header ads

প্ৰবন্ধ, সুষমা অসমী ধৰাত অম্বুবাচী আৰু মোৰ অনুভৱ,

 সুষমা অসমী ধৰাত অম্বুবাচী আৰু মোৰ অনুভৱ

 

  আহাৰ বা আষাঢ় অসমীয়া বৰ্ষৰ তৃতীয় মাহ । এই সময়ত ধৰালৈ বৰ্ষা ঋতুৰ আগমন ঘটে । অসমত বৰ্ষা ঋতুৰ অন্তৰ্গত আহাৰ মাহৰ এক বিশেষ বৈশিষ্ট হৈছে অম্বুবাচী বা আমোতি উৎসৱ । বৰ্তমান এই উৎসৱ এক বৃহৎ অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে । বৰ্ষা ঋতুৰ আদিভাগত আমি পৃথিৱীত বসন্ত ঋতুৰ সৌন্দৰ্য উপভোগ কৰোঁ ।
       চ'ত-ব'হাগৰ  সন্ধিক্ষণত সমগ্র ধৰাতে যেন প্রাকৃতিক শোভা বিয়পি পৰে । গছ-লতিকাত ন- কুঁহিপাত মেলে , চ'তৰ প্রথমজাক বৰষুণে ধূলিয়ৰি ধৰাখন যেন ধুই নিকা কৰে আৰু  সেউজীয়াৰ আগমন ঘটে । ব'হাগত ঢোল-পেঁপাৰ ৰজনজননিত গোটেই ধৰাখন ন-সাজেৰে  সজ্জিত হৈ যেন বিহু মাৰিবলৈ প্রস্তুত হয় । গছ-গছনিবোৰ সম্পূর্ণভাবে সেউজীয়া হৈ পৰাৰ লগতে বসন্ত ঋতুত  ফুলা স্থানীয় ফুল যেনে – নাহৰ , তগৰ , জুতিমালতি , খৰিকাজাঁই , মাধৱীলতা , কপৌ , জবা , এজাৰ , সোণাৰু , কৃষ্ণচূড়া আৰু অলেখ ৰঙৰ  ফুল ফুলিবলৈ ধৰে । প্রকৃতিৰ এই বিনন্দীয়া ৰূপত সমগ্র অসমখন যেন উজ্জীৱিত হৈ উঠে ।
       ইয়াৰ পাছতে জেঠমাহত 'বাৰখৰ'ৰ তীব্রতা অনুভৱ হয় আৰু বতৰৰ ফলসমূহ পকিবলৈ বা পূর্ণতা পাবলৈ ধৰে । এই সময়ত অসমত বিভিন্ন প্ৰকাৰৰ ফল , যেনে – আম , জাম , কঁঠাল , লেতেকু , পনিয়ল , আনাৰস আৰু অন্যান্য বতৰৰ ফলসমূহ দেখিবলৈ পোৱা যায় ।
       চাওঁতে চাওঁতে আহাৰ বা আষাঢ় মাহৰ সিক্ততা অনুভৱ হ'বলৈ  ধৰে  আৰু লগতে বৰ্ষা ঋতুৰো প্ৰৱেশ ঘটে । জেঠ আৰু আহাৰৰ সংক্ৰান্তিৰ আগে আগে অসমত 'ষাঁঠ' আৰম্ভ হয় আৰু উষ্ণ , তপ্ত ধৰালৈ বৰ্ষাৰ ফল্গুধাৰাৰ আগমন ঘটে । এই সাতদিন অৰ্থাৎ জেঠ মাহৰ চাৰিদিন আৰু আহাৰ মাহৰ তিনিদিনৰ পিছতে আমোতি বা অম্বুবাচী আৰম্ভ হয় । লোকবিশ্বাস অনুসৰি এগৰাকী নাৰী ৰজঃস্বলা হোৱাৰ দৰে আই বসুমতীও ৰজঃস্বলা হয় আৰু চাৰিদিন ধৰি এই 'প্রবৃত্তি' চলে । এই চাৰিদিনত অসমৰ মানুহে কোনো মাংগলিক কাৰ্য সিদ্ধি নকৰে , যেনে - হাল-কোৰ বোৱা , ফলমূল ছিঙা , বিয়া-বাৰু , সকাম - নিকাম , পূজা-অর্চনা ইত্যাদি । সকলো মঠ-মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় । প্রতিঘৰ মানুহে এই চাৰিদিন ঘৰৰ থাপনাত চাকি-বন্তি দিয়াৰ পৰা বিৰত থাকে । এইয়া বসুমতী উর্বৰা হোৱাৰ সময় । কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত শ্ৰীশ্রী মা কামাখ্যা দেৱালয়ত এই উৎসৱ মহা ধুম-ধামেৰে প্রাচীনকালৰে পৰা পালিত হৈ আহিছে । এই উৎসৱ তথা প্রবৃত্তিৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আনকি বিদেশৰ পৰাও কামাখ্যা মন্দিৰলৈ সাধু-সন্ন্যাসীসকলৰ আগমন ঘটে ।
       সমগ্ৰ ভাৰতবৰ্ষৰে একমাত্ৰ 'যোনীপীঠ' ৰূপে খ্যাত এই কামাখ্যা দেৱালয়ত 'নিবৃত্তিৰ' দিনা অৰ্থাৎ আহাৰ মাহৰ সপ্তমদিনা আই বসুমতী শুচি হয় বা শুদ্ধ হয় আৰু পুনৰ মন্দিৰৰ দুৱাৰ খুলি পূজা অৰ্চনা আৰম্ভ কৰা হয় । লগতে এই সাতদিন পৃথিৱীখনত হোৱা বৃষ্টিয়ে অসমৰ কৃষক সকলক বিশেষভাৱে সহায় কৰে । সংস্কৃত ' অম্বু ' শব্দৰ অৰ্থ হ'ল পানী । 'অম্বুবাচী' অর্থাৎ বাহী হৈ থকা ধৰাখন পানীৰে ধুই শুদ্ধ কৰে প্রকৃতিয়ে । লগে লগে চহা ৰাইজ কৃষিকর্মত ব্যস্ত হৈ পৰে । খাল-বিলসমূহ পানীৰে পৰিপূৰ্ণ হৈ পৰে ।
       মই শিক্ষকতা কৰা বিদ্যালয়খনলৈ যোৱা যাত্রাপথত ( গুৱাহাটীৰ পৰা বকো - মালিবাৰী অঞ্চললৈ ) মই আহাৰ মাহৰ বৰ্ষাসিক্ত সেউজীয়াৰ সমাহাৰ পুৰামাত্রাই উপভোগ কৰোঁ । যাত্রাপথৰ সকলো দুখ-ভাগৰ পাহৰাই দিয়ে প্রকৃতিৰ এই বিনন্দীয়া ৰূপে । ছয়গাঁও অতিক্রম কৰাৰ পিছতেই এই সেউজীয়া সুষমা উপভোগ কৰিবলৈ পাওঁ । পথৰ দুয়োকাষৰ পথাৰত সৌ-সিদিনালৈকে  খৰাংসদৃশ পৰিৱেশে বিৰাজ কৰিছিল । কিন্তু আহাৰ মাহৰ আগমনৰ লগে লগে যি বৃষ্টিপাত হ'ল সিয়ে পথাৰবোৰ জীপাল কৰি তোলাৰ লগতে মনতো অপাৰ আনন্দ  দিয়ে । চহা ৰাইজক আনন্দিত কৰে । এইবাৰো দেখিলো এই অঞ্চলবোৰৰ পথাৰসমূহ সিক্ত হোৱাত ৰাইজে মাটি চহোৱা আৰম্ভ কৰিছে , কঠিয়া পাৰিছে  । অজানিতে মোৰো মনটো সীমাহীন আনন্দেৰে ভৰি পৰিছে  । প্রকৃতিৰ এই মায়াত সেউজীয়া আৰু ৰঙীনৰ অপৰূপ সমাহাৰ । এই বৰ্ষা ঋতুৰ বর্ণনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ভাষাত (বর্ষা বর্ণন) বিনন্দীয়া প্রকৃতিৰ শোভা ব্যক্ত হৈছে এইদৰে ―
"বাৰিষাত নৱ পানী ব্যাপি পাৱৈ আসি ।
 কৰৈ স্নান-পান যত জলস্থলবাসী।।
 হৱৈ সুকুমাৰ মহাৰূপ মনোহৰ ।
 হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ ।।
 হুয়া নদী সৱ সমে সঙ্গম সাগৰ ।
কৰিল কল্লোল মহা ঊর্মি ভয়ংকৰ ।।"




পল্লৱী বৰদলৈ 
স্নাতকোত্তৰ শিক্ষয়িত্ৰী (ইংৰাজী) 
২ নং যোগীপাৰা এল. বি. এছ. এ. উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া
জিলা : কামৰূপ ।





মই মানুহৰ অমল উৎসৱ
চৌদিশে মই জয় আৰু জয়
   এই জয়ৰ বাবেই আন্ধাৰতে উদ্ভাসিত পোহৰ
      পোহৰত হিৰন্ময় হৈ নাচোঁ মই
     নাচি নাচি নদী হৈ / উজানৰ পৰা ক্ৰমশঃ
  মই গৈ থাকো , গৈ থাকো আৰু গৈ থাকো
        মইতো অমোঘ সময় ....।
                     ( সনন্ত তাঁতী )

Post a Comment

0 Comments