header ads

অসমীয়া প্ৰবন্ধ,গাৰো ভাষাৰ উপভাষা,সমৰজ্যোতি শৰ্মা ৪ৰ্থ বছৰ ১ম সংখ্যা,

গাৰো ভাষাৰ উপভাষা



      
       গাৰো ভাষা চীনা-তিব্বতীয় ভাষাগোষ্ঠীৰ অন্যতম ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ চৰকাৰী ভাষা তথা গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। পূৰ্বতে গাৰো ভাষাৰ কোনো লিপি নাছিল যদিও বৰ্তমান গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
       গাৰো ভাষাটোৰ উৎপত্তিৰ ক্ষেত্ৰত তলত দিয়া ধৰণে দেখুৱাব পাৰি  :
চীন তিব্বতীয় ভাষাগোষ্ঠী< প্ৰাচীন ৰূপৰ চীন তিব্বতীয়< তিব্বতীয় বৰ্মীয়<‌ অসমবৰ্মী< বড়ো নগা বৰ্গীয়< বড়ো< ৰাভা, গাৰো, কছাৰী, মেচ, তিপ্ৰা ।
গতিকে বুজিব পাৰি যে গাৰো ভাষাটো চীন তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ঠালৰ বড়ো ভাষাৰ পৰা উৎপত্তি হৈছে ।
       গোত্ৰ ভেদে গাৰোসকলৰ মাজত বেলেগ বেলেগ উপভাষাৰ প্ৰচলন আছে । আচিক উপভাষাটো বাংলাদেশৰ টাঙ্গাইল, ময়মনসিংহ, শেৰপুৰ, নেত্ৰকোণা আৰু ভাৰতৰ মেঘালয় ৰাজ্যত বসবাস কৰা গাৰোসকলৰ মাতৃভাষা । সিহঁতৰ নিজস্ব ভাষাত 'আচিক' শব্দৰ অৰ্থ পাহাৰ । অন্যান্য উপভাষাৰ ভিতৰত আছে আবেং, আৱে, চিচাক, দাক্কা, গাঞ্চিং, কামৰূপ, মাতচি । বাংলাদেশত আবেং উপভাষাটিও প্ৰচলিত; এই উপভাষাৰ লগত কোঁচ ভাষাৰ মিল আছে । বাংলাদেশৰ গাৰোসকলে আবেং উপভাষাত কথা পাতিলেও আচিক উপভাষাতহে লিখে । আওয়ে উপভাষাটো অসমত প্ৰচলিত, কিন্তু ই এতিয়া বিলুপ্তিৰ পথত। ইয়াৰ গাৰোসকলে মান্য গাৰো ভাষাই ব্যৱহাৰ কৰে । গাৰো ভাষাৰ ক্ষেত্ৰত ৰাকা (·) ব্যৱহাৰ মন কৰিবলগীয়া । এটা শব্দৰ মাজত বিন্দু (·)  দিয়াকে ৰাকা বুলি কোৱা হয় । উদাহৰণ স্বৰূপে: a·chik, si·sa ইত্যাদি ।
       আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং.। ইয়াৰ গাঁৱৰ সমূহ ডেকা গোট খাই বাঁহ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্ৰ বজোৱা, খেল-ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা  পৰিচালিত  হৈছিল ।
       স্বভাৱতে গাৰোসকল খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰীয়া ৰজাই শাসন কৰিব পৰা নাছিল। উপায়ন্তৰ হৈ ব্ৰিটিছসকলেও দমন নীতিৰ পৰিবৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ  দ্বাৰা মিছন পৰিচালনা কৰিবলৈ দিয়া হ'ল। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভৰণিৰে পৰা গাৰোসকলৰ সামাজিক পৰিৱৰ্তন হোৱা বুলি ক'ব পাৰি।



সমৰজ্যোতি শৰ্মা                        


ধাৰাপুৰ
ডি.এল.এড প্ৰশিক্ষাৰ্থী

বকো বি.এড কলেজ 

Post a Comment

0 Comments