অসমীয়া প্ৰবন্ধ, নিয়ৰস্নাতা দূবৰি গছকি দুৰ্গা পূজা আহিল , হেমেন চন্দ্ৰ হাজৰিকা, ৪ৰ্থ বছৰ ১ম সংখ্যা,
নিয়ৰস্নাতা দূবৰি গছকি দুৰ্গা পূজা আহিলঃ
ঋতু আহে , ঋতু যায় , প্ৰকৃতিয়ে বৰণ সলায় । যিদৰে বসন্ত ঋতুৰ ৰজা , ঠিক সেইদৰে শৰতো ঋতুৰ ৰাণী । বৰষাৰ কদৰ্যময় বোকা-পানী , বৰষুণ , আকাশৰ কজলা মেঘ – মুঠতে এক আমনি লগা পৰিবেশ । এই সকলোবোৰ আঁতৰাই গতিশীল সময়ৰ শুকুলা ঘোঁৰাত উঠি প্ৰকৃতিয়ে শৰতক আদৰি আনে । এই শৰতৰেই এক বৃহৎ উৎসৱ শাৰদীয় পূজা । কথাতে কয় , "শৰত কালৰ বৃহৎ উৎসৱ শাৰদীয় পূজা / মহৎ লোকৰ জ্ঞানী বচন তৎকালে বুজা ।" শৰত মানেইতো উছৱৰ বতৰ । বৰষাৰ কদৰ্যতা আঁতৰি প্ৰকৃতিলৈ আমূল পৰিবৰ্তন আহে । নিৰ্মল আকাশ – তাত শুকুলা মেঘৰ অপূৰ্ব খেলা । তাতে আকৌ টোপ্ টোপ্ নিয়ৰ , দূবৰিত মুকুতাৰ এক দৃষ্টিনন্দন আচ্ছাদন । তাৰ লগত তাল মিলাই শেৱালি ফুলে , শেৱালিৰ সুগন্ধই মন ভৰাই তোলে । নিয়ৰত তিতি জুৰুলি-জুপুৰি হয় ।
এই শৰতৰেই এক বিশাল উৎসৱ দুৰ্গা পূজা বা শাৰদীয় পূজা । আমাৰ মাতৃভূমি ভাৰতবৰ্ষ দেৱতাৰ বাসভূমি । মানুহৰ আশা-আকাংক্ষা , কামনা-বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা -উপাসনা কৰা , দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হোৱা লোকৰ উদাহৰণ অলেখ-অযুত । দুৰ্গাদেৱী শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে যুগে যুগে এক শ্ৰেণী ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে । আমাৰ ব'হাগ বিহুৰ যি আনন্দ -উচ্ছাস , উলহ-মালহ , প্ৰীতি আৰু মিলনৰ মধুৰ সমাবেশ , অপৰিমেয় উৎসাহ-উদ্দীপনা , স্বতঃসম্পূৰ্ণ আৰু জীৱন্ত প্ৰকাশ , সেই সকলোখিনিয়েই দুৰ্গা পূজাৰ ক্ষেত্ৰত প্ৰযোজ্য । এনেধৰণৰ উৎসৱ-পাৰ্বণ আদিৰ যোগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্ৰিক পৰিচয় স্পষ্ট ভাৱেই প্ৰকাশিত হয় । দৈনন্দিন জীৱনৰ লগত সাংস্কৃতিক জীৱনৰ একাত্মতা উৎসৱ-পাৰ্বণৰ মাধ্যমেৰে প্ৰকাশিত হয় । জীৱনৰ ব্যথা-বেদনা , সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ-কালিমা , সংকীৰ্ণতা আঁতৰাই মানুহে জাতীয় কল্যাণৰ উদ্দেশ্যেৰে এনেধৰণৰ উৎসৱ পাৰ্বণসমূহত মিলিত হয় ।
বছৰৰ যিকেইটা ঋতুৱে প্ৰকৃতি জগতক ৰং- ৰূপেৰে সজাই-পৰাই মনোৰম আৰু মোহনীয় কৰি তোলে , পৃথিৱীলৈ অপাৰ সৌন্দৰ্য কঢ়িয়াই আনি জীৱজগত , জড়জগত সকলোতে আনন্দৰ , ৰঙৰ মেলা পাতি জগত জোনালীময় কৰি তোলে , সেই শৰত আৰু বসন্ত ঋতুতেই দুৰ্গা পূজা অনুষ্ঠিত হয় ।
পুৰাণত উল্লেখ থকা মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকা দেৱীৰ গৰ্ভত দুৰ্গা দেৱীৰ জন্ম হয় । দেৱাদিদেৱ মহাদেৱ দুৰ্গা দেৱীৰ স্বামী । দুৰ্গাদেৱী ৰণচণ্ডী , কালী , কাপালী , নৃমুণ্ড মালিনী , মহিষমৰ্দ্দিনী আদি বিভিন্ন নামেৰে অভিহিতা । সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয় । সেই মুনিৰ পৰামৰ্শমতেই সুৰথ ৰজাই মধুময় বসন্তৰ পৰিবেশত সৰ্বপ্ৰথম দুৰ্গা পূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লাভ কৰি শত্ৰুক পৰাভূত কৰে আৰু হৃতৰাজ্য উদ্ধাৰ কৰে । বসন্ত কালত অনুষ্ঠিত হোৱা বাবে সেই পূজা বাসন্তী পূজা নামেৰে অভিহিত হয় ।
উল্লেখযোগ্য যে কৃতিবাসী ৰামায়ণৰ মতে ত্ৰেতা যুগত প্ৰভু ৰামচন্দ্ৰই ৰাৱণ বধিবৰ কাৰণে অকালতে , অসময়ত এই মোহময়ী দুৰ্গাদেৱীক আৰাধনা কৰি পূজাৰ আয়োজন কৰিছিল । সেই সময়ৰ প্ৰচলিত বিধি-ব্যৱস্থাৰ ব্যতিক্ৰম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনোৱাৰ বাবে তেওঁ অনুষ্ঠিত কৰা শাৰদীয় পূজাক অকাল বোধন বুলি কোৱা হয় । বাল্মিকী ৰামায়ণত আকৌ ৰামচন্দ্ৰই আয়োজন কৰা দুৰ্গা পূজাৰ কথা উল্লেখ নাই । দুৰ্গাদেৱী দশভূজা । দহখন হাতত দহপাত শাণিত অস্ত্ৰ । সিংহৰ পিঠিত আৰোহণ কৰি তেওঁ প্ৰবল পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা । তেওঁৰ সোঁকাষত ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ । বাওঁহাতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আৰু বীৰ্যৱান দেৱতাসকলৰ সেনাপতি কাৰ্তিক । একেখন বেদীত সকলো দেৱ-দেৱী স্থাপনৰ এক বিশেষ অৰ্থ নিহিত হৈ আছে । অসুৰ জগতৰ সকলো অপশক্তিৰ প্ৰতীক । এই অশুভ শক্তিয়ে দশোদিশৰ পৰা মানুহক আক্ৰমণ কৰি জীৱন দুৰ্বিসহ কৰি তোলে , জগতত দুৰ্যোগৰ সৃষ্টি কৰে । জগতৰ আদ্যাশক্তি দুৰ্গাই দহখন হাতত দহপাত অস্ত্ৰ লৈ দশোদিশৰ এই মহা বীৰ্য্যৱন্ত অসুৰৰূপী অশুভ শক্তিক নিৰ্মূল কৰি ঐশ্বৰ্য-বিভূতি, শিক্ষা-দীক্ষাৰে জগত জোনালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্ৰতিষ্ঠা কৰে ।
আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত ( এই তিথি কোনো কোনো বছৰত কাতি মাহতো পৰেগৈ ) দেৱীৰ বোধন কাৰ্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কাৰ্য সম্পন্ন কৰে । সপ্তমী , অষ্টমী আৰু নৱমী -- এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰোহিতৰ পৰিচালনাত ষোড়শোপচাৰেৰে দেৱীৰ পূজা কৰি ভক্তি অঞ্জলি প্ৰদান কৰে । অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত এক বিশেষ পূজা অনুষ্ঠিত হয় আৰু ইয়াক সন্ধিপূজা বোলা হয় । দশমী তিথিত দেৱী বন্দনা , আৰাধনাৰ সকলো কাম সমাপ্ত কৰা হয় । নানা বাদ্য-বাজনাৰে শোভাযাত্ৰা কৰি কোনো নদী বা জলাশয়ত প্ৰতিমা বিসৰ্জন দিয়া হয় ।
পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধই ডবা-কাঁহ-শঙ্খ-ঘণ্টাৰ শব্দেৰে সন্মিলিত হৈ মানুহৰ অন্তৰে অন্তৰে এক স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি ।
হিংসা-দ্বেষ-কপটতা বিসৰ্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰ দোৱাই শক্তি , বিদ্যা , বুদ্ধি তথা ঐশ্বৰ্য-বিভূতি আদি কামনা কৰে ।
মানুহেৰে উদুলি-মুদুলি পূজা মণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় । ভাওনা , থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । দেৱী বিসৰ্জনৰ পিছত পুৰোহিতৰ দেহ-মন ক্লান্তিৰে ভৰি পৰে , মন আচ্ছন্ন হৈ যায় । ভক্তসকলৰ অন্তৰতো দেৱী বিসৰ্জনৰ বিচ্ছেদে বিষাদৰ সৃষ্টি কৰে । দুৰ্গা পূজা প্ৰকৃতপক্ষে এটি ধৰ্মীয় অনুষ্ঠান । কিন্তু বৰ্তমান সময়ত সকলো শ্ৰেণীৰ লোকেই সহযোগিতা কৰাৰ ফলত ই এক উদাৰ সামাজিক অনুষ্ঠানত পৰিণত হৈছে । মানুহৰ মিলনৰ এই মহা-মহোৎসৱে ইয়াৰ পৰিসৰ এনে ব্যপক কৰি তুলিছে যে ইয়াক সমূহীয়া উৎসৱ হিচাপে গণ্য কৰিব পৰা যায় ।
দুৰ্গা পূজা চাৰিদিনতে সমাপ্ত হয় । তাতকৈ বেছি দিন পূজা নহয় । ইয়াৰ এটা অন্তনিৰ্হিত লৌকিক কাহিনী আছে । হিমালয়ৰ কন্যা উমাই ( দুৰ্গাই ) বিবাহৰ বহু বছৰৰ পাছত পুত্ৰ-কন্যা সমন্বিতে মাত্ৰ তিনি দিনৰ বাবেহে পতি গৃহৰ পৰা পিতৃৰ গৃহলৈ আহিছিল আৰু মাতৃ মেনকাক কন্দুৱাই চতুৰ্থ দিনাই পতি গৃহলৈ গমন কৰিছিল । সেইবাবে পূজাৰ চতুৰ্থ দিনাই দেৱীৰ বিসৰ্জন হয় । বিবাহিত কন্যাৰ পিতৃগৃহলৈ আগমনত অন্যান্য সকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে । সেইদৰে পিতৃ গৃহলৈ প্ৰত্যাগমনৰ দিনা বিদায় বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেছি বেদনা গধূৰ হৈ পৰে । অশ্ৰুনীড়ে বেদনা সাগৰ পূৰ্ণ হৈ পৰে । সেয়েহে কবিয়েও কবিতা লিখিছে , ' কিহৰ বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক / আমি বিসৰ্জো দশমীৰ বিফল সন্ধ্যাত ৷’
নিৰ্মেঘ আকাশৰ শৰত কালৰ মোহময়ী জোনাকৰ সৌন্দৰ্য আৰু ধীৰ বতাহৰ সুৰে সুৰে নিয়ৰস্নাতা শেৱালিৰ সুগন্ধি বিয়পাই শৰত আহে । সেই শৰতৰেই মোহনীয় উৎসৱ দুৰ্গা পূজা আহে আৰু যায় । আমি কামনা কৰিছোঁ এই শৰতেই ধুৱাই লৈ যাওক আমাৰ সমাজৰ পৰা অসূয়া ,কলুষ , কপটতা , কালিমা আদি সকলো অপশক্তি ।
হেমেন চন্দ্ৰ হাজৰিকা সহঃ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয় ,
ৰামপুৰ শিক্ষাখণ্ড
কামৰূপ , অসম ।
0 Comments