header ads

প্ৰবন্ধ, দক্ষিণ কামৰূপৰ নেপালীসকলৰ জনজীৱন আৰু উৎসৱ-পাৰ্বণ,

 দক্ষিণ কামৰূপৰ নেপালীসকলৰ জনজীৱন আৰু উৎসৱ-পাৰ্বণ



      গোৰ্খা বা নেপালীসকল বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ এক অন্যতম জনগোষ্ঠী । শান্তি-সম্প্ৰীতি এওঁলোকৰ মূল ভেঁটি । অতীতৰে পৰা এই অঞ্চলত বসবাস কৰি এওঁলোকে শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমীয়া কৃষ্টি-সংস্কৃতিক শক্তিশালী কৰাত অন্যতম ভূমিকা পালন কৰি আহিছে । কামৰূপ জিলাৰ দক্ষিণ পাৰত গোৰ্খা লোকসকলৰ জনবসতি ঘন নহয় । তেওঁলোক সংখ্যাত তুলনামূলকভাৱে তাকৰ । তেওঁলোক চহৰ-নগৰকে আদি কৰি একেবাৰে দুৰ্গম পাহাৰীয়া ঠাইলৈকে সিঁচৰতি হৈ আছে । ৰাণী , ভি. আই. পি. , পাটগাঁও , বাগান , গণকপাৰা , বকো , হাহিম , হেকৰা , মন্দিৰা , ৰাজাপাৰা , চুইকাটা আৰু অতিকৈ পিছপৰা দুৰ্গম লাম্পী অঞ্চললৈকে তেওঁলোকৰ বসতি । এই অঞ্চলবোৰত গোৰ্খাসকলৰ মুঠ জনসংখ্যা প্ৰায় ত্ৰিশ হাজাৰ । এই অঞ্চলৰ গোৰ্খা লোকসকলে  কঠোৰ অথচ মৰ্যদাপূৰ্ণ জীৱন-যাপন কৰি আহিছে ।
       নেপালী বা গোৰ্খা সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে দুটা প্ৰজাতিৰ -- ককেছীয় আৰু মঙ্গোলীয় । ব্ৰাহ্মণ , ক্ষত্ৰিয় , ঠাকুৰি , ৰাজপুত , কামী , দমাই , চাৰকি ইত্যাদি ককেছীয় প্ৰজাতিৰ অন্তর্ভুক্ত আৰু গুৰুং , মগৰ , নেৱাৰ , তামাং , ভূজেল , ৰায় , লিম্বু , চুব্বা , সোণাৰ , চেৰপা ইত্যাদি মঙ্গোলীয় প্ৰজাতিৰ অন্তর্ভুক্ত । কামৰূপ জিলাৰ দক্ষিণ প্ৰান্তত ওপৰত উল্লেখিত প্ৰায়বোৰ প্ৰজাতিৰ লোক আছে যদিও ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ সংখ্যা অধিক ।

       নেপালী বা গোৰ্খাসকল স্বভাৱগতভাৱে অতিকৈ সহজ সৰল প্ৰকৃতিৰ লোক । বিশ্বাসযোগ্যতা এওঁলোকৰ বংশগতভাবে আহৰণ কৰা এক সুকীয়া বৈশিষ্ট্য । দক্ষিণ কামৰূপ অঞ্চলৰ গোৰ্খা লোকসকলৰ আৰ্থ-সামাজিক দিশতো অইন অঞ্চলত বসবাস কৰা গোৰ্খা লোকসকলৰ তুলনাত উন্নত নহয় যদিও তেওঁলোক আচাৰ-ব্যৱহাৰত চহকী । অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক হিচাপে এই অঞ্চলৰ গোৰ্খাসকলে সমাজৰ সকলো সম্প্ৰদায়ৰ লোকৰ লগত শান্তিৰে , মিলা-প্ৰীতিৰে সমন্বয়ৰ সেতু বান্ধি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অন্যতম ভূমিকা পালন কৰি আহিছে । সাধাৰণতে পৰম্পৰাগতভাৱে গোৰ্খাসকল পশুপালন বৃত্তিৰ লগত জড়িত যদিও তেওঁলোকে বিভিন্ন সময়ত ব্যৱসায় , চাকৰি , চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানৰ কৰ্মী হিচাপেও জড়িত ।

       বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ গোৰ্খা বা নেপালীসকল সংস্কৃতিপ্ৰিয় । মূলতঃ তিহাৰ , তিজ , দশেই তথা আন আন জাতীয় উৎসৱো তেওঁলোকে পালন কৰে ।

       'তিহাৰ' হ'ল পোহৰৰ উৎসৱ যাক আমি দীপাৱলী বুলি জানো । এই উৎসৱ সাধাৰণতে ইংৰাজী অক্টোবৰ-নৱেম্বৰ মাহত পালন কৰা হয় । পাঁচদিন ধৰি নেপালীসকলে এই উৎসৱ উদ্ যাপন কৰে । এই উৎসৱৰ প্ৰথম দিনটো 'কাক তিহাৰ' হিচাপে পালন কৰা হয় । এই দিনটোত কাউৰীক পূজা কৰা হয় আৰু ঘৰৰ চালৰ ওপৰত কাউৰীক খাবলৈ মিঠাই বা অইন খাদ্য দিয়া হয় । দ্বিতীয় দিনটোত 'কুকুৰ তিহাৰ' হিচাপে কুকুৰক পূজা কৰা হয় আৰু ভাল ভাল খোৱাবস্তু খাবলৈ দিয়া হয় । ঠিক তেনেকৈ তৃতীয় দিনটো 'গাই তিহাৰ' হিচাপে পালন কৰা হয় আৰু উক্ত দিনা গাই বা কাঢ়লীক ফুলৰ মালা পিন্ধাই পূজা কৰা হয় । এই দিনটোতে নেপালীসকলে ঘৰৰ মজিয়া বা পদূলি বিভিন্ন ৰঙেৰে আলোকিত কৰি মা লক্ষ্মীক আদৰণি জনায় । গাই তিহাৰৰ নিশা লক্ষ্মী পূজা কৰা হয় আৰু সন্ধিয়াৰ পৰাই চাকি-বন্তি জ্বলাই অমাৱস্যাৰ নিশাটো প্ৰজ্জ্বলিত কৰি ৰখা হয় । ল'ৰা-ছোৱালীবোৰে পৃথক পৃথককৈ দলীয়ভাৱে ঘৰে ঘৰে গৈ নাচ-গান , স্ফূৰ্তি-তামাচা কৰে আৰু গানৰ মাজেৰে গৃহস্থৰ মংগল কামনা কৰে । গৃহস্থইয়ো তেওঁলোকক চাউল , পইচা আদি দি সন্মান কৰে । এইদৰে ছোৱালী বা মহিলাসকলে 'ভইলো' আৰু পুৰুষসকলে 'দেউচি' গীত গায় ।
      তিহাৰ উৎসৱৰ চতুর্থ দিনটো 'গৰু তিহাৰ' হিচাপে জনাজাত । এই দিনটোত গৰুৰ লগতে গোবৰ্দ্ধন পূজাও কৰা হয় । গৰুৰ গোবৰেৰে কৃত্ৰিম গোবৰ্দ্ধন পাহাৰ তৈয়াৰ কৰি পূজা-অৰ্চনা কৰা হয় । তিহাৰ পৰ্বৰ পঞ্চম দিনটোক 'ভাই টিকা' (ভাতৃ দ্বিতীয়া) হিচাপে পালন কৰা হয় । এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয় । এই পৰ্বটো বিশেষকৈ ভগ্নীসকলৰ নামত উৎসৰ্গিত । এই দিনটোত ভনীয়েকসকলে ককাই-ভাইসকলৰ কপালত সাত ৰঙৰ ফোট লগাই দিয়ে আৰু ভগৱানৰ ওচৰত মঙ্গল আৰু দীৰ্ঘায়ু কামনা কৰে । তেনেদৰে ভাইসকলেও ভনীয়েকৰ কপালত ফোট দিয়ে আৰু এজনে আনজনক বিভিন্ন উপহাৰ প্ৰদান কৰে । তাৰ পিছত লগে-ভাগে সকলোৱে মিঠাই, পৰম্পৰাগত খাৰুপিঠা বা চেল পিঠা আৰু আন আন ব্যঞ্জনেৰে এসাজ সুস্বাদু খাদ্য গ্ৰহণ কৰে । টিকা বা ফোট লগোৱাৰ সময়ত ভায়েকজন মজিয়াত বহে আৰু ভনীয়েকে ভায়েকক তিনিবাৰ প্ৰদক্ষিণ কৰি সেৱা জনাই মূৰত তেল আদি ঘঁহি দি ফোট পিন্ধাই দিয়ে ।

      গোৰ্খাসকলৰ মাজত বিশেষভাৱে মহিলাসকলে পালন কৰা আন এক উৎসৱ হ'ল তিজ । সাধাৰণতে এই উৎসৱ ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত পালন কৰা হয় আৰু এই উৎসৱ তিনিদিন ধৰি চলে । সমাজৰ ধনী-দুখীয়া সকলো লোকে এই উৎসৱত আনন্দেৰে অংশগ্রহণ কৰে । তিজ অহাৰ লগে লগেই বিবাহিত মহিলাসকলে মাকৰ ঘৰলৈ যোৱাৰ বিশেষ সুবিধা পায় । প্ৰচলিত নিয়ম অনুসৰি মাকৰ ঘৰৰ পৰা আমন্ত্রণ পাই নাইবা পৰিয়ালৰ কোনো সদস্যই তেওঁক নিবলৈ আহে । এই উৎসৱৰ প্ৰথম দিনটোক কোৱা হয় 'দৰখানে দিন' । দৰখানেৰ অৰ্থ হ'ল প্ৰৱলভাৱে খোৱা (Heavy Food)। এই দিনটোত মহিলাসকলে এঠাইত মিলিত হয় , সুন্দৰ ৰঙা সাজপাৰ পৰিধান কৰে আৰু গীত-নৃত্য পৰিবেশন কৰে । সেইদিনা নিশা সুস্বাদু ভোজৰ আয়োজন কৰা হয় য'ত বিভিন্ন ধৰণৰ ব্যঞ্জন , পৰম্পৰাগত তিলৰ আচাৰ , খাৰুপিঠা , গাখীৰ , ঘিউ , মাছ-মাংস আদি থাকে । এই ভোজকে 'দৰ' বুলি কোৱা হয় ।

       তিজ উৎসৱৰ দ্বিতীয় দিনা মহিলাসকলে কঠোৰ ব্ৰত পালন কৰে । ব্ৰতৰ সময়ছোৱাত মহিলাসকলে এটোপাল পানীও নাখায় । মহিলাসকলে ৰঙা ৰঙৰ সাজপাৰ পৰিধান কৰাৰ লগতে বিয়াৰ লগ্নৰ সময়ত পৰিধান কৰা মণিৰ মালা , আভুষণ লগাই মহাদেৱৰ মন্দিৰ দৰ্শন কৰে । ওৰে নিশা নিজৰ স্বামী তথা পৰিয়ালৰ সকলোৰে দীৰ্ঘায়ু কামনাৰে মহাদেৱ-পাৰ্বতীৰ পূজা-অৰ্চনা কৰে ।

       এই উৎসৱৰ তৃতীয় দিনা মহিলাসকলে ৰাতিপুৱা সোনকালে উঠি গা-পা ধুই পুনৰ দেৱী পাৰ্বতীৰ উপাসনা কৰে । তীজ উৎসৱৰ তৃতীয় দিনাখন গণেশ চতুর্থীৰ দিন । ইয়াৰ পিছৰ দিনাখন ঋষি পঞ্চমী আৰু সেই দিনটোত মহিলাসকলে সপ্ত ঋষি সকলক পূজা কৰে । এনেদৰে নেপালী মহিলাসকলে আধ্যাত্মিকতাৰে তিজ উৎসৱটো সুন্দৰকৈ পালন কৰে ।

       দক্ষিণ কামৰূপৰ গোৰ্খা বা নেপালীসকলে পালন কৰা আন এক উৎসৱ হ'ল দশেই যাক আমি দুৰ্গাপূজা বা নৱৰাত্ৰি হিচাপে জানো । এই উৎসৱ নেপালীসকলৰ মাজত পোন্ধৰ দিনলৈ চলে । শুক্লপক্ষৰ প্ৰতিপদ তিথিত ই আৰম্ভ হয় আৰু লক্ষী পূৰ্ণিমাৰ দিনালৈ চলে । এই উৎসৱৰ সময়ছোৱাত কৰ্মসূত্ৰে দূৰ-দূৰণিত থকা লোকসকল ঘৰলৈ আহে আৰু পৰিয়ালৰ লগত একেলগে দশেই উৎসৱ উদ্ যাপন কৰে । কিছুমান পৰিয়ালে নিজাকৈ ঘট স্থাপনেৰে মা দুৰ্গা দেৱীৰ নৱৰাত্ৰি পূজা কৰে আৰু সকলোৱে ৰাজহুৱা ভাৱে হোৱা পূজাত অংশগ্রহণ কৰে । বিজয়া দশমীৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ । সেই দিনাখন জেষ্ঠজনে কনিষ্ঠজনক ৰঙা ৰঙৰ চাউলৰ লগত দৈ গাখীৰৰ মিশ্রণ সানি ডাঙৰকৈ কপালত ফোট লগাই আশীর্বাদ আৰু উপহাৰ প্ৰদান কৰে । ফোট বা টিকাৰ লগত মূৰত 'জমৰা' লগাই দিয়ে । জমৰা হৈছে মাকৈৰ গজালি আৰু এই জমৰাৰ বাবে নৱৰাত্ৰিৰ প্ৰথম দিনতে মাটিৰ পাত্ৰত মাকৈৰ গুটিবোৰ সিঁচৰিত কৰি ৰাখে আৰু গজালি মেলাৰ বাবে মাটি , পানীৰ যোগান ধৰে । এই ফোট বা টিকাক 'দশেইকো টিকা' বুলিও কোৱা হয় ।

       এনেদৰে গোৰ্খা বা নেপালীসকলৰ জনজীৱনত উৎসৱ-পাৰ্বনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেষত আমি ক'ব পাৰোঁ যে কামৰূপ জিলাৰ দক্ষিণ প্ৰান্তত থকা নেপালী ভাষী গোৰ্খা লোকসকলে এক সমন্বয়ৰ জীৱন যাপন কৰি আহিছে আৰু তেওঁলোকৰ নিজস্ব কলা-সংস্কৃতি , সাহিত্যচর্চা , উৎসৱ-পাৰ্বণ আদিয়ে অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ।



উৎপলা শৰ্মা   
সহকাৰী শিক্ষয়িত্ৰী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া



নদী সাগৰৰ ফুল বচা হাত ,  মাটিৰ মিনা কৰা মাত
       নদী মেঘৰ আৰম্ভণি আৰু ডাৱৰৰ শেষ
 নদী বুকুৰ ভিতৰৰ এক গভীৰ প্ৰাৰ্থনাৰ বেশ ।
              ( নদী বিলাস ― বিপুল জ্যোতি শইকীয়া )

Post a Comment

0 Comments