পোৱামক্কা
কামৰূপ জিলাৰ উত্তৰ দিশত অৱস্থিত এক পৰিচিত ঠাই হ'ল হাজো । এটা সময়ত এই হাজোত বিভিন্ন তীৰ্থস্থান গঢ়ি উঠিছিল । সেইবাবেই হাজো 'তীৰ্থনগৰী' বুলি বিশ্বৰ পৰ্যটক সকলক সদায়েই আকৰ্ষণ কৰে । ইয়াত প্ৰধানকৈ কেইবাটাও মঠ-মন্দিৰ , দেৱালয় , বুৰঞ্জীপ্ৰসিদ্ধ পৱিত্ৰ পুণ্যধাম আছে । ইয়াৰ ভিতৰত মাধৱ মন্দিৰ , গণেশ মন্দিৰ , কামেশ্বৰ দেৱালয় , কেদাৰ মন্দিৰ আৰু পোৱামক্কা উল্লেখযোগ্য । পাঁচখনকৈ প্ৰসিদ্ধ তীৰ্থস্থান থকা বাবে হাজোৰ আন এটা নাম ' পঞ্চতীৰ্থ '।
হাজোৰ পোৱামক্কা মুছলমান সম্প্ৰদায়ৰ বাবে এক পৱিত্ৰ স্থান । গৰুড়াচল পাহাৰত অৱস্থিত পোৱামক্কাৰ ধৰ্মীয় গুৰুত্ব চৌদি আৰৱৰ মক্কা- মদিনাৰ পিছতেই ধৰা হয়। এক লোকবিশ্বাস আছে যে সুদূৰ চৌদি আৰৱৰ মক্কাৰ পৰা এপোৱা পৱিত্ৰ মাটি আনি গৰুড়াচল পাহাৰত স্থাপন কৰিছিল বাবে এই পৱিত্ৰ ঠাইখনৰ নাম পোৱামক্কা হৈছিল । যিসকলে মক্কা-মদিনালৈ গৈ হজ যাত্ৰা কৰিব পৰা নাই , তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ সুখ- সমৃদ্ধিৰ বাবে ইয়াত আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে। ইয়াত আল্লাহৰ ওচৰত দোৱা কৰাটো মক্কা মদিনাত কৰাৰ সমপৰ্যায়ৰ বুলি এক গভীৰ জনবিশ্বাস আছে। এই বিশ্বাসৰ বাবেই দৈনিক অসমৰ বিভিন্ন ঠাইৰ পৰা অগণন ইছলামপন্থীলোকে পোৱামক্কা দৰগাহ দৰ্শন কৰিবলৈ আহে । পোৱামক্কাৰ নৈসৰ্গিক সৌন্দৰ্য সঁচাকৈয়ে অতি মনোৰম । শাৰী শাৰী গছ ,পাহাৰৰ মাজেৰে এক নান্দনিক যাত্ৰাপথত সকলোৱে আনন্দ উপভোগ কৰিব পাৰে । কেৱল ইছলাম ধৰ্মী লোকসকলেই নহয় , হিন্দু সকলো পোৱামক্কাৰ প্ৰতি শ্ৰদ্ধাশীল । দৈনিক শ শ দৰ্শনাৰ্থীয়ে ভিৰ কৰে এই পূণ্যভূমিত।
পোৱামক্কাৰ প্ৰাচীনত্ব সম্পৰ্কে কোনো নিৰ্দিষ্ট বুৰঞ্জী আছে বুলি কোৱা সঠিক নহ'ব । বিভিন্ন ধৰণৰ মতবাদে এই তীৰ্থস্থান গঢ়ি উঠাৰ পৃথক পৃথক ঘটনাৰ কথা উল্লেখ কৰিছে । গিয়াচুদ্দিন আউলীয়া নামৰ এজন সন্তৰ কবৰ এই স্থানত বিদ্যমান । তাৰ কাষতে অৱস্থিত এটা পুৰণি মছজিদ । ১৬৫৭ খ্ৰীষ্টাব্দত দিল্লীৰ মোগল সম্ৰাট ছাহজাহানৰ দ্বিতীয় পুত্ৰ চুজাউদ্দিনে এই মছজিদ স্থাপন কৰিছিল । সেই সময়ত চুজাউদ্দিন আছিল বংগৰ নবাব । গিয়াছউদ্দিন আউলীয়া সম্পৰ্কে সঠিক বিশ্লেষণ বা সন্ধান কিন্তু আজিও পোৱা নগ'ল । এইজনা সন্ত সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মন্তব্য কৰা দেখা যায় । এচাম পণ্ডিতৰ মতে গিয়াছউদ্দিন আউলীয়া কোনো ৰাজপৰিয়ালৰ ধৰ্মপ্ৰাণ ব্যক্তি । পোৱামক্কালৈ আহি তেখেতে নিজৰ নশ্বৰ দেহ ত্যাগ কৰি মুক্তি লাভ কৰিছিল । আন এচাম পণ্ডিতে কিন্তু এই কথা মানি নলয় । তেওঁলোকৰ মতে গিয়াছউদ্দিন আউলীয়া এগৰাকী ধৰ্মপ্ৰাণ আৰু গুণসম্পন্ন সাধু পুৰুষ । তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনৰ বাবেহে মহম্মদ চুজাউদ্দিনে এই সুন্দৰ মছজিদ স্থাপন কৰিছিল ।
এচাম পণ্ডিতৰ মতে ১৬১৪ খ্ৰীষ্টাব্দত দিল্লীৰ সম্ৰাট জাহাঙ্গীৰৰ ৰাজত্বকালত কোচ হাজোৰ ফৌজদাৰ চৈয়দ হাকীম আৰু আবুবক্কৰে অসমৰ এটা বৃহৎ অংশ নিজৰ কবলত আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিও ব্যৰ্থ হয় । আবুবক্কৰ আৰু তেওঁৰ পুত্ৰ গিয়াছউদ্দিনৰ যুদ্ধত মৃত্যু হৈছিল । এই গিয়াছউদ্দিনক হাজোত কবৰস্থ কৰা হৈছিল । তেওঁ এগৰাকী ন্যায়নিষ্ঠ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল বাবেই পিছলৈ তেওঁৰ কবৰটো পৱিত্ৰ স্থানলৈ পৰিণত হয় । দিল্লীৰ সম্ৰাট, বংগৰ চুবেদাৰ আৰু অসমৰ ৰজাই গিয়াছউদ্দিন আউলীয়াৰ মাজাৰৰ বাবে ভূমি দান কৰে আৰু তাতেই পৱিত্ৰ তীৰ্থস্থান পোৱামক্কা গঢ়ি উঠিছিল । ( অসম বুৰঞ্জী , সূৰ্যকুমাৰ ভূঞা )
এচাম ঐতিহাসিকৰ মতে কোনো এগৰাকী আহোম ৰজাৰ সৈতে ৰণত পৰাজিত হৈ গিয়াছউদ্দিনৰ বিশ্বনাথ ঘাটিত মৃত্যু হৈছিল আৰু তেওঁৰ মৃতদেহ হাজোত কবৰ দিয়া হৈছিল বাবে পৰৱৰ্তী সময়ত সেই ঠাইত পোৱামক্কা গঢ়ি উঠিছিল ।
পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা তীৰ্থস্থান হাজোৱে পৰৱৰ্তী সময়ত আৰু অধিক পৰিমাণে বিস্তৃত হৈ পৰক সমগ্ৰ বিশ্বতে । সাধু সন্ত আৰু ভক্ত সকলৰ বাবে উৎসৰ্গিত এই পোৱামক্কা দৰগাহ যুগ- যুগান্তৰলৈ পৱিত্ৰ স্থান হিচাপে উজ্জ্বল হৈ থাকক। হাজোৰ শান্তি , প্ৰগতি আৰু অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ নিদৰ্শন হৈ থাকক -- চিৰদিনলৈ ।
( লিখনিটোৰ সমলসমূহৰ বাবে বিভিন্ন গ্ৰন্থৰ সহায় লোৱা হৈছে )
দুলুমনি কলিতা
খণ্ড সমল ব্যক্তি
শিক্ষাখণ্ড : হাজো
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি ,
একোকে নমনি
কুঁৱলী নথকা হ'লে দেখিলোঁহেতেন বা
পতা-সোণ বৰণীয়া ধানৰ আঁচল ।
( আঘোণৰ কুঁৱলী , কেশৱ মহন্ত )
0 Comments