চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱন পৰিচয়ঃ
বিশিষ্ট অসমীয়া সাহিত্যিক , সাংবাদিক , ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী পুৰুষ চন্দ্ৰপ্ৰসাদ শইকীয়া অসমীয়া সাহিত্য জগতৰ এক পৰিচিত নাম ৷ অসমীয়া সাহিত্য আৰু সংবাদ জগতলৈ বিশেষ অৰিহণা যোগোৱা শইকীয়া আছিল অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলঙ্কৃত কৰা অসম সন্তান সকলৰ এজন ।
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হয় শিৱসাগৰ জিলাৰ আমগুৰিৰ জালুক গাঁৱত ১৯২৭ চনৰ ৮ জুলাই তাৰিখে । তেওঁৰ পিতৃ-মাতৃ আছিল ক্ৰমে দুর্লভ শইকীয়া আৰু দুৰ্গেশ্বৰী শইকীয়া । দুৰ্লভ শইকীয়া বৃটিছৰ আমোলৰ এগৰাকী মৌজাদাৰ আছিল । পানীদিহিং মৌজা , জকাইচুক মৌজা আৰু গধূলি বজাৰ মৌজা— এই তিনিটা মৌজা তেওঁৰ অধীনত আছিল । এটা প্রতিপত্তিশীল মৌজাদাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰ-দীঘল হৈছিল পাঁচজন ককায়েক আৰু দুজনী বাই-ভনীৰ মৰম স্নেহৰ মাজত । দুর্লভ শইকীয়াৰ দেউতাক আছিল নিৰঞ্জন শইকীয়া । কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ এইগৰাকী ব্যক্তিৰ পূৰ্বপুৰুষ দিহিং মুখৰ আছিল । আহোমৰ লগত হোৱা কোঁচৰ সংঘৰ্ষ আৰু সন্ধিৰ সময়ত পাঁচ ঘৰ কোঁচক নাহৰকটীয়াৰ ভাদে চাৰিআলিত আহোম ৰজাই সংস্থাপন কৰিছিল । এওঁলোক সেই পাঁচঘৰ কোঁচৰ অন্তৰ্গত । দুৰ্লভ শইকীয়াৰ দুগৰাকী পত্নী আছিল -- প্ৰথম গৰাকী জোনাকী শইকীয়া আৰু দ্বিতীয় গৰাকী দুৰ্গেশ্বৰী শইকীয়া । জোনাকী শইকীয়াৰ গৰ্ভত তিনিজন পুত্ৰ সন্তানৰ জন্ম হয় । সেইসকল ক্ৰমে ৰামপ্ৰসাদ শইকীয়া , হৰিপ্ৰসাদ শইকীয়া আৰু দুৰ্গাপ্ৰসাদ শইকীয়া । দুৰ্গেশ্বৰী শইকীয়াৰ গৰ্ভত জনম লভে তিনিজন পুত্ৰ আৰু দুজনী কন্যা সন্তানে । সেইসকল হ'ল ক্ৰমে শৈলপ্ৰভা শইকীয়া , নন্দপ্ৰসাদ শইকীয়া , ইন্দ্ৰপ্ৰসাদ শইকীয়া , চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু চন্দ্ৰপ্ৰভা শইকীয়া । এখন ভৰপূৰ ঘৰত , ঘৰৰ পুত্ৰ সন্তান সকলৰ কনিষ্ঠ চন্দ্ৰপ্ৰসাদ ডাঙৰ হৈছিল সকলোৰে মৰম-স্নেহ , আদৰ যত্নত ।
সেই সময়ত মৌজাদাৰ পৰিয়াল আছিল সমাজত প্ৰভাৱশালী আৰু প্ৰতিপত্তিশীল । সমাজৰ উচ্চ আসনত অধিষ্ঠিত চন্দ্ৰপ্ৰসাদৰ দেউতাক মৌজাদাৰ দুৰ্লভ শইকীয়াৰ মনত হেঁপাহ জাগি উঠিল এখন চাহ বাগিচাৰ মালিক হোৱাৰ । কিয়নো সেই সময়ত চাহ বাগিচা এখন আভিজাত্যৰ প্ৰতীক আছিল । তেতিয়া চন্দ্ৰপ্ৰসাদৰ বয়স মাত্র তিনি বছৰ । মৌজাদাৰৰ মন গৈছে যেতিয়া বাধা দিয়ে কোনে ! সেয়ে কটনত পঢ়ি থকা বৰপুত্ৰ ৰামপ্রসাদক মাতি নি মৌজাৰ দায়িত্ব দি , দ্বিতীয় সন্তান হৰিপ্ৰসাদক লগত লৈ নগা পাহাৰৰ ওচৰৰ সাপেখাতী নামে ঠাইত চাহ বাগান পাতিবলৈ গ'ল । কিন্তু বেছি দিন বাগানৰ কাম কৰিব নোৱাৰিলে । টাইফয়ড ৰোগত আক্ৰান্ত হৈ তাতেই দুৰ্লভ শইকীয়াৰ মৃত্যু হয় । যাতায়তৰ অসুবিধাৰ বাবে মৃতদেহ ঘৰলৈ আনিব নোৱাৰিলে । শ বাহী হোৱাৰ ভয়ত বাগানৰ চাং বঙলাতে জুই লগাই শ সৎকাৰ কৰি হৰিপ্ৰসাদ ঘৰলৈ উভতি আহিল । পিতৃ দুর্লভ শইকীয়াৰ মৃত্যুৰ পিছত মৌজাৰ সমস্ত দায়িত্ব ৰামপ্ৰসাদ শইকীয়াই গ্ৰহণ কৰিব লগীয়া হয় । কিন্তু ৰামপ্রসাদেও মৌজা বেছিদিন চলাব নোৱাৰিলে । ইতিমধ্যে ভাৰতৰ স্বাধীনতা সংগ্রামে তীব্ৰ ৰূপ ধাৰণ কৰিছিল । তাৰ ঢৌৱে অসমকো প্লাৱিত কৰিলে । মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ ৰামপ্রসাদে কংগ্ৰেছত যোগদান কৰিলে । ক্ৰমে ক্ৰমে গোটেই ঘৰখনেই স্বাধীনতা সংগ্ৰামৰ পিনে আকৰ্ষিত হ'ল । সকলো সময়তে ঘৰখনলৈ স্বাধীনতা সংগ্রামী নেতা-কৰ্মীৰ আহ-যাহ আৰম্ভ হ'ল আৰু ঘৰখন মুক্তি সংগ্ৰামৰ চিন্তা-চৰ্চাৰ থলী হৈ পৰিল । ৰামপ্রসাদে ঘৰৰ বেৰত মহাত্মা গান্ধীৰ ডাঙৰ ফটো আঁৰি থলে । মৌজাদাৰৰ ঘৰত বৃটিছ বিৰোধী সংগ্ৰামৰ আখৰা ! সেইকথা বৃটিছে মানি নলʼলে । ফলস্বৰূপে তেওঁ মৌজা হেৰুৱাব লগা হ'ল । লগে লগে ঘৰখনলৈ আর্থিক দুর্যোগ নামি আহিল । তিনি বছৰ বয়সতে পিতৃক হেৰুওৱা চন্দ্ৰপ্ৰসাদৰ শৈশৱ কালছোৱা আৰ্থিক অনাটনৰ মাজেৰে অতিবাহিত হ'বলৈ ধৰিলে । ঘৰখনত সাহিত্যৰ পৰিবেশ এটা চন্দ্ৰপ্ৰসাদে সৰুৰে পৰাই পাইছিল । আৰ্থিক অনাটনৰ মাজতো চন্দ্ৰপ্ৰসাদক ককায়েক ৰামপ্রসাদে কলিকতাৰ পৰা মাইকেল মধুসুদন , ৰবীন্দ্ৰনাথ আদি বাংলা সাহিত্যিকৰ কিতাপ মগাই আনি দিছিল । গতিকে সৰুৰে পৰাই চন্দ্ৰপ্ৰসাদ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছিল ।
১৯৩৩ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় । ঘৰৰ পৰা প্ৰায় এক কিঃ মিঃ দূৰৰ ৭২ নং ভূঞাহাট প্রাথমিক বিদ্যালয়ত নামভৰ্তিৰ যোগেদি তেওঁৰ প্ৰাথমিক শিক্ষাৰ উন্মেষ ঘটে । প্রাথমিক শিক্ষাৰ অন্তত ১৯৩৭ চনত তেওঁ আমগুৰি এম. ই. স্কুলত নাম লগায় । এম.ই. স্কুলৰ পঢ়া শেষ কৰি চন্দ্ৰপ্ৰসাদে ঘৰৰ পৰা তিনি কিঃমিঃ দূৰৰ জাঁজী হাইস্কুলত নামভৰ্তি কৰে । সেই সময়ত ভাৰতৰ স্বাধীনতা সংগ্রামে সমগ্ৰ ভাৰততে তীব্ৰ ৰূপ লয় আৰু অসমো ইয়াৰ ব্যতিক্ৰম নহ'ল । কিশোৰ চন্দ্ৰপ্ৰসাদৰ অন্তৰতো ইয়াৰ প্ৰভাৱ পৰিল আৰু দেশপ্ৰেমৰ অব্যর্থ বীজ কিশোৰ চন্দ্ৰপ্ৰসাদৰ অন্তৰতো অঙ্কুৰিত হ'ল । ফলত পঢ়া- শুনা ত্যাগ কৰি তেওঁ আন্দোলনত যোগ দিলে । কিশোৰ মনত দেশ-প্রেম উচ্চ আদর্শ হৈ ধৰা দিলে । তেওঁৰ নিজৰ ভাষাত ‘দেশৰ স্বাধীনতাৰ বাবে লাগি মোৰ সমগ্ৰ জীৱনটোৱেই ধন্য হ'ল ।
বিয়াল্লিছৰ আন্দোলনত চন্দ্ৰপ্ৰসাদ শইকীয়াই সক্রিয়ভাৱে অংশগ্ৰহণ কৰে আৰু পোন্ধৰ আগষ্টৰ দিনা হাজাৰ হাজাৰ জনতাৰ লগত শিৱসাগৰত সমবেত হয় আৰু পুলিচৰ বাধা নেওচি পুলিচ বিষয়াৰ সন্মুখতে বৃটিছ বিৰোধী ধ্বনি দিয়ে । স্বাধীনতা কামনা কৰি কৰা এই প্ৰতিবাদত পুলিচৰ লাঠীৰ কোবত তেওঁ গুৰুতৰভাৱে আহত হৈ এমাহ চিকিৎসাধীন হ'ব লগীয়া হয়। চিকিৎসালয়ৰ পৰা ওলাই তেওঁ পুনৰ আন্দোলনত নামে আৰু তাৰবাবে তিনি মাহৰ বাবে কাৰাবাস খাটিব লগা হয়। কাৰাগাৰতেই তেওঁ লগ পায় গোপীনাথ বৰদলৈ , ফকৰুদ্দিন আলি আহমেদ , বিষ্ণুৰাম মেধি , বিমলাপ্রসাদ চলিহা প্ৰমুখ্যে দেশৰ অগ্ৰণী স্বাধীনতা সংগ্রামী নেতৃবৃন্দক ।
জেলৰ পৰা ওলোৱাৰ পিছত শিৱসাগৰ গভৰ্মেণ্ট হাইস্কুলৰ পৰা প্ৰাইভেটকৈ পৰীক্ষা দি তেওঁ প্রথম বিভাগত প্রবেশিকা পৰীক্ষা পাছ কৰে । ইয়াৰ পিছত তেওঁ কটন কলেজত আই.এ. শ্ৰেণীত নামভর্তি কৰে । কটন কলেজতেই শইকীয়াৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয় কলেজৰ আলোচনী কটনিয়ানত সৰোজিনী নাইডু আৰু জৱাহৰলাল নেহৰুক লৈ লিখা কবিতাৰ যোগেদি । জৱাহৰলাল নেহৰু আছিল চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আদৰ্শ ব্যক্তি । নেহৰুৰ বাণীয়ে তেওঁক জীৱন পথত অগ্ৰসৰ হোৱাত প্ৰেৰণা যোগাইছিল । তেওঁৰ নিজৰ ভাষাত — ' নেহৰুৰ বাণী আৰু আদৰ্শই মোক উদ্বেলিত কৰিছিল ।’ কটনিয়ানত তেওঁৰ ইংৰাজী আৰু অসমীয়াত লিখা কেবাটাও প্ৰবন্ধ প্ৰকাশ হৈছিল । এনেদৰে কটন কলেজত সাহিত্য চৰ্চাৰ অনুশীলন কৰা চন্দ্ৰপ্ৰসাদে ১৯৫০ চনত বি.এ. পাছ কৰি উচ্চ শিক্ষার্থে কলিকতালৈ যায় । কলিকতা বিশ্ববিদ্যালয়ত গৈ শইকীয়াই বিশ্ব সাহিত্যৰ মৌ-কোঁহ বিচাৰি ল'বলৈ সক্ষম হৈছিল । সেই কালছোৱাৰ সৰহখিনি সময় তেওঁ অধ্যয়নত , বিশেষকৈ বিশ্বসাহিত্যৰ ধ্ৰুপদী ৰচনাবোৰৰ সৈতে কটাইছিল। শ্বেক্সপীয়েৰ , টলষ্টয়ৰ পৰা আৰম্ভ কৰি জীবনানন্দ দাশ , ৰবি ঠাকুৰ , শৰৎ চেটার্জী , বুদ্ধদেব বসু , অচিন্ত্য সেনগুপ্ত , মধুসূদন দত্তকে লৈ সকলোৰে সাহিত্যৰাজিৰ সৈতে তেওঁৰ পৰিচয় ঘটে। এই সময়তে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ৰামধেনুৰ ষষ্ঠ বছৰ , দ্বিতীয় সংখ্যাৰ পৰা নৱম সংখ্যালৈ মুঠ সাতটা খণ্ডত তেওঁৰ প্ৰথম উপন্যাস 'এদিন ’ প্রকাশিত হয় । অৱশ্যে 'এদিন’ৰ ৰচনাৰ গঢ়লৈ চাই সমালোচক সকলে ইয়াক উপন্যাসৰ শ্ৰেণীভুক্ত কৰিছে যদিও শইকীয়াই ইয়াক দীঘল গল্প বুলিহে উপন্যাসখনৰ পাতনিত উল্লেখ কৰি গৈছে ।
১৯৫৪ চনত কলিকতাৰ পৰা উভতি আহে আৰু ১৯৫৬ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াই দি আসাম ট্ৰিবিউন কাকতৰ সহঃ সম্পাদক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে । কটন কলেজৰ অধ্যাপক হোৱাৰ প্রবল ইচ্ছা আছিল যদিও এম.এ. পৰীক্ষাৰ ফলাফলে তেওঁক সেই সুবিধা নিদিলে । ' কটন কলেজৰ ইংৰাজী সাহিত্যৰ অধ্যাপক হ'ম বুলি ভাবিছিলোঁ , কিন্তু এম.এ. পৰীক্ষাত আশা কৰা মতে ভাল ফল নোপোৱাত সাংবাদিকতাকে জীৱনৰ লক্ষ্য কৰি ললোঁ ৷' অৱশ্যে সন্দিকৈ কলেজৰ অধ্যক্ষ ৰাজবালা দাসৰ অনুৰোধত কিছুদিন তেওঁ সন্দিকৈ কলেজত অধ্যাপনা কৰে । ১৯৬৩ চনলৈ দি আসাম ট্ৰিবিউনত থাকি ১৯৬৩ চনত অসম বাতৰিলৈ যায় । সন্দিকৈ কলেজৰ সেই সময়ৰ অধ্যক্ষা ৰাজবালা দাসৰ পুত্ৰ দেবেন দাসে কাকতখন উলিয়াব বিচাৰি শইকীয়াক সম্পাদকৰ দায়িত্ব ল'বলৈ নেৰানেপেৰাকৈ ধৰাত শইকীয়াই 'দি আসাম ট্ৰিবিউন' এৰি 'অসম বাতৰি'ৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰে । গুৱাহাটী প্ৰেছৰ পৰা প্ৰকাশিত অসম বাতৰিৰ প্ৰথম সম্পাদকীয় 'আমাৰ পদক্ষেপ'ত শইকীয়াই কাকতখনৰ উদ্দেশ্য দাঙি ধৰিছিল । শিল্পকলা , সাহিত্য , বিজ্ঞান আদি বিবিধ শিতানত ভিন্ন ভিন্ন স্বাদেৰে দেশ-বিদেশৰ বাতৰি ৰাইজৰ মাজত দাঙি ধৰা আৰু উচ্চ চিন্তাধাৰাক সহজ-সৰল ভাবে প্রকাশ কৰি এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে এই কাকতখন অগ্ৰসৰ হৈছিল ।
চন্দ্রপ্রসাদ এজন সুদক্ষ সাংবাদিক আছিল । সাংবাদিকতাক অন্তঃকৰণেৰে গ্ৰহণ কৰা বাবে এ.চি.এচ. পায়ো তেখেতে সাংবাদিকতাতে লাগি থাকিল । একেৰাহে অসম বাতৰি , মণিদীপ , নতুন দৈনিক , প্রকাশ , অসমীয়া ,গৰীয়সী আৰু অসমবাণীৰ সম্পাদকৰ দায়িত্ব পালন কৰি তেওঁ সম্পাদক হিচাপে দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । বিমলাপ্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমীয়া সাহিত্যৰ উন্নতিকল্পে অসম প্ৰকাশন পৰিষদ গঠন কৰে। অসমীয়া সাহিত্যত ই এক যুগান্তকাৰী পৰিঘটনা । ১৯৬৬ চনত অসম প্ৰকাশন পৰিষদৰ প্ৰথম জনা সচিব পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্রী সংসদলৈ নির্বাচিত হোৱাৰ পিছত চন্দ্ৰপ্ৰসাদ শইকীয়াক ১৯৬৭ চনত অসম প্ৰকাশন পৰিষদৰ দ্বিতীয় জনা সচিব হিচাপে চলিহাই নিযুক্তি দিয়ে । অসম প্ৰকাশন পৰিষদৰ সচিব পদত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নিযুক্তি এক স্বর্ণোজ্বল ইতিহাসৰ আৰম্ভণি । বিমলাপ্রসাদ চলিহাই অসমীয়া ভাষা আৰু অসমৰ অন্য আঞ্চলিক ভাষাৰ লেখক সকলৰ ৰচনা প্ৰকাশৰ সুবিধাৰ বাবে গঠন কৰা অসম প্ৰকাশন পৰিষদ চন্দ্ৰপ্ৰসাদ সচিব থকা কালত যেন সাৰ পানী পাই লহপহীয়া হৈ বাঢ়িব ধৰিলে । চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ৰাজনৈতিক জীৱনৰ গুৰু বিমলাপ্ৰসাদ চলিহাৰ স্বপ্ন চন্দ্ৰপ্ৰসাদৰ মাজেদি ভাস্বৰ হৈ উঠিল । চন্দ্ৰপ্ৰসাদ শইকীয়াইয়ো সপোন দেখিলে অসম প্ৰকাশন পৰিষদক গ্ৰন্থৰ এক ক্ষুদ্ৰ বিশ্ববিদ্যালয়ৰূপে গঢ় দিয়াৰ । সেয়েহে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰকাশন পৰিষদক এক অসাধাৰণ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা কাৰ্যত ব্ৰতী হ'ল । তদুপৰি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দিনত প্ৰকাশন পৰিষদ অসমীয়া সাহিত্যৰ দিগ্গজ সাহিত্যিকসকলৰ মিলনস্থলী আছিল । সেই মিলন স্থলীতেই সৃষ্টি হৈছিল সাহিত্যক উজ্জ্বীৱিত কৰা চিন্তা-চৰ্চা ।
প্ৰকাশন পৰিষদত যোগদান কৰিলেও চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সাংবাদিকতাৰ নিচা আঁতৰা নাছিল । সেয়েহে ১৯৬৮ চনৰ পৰা তেওঁ অসমীয়া নামৰ এখন আলোচনী সম্পাদনা কৰি উলিয়ায় । সেই সময়ৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত লেখকৰে লেখা অসমীয়াত প্ৰকাশিত হৈছিল । ১৯৭৫ চনৰ পৰা অসম প্ৰকাশন পৰিষদৰ জৰিয়তে 'প্ৰকাশ' নামৰ আলোচনী এখনো শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাবলৈ ধৰে
। এই সময়তে তেওঁৰ 'উত্তৰকাল’ আৰু 'জন্মান্তৰ' নামৰ উপন্যাস দুখন আৰু 'নাচপতি ফুল' গল্প সংকলনখন প্ৰকাশ পায় । অৱশ্যে ইয়াৰ আগতে ১৯৬৩ চনত 'মন্দাক্রান্তা আৰু মেঘমল্লাৰ' প্ৰকাশ পায় । ১৯৬৪ চনত তেওঁৰ প্ৰথম গল্প সংকলন 'মায়ামৃগ' প্রকাশ পায় । একেৰাহে ঊনৈশ বছৰ কাল অসম প্ৰকাশন পৰিষদৰ সচিব পদত কার্যনির্বাহ কৰি ১৯৮৬ চনত সচিব পদৰ পৰা অব্যাহতি লয় ৷ প্ৰকাশন পৰিষদৰ পৰা ওলাই তেওঁ পুনৰ সক্ৰিয় সাংবাদিকতালৈ উভতি যায় আৰু ১৯৮৮ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত 'নতুন দৈনিক' বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে 'নতুন দৈনিক'লৈ অহাৰ আগে আগে তেওঁৰ 'চক্ৰবৎ' আৰু 'অঙ্গীকাৰ' গল্পপুথি দুখনো প্রকাশ পায় ।
পাঁচ বছৰ নতুন দৈনিকৰ সম্পাদক ৰূপে থকাৰ পিছত ১৯৯৩ চনত দি আসাম ট্ৰিবিউনৰ স্বত্বাধিকাৰী প্রফুল্ল গোবিন্দ বৰুৱাৰ অনুৰোধত পুনৰ ট্ৰিবিউন গোষ্ঠীলৈ ঘূৰি আহে আৰু 'গৰীয়সী’ নামৰ সাহিত্যালোচনী এখনৰ সম্পাদনাৰ দায়িত্ব লয় । 'গৰীয়সী' অসমীয়া ভাষা সাহিত্যৰ এক অন্যতম মাইলৰ খুঁটি । গৰীয়সীলে যোৱাৰ আগতে শইকীয়াৰ শ্ৰেষ্ঠতম কৃতি 'মহাৰথী' আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক লৈ লিখা জীৱন ভিত্তিক উপন্যাস 'তোৰে মোৰে আলোকৰে যাত্ৰা' প্ৰকাশ পায় । 'মহাৰথী' উপন্যাসৰ বাবে তেওঁ ১৯৯৫ চনৰ সাহিত্য অকাডেমী বঁটাও লাভ কৰে । তেখেতৰ 'মহাৰথী’ অনেক বৈশিষ্ট্যৰে সমৃদ্ধ এক মহাকাব্যিক চেতনাৰ প্ৰকাশ । ইয়াৰ মাজতে তেওঁ ১৯৯৭ চনত তিনি মাহৰ বাবে অসম বাণী (সাপ্তাহিক) কাকতখনৰ সম্পাদনাৰ দায়িত্বও লয় । অসমৰ বাতৰি কাকত আৰু আলোচনী সমূহৰ ওপৰত গ্ৰন্থ প্রণয়নৰ সংকল্প ৰখা শইকীয়াৰ জ্ঞানান্বেষী মনটোৱে তেওঁক কেতিয়াও বহি থাকিবলৈ দিয়া নাছিল । সেয়েহে ১৯৯৮ চনত অসমৰ বাতৰি কাকত-আলোচনীৰ 'ডেৰশ বছৰীয়া ইতিহাস’ নামৰ গ্ৰন্থ এখন সম্পাদনা কৰি প্ৰকাশ কৰে । এই গ্ৰন্থ অসমীয়া বাতৰি কাকত আলোচনীৰ এখন প্রামাণ্য দলিল হিচাপে চিহ্নিত হৈ ৰ'ব । ১৯৯৯ চনত তেওঁ অসমৰ ভাষা-সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ অলঙ্কৃত কৰে । মেগৰৰ অসম উপত্যকা সাহিত্য বঁটা (২০০২) , অসম প্ৰকাশন পৰিষদ বঁটা (২০০৪) আৰু গৰীয়সী সাহিত্যালোচনীৰ বাবে চাৰিবাৰকৈ সৰ্বভাৰতীয় কথা বঁটা লাভ কৰা এই গৰাকী সাহিত্যিকৰ ২০০৬ চনৰ ৮ আগষ্ট তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে ।
ড৹ অনামিকা বৈশ্য
গ্রন্থাগাৰিক ,
জৱাহৰলাল নেহৰু মহাবিদ্যালয় , বকো
গ্রন্থপঞ্জীঃ
------------
গগৈ, হৃদয়ানন্দ (সম্পাঃ) ঃ চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী , প্ৰথম খণ্ড , অসম প্ৰকাশন পৰিষদ , গুৱাহাটী , প্রথম প্রকাশ , ইং ২০১২
ঃ চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী , দ্বিতীয় খণ্ড , অসম প্ৰকাশন পৰিষদ , গুৱাহাটী , প্রথম প্রকাশ , ২০১৪
ঃ শইকীয়া , চন্দ্ৰপ্ৰসাদঃ মন্দাক্রান্তাো, লয়াৰ্ছ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৩
ঃ মেঘমল্লাৰ , লয়াৰ্ছ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৩
ঃ মায়ামৃগ , নিউ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৪
ঃ নাচপতি ফুল , উদয়ন , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৮
ঃ তোৰে মোৰে আলোকৰে যাত্ৰা , সাহিত্য প্রকাশ ,গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৯২
পাঁচ বছৰ নতুন দৈনিকৰ সম্পাদক ৰূপে থকাৰ পিছত ১৯৯৩ চনত দি আসাম ট্ৰিবিউনৰ স্বত্বাধিকাৰী প্রফুল্ল গোবিন্দ বৰুৱাৰ অনুৰোধত পুনৰ ট্ৰিবিউন গোষ্ঠীলৈ ঘূৰি আহে আৰু 'গৰীয়সী’ নামৰ সাহিত্যালোচনী এখনৰ সম্পাদনাৰ দায়িত্ব লয় । 'গৰীয়সী' অসমীয়া ভাষা সাহিত্যৰ এক অন্যতম মাইলৰ খুঁটি । গৰীয়সীলে যোৱাৰ আগতে শইকীয়াৰ শ্ৰেষ্ঠতম কৃতি 'মহাৰথী' আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক লৈ লিখা জীৱন ভিত্তিক উপন্যাস 'তোৰে মোৰে আলোকৰে যাত্ৰা' প্ৰকাশ পায় । 'মহাৰথী' উপন্যাসৰ বাবে তেওঁ ১৯৯৫ চনৰ সাহিত্য অকাডেমী বঁটাও লাভ কৰে । তেখেতৰ 'মহাৰথী’ অনেক বৈশিষ্ট্যৰে সমৃদ্ধ এক মহাকাব্যিক চেতনাৰ প্ৰকাশ । ইয়াৰ মাজতে তেওঁ ১৯৯৭ চনত তিনি মাহৰ বাবে অসম বাণী (সাপ্তাহিক) কাকতখনৰ সম্পাদনাৰ দায়িত্বও লয় । অসমৰ বাতৰি কাকত আৰু আলোচনী সমূহৰ ওপৰত গ্ৰন্থ প্রণয়নৰ সংকল্প ৰখা শইকীয়াৰ জ্ঞানান্বেষী মনটোৱে তেওঁক কেতিয়াও বহি থাকিবলৈ দিয়া নাছিল । সেয়েহে ১৯৯৮ চনত অসমৰ বাতৰি কাকত-আলোচনীৰ 'ডেৰশ বছৰীয়া ইতিহাস’ নামৰ গ্ৰন্থ এখন সম্পাদনা কৰি প্ৰকাশ কৰে । এই গ্ৰন্থ অসমীয়া বাতৰি কাকত আলোচনীৰ এখন প্রামাণ্য দলিল হিচাপে চিহ্নিত হৈ ৰ'ব । ১৯৯৯ চনত তেওঁ অসমৰ ভাষা-সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ অলঙ্কৃত কৰে । মেগৰৰ অসম উপত্যকা সাহিত্য বঁটা (২০০২) , অসম প্ৰকাশন পৰিষদ বঁটা (২০০৪) আৰু গৰীয়সী সাহিত্যালোচনীৰ বাবে চাৰিবাৰকৈ সৰ্বভাৰতীয় কথা বঁটা লাভ কৰা এই গৰাকী সাহিত্যিকৰ ২০০৬ চনৰ ৮ আগষ্ট তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে ।
ড৹ অনামিকা বৈশ্য
গ্রন্থাগাৰিক ,
জৱাহৰলাল নেহৰু মহাবিদ্যালয় , বকো
গ্রন্থপঞ্জীঃ
------------
গগৈ, হৃদয়ানন্দ (সম্পাঃ) ঃ চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী , প্ৰথম খণ্ড , অসম প্ৰকাশন পৰিষদ , গুৱাহাটী , প্রথম প্রকাশ , ইং ২০১২
ঃ চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী , দ্বিতীয় খণ্ড , অসম প্ৰকাশন পৰিষদ , গুৱাহাটী , প্রথম প্রকাশ , ২০১৪
ঃ শইকীয়া , চন্দ্ৰপ্ৰসাদঃ মন্দাক্রান্তাো, লয়াৰ্ছ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৩
ঃ মেঘমল্লাৰ , লয়াৰ্ছ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৩
ঃ মায়ামৃগ , নিউ বুকষ্টল , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৪
ঃ নাচপতি ফুল , উদয়ন , গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৬৮
ঃ তোৰে মোৰে আলোকৰে যাত্ৰা , সাহিত্য প্রকাশ ,গুৱাহাটী , প্রথম প্রকাশ , ইং ১৯৯২
0 Comments