header ads

এটা শব্দত প্ৰকাশ কৰা, চাহিল আহমেদ, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 এটা শব্দত প্ৰকাশ কৰা



বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু

আগে আগে গমন কৰে যি = অগ্ৰগামী

পিছে পিছে গমন কৰে যি = অনুগামী

যি কম কথা কয় = মিতভাষী

যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী

ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী

নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন

মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

যি মাটিৰে নিৰ্মিত = মৃন্ময়

যাৰ মৰো মৰো অৱস্থা = মুমূৰ্ষু

যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ

নাম নধৰাকৈ দিয়া গালি = গুৱালগালি


সংগ্ৰহঃ
চাহিল আহমেদ
চতুৰ্থ শ্ৰেণী , কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ৷
শিক্ষাখণ্ডঃ কমলপুৰ

Post a Comment

0 Comments