header ads

অসমীয়া কবিতা,অনুভৱ , অনামিকা বৰা, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 অনুভৱ 




মই মোক বিচাৰি পাওঁ
ডেউকা ভগা পখীৰ জাকত
যি , বিষত উকমুকাইও
আকাশলৈ উৰাৰ হেপাঁহ কৰে ,
সপোন দেখে
মৰি মৰিও জীয়াই থকাৰ...!

মই মোক বিচাৰি পাওঁ মিম'চা পুডিকাত
যি আৱেগিক অথচ সাহসী
লাজত , অপমানত , বেদনাত
জ'ই পৰিলেও ধৈৰ্য ধৰিব জানে ,
পলকতে সাহস গোটাই
পুনৰ মূৰ দাঙি উঠে ...৷

মই মোক বিচাৰি পাওঁ
হেডজিহ্গৰ মাজত
খায়-শুই-উঠে-বহে
সন্তানো জনম দিয়ে ,
অথচ কঢ়িয়াই ফূৰে সি অগণন কাঁইট
ওজৰ আপত্তি অবিহনে
হাঁহিমুখে, হেলাৰঙে...!!

                  :::::

অনামিকা বৰা                                           


সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ
উত্তৰ গুৱাহাটী মহাবিদ্যালয়
দূৰভাষঃ ৯৭০৭৪৭৩০৮৩

Post a Comment

0 Comments