header ads

অসমীয়া প্ৰবন্ধ, শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয় : ছয়গাঁও, ড° গণেশ্বৰ চহৰীয়া

 শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয় : ছয়গাঁও

 

       দক্ষিণ কামৰূপৰ ছয়গাঁৱত অৱস্থিত শ্ৰীশ্ৰীচণ্ডিকা দেৱালয় অসমৰ এখন ইতিহাস প্ৰসিদ্ধ দেৱালয় ৷ গুৱাহাটীৰ পৰা পশ্চিম দিশত প্ৰায় ৩৫ কিঃমিঃ দূৰত্বত অৱস্থিত এই দেৱালয়খনক লৈ পদ্মপুৰাণৰ সমুদায় কাহিনীৰ সৃষ্টি হৈছে ৷ মনসা কাব্য সৃষ্টিৰ কাহিনী এই দেৱালয়ৰ সৈতে জড়িত হৈ আছে ৷ চান্দো সদাগৰৰ ছয় পুত্ৰ আৰু শেষত লখিন্দাৰ-বেউলাৰ জীৱনগাঁথাৰ স’তে পদ্মপুৰাণত বৰ্ণিত কাহিনীভাগৰ জৰিয়তে চান্দো সদাগৰ , পদ্মাদেৱী , লখিন্দাৰ-বেউলা , সাহে ৰজা , নেতাই ধুবুনীৰ ঘাট , চান্দোৰ মেৰঘৰ , লখিন্দাৰক এই মেৰঘৰত ফুলশয্যাৰ নিশা কালিনাগৰ দংশন , কাকেৰী সাগৰ , গুঞ্জৰী সাগৰ ইত্যাদি অনেক কথা এই মনসা কাব্যত বৰ্ণিত আছে ৷ ছয়গাঁৱৰ শ্ৰীশ্ৰীচণ্ডিকা দেৱালয়ৰ অন্যতম আকৰ্ষণ হৈছে ইয়াত পালন কৰা শ্ৰীশ্ৰীদুৰ্গা পূজা ৷ অৱশ্যে বছৰৰ অন্য সময়তো ভক্তপ্ৰাণ ৰাইজৰ ইয়ালৈ আগমন হয় আৰু সভক্তিৰে পূজা-অৰ্চনা কৰে ৷ বৃহত্তৰ অঞ্চলটোৰ বিশাল আৰু ধৰ্মীয় ঐতিহ্যমণ্ডিত দেৱালয় হিচাপে অঞ্চলৰ সকলো ভক্তপ্ৰাণ ৰাইজে মানি আহিছে ৷ অন্যান্য ধৰ্মীয় কাম-কাজ , বিয়া-বাৰুৰ বাবেও দেৱালয়ত ভক্তৰ সমাগম হয় ।

       ঐতিহ্যমণ্ডিত এই চণ্ডিকা দেৱালয় প্ৰতিষ্ঠাৰ স’তে চান্দো সদাগৰৰ বণিজ আৰু ৰাজ্যখনৰ বিষয়ে অনেক কথা জড়িত হৈ আছে ৷ সম্পূৰ্ণ আধ্যাত্মিক ইতিহাস সমৃদ্ধ আৰু পুৰাতাত্বিক সমলেৰে এই কাহিনীভাগ পৰিপুষ্ট ৷ এই চণ্ডিকা দেৱালয়ৰ প্ৰতিষ্ঠাকাল কিছুসংখ্যক ইতিহাসবিদে ১২০০ বা ১৩০০ শতাব্দী বুলি কৈছে ৷ অৱশ্যে এই কাহিনীভাগে যিবোৰ কথাৰ সম্ভেদ দিয়ে সেই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছু সিদ্ধান্ত ল’ব পাৰি যদিও বহুত কথা বিশ্বাস আৰু কিংবদন্তিৰে ভৰা ৷
       শ্ৰীশ্ৰীচণ্ডিকা দেৱালয়ৰ প্ৰতিষ্ঠাৰ লগত চান্দো সদাগৰৰ কৰ্ম আৰু আচৰ্যজনক জীৱন কাহিনীৰ কথা জড়িত হৈ আছে ৷ মাকৰ আজ্ঞা মানি কৈলাশৰ পৰা মা ভৱানীৰ বিগ্ৰহ চান্দো সদাগৰে লৈ আনিছিল ৷ দেৱীৰ বিগ্ৰহ প্ৰতিষ্ঠা , মন্দিৰ নিৰ্মাণ আৰু দৈনন্দিন পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছিল চান্দো সদাগৰে নিজে ৷ এই মন্দিৰৰ সৃষ্টি , স্থিতি আৰু পালনৰ সকলো ব্যৱস্থাৰ পৰা চান্দো সদাগৰৰ মাক চম্পাৱতীৰ মানসৰ কথা জানিব পাৰি ৷ এই দেৱালয়ৰ সৃষ্টিৰ কাহিনীভাগৰ তিনিটা জনবিশ্বাস আছে ৷ কিম্বদন্তিৰ ৰূপত এই তিনিটা কাহিনী অতি চমুকৈ এনেদৰে পাব পাৰি --
       ক) প্ৰথম প্ৰবাদ মতে , চান্দো সদাগৰৰ মাতৃ চম্পা / চম্পাৱতী আছিল পৰম গৌৰী / চণ্ডীদেৱীৰ ভক্ত ৷ তেওঁ নিয়মীয়াকৈ চণ্ডীদেৱীৰ পূজা-অৰ্চনা কৰিছিল ৷ আনহাতে চান্দো সদাগৰ আছিল শিৱভক্ত ৷ মাকে এদিন পুতেক চান্দো সদাগৰক কৈছিল যে চান্দোই শিৱক পূজা কৰা মন্দিৰৰ কাষতে মাকৰ বাবে গৌৰী / চণ্ডিকা দেৱীৰ মন্দিৰ সাজি দিব লাগে ৷ এই মন্দিৰৰ বিগ্ৰহ কৈলাশ পৰ্বতৰ পৰা চান্দোই আনিব লাগিব ৷ কৈলাশ পৰ্বতত ভৰি থলেই মা ভৱানীয়ে চান্দোক দেখা দিব আৰু তেওঁৰ পৰামৰ্শমতে গোসাঁনীক অনাৰ ব্যৱস্থা কৰিব লাগিব ৷ কথামতে চান্দো সদাগৰে কৈলাশলৈ যাত্ৰা কৰিলে ৷ ইতিমধ্যে মা চণ্ডিকা দেৱীয়ে সপোনত চান্দো সদাগৰক সকলো কথাৰ পৰামৰ্শ দি কৈছিল যে কৈলাশত তেওঁ বিচাৰিলেই চণ্ডী দেৱীৰ মূৰ্ত্তি পাব ৷ কিন্তু চৰ্ত হ’ল চান্দোই সেই মূৰ্ত্তি মূৰত তুলি নিব লাগিব , ক’তো নমাব নোৱাৰিব ৷ যদি কিবা কাৰণত মূৰ্ত্তিটো  মাটিত নমাই থয় তেন্তে তাতেই তেওঁ থাপিত হ’ব , লৰচৰ কৰাব নোৱাৰিব ৷ সময়ত চান্দো সদাগৰে কৈলাশ পৰ্বতত চণ্ডীদেৱীৰ মূৰ্ত্তিটো বিচাৰি পালে ৷ আনন্দত আত্মহাৰা হৈ চান্দোই নৌকাত মূৰ্ত্তিটো উঠাই গৃহাভিমুখী হ’ল ৷ আহি আহি ঘৰ পোৱাৰ আগত চৰকিয়াৰ ঝাৰত প্ৰস্ৰাৱ লগাত ( কোনো কোনোৰ মতে শৌচ কৰা ) তেওঁ মূৰ্ত্তিটো কান্ধৰপৰা নমাই পূৱ মুৱাকৈ থলে ৷ নিজৰ প্ৰাকৃতিক কৰ্মৰাজি সমাপন কৰি গা-পা ধুই আহি যেতিয়া তেওঁ আকৌ চণ্ডীদেৱীৰ মূৰ্ত্তিটো কান্ধত ল’বলৈ চেষ্টা কৰিলে তেতিয়া মূৰ্ত্তিটো লৰচৰ কৰিব নোৱাৰিলে ৷ বহুত চেষ্টা কৰিও তেওঁ সফল হ’ব নোৱাৰিলে ৷ চান্দোক পূৰ্বে দেৱীয়ে সপোনত কোৱা কথাখিনি মনত পৰাত দেৱীক চান্দোৰ নিজৰ ঘৰলৈ নিয়াৰ আশা বাদ দিলে আৰু দেৱীক চৰকিয়াৰ ঝাৰতেই স্থাপন কৰাৰ কথা ভাবিলে ৷ ঘৰলৈ খালী হাতে গৈ চান্দোই যেতিয়া মাকক ঘটনাৰ বিৱৰণী দিলে তেতিয়া মাকৰ খং উঠিল আৰু চান্দোক অভিশাপ দিলে , “ চান্দ তই যিমানেই দৃঢ় মনৰ নোহোৱা কিয় খন্তেক হ’লেও বিচলিত হবি ৷ তই যাৰে লগত জেদ কৰিবি , শেষত তই পৰাজয় বৰণ কৰিব লাগিব । " চান্দোই মাকৰ এই ব্যৱহাৰত অন্তৰত আঘাত পালে ৷ নিজক চম্ভালি চান্দোই উত্তৰ দিলে যে তেওঁ জেদ কৰিবই আৰু প্ৰথম জেদ হিচাপে মাকৰ নাম স্মৰণীয় কৰি ৰাখিবলৈ সেইদিনাৰ পৰা তেওঁৰ ৰাজ্যৰ নাম ৰাখিব চম্পক ৰাজ্য আৰু ৰাজধানীৰ নাম ৰাখিব চম্পক নগৰ । চান্দোৰ এই মনোবলক মাতৃয়ে অকপটে মানি ল’লে আৰু এই অভিশাপৰ বিপৰীতে আশীৰ্বাদ দিলে যে যাৰে লগত বিবাদ নকৰক কিয় পৰাজয় বৰণ হ’ব সঁচা কিন্তু শেষত সম্পূৰ্ণ ক্ষতিপূৰণ পাব ৷ পিছত চান্দো সদাগৰে চৰকিয়াৰ ঝাৰৰ মাজত মা চণ্ডিকাৰ মন্দিৰ এটি ধুনীয়াকৈ সাজি দিলে আৰু মাক চম্পাৱতীয়েও নিতৌ নাৱেৰে গৈ পূজা কৰি থাকিল ৷ উল্লেখ্য যে চান্দোই দেৱীৰ মূৰ্ত্তিটো কান্ধৰ পৰা মাটিত নমাই থওঁতে পূৱ মুৱাকৈ থৈছিল ৷ কান্ধৰ পৰা নমাই থোৱা ঠাইৰ পৰা যিহেতু দেৱীক উঠাব নোৱাৰিলে , গতিকে পিছলৈ দেৱীক ভক্তসকলে পূজা কৰোতে পশ্চিম দিশলৈ মুখ কৰি পূজা কৰিব লগা হ’ল ৷ অৱশ্যে যি ঠাইত ভক্তসকলে ধূপ-নৈবেদ্য আগবঢ়ায় তাত উত্তৰ মুখ কৰি ভক্তসকলে আগবঢ়ায় ৷ আয়তী গীতত উত্তৰ চণ্ডিকাৰ কথা উল্লেখ আছে -
             ’ চন্দ্ৰধৰে বোলে শুনা মাওঁ পাৰ্ব্বতী
             তোমাক থওঁ উত্তৰ দিশে ৷
             নাজানি ভুলতে পশ্চিমে থৈলো মই
             ইটো নাভাবিলো আগে ৷
             দেৱী বোলে চান্দো মই আৰু নুঠো
             যেখানে থৈলা আমাকে ৷
             উত্তৰ ভাগে তুমি পূজাখান কৰিবা
             নপাইব আৰু কোন দোষে ৷ ’
       খ) দ্বিতীয় প্ৰবাদ মতে , চন্দ্ৰধৰে বহুদিন ধৰি মনসাৰ লগত বিবাদ কৰাৰ পাছত অৱশেষত মনসাক পূজা কৰিবলৈ ধৰিলে ৷ এই কাৰ্যত মা ভৱানী অসন্তুষ্ট হ’ল আৰু চন্দ্ৰধৰক ক’লে যে তেওঁ আৰু তাত নাথাকে , কৈলাসলৈ গুচি যাব ৷ চন্দ্ৰধৰ আৰু মাক চম্পাৱতীয়ে অনেক কাকূতি-মিনতি কৰাৰ পাছতো দেৱী ভৱানী যাবলৈ ওলাল ৷ অৱশেষত চন্দ্ৰধৰ আৰু মাতৃয়ে ভৱানীক পূজা কৰিবলৈ ধৰিলে ৷ এই প্ৰাৰ্থনাত মা ভৱানী দেৱী চৰকিয়াৰ ঝাৰৰ কোনো ঠাইত ৰ’বলৈ বাধ্য হ’ল ৷ তেওঁ প্ৰসন্নমনে চন্দ্ৰধৰক ক’লে যে তেওঁলোকৰ প্ৰাৰ্থনাত দেৱী ভৱানী সন্তুষ্ট হৈছে আৰু তেওঁ চন্দ্ৰধৰৰ ৰাজ্যত চণ্ডীৰূপে উত্তৰ পশ্চিম দিশত থাকি যাব ৷ 
        গ) তৃতীয় প্ৰবাদ মতে , চান্দো সদাগৰ ১২ বছৰৰ বাবে দক্ষিণ ভাৰতলৈ বেহাবেপাৰ কৰিবলৈ গৈছিল ৷ তাত থকা সময়তো মনসাই চান্দোক অন্যায় কৰি আহিছিল ৷ বণিজৰ কাম শেষ কৰি ঘৰলৈ উভতাৰ আগনিশা সপোনত ভাগৱতীয়ে চান্দোক উভতি যোৱাৰ সময়ত লংকাৰ ৰজা বিভীষণক লগ ধৰি যাবলৈ ক’লে ৷ লংকাত ভাগৱতীৰ এটি মূৰ্ত্তি আছে সেইটো যাতে তেওঁৰ ৰাজ্যলৈ লৈ যায় ৷ সেইমতে চান্দোই লংকাত ৰজা বিভীষণক লগ ধৰে ৷ ৰজাই আনন্দ মনেৰে সদাগৰৰ মধুকৰ ডিঙাত সভক্তিৰে দেৱীৰ মূৰ্ত্তি তুলি দিলে ৷ সেই ডিঙাৰে চন্দ্ৰধৰে ঘৰলৈ ওভতাৰ পথত বহুত ঘাত-প্ৰতিঘাতৰ অন্তত অৱশেষত চৰকিয়াৰ ঝাৰত নিজে নিজে ডিঙা ৰৈ গ’ল ৷ বহুত চেষ্টা কৰিও ডিঙা লৰাব নোৱাৰিলে ৷ অৱশেষত ডিঙাত থকা দেৱী ভৱানীৰ মূৰ্ত্তিটো ডিঙাৰ পৰা নমাই ৰখাত সহজে ডিঙাবোৰ নামি গ’ল আৰু সকলোৱে বালাসিদ্ধিৰ ঘাটলৈ গ’ল ৷ চন্দ্ৰধৰে এই কথাৰ বাবে চৰকিয়াৰ ঝাৰতে সুন্দৰ মন্দিৰ এটি সাজি দেৱীক প্ৰতিষ্ঠা কৰিলে ৷
      এইবোৰ প্ৰবাদ ৷ এইবোৰ কথাৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে বহুত গৱেষণাৰ প্ৰয়োজন আছে ৷ এই দেৱালয় প্ৰতিষ্ঠাৰ লগত চান্দো সদাগৰ সম্পৰ্কীয় বহুত কথা জড়িত হৈ আছে ৷ চান্দো সদাগৰৰ ৰাজ্যৰ মঠপাৰাত মেৰঘৰ , নিকটবৰ্তী চান্দৰ বাগান , অঞ্চলটোৰ পূৰ্বনাম কাকেৰী সাগৰ , ব্ৰহ্মপুত্ৰৰ নাম গুঞ্জৰী সাগৰ , ছয়গাঁৱৰ ওচৰত চান্দখোৱা ( কলহী নদীত ) , চান্দো সদাগৰৰ নৌকা থকা ঠাই চান্দডুবিৰ প্ৰসংগ আছে ৷ বেউলাৰ পিতৃ সাহে ৰজাৰ ৰাজ্য মঙলদৈ ( অম্বাগাঁও ) এইবোৰ কথাৰ গ্ৰহণযোগ্যতা থাকিলেও বহুত আলোচনাৰ প্ৰয়োজন আছে ৷
       ছয়গাঁও নামৰ উৎপত্তি , চম্পকনগৰ আদিৰ কথাও এই চান্দো সদাগৰৰ কাহিনী ভাগৰ লগত সংপৃক্ত হৈ আছে ৷ মঠপাৰাত থকা মেৰঘৰৰ স্থাপত্য সম্পৰ্কে অধ্যয়নৰ প্ৰয়োজন আছে ৷ তাত ব্যৱহাৰ কৰা শিলাখণ্ড , ঘৰ নিৰ্মাণ শৈলী আৰু মঠপাৰাত থকা শিৱ মন্দিৰ তথা অঞ্চলটোত থকা বিভিন্ন শিলাখণ্ডৰ বিষয়েও পদ্ধতিগতভাৱে চৰ্চা কৰাৰ অৱকাশ আছে ৷
        চণ্ডিকা দেৱালয়ৰ বৰ্তমানৰ প্ৰাসংগিকতা হৈছে দেৱালয়খনৰ প্ৰতি বৃহত্তৰ অঞ্চলৰ ভক্তসকলৰ গভীৰ ভক্তি তথা অপায় অমংগল , দুৰ্গতি নাশিনী মা দুৰ্গা ৰূপে কৰা পূজা-পাতল ৷ শাৰদীয় দুৰ্গা পূজা ভাগি ইয়াত বৈদিক তথা পৰম্পৰা ৰক্ষা কৰি ভক্তি ভাৱেৰে পালন কৰা হয় । ভক্তসকলৰ অগাধ বিশ্বাস যে চণ্ডিকা দেৱালয়ত মনৰ কামনাৰে পূজা-পাতল কৰিলে ফল অনিবাৰ্যভাৱে লাভ কৰে ৷
       ছয়গাঁও নামৰ উৎপত্তিৰ লগত চান্দো সদাগৰৰ ছয় পুত্ৰৰ কথাৰ প্ৰসংগ আছে ৷ প্ৰবাদ অনুসৰি সদাগৰৰ সাতজন পুত্ৰ আছিল যদিও লখিন্দাৰক বাদ দি বাকী ছয়জন পুত্ৰৰ নামত ভগাই দিয়া ছয়খন গাঁও বা ৰাজ্যৰ নামেৰে ছয়গাঁও হোৱা বুলি কোৱা হয় ৷ গুণাভিৰাম বৰুৱা প্ৰণিত 'আসাম বুৰঞ্জী'ত ছয়গাঁৱৰ  মেৰঘৰৰ কথা গ্ৰন্থখনৰ পৰিশিষ্ট ১৭০ পৃষ্ঠাত  উল্লেখ আছে -- ' কামৰূপ জিলাৰ দক্ষিণকূলৰ কোনো এঠাইত এটি শিলৰ ঘৰ আছে ৷ সেই ঘৰটোৰ বিষয়ে এনে প্ৰবাদ আছে বোলে সেইটো চান্দো সদাগৰৰ মেৰ ঘৰ ৷ এই চান্দো সদাগৰৰ পুত্ৰ লখিন্দাৰক এই ঘৰতে বিবাহৰ ৰাতি বিষহৰিৰ সৰ্পে দংশন কৰে ৷ তেওঁৰ পতিব্ৰতা পত্নী বেউলাই লখিন্দাৰৰ শৱটো ভূৰত উঠাই ভটিয়াই যায় ৷ নেতাই ধুবুনী নামে এজনী মানুহৰ সাহায্যত লখিন্দাৰ পুনৰ্জ্জীৱিত হয় ৷ ধুবুৰীৰ ওচৰত নেতাই ধুবুনীৰ এটি ঘাট আছে ৷ সেই ঘাটৰ এতিয়া ভগ্নাৱশেষ মাত্ৰ আছে ৷ এই চান্দো সদাগৰ এজন বিখ্যাত সদাগৰ আছিল ৷ এওঁৰ বিৱৰণ পদ্মপুৰাণত আছে ৷ '
       চণ্ডিকা দেৱালয়ৰ ঐশ্বৰিক মহিমাই ৰাইজক দিনক দিনে অধিক আকৰ্ষণ কৰিব ধৰিলে ৷ এসময়ত এই যশ কীৰ্ত্তি সেই সময়ৰ আহোম স্বৰ্গদেউ শিৱসিংহৰ কৰ্ণগোচৰ হ’ল ৷ ইতিমধ্যে দেৱালয়খনৰ আন্তঃগাঁথনি বহুত দুৰ্বল হৈ গৈছিল ৷ ৰজা শিৱসিংহই এই মন্দিৰ নিৰ্মাণৰ বাবে ১৬৪৭ শকত ( ১৭২৫খৃঃ ) গুৱাহাটীৰ বৰফুকন অঞ্জু দুৱাৰাক নিৰ্দেশ দিছিল ৷ দেৱালয়ত থকা ৬০ × ২৮ ছেঃমিঃ জোখৰ শিলালিপিত এইবোৰ কথা লিখা আছে ৷ ৰজা শিৱসিংহই এই দেৱালয়ৰ নামত ৬০০ একৰ ভূমি দান দিছিল ৷ বৰ্তমান সেই ভূমিৰ অধিকাংশ বেদখল হৈছে ৷ দুৰ্ভাগ্যৰ বিষয় যে ১৮৯৭ চনৰ অসমত হোৱা বৰভূঁইকঁপত মন্দিৰটো ধ্বংস হৈ পৰে ৷ বৰ্তমানৰ দেৱালয়ৰ ৰূপটো পৰৱৰ্তী সময়ত গঢ়ি উঠে ৷ মনকৰিবলগীয়া কথাটো হৈছে চান্দো সদাগৰৰ ৰাজধানী মঠপাৰা অঞ্চলত মেৰঘৰকে ধৰি অনেক পুৰাতাত্বিক সমল সিঁচৰিত হৈ আছে ৷ উপযুক্ত অধ্যয়নে বহুত কথাৰ সম্ভেদ দিব পাৰে ৷
       চান্দো সদাগৰৰ বণিজ , মেৰঘৰ , মঠপাৰাত থকা মেৰঘৰ , চণ্ডিকা দেৱালয় , চৰকিয়াৰ ঝাৰৰ সেই সময়ৰ ভৌগোলিক স্থিতি , দেৱালয়ৰ বিগ্ৰহ পূৱ মুখে হোৱা অৰ্থাৎ ভক্তই পশ্চিম দিশৰ পিনে মুখ কৰি প্ৰাৰ্থনা কৰা , চান্দোৰ পুতেক কেইজন , ৰাজ্য বৰ গাঁও কেইখনৰ সামাজিক , অৰ্থনৈতিক স্থিতি আদি বিভিন্ন কথাৰ উপৰিও পদ্ম পুৰাণত বৰ্ণিত অনুসাৰে দক্ষিণ কামৰূপত চান্দো সদাগৰৰ ব্যৱসায়-বাণিজ্য , বেউলাৰ পিতৃ ৰাজ্য মঙলদৈৰ অম্বাগাঁও , সাহেৰজাৰ ব্যৱসায়-বাণিজ্য গোটেই কাহিনীভাগত বৰ্ণিত কথাবোৰত বাস্তৱিক স্থিতিৰ উপযুক্ত ব্যাখ্যাৰ বাবে অধ্যয়নৰ প্ৰয়োজন আছে ৷ কাহিনীবোৰ বিজ্ঞানসন্মত বা বাস্তৱভিত্তিক হ’লে নতুন প্ৰজন্মই সেইবোৰ গ্ৰহণ কৰিব পাৰে ৷ পদ্মপুৰাণৰ বেউলা-লখিন্দাৰৰ কাহিনীভাগক লৈ অইন অইন মনসা কবিসকলে কি কথা কৈছে , বৰ্তমানৰ বাংলাদেশৰ পদ্মাৱতী নৈৰ সৈতে বেউলা-লখিন্দাৰৰ কাহিনী কেনেকৈ বৰ্ণিত হৈছে এইলৈ বহুত কথা ভবাৰ অতি প্ৰয়োজন আছে ৷
       দক্ষিণ কামৰূপৰ এই চণ্ডিকা দেৱালয়লৈ প্ৰতিবছৰে অনেক লোকৰ আগমন এতিয়াও হয় ৷ সকলোৱে প্ৰাৰ্থনা কৰে মা চণ্ডিকাই যেন তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰে ।


সহায়ক গ্ৰন্থপঞ্জীঃ
১) আসাম বুৰঞ্জী ( গুণাভিৰাম বৰুৱা , অসম প্ৰকাশ পৰিষদ , ২০০৩ )
২) চম্পকৰ ঐতিহ্য ( সম্পাদনা , সুৰেন ঠাকুৰীয়া , ২০১৯ )
৩) চম্পকজ্যোতি ( অসম কলেজ শিক্ষক সন্থাৰ ৬০ সংখ্যক অধিৱেশনৰ স্মৃতিগ্ৰন্থ , সম্পাদনা ড° নগেন কলিতা , ২০১৩ )





ড° গণেশ্বৰ চহৰীয়া
অৱসৰপ্ৰাপ্ত অধ্যক্ষ ,
হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া ।

Post a Comment

0 Comments