header ads

প্ৰবন্ধ, পঞ্চতীৰ্থ হাজো, শ্ৰীসৰস্বতী দত্ত

 পঞ্চতীৰ্থ হাজো

 সমগ্ৰ ভাৰতবৰ্ষত যিমানবোৰ তীৰ্থস্থান আছে , সেই তীৰ্থস্থান সমূহৰ ভিতৰত হাজো অন্যতম । হাজো হিন্দু , মুছলমান , বৌদ্ধ সকলৰ পৱিত্ৰ তীৰ্থস্থান । হাজো সাম্প্ৰদায়িক সংহতিৰ মিলনভূমি । কালিকা পুৰাণ , যোগিনীতন্ত্ৰ , দৰং ৰাজবংশাৱলী , আহোম যুগৰ বুৰঞ্জী , বৈষ্ণৱ যুগৰ বিভিন্ন পুথি-পত্ৰত হাজো অঞ্চলৰ বিষয়ে সুন্দৰ বিৱৰণ পোৱা যায় । ধৰ্ম , দৰ্শন আৰু সাংস্কৃতিক পৰম্পৰাৰ বাবে হাজো ৰূপান্তৰিত হৈছে এখন পুণ্যধামলৈ যাৰ বাবে যুগে-যুগে ইয়ালৈ আগমন হয় পণ্ডিত , পৰিব্ৰাজক , দাৰ্শনিক , ৰজা-মহাৰজা , সন্ত-মহন্ত , বৌদ্ধ ভিক্ষু আৰু অজস্ৰ ধৰ্মপ্ৰাণ তীৰ্থযাত্ৰীৰ ৷

       হাজো এখন ঐতিহাসিক ঠাই । ইয়াত অৱস্থিত তীৰ্থস্থান সমূহে সগৌৰৱে অতীতৰ গৌৰৱ গাথা ৰিঙিয়ায় কৈ আহিছে ।‌‌ হাজো বিশ্ববাসীৰ ওচৰত পঞ্চতীৰ্থ নামেৰে জনাজাত । ইয়াত অৱস্থিত মঠ , মন্দিৰ , সত্ৰ , মছজিদ আদিৰ প্ৰতিটো শিল আৰু মাটি বিভিন্ন কাহিনী আৰু বুৰঞ্জীৰে সমৃদ্ধ । ইয়াতেই মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান পোৱামক্কা আছে । বৌদ্ধ ধৰ্মৰ লোকসকলেও হাজোক পৱিত্ৰ জ্ঞান কৰি দৰ্শনৰ বাবে আহে । মুঠতে হাজো হিন্দু , মুছলমান আৰু বৌদ্ধৰ মিলনভূমি ৰূপে পৰিচিত। সেয়ে ইয়াক ধৰ্মৰ ' ত্ৰিৱেণী সঙ্গম ' ৰূপে অভিহিত কৰা হৈছে । 
বিভিন্ন সময়ত বিভিন্ন শাসকৰ দিনত হাজোক বিভিন্ন নামেৰে জনা যায় । মহাকাব্য আৰু পুৰাণে হাজোক নামাকৰণ কৰিছে ‘ পঞ্চতীৰ্থ ’ ৰূপে । কালিকা পুৰাণে হাজোৰ নাম ‘ অপুনৰ্ভৱ ’ আৰু ‘ মণিকূট ’ বুলিও কৈছে । ‘ যোগিনীতন্ত্ৰ ’ ৰ মতে হাজোৰ নাম ‘ বিষ্ণুপুষ্কৰ ’ আৰু ‘ অপুনৰ্ভৱ ’। সূৰ্য্যখড়ি দৈৱজ্ঞ ৰচিত ‘ দৰং ৰাজবংশাৱলী ’ পুথিৰ মতে হাজো ‘ মণিকূট গ্ৰাম ’। আহোম ৰজা সকলৰ দিনত ৰচিত ‘ বুৰঞ্জী ’ ত ইয়াৰ নাম ‘ হাজো  পোৱা গৈছে । চৰিত পুথি আৰু বৈষ্ণৱ কবিসকলৰ ৰচনাত ‘ হাজো ’ নামে উল্লেখ আছে ৷ মোগলসকলৰ দিনত হাজো ‘ চুজাবাদ ’ বা ‘ চুজানগৰ ’ নামেৰে জনাজাত হৈছিল ।
‘ হাজো ’ নামটোৰ উৎপত্তি সম্পৰ্কে কেইবাটাও জনশ্ৰুতি আছে । সেইবোৰৰ ভিতৰত হ’ল -- এসময়ত ঋষিমুনি সকলে হাজোত যোগ সাধনাত বহিছিল । কিন্তু তেওঁলোকৰ যোগ সাধনা হঠাৎ ভ্ৰষ্ট হ’ল । যোগ সম্পূৰ্ণ নহ’ল । ভগ্ন মনোৰথেৰে যোগীসকলে ‘ হা যোগ ’ ‘ হা যোগ ’ কৈ চিঞৰিবলৈ ধৰিলে ৷ কালক্ৰমত ‘হা যোগ’ চিঁঞৰ শব্দৰ পৰাই গৈ ‘ হাজো ’ নাম হোৱা বুলি কোৱা হয় ৷
       আন এটা জনশ্ৰুতি মতে , বুদ্ধদেৱৰ মৃত্যু হৈছিল হাজোত । বুদ্ধৰ মৃত্যুৰ শোকত শিষ্য সকলে ‘ হ অ-জু ’ বা ‘ হা-জু ’ ( সূৰ্য্য অস্তমিত হ’ল ) বুলি চিঁঞৰি কান্দিছিল । এই উচ্চাৰণৰ পৰাই ঠাইখনৰ নাম কালক্ৰমত ‘ হাজো ’ হোৱা বুলি কোৱা হয় ।
       আন এটা জনশ্ৰুতি মতে , হাজোৰ ‘ পোৱামক্কা ’ স্থান দৰ্শন কৰিলে মুছলমান সকলৰ ‘ হজ ’ কৰাৰ দৰে পুণ্য হয় । এই ‘ হজ ’ শব্দৰ পৰাই ‘ হাজো ’ হোৱা বুলি কোৱা হয় ।
       আন কিছুমানৰ মতে , এসময়ত এই ঠাইখনত ম্লেচ ৰজা ‘ হজ ’ বা ‘ হাজু ’ ৱে ৰাজধানী পাতি শাসন কাৰ্য চলাইছিল । এই ‘ হজ ’ বা ‘ হাজু ’ নামৰ পৰাও ঠাইখনৰ নাম  ‘ হাজো ’ হোৱা বুলি কোৱা হয় । এই সম্পৰ্কে ড° প্ৰবীণ চন্দ্ৰ দাসে লিখিছে যে ' হাজো ' নামটোৰ ভাষাতাত্ত্বিক বিশ্লেষণ হ'ল যে ই এটা বড়োমূলীয়া শব্দ । বড়ো ভাষাৰ দুটা শব্দ ' হা ' আৰু ' গজৌ ' শব্দৰ অৰ্থ ওখ । গতিকে হাজো মানে ওখ ঠাই বা পৰ্বত-পাহাৰৰ ঠাই । হাজোৰ পঞ্চতীৰ্থ বুলিলে হয়গ্ৰীৱ মাধৱ , কেদাৰ , গণেশ , কামেশ্বৰ আৰু কমলেশ্বৰ বুজায় । হিন্দু সকলৰ পঞ্চতীৰ্থৰ উপৰিও ইয়াত আছে ইছলাম ধৰ্মৰ লোকসকলৰ পৱিত্ৰ তীৰ্থস্থান ' পোৱামক্কা ' ৷ হয়গ্ৰীৱ মাধৱ দেৱালয় মণিকূট পাহাৰৰ ওপৰত অৱস্থিত ৷ বীণা , বেণু আৰু মৃদঙ্গৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত হৈ থকা ' হয়গ্ৰীৱ মাধৱ ' পঞ্চতীৰ্থৰ প্ৰধান দেৱালয় । মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত অসমৰ বৈষ্ণৱ সত্ৰ সমূহত থাপনা ৰখা দেৱগৃহক ' মণিকূট ' বোলা কথাষাৰ যথেষ্ট মন কৰিবলগীয়া । নামঘৰৰ এই মণিকূট হয়গ্ৰীৱ মাধৱৰ নিবাস মণিকূটৰ প্ৰভাৱ বুলি অনুমান হয় ।
       হয়গ্ৰীৱ মাধৱ মন্দিৰ সম্পৰ্কত নানা প্ৰবাদ শুনা যায় । কালিকা পুৰাণৰ প্ৰবাদ মতে এই তীৰ্থ উৰ্ব নামৰ এজন ঋষিয়ে প্ৰতিষ্ঠা কৰিছিল ৷ সেই সময়ত আছিল কলি আৰু দ্বাপৰৰ সন্ধিক্ষণ । তেতিয়াৰ হাজো অসুৰেৰে ভৰা আছিল । বিশেষকৈ জ্বৰাসুৰ , হয়াসুৰ আদি অসুৰৰ অত্যাচাৰত সাধু-সন্যাসী ভয়ত ত্ৰস্তমান হৈ আছিল । হাজো আশ্ৰমত থকা উৰ্ব ঋষিও অসুৰৰ অত্যাচাৰত জ্বলা-কলা হ'ল । ঋষিয়ে অসুৰৰ অত্যাচাৰৰ পৰা তেওঁক ৰক্ষা পাবলৈ তপস্যা কৰিবলৈ ধৰিলে । তেওঁৰ তপস্যাত সন্তুষ্ট হৈ বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধৰি জ্বৰাসুৰ , হয়াসুৰক নিধন কৰি মানৱৰ হিতৰ বাবে মণিকূট পাহাৰত হয়গ্ৰীৱ মাধৱ ৰূপে অৱস্থান কৰে । অইন এক ধাৰণা মতে হাজোৰ মাধৱ দেৱালয় মূলত বৌদ্ধ ধৰ্ম মন্দিৰ বুলি ভূটানৰ বৌদ্ধধৰ্মী লোক সকলে বিশ্বাস কৰে । কেদাৰ মন্দিৰৰ পূৱ-দক্ষিণ দিশত এজোপা প্ৰকাণ্ড শালগছ আছে আৰু সেই শালগছৰ তলতে বুদ্ধদেৱৰ মহা পৰিনিৰ্বাণ ঘটিছিল বুলি কোৱা হয় ৷ ভক্ত আৰু শিষ্য বৃন্দই বুদ্ধদেৱৰ শৱদেহটো শোভাযাত্ৰা কৰি মণিকূট পাহাৰলৈ আনি সমাধিস্থ কৰে । সেই স্থানত ভক্ত সকলে চৈত্য নিৰ্মাণ কৰি বুদ্ধদেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰে । ভূটান , নেপাল , তিব্বত আৰু চীন দেশৰ পৰা অহা  তীৰ্থযাত্ৰী সকলে হাজোক স্বৰ্গভূমি বুলি জ্ঞান কৰি আহিছে । তেওঁলোকে কয় - তেওঁলোকৰ মহামুনি হাজোত আছে । তেওঁলোকে মাধৱৰ মূৰ্তিটোক দোৰ্জী দোলা , শক্যথুৰা , চেনচা বুলি কয় ৷ ভূটীয়া লামা সকলে হয়গ্ৰীৱ মাধৱ মূৰ্তিক নমোগুৰু অৰ্থাৎ পদ্মসম্ভৱ বুলি কয় । বাকীকেইটা বিগ্ৰহক উগায়ন গুৰু , ' দউৰজ দোলা ' বুৰামাধৱক ' চাকা থুবা ' চেনচা মুনি বুলি কয় । তেওঁলোকে পৰিজনৰ মৃত্যুৰ মুহূৰ্তত মোক্ষ কামনা কৰি মৃতকৰ লগত দিবলৈ হাজোৰ পৰা মাটি আৰু শিলৰ টুকুৰা বুটলি নিয়ে । ইংৰাজ লেখক এগৰাকীয়েও কামৰূপ জিলাৰ হাজোকেই কুশীনগৰ বুলি কৈছে ।
       কোনো কোনো পণ্ডিতে কয় যে এই মন্দিৰ স্থানত বৌদ্ধ স্তুপ আছিল । কালক্ৰমত এই তীৰ্থ বা বৌদ্ধ স্তুপ ধ্বংসপ্ৰাপ্ত হৈছিল । পিছত উক্ত মঠ-মন্দিৰ নৰনাৰায়ণ ৰজাই চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক শাসনভাৰ দিয়াত ১৫৮৩ চনত ৰঘুদেৱে নিৰ্মাণ কৰি উলিয়ায় । মাধৱ মন্দিৰৰ নিৰ্মাণকৰ্তা ৰঘুদেৱ বুলিহে জনা যায় । মন্দিৰৰ গাত থকা এখন ফলিয়ে এই প্ৰমাণ দিয়ে । কথিত আছে যে ৰঘুদেৱে চিকাৰ কৰি ফুৰোঁতে মণিকূট পাহাৰত ভগ্ন মন্দিৰ এটা দেখি তাকে শ্ৰীধৰ কাৰিকৰৰ সহযোগত পুনৰ নিৰ্মাণ কৰায় । কণ্ঠ ভূষণকে এই মন্দিৰৰ প্ৰথম পূজাৰী বুলি জনা যায় ৷ তাৰোপৰি তেওঁ মাটি আৰু শিলৰ ফলিও দান কৰে । আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ , প্ৰমত্ত সিংহ , গৌৰিনাথ সিংহ , কমলেশ্বৰ সিংহ , চন্দ্ৰকান্ত সিংহৰ উপৰাণী পদ্মাৱতী পৰ্বতীয়া কুঁৱৰীয়েও মাধৱ মন্দিৰৰ পৃষ্ঠপোষকতা কৰি মন্দিৰৰ নামত মাটি-বাৰী দান কৰিছিল ৷
       হয়গ্ৰীৱ মাধৱ হৈছে বিষ্ণুৰ মূৰ্তি । হয়গ্ৰীৱ মাধৱ শব্দৰ ব্যাখ্যা এনেধৰণৰ- হয় মানে ঘোঁৰা , গ্ৰীৱ 
মানে গল , মা মানে লক্ষ্মী , ধৰ মানে স্বামী অৰ্থাৎ যি লক্ষ্মীৰ স্বামীৰ গল ঘোঁৰাৰ দৰে , তেৱেঁই হয়গ্ৰীৱ মাধৱ । হয়গ্ৰীৱ মাধৱ ভগৱান বিষ্ণুৰ এটা অৱতাৰ ৷ হাজোৰ মণিকূট পাহাৰত প্ৰায় তিনিশ ফুট ওপৰত এই মন্দিৰ অৱস্থিত । মন্দিৰৰ বেদীত পাঁচটা বিগ্ৰহ আছে । এই বিগ্ৰহকেইটাক ক্ৰমে বুঢ়া মাধৱ , হয়গ্ৰীৱ বা দ্বিতীয় মাধৱ , চলন্ত মাধৱ বা কানায়া বাসুদেৱ আৰু গৰুড় পক্ষী হিচাপে চিনাক্ত কৰা হৈছে । তেওঁলোকৰ অৱস্থান এনেধৰণৰ - সোঁমাজত বুঢ়া মাধৱ ( বিষ্ণু ৰূপত ) , তেওঁৰ বাওঁফালে হয়গ্ৰীৱ বা দ্বিতীয় মাধৱ ( উৰিষ্যাৰ জগন্নাথৰ দ্বিতীয় অংশ ) , দ্বিতীয় মাধৱৰ বাওঁফালে গৰুড় পক্ষী , বুঢ়া মাধৱৰ সোঁহাতে গোবিন্দ মাধৱ বা চলন্তা মাধৱ আৰু চলন্ত মাধৱৰ সোঁহাতে বাসুদেৱ । সপ্তখণ্ড জগন্নাথৰ তিনিখণ্ড জগন্নাথত ( কৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰা ) ৷ হাজোৰ মনিকূট পাহাৰত হয়গ্ৰীৱ মাধৱ , শ্বেত দ্বীপত শ্বেত মাধৱ ( শুভকান্তি ) , নীল মাধৱ আৰু মহাসাগৰত কুৰ্ম মাধৱ ( কাছ ৰূপত ) অৱস্থান কৰিছে । বুঢ়া মাধৱক বগা কাপোৰ আৰু জাল মালাৰে আবৃত্ত কৰি ৰখা হয় ৷ মূৰ্তিটোক মেৰাই ৰখা এই কাপোৰৰ দৈৰ্ঘ্য প্ৰায় বাৰ হাত । মূৰ্তিকেইটাৰ আগত তিনিগছ অখণ্ড প্ৰদীপ জ্বলি থাকে ৷ তাত দিনে-নিশাই একোগছ চাকিত পাঁচ পোৱা তেল পোৰা হয় । এই অক্ষয় বন্তি তিনিগছ দ্বাপৰৰ শেষ আৰু কলিৰ আদ্যত উৰ্ব মুনিয়ে প্ৰজ্বলন কৰিছিল আৰু তেতিয়াৰে পৰা আজিও জ্বলি আছে । দ্বিতীয় মাধৱ দাৰু ব্ৰহ্মাৰে নিৰ্মাণ কৰা , গৰুড় পক্ষী ৰূপৰ , চলন্তা মাধৱ অষ্ট ধাতুৰ , বাসুদেৱ শিল সদৃশ বুলি জনা যায় । চলন্তা অৰ্থাৎ বংশীবাদন কৃষ্ণৰ মূৰ্তি উৎসৱ আদিত মন্দিৰৰ বাহিৰ ওলায় ।
       হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাহিৰৰফালে উত্তৰ দিশে গাত লাগি আছে নৰসিংহ মূৰ্তি । মূল মন্দিৰৰ ভিতৰৰ দ্বাৰত আছে দ্বাৰপাল হনুমান । মন্দিৰৰ আন আন অংশৰ নাম যেনে - জগমোহন আৰু নাট মন্দিৰ । জগমোহনৰ পশ্চিমত নাট মন্দিৰ । নাট মন্দিৰৰ ভিতৰত এটা ঢাপ আছে । গোবিন্দ মাধৱে তাতেই বহি দেৱদাসীৰ নৃত্য উপভোগ কৰিছিল । ইয়াক ভূটীয়া ঢাপো বোলে । মাধৱ মন্দিৰৰ মঠৰ বাহিৰত দশৱতাৰৰ চিহ্নবোৰ অংকিত হৈছে । মন্দিৰৰ বাওঁদিশত ভোগঘৰ । ই বুলনি ঘৰৰে সংযোগ । পশ্চিমৰ গড়ৰ লগত আছে বাটচ'ৰা । উত্তৰ ফালৰ বাটচ'ৰাই মন্দিৰৰ মুখ্যদ্বাৰ । উত্তৰৰ সিংহদ্বাৰত লাগি আছে সন্যাসী ঘৰ ৷ তাত এজোপা গছ আছে যাৰ বয়স পাঁচশ বছৰ বুলি অনুমান কৰা হৈছে ৷ নামনিত দুটা মঠ আছে । ইয়াক দোমোঠাগুৰি বোলে । ইয়াত হাজো অঞ্চলৰ ৰাইজৰ মেলো বহিছিল । উত্তৰত চৰিয়া ঘৰ । তাৰ উত্তৰত মাধৱ পুখুৰী । যোগিনীতন্ত্ৰত ই বিষ্ণুপুষ্কৰ নামে জনাজাত । পুখুৰীটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ মাছ আৰু কাছ , তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰ । মন্দিৰৰ দক্ষিণে আছে বৰাহকুণ্ড আৰু তাৰ পাছতে আছে চৈতন্যঘোপা । চৈতন্যদেৱ কামৰূপলৈ আহোঁতে এই গুহাত বাস কৰিছিল । মন্দিৰৰ চৌহদত এটা ইটাৰ গড় আছে । পূব দিশত লক্ষ্মীদেৱীৰ মন্দিৰ । ইয়াত দৈনিক হোম হয় । লক্ষ্মীমন্দিৰত বগা ফুল , হালধীয়া ফুল , চাউল , ধানৰ মালা ব্যৱহাৰ হয় । ১৭৫০ চনতে ৰজা প্ৰমত্ত সিংহই সজোৱা এটা দৌলগৃহ আছে । ইয়াত গোবিন্দ দৌল , ৰজা দৌল পালন কৰা হয় ৷ মাঘ মাহত মাধৱ মন্দিৰলৈ অসংখ্য যাত্ৰীৰ ভিৰ হয় ৷ মাঘ মাহৰ প্ৰথম দিনা বুলবুলি চৰাইৰ যুঁজ খেল খেলা হয় । দুপৰীয়া ভোগ লগোৱা হয় ৷ ভোগ নিৰামিষ । ৰাতি পিঠা ভোগ লগোৱা হয় ।
       নামনিৰ পৰা ৯৯ থাক শিলেৰে সজোৱা খটখটীৰ ওপৰত দুয়োকাষে প্ৰাচীৰেৰে সুৰক্ষিত মাধৱ মন্দিৰ । এই মন্দিৰৰ সৌন্দৰ্যই সকলো সময়তে এক ঐশ্বৰিক পোহৰ বিলাই আহিছে । পূজা-অৰ্চনাৰ সুবাস আৰু শংখ-মৃদংগৰ শব্দই দাঁতিকাষৰীয়া অঞ্চললৈ ভক্তিৰ নিজৰা বোৱাই থাকে । দেৱালয়ৰ মুখ্য পৰিচালক আছিল দলৈ । পূজাৰী , আঠপৰীয়া , মালাকৰ , গায়ন-বায়ন , নাচনী , ধূপ-দীপ , যোগালী আদি বিভিন্ন লোক মন্দিৰৰ সেৱাত নিয়োজিত হৈ থাকে । এতিয়া চৰকাৰৰ দ্বাৰা মনোনীত দেৱালয় পৰিচালনা সমিতিয়ে মন্দিৰ পৰিচালনা কৰে ৷ কেদাৰ দেৱালয় হাজোৰ পঞ্চতীৰ্থত থকা তীৰ্থবোৰৰ ভিতৰত মদনাচল পাহাৰত অৱস্থিত ৷ কেদাৰ এখন অতি পৱিত্ৰ তীৰ্থস্থান ৷ ইয়াৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম । মন্দিৰৰ উৎপত্তি সম্পৰ্কে কিংবদন্তিয়ে কয় যে এঘৰ ব্ৰাহ্মণৰ এজনী ক্ষীৰতি গাই আছিল । গাইজনীয়ে কোনোদিনে ঘৰত গাখীৰ নিদিয়ে । এদিন গৃহস্থই গাইজনীৰ পাছে-পাছে গৈ বাঘ-বৰাৰে ভৰা অটব্য হাবিৰ মাজত এডোখৰ চোতালৰ দৰে আহল-বহল ঠাই দেখিলে । তাতে এঠাইত গাইজনী থিয় হয় আৰু আপোনা-আপুনি গাখীৰ পৰিবলৈ ধৰে । ব্ৰাহ্মণে দেখে য'ত গাখীৰ পৰিছে সেইটো শিৱ লিংগ। সেইদিনাৰ পৰা ব্ৰাহ্মণে তাত পূজা-অৰ্চনা আৰম্ভ কৰে । কেদাৰ এখন প্রাচীন শিৱ পীঠ । কোনো কোনোৱে ইয়াৰ নির্মাণ কাল ৬৫০ খ্রীষ্টাব্দৰ পৰা ৯৯০ খ্রীষ্টাব্দ বুলি আৰু কোনোৱে ১৯৩৮ খ্রীষ্টাব্দ বুলি অনুমান কৰিছে । কেদাৰৰ মূল বিগ্ৰহটো এটা শিৱ লিংগ । ই শিলৰ ৷ লিংগটোত শিৱ আৰু পার্বতীক দেখা যায় । বিগ্ৰহটোৰ চাৰিওফালে থকা শিলৰ গোলাকাৰ বেষ্টনীটোক গৌৰীপীঠ বোলে । লিংগটোৰ কাষত থকা আন এখন বেদীত চলন্ত শিৱৰ বিগ্রহ আছে । চলন্ত শিৱই বৃষভৰ পিঠিত অবস্থান কৰিছে ৷ তেওঁৰ পঞ্চমুখ আৰু দশভূজ । উৎসৱ আদিত বাহিৰ ওলায় ৷ মন্দিৰৰ পূৱত বৰ শাল গছ আৰু কেদাৰ পুখুৰী , দক্ষিণত শ্রী শ্রী জয়দুর্গা দেৱালয় , পশ্চিমত গোকর্ণ , বিকৰ্ণ , ভীমৰ চৰিয়া , নেতাই ধুবুনী আদি অৱস্থিত । পুখুৰীত হাত-মুখ ধুই মন্দিৰ দর্শন কৰা হয় । পুখুৰীটো তলিখন শিল পোতা ৷ পূৱ কোণত হাতীৰ শুৰৰ দৰে দুটা গাত আছে । সেই গাতেৰে পুখুৰী পানী ভৰি থাকে । কথিত আছে যে মদনে শিৱৰ শাপত ভস্ম হৈ পুনৰ জীৱন পোৱাৰ পিছত হেনো ইয়াতে স্নান কৰিছিল আৰু নৃত্য গীতেৰে শিৱ-পাৰ্বতীক অৰ্চনা কৰিছিল ৷ তেওঁৰ নামেৰে এই পাহাৰৰ নাম মদনাচল পাহাৰ আৰু পুখুৰীৰ নাম মদন পুষ্কৰ বুলি জনাজাত । কেদাৰত স্নান কৰি পূজা হয় । আমিষ ভোগ আৰু সন্ধিয়া আৰতি হয় । প্রধানকৈ পশ্চিমৰ শিলৰ খটখটিৰে যাত্রীয়ে উঠা-নমা কৰে । শিলবোৰত কিছুমান চিহ্ন দেখা যায় । ভীমৰ গদা , পঞ্চপাণ্ডৱৰ খোজৰ চিন আদি । যোগিনীতন্ত্রমতে , অতীতৰ কেদাৰত নৃত্য-গীতৰ প্ৰমাণ পোৱা যায় । নটী নাচ বা দেৱদাসীৰ নৃত্য কেদাৰ মন্দিৰৰ কেন্দ্র আছিল ৷ মাছ , মাংস, মাটি মাহৰ দাইল ভোগত লগোৱা হয় । মন্দিৰৰ সেৱা পূজাৰ বাবে পূজাৰী , আঠপৰীয়া , কোঠবনীয়া সকল আছে । কেদাৰৰ প্রিয় অনুষ্ঠান শিৱৰাত্ৰি মেলা । হিন্দু সমাজাৰ বিশ্বাস যে কেদাৰক পূজিলে শিৱলোক পোৱা যায় ।
       কমলেশ্বৰঃ তীর্থক্ষেত্র হাজোৰ পঞ্চতীর্থৰ ভিতৰত কমলেশ্বৰ মন্দিৰো এখন । কেদাৰ মন্দিৰৰ পূৱত কেদাৰ পুখুৰীৰ উত্তৰ পাৰত কমলেশ্বৰ অৱস্থিত । ই এটা শিৱপীঠ । ইয়াত নিয়মিত পূজা-পাতাল চলে । কেদাৰৰ পূজাৰীয়ে ইয়াত পূজা-পাতল কৰে । ইয়াত ভোগ ভাত নচলে । কমলেশ্বৰক পূজিলে পাপ গ্ৰহৰ পৰা মুক্ত আৰু সংসাৰত ৰোগ-তাপৰ পৰা পৰিত্রাণ পাব পাৰি বুলি মানুহৰ বিশ্বাস । কমলেশ্বৰ দেৱালয়ৰ নিচেই ওচৰত এটি মনোৰম কমলা সৰোবৰ আছে । ই সৃষ্টিকৰ্তাৰ এক অভিনৱ সৃষ্টি ।
       কামেশ্বৰ মন্দিৰঃ কামেশ্বৰ মন্দিৰ পঞ্চতীর্থৰ অন্যতম । ইয়াৰ প্রাচীন মঠ কালাপাহাৰে ভঙাত কোচ ৰজা সকলে পুনৰ নির্মাণ কৰে যদিও ১৮৯৭ চনৰ ভূমিকম্পই মন্দিৰৰ ক্ষতিসাধন কৰে । পিছত ইয়াক আকৌ নতুনকৈ সজোৱা হৈছে । বছৰৰ অইন দিনত নিৰামিষ ভোগৰ বিধান আছে । একমাত্র শিৱৰাত্ৰিত ইয়াত আমিষ ভোগ হয় । ইয়াৰ কিছু আঁতৰত তাহানিৰ কেঁকোৰা সাগৰ মৃত অবস্থাত পৰি আছে । ' গোধাৰ বৰশী বোৱা শিল ', মহাদেৱৰ বৃষভ ( ভীমৰ পইতা খোৱা চৰিয়া , মহাদেৱৰ ভাং খুন্দা পাত্ৰ আৰু মাৰি , নেতাই ধুবুনীৰ কাপোৰ ধোঁৱা পাট , বেউলাৰ ভেল বান্ধা চিন' আদি কামেশ্বৰ মন্দিৰৰ আশে-পাশে সিঁচৰিত হৈ আছে । ইয়াত শিৱ লিংগ আৰু পঞ্চানন দশভূজা মূর্তি আছে ৷ বিশেষ পর্বত ৰঙা কাপোৰ আৰু ফলৰ মালাৰে সজাই দশভূজা মূর্তিক চলন্ত ৰূপত নগৰ ভ্রমণলৈ নিয়া হয় । মদন ত্ৰয়োদশী আৰু শিৱৰাত্রি ইয়াৰ প্রধান উৎসৱ ।
       গনেশ মন্দিৰঃ গণেশ মন্দিৰ , পঞ্চতীৰ্থৰ আন এখন প্রধান তীর্থ ক্ষেত্র । এই তীর্থৰ কাষেৰে কেদাৰ আৰু কামেশ্বৰ মন্দিৰলৈ যাব লাগে । বাগৰি থকা এটা প্রকাণ্ড শিলত গণেশৰ মূর্তি খোদিত কৰা হৈছে । গণেশ মন্দিৰক ' দেৱ ভৱন ' আখ্যা দিয়া হৈছে । বেউলাই কেঁকোৰা সাগৰেৰে ভেলত লখিন্দৰক লৈ দেৱ ভূমি হাজোত উপস্থিত হৈছিল । ইয়াতে বেউলাৰ মৃত স্বামী লখিন্দৰে মহাদেৱৰ সহায়ত জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল । গণেশ মন্দিৰৰ চৰাঘৰতে দেৱতা সকল মিলিত হোৱা বুলি কোৱা হয় আৰু ইয়াতে হেনো লখিন্দৰে জীৱন দান পায় । এই কাৰণতে গণেশক দেৱ ভৱন বোলা হয় । তেতিয়াৰে পৰা মাঘী সংক্রান্তিত হয়গ্রীৱ মাধৱ , কেদাৰ আৰু কামেশ্বৰ চলন্ত বিগ্রহৰ শোভাযাত্রা কৰি দেৱ ভৱনত বহুওৱা হয় । দেৱ পূজাৰ প্রথম পূজা গণেশক কৰা হয় । গণেশ দেৱালয়ত কোনো চলন্ত বিগ্রহ নাই । মূল মন্দিৰৰ সন্মুখত আহোম স্বৰ্গদেউ প্রমত্ত সিংহৰ শিলৰ ফলি দেখিবলৈ পোৱা যায় ৷ এতিয়া আমি ক’ব পাৰো যে হাজো শাক্ত , শৈৱ আৰু ইছলাম ধৰ্মৰ মিলনভূমি । প্ৰাকৃতিক দুৰ্যোগ , যুদ্ধ-বিগ্রহ , বিভিন্ন ৰজাৰ শাসন আৰু বহুতো পৰিৱৰ্তনৰ পিছতো এই মিলন এনাজৰী ছিঙিব পৰা নাই । কেতিয়াও ধৰ্মৰ নামত ইয়াত সাম্প্ৰদায়িক বিভেদ হোৱা নাই । হয়গ্ৰীৱ মাধৱৰ নিচান ধৰা আদি কৰ্মৰ দায়িত্ব বহন কৰে মুছলমান ভাইসকলে আৰু পোৱামক্কা তীৰ্থতো জেঠী পূৰ্ণিমাত অগণন হিন্দুৱে পদাৰ্পণ কৰে ।

       হাজো পঞ্চতীৰ্থৰ স্থাপত্য , ভাস্কৰ্য , চিত্ৰকলা , গীত , নৃত্য , বাদ্যই প্ৰাচীন অসমৰ অতি গৌৰৱোজ্বল ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে ৷ পৰিতাপৰ কথা এয়াই যে হাজো যিদৰে বিশ্ব দৰবাৰত প্ৰচাৰ হ’ব লাগিছিল তেনেভাৱে হোৱা নাই । এই ক্ষেত্ৰত জনসাধাৰণৰ লগতে সংবাদ মাধ্যম আৰু চৰকাৰে বিশেষ ভাৱে ৰক্ষণা-বেক্ষণ , পৰিচালনা আৰু প্ৰচাৰ কৰিব পাৰিলে নিশ্চিতভাৱে হাজো এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠিব ।



সহায়ক গ্ৰন্থঃ
১) হাজো অঞ্চলৰ ইতিহাস ( সমীন কলিতা )
২) অসমীয়া ভাষা-সাহিত্যৰ আলেখ্য ( সৰ্বেশ্বৰ বৰুৱা )



শ্ৰীসৰস্বতী দত্ত , 
প্ৰধান শিক্ষয়িত্ৰী ,
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় 
শিক্ষাখণ্ড : হাজো


Post a Comment

0 Comments