিন হিচাপে বিশ্বাস কৰা মঙ্গলময় দেৱীগৰাকীৰ  নামেৰে অৰ্থাৎ অন্নপূৰ্ণা নামেৰে বিদ্যমান কেইবাটাও মন্দিৰৰ ভিতৰত কামৰূপ গ্ৰাম্যত অৱস্থিত গোঁসাই শ'লমাৰীস্থিত  দীপ্তেশ্বৰী দেৱালয় (অন্নপূৰ্ণ মন্দিৰ)  বিশেষভাৱে জনপ্ৰিয় । বৰ্তমান প্ৰায় ২৫ বিঘা মাটিকালিৰে সমৃদ্ধ দীপ্তেশ্বৰী দেৱালয় বংশানুক্ৰমিকভাৱে পৰিচালনা কৰি আছে গৌৰৱানন্দ দলৈয়ে । এইখিনিতে এটা উল্লেখযোগ্য কথা উল্লেখ কৰাতো সমীচিন যে ১৫৯৮ চনৰ বৰ্তমানলৈকে থকা প্ৰত্যেকগৰাকী দলৈৰ উত্তৰাধিকাৰী পু্ত্ৰ মাত্ৰ এজনেই হয় বাবে আজিকোপতি দলৈৰ বাচনিত কোনোধৰণৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱা নাই । আন এক জনশ্ৰুতি অনুসৰি দেৱী সতীৰ মৃতদেহৰ চিন্ন উদৰাঙ্গ দীপ্তেশ্বৰী অঞ্চলত পৰিছিল বাবে এই ঠাইতে  সতীয়ে অন্নপূৰ্ণা ৰূপ লৈ মানুহৰ ক্ষুধা নিবাৰণ কৰি আহিছে । হাতত খাদ্যৰ ভাণ্ডাৰ লৈ থকা দেৱীৰ শৈলৰূপে জনসাধাৰণৰ ভোক নিবাৰণৰ কথাকে প্ৰতীয়মান কৰে । স্বৰ্গদেউ ৰুদ্ৰসিংহই কামাখ্যা মন্দিৰৰ লগতে এই অন্নপূৰ্ণা  মন্দিৰৰ পূজা-অৰ্চনা কৰিবলৈয়ো বংগৰ পৰা শক্তি পূজাৰ সাধক হিচাপে এজন সিদ্ধ পুৰুষ আনি মন্দিৰভাগৰ দায়িত্ব অৰ্পণ কৰে । এই কথা বৰ্তমান পুৰাতত্ত্ব বিভাগত সংৰক্ষিত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা মুদ্ৰিত তাম্ৰলিপিত বিশেষভাৱে উল্লেখযোগ্য ।

       দীপ্তেশ্বৰী দেৱালয়ত মাতৃস্বৰূপা অন্নপূৰ্ণা দেৱীকে আৰাধ্য হিচাপে পূজা কৰা হয় । ক্ষুধাৰ্তজনক অন্নৰ যোগান ধৰিবলৈকে আবিৰ্ভাৱ হোৱা দেৱীগৰাকীৰ উপাসনাস্থলীত আজিলৈকে কোনেও ভোকেৰে উভতিব লগা হোৱা নাই , লাগিলে মন্দিৰত ভক্তৰ সমাগম যিমানেই নহওক কিয় । প্ৰাগ্ঐতিহাসিক কালৰ পৰাই যিহেতু কামৰূপত কিৰাট পদ্ধতিত শক্তিৰ সাধনা কৰা হয় সেয়ে তন্ত্ৰসাধনা উপাসনা পদ্ধতিৰ দ্বাৰা পৰিচালিত দেৱালয়খনত অতীজৰে পৰাই বৰ্তমানলৈ শক্তিৰ সাধনা কৰা হয় । শক্তিৰ বাবেই আমাৰ শৰীৰক আমিষ আহাৰৰ প্ৰয়োজন হোৱাৰ লেখিয়াকৈ দেৱীক সন্তুষ্ট কৰিবলৈয়ো আমিষ ভোগৰ প্ৰয়োজন হয় । সেয়ে দীপ্তেশ্বৰী দেৱালয় আৰু অন্নপূৰ্ণাৰ মন্দিৰত অতীজৰে পৰাই 'সদাবলি' বা 'নিত্যবলি' প্ৰথাৰ প্ৰচলন । ৰীতিমতেই দেৱীলৈ উৎসৰ্গিত আমিষ ভোগ দুইভাগত ভগাই এভাগ দেৱীৰ চৰণত আৰু আনভাগ মহাকাল ৰূপে গণ্য কৰি অহা মন্দিৰ চৌহদত থকা কুকুৰ বা আন জন্তুক খাবলৈ দিয়া হয় । আৰু তাৰ পিছতহে ভক্ত বা পুৰোহিতে ভোগ গ্ৰহণ কৰে ।



   ' বাৰবাৰ প্ৰণাম
বাৰবাৰ প্ৰণাম 
শ্ৰী অন্নপূৰ্ণা মা
বাৰবাৰ মা বাৰবাৰ প্ৰণাম '

       নিত্য পূজা আৰু ভোগ পৰ্বৰ সমাপ্তিৰ পিছতেই সন্ধিয়া সূৰ্যাস্তৰ লগে লগে শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয়ৰ চৌপাশত বিৰাজ কৰা প্ৰাকৃতিক নিৰিবিলি জয়াল  পৰিবেশৰ ক্ষণচোৱাতে ধূপ-চাকিৰে দেৱীৰ আৰতিৰ ব্যৱস্থা কৰা হয় । লগে লগে সমস্বৰত বাজি উঠে ঢোল-তাল-শংখ-ঘন্টাৰ মাংগলিক ধ্বনি । এই ধ্বনিক আৰু অধিক অৰ্থবহ কৰি তোলে মন্দিৰত মহাকালৰূপে আশ্ৰিত-পালিত কুকুৰজাকৰ ছন্দোবদ্ধ চিঞৰে ।

       অন্নপূৰ্ণাৰ পূজা কৰিলে যিহেতু মানুহৰ জীৱন তৃপ্ত হয় আৰু সকলো প্ৰকাৰৰ দুৰ্যোগ নাইকিয়া হয় , সেয়ে কিছু বছৰ আগেয়ে বংগদেশৰ বণিক এজনক কামাখ্যা দেৱীয়ে দীপ্তেশ্বৰী দেৱালয়ত তেওঁৰ লগত থকা চাকিগচি দি আহিবলৈ সমাজিকত দেখুৱাইছিল আৰু বণিকজনে ইংৰাজৰ দিনত জাহাজত ব্যৱহাৰ কৰা চাকিগচি ভক্তিভাৱেৰে দেৱালয়ত দি থৈ যায় । পাঁচপোৱা তেলেৰে আজিও সেই চাকিগচি জ্বলোৱা হয় ।

       যিহেতু দীপ্তেশ্বৰী দেৱালয় এখন শক্তিপীঠ সেইহেতু এই দেৱালয়ত তিথি অনুযায়ী বহুতো মাংগলিক উৎসৱ , পূজা-পাৰ্বন অতীজৰে পৰা অনুষ্ঠিত হৈ আহিছে । অসমীয়া বছৰটোৰ আৰম্ভণিতে অৰ্থাৎ ব'হাগ মাহৰ শুক্লা অষ্টমী তিথিত মহাঅষ্টমী নামেৰে বাৰ্ষিক অন্নপূৰ্ণা পূজা অনুষ্ঠিত কৰা হয় । দেৱীৰ সৈতে মিলিত হ'বলৈ এই দিনটোত ভগৱানৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয় বাবে দেৱালয়ৰ ৰায়ত আৰু ভক্তসকলে পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত কুৰ্ম-মাধৱ দেৱালয়ৰ পৰা ভগৱানক ভক্তিভাৱেৰে আদৰি আনি মন্দিৰৰ নিৰ্দিষ্ট স্থানত স্থাপন কৰে । তাৰপিছত কাষেৰে বৈ যোৱা  লখাইতৰা নদীৰ বিশেষ ঘাটত দেৱ-দেৱীৰ স্নানাদি কৰি যথাবিধিমতে পূজা আৰম্ভ কৰা হয় । দেৱালয়ৰ তৰফৰ পৰা ম'হবলিৰ বিশেষ ব্যৱস্থা কৰা হয় । তন্ত্ৰ সাধনা , কুমাৰী পূজা আৰু  আন আন ভক্তই আগবঢ়োৱা বিভিন্ন বলিৰে বাৰ্ষিক পূজাভাগ মাংগলিকভাৱে সম্পন্ন কৰা হয় । অগণন ভক্তৰ সমাগম হোৱা পূজাভাগত চহা কৃষক ৰাইজে বিশ্বাস কৰে যে বসন্তৰ আগমনৰ লগে লগে অনুষ্ঠিত কৰা পূজাভাগে পথাৰ উৰ্বৰা কৰে আৰু দেৱী সন্তুষ্ট হৈ থাকিলেহে শস্যে-মৎস্যে নদন-বদন হৈ কৃষকৰ ভঁৰাল টনকিয়াল কৰি ৰাখে । ইয়াৰ উপৰিও এই দেৱালয়ত ৰাজ-ৰাজেশ্বৰী পূজা , ফলহাৰিনী কালী পূজা , ৰতত্নী কালী পূজা , নাগপঞ্চমী পূজা , গংগা পূজা আদি বিভিন্ন শক্তি পূজা নিৰ্দিষ্ট তিথিমতেই অনুষ্ঠিত কৰা হয় ।  দীপ্তেশ্বৰী দেৱালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা দুৰ্গা পূজা দেৱালয়খনৰ আন এক বিশেষ মাঙ্গলিক অনুষ্ঠান । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰা তন্ত্ৰ সাধকসকলৰ দ্বাৰা সম্পূৰ্ণ তান্ত্ৰিক বিধিৰে অনুষ্ঠিত দুৰ্গা দেৱীৰ অৰ্ধৰাত্ৰি পূজা এই দেৱালয়ৰ বিশেষ পৰম্পৰা । আহাৰ মাহত কামাখ্যাধামত অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনা শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয়ৰ দুৱাৰ চাৰিদিনৰ বাবে বন্ধ হৈ নিবৃত্তিৰ সময় অনুযায়ী পুনৰ মন্দিৰৰ দুৱাৰ খুলি ভক্তৰ উপস্থিতিত পূজা-বলিৰে নিত্য পূজা আৰম্ভ কৰা হয় । দীপ্তেশ্বৰী দেৱালয় কেৱলমাত্ৰ দীপ্তেশ্বৰী বাসীৰে ভক্তি উপাসনাৰ থল নহয় বৰ্তমান সময়ত এই ঐতিহাসিক দেৱালয়খন ইতিহাসৰো বিশেষ সমলসম্পন্ন দেৱালয় ।

       পুঠিমাৰী নৈৰ দাঁতি-কাষৰীয়া এই দেৱালয়খনৰ প্ৰাকৃতিক পৰিবেশ অতি নান্দনিক । জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰতো দেৱালয়খনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ।



তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক (বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : কমলপুৰ





নদী সাগৰৰ ফুল বচা হাত ,  মাটিৰ মিনা কৰা মাত
       নদী মেঘৰ আৰম্ভণি আৰু ডাৱৰৰ শেষ
 নদী বুকুৰ ভিতৰৰ এক গভীৰ প্ৰাৰ্থনাৰ বেশ ।
              ( নদী বিলাস ― বিপুল জ্যোতি শইকীয়া )

Post a Comment

0 Comments