header ads

অসমীয়া প্ৰৱন্ধ, শিক্ষক দিৱসৰ তাৎপৰ্য,লোহিত কুমাৰ দাস , ৪ৰ্থ বছৰ ১ম সংখ্যা,

 শিক্ষক দিৱসৰ তাৎপৰ্য



পাঁচ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় শিক্ষা জগতৰ বাবে এক পৰম পৱিত্ৰ দিন। এই শুভ দিনটোতে জন্ম হৈছিল আমাৰ ভাৰত ৰাষ্ট্ৰৰ দ্বিতীয় গৰাকী  ৰাষ্ট্ৰপতি ,ভাৰত মাতাৰ সুযোগ্য সন্তান, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ । সমগ্র বিশ্বতে দাৰ্শনিক পণ্ডিত হিচাপে খ্যাতি অৰ্জন কৰা এই গৰাকী পুৰোধা ব্যক্তি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ চহৰত। সৰুৰে পৰাই অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া ৰাধাকৃষ্ণণে স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খৃষ্টিয়ান কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯০৯ চনত মাথোঁ ২১ বছৰ বয়সতে তৰুণ ৰাধাকৃষ্ণণে মাদ্ৰাজ প্ৰেচিডেন্সী কলেজৰ দৰ্শনৰ শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে।

         নিজকে শিক্ষক হিচাপে পৰিচয় দি ভাল পোৱা এই মহান ব্যক্তি গৰাকীৰ জন্ম দিৱসটো সমগ্র ভাৰতবৰ্ষতে 'শিক্ষক দিৱস'ৰূপে পালন কৰি অহা হৈছে। এই দিনটোত শিক্ষক আৰু ছাত্র সমাজে শিক্ষক দিৱসৰ প্ৰতীক পৰিধান কৰি এই মহান নেতাজনৰ আদৰ্শ আৰু শিক্ষাৰ স্মৃতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিদ্যালয়ে বিদ্যালয়ে বা সমূহীয়াকৈ ৰাজহুৱা স্থানত সভা-সমিতি পাতি শিক্ষকক সম্বৰ্ধনা, শিক্ষা বিষয়ক আলোচনা চক্ৰ আদি পাতি দিনটোৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ উপৰি শৈক্ষিক দিশৰ বিষয়েও বিভিন্ন আলোচনা কৰে। শিক্ষক দিৱসৰ প্ৰতীক ছাত্র-ছাত্ৰী সকলৰ মাজত বিক্ৰী কৰা হয় আৰু এই ধনেৰে আৰ্থিক ভাৱে দুৰ্বল , ৰোগাগ্ৰস্ত শিক্ষক-শিক্ষয়িত্ৰীক অৰ্থ সাহায্য প্ৰদান কৰা হয়। চৰকাৰৰ ফালৰ পৰাও এই দিনটোতেই কৃতী শিক্ষক-শিক্ষয়িত্ৰীক বঁটা প্ৰদানৰো ‌ব্যৱস্থা কৰা হয়। সেই বাবেই শিক্ষাৰ বুৰঞ্জীত ড০ ৰাধাকৃষ্ণণৰ জন্ম দিৱসটো এক ঐতিহাসিক তথা তাৎপৰ্যপূৰ্ণ দিন।
প্ৰায় চল্লিশ বছৰ কাল শিক্ষা জগতৰ লগত জড়িত থাকি শিক্ষকতাৰ তাৎপৰ্য অনুধাৱন কৰাৰ লগতে শিক্ষক সকলৰ স্থান যে সকলোৰে ওপৰত, এই মহান ব্যক্তি গৰাকীয়ে মৰ্মে-মৰ্মে উপলব্ধি কৰিছিল।

        বেদ-উপনিষদৰ দিনৰ পৰাই ভাৰতবৰ্ষত গুৰুকুল ৰীতি প্ৰচলিত আছিল । ছাত্ৰসকলে জীৱনৰ এক সুনিৰ্দিষ্ট সময় গুৰুগৃহত কটাবলগীয়া হৈছিল। কঠোৰ নীতি-নিয়ম আৰু শৃংখলাৰ মাজেৰে গুৰুজনাই প্ৰতিগৰাকী ছাত্ৰকে ভৱিষ্যতত এগৰাকী সুনাগৰিক হোৱাৰ জোখাৰে জ্ঞান প্ৰদান কৰিছিল। প্ৰকৃতপক্ষে কবলৈ গ'লে গুৰুসকল আছিল পিতৃ সম। জন্মদাতা পিতৃ-মাতৃতকৈয়ো তেওঁলোকৰ গুৰুত্ব আছিল অধিক।

        "শ্ৰদ্ধাবান লভতে জ্ঞানম" --এই আপ্ত বাক্যফাঁকি এতিয়াও প্ৰাসংগিক হৈয়ে আছে। এই প্ৰাসংগিকতাৰ সুন্দৰ আৰু সফল উদাহৰণ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ। বিশ্ববৰেণ্য এই মহান মনিষী গৰাকীৰ জন্ম দিৱসটো 'শিক্ষক দিৱস'ৰূপে পালন কৰিবলৈ লওঁতে আমাৰ দেশৰ প্ৰতিগৰাকী শিক্ষাগুৰুকো শ্ৰদ্ধা জ্ঞাপন কৰা হয়। পিতৃ-মাতৃ আমাৰ জন্মদাতা ।তেওঁলোকৰ অশেষ কৃপা আৰু সাধনাৰ বলতে আমি এই সংসাৰখন দেখিবলৈ পাইছোঁ। আনহাতে আমাৰ পৰমপূজ্য শিক্ষাগুৰু সকলে আমাৰ জ্ঞানচকু মুকলি কৰি এই পৃথিৱীত জন্ম ধৰাৰ পৰম সাৰ্থকতা নিৰূপণ কৰি আহিছে।সেইবাবেই আমাৰ জীৱনত এগৰাকী শিক্ষকৰ স্থান পিতৃ-মাতৃতকৈয়ো বহুত উৰ্ধত। ভাৰতীয় জনমানসত অতীজৰে পৰা সৰ্বোচ্চ সন্মানীয় ব্যক্তিৰূপে স্বীকৃত হৈ আহিছে পূজনীয় শিক্ষা গুৰুসকল।

     এইগৰাকী বিশ্ববৰেণ্য শিক্ষাবিদ, দাৰ্শনিক পণ্ডিত, সুবক্তা,ৰাষ্ট্ৰনেতাই ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে ভাৰত ৰাষ্ট্ৰৰ লগতে বিদেশৰ গুণমুগ্ধ সকলোকো কন্দুৱাই পৃথিৱীৰ পৰা চিৰ বিদায় মাগে। এইগৰাকী মহান দাৰ্শনিকৰ আদৰ্শেৰে আমাৰ দেশত আকৌ ন ন ৰাধাকৃষ্ণণৰ জন্ম হওঁক, সেয়াই আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ কাম্য ।


✍️লোহিত কুমাৰ দাস ।
অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰৱীণ কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়, বৰুৱা।



Post a Comment

0 Comments