ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ল’ৰালিকাল আৰু সাহিত্য চৰ্চা
[ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাৰ্ঘ ]
জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী সাহিত্যিক ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৷ ১৯২৪ চনৰ ১৪ অক্টোবৰ তাৰিখে মাতৃ আইদেউ ভট্টাচাৰ্যৰ কোলা শুৱনি কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৷ দেউতাক শশীকান্ত ভট্টাচাৰ্য শিৱসাগৰৰ চফ্ৰাই চাহ বাগিচাত কাম কৰাৰ হেতু তাতেই তেওঁৰ জন্ম হৈছিল আৰু স্কুলীয়া শিক্ষাও আৰম্ভ হৈছিল বাগিচাৰ স্কুলতেই ৷
ল’ৰালি কালত শিশু বীৰেন্দ্ৰই টাংগুটি , বাঘ-গৰু আদি খেলাৰ লগতে ৰবাব টেঙাৰ বল খেলিছিল ৷ মাজে মাজে বেডমিণ্টন খেল আৰু পিছলৈ কেৰম খেলি ভাল পাইছিল ৷ সৰুৰে পৰাই তেওঁ আছিল খুব কল্পনাপ্ৰৱণ ৷ গছবোৰকে মানুহ বুলি ভাবি সেইবিলাকৰ লগত কথা পাতিছিল আৰু মাষ্টৰ হৈ সেইবিলাকক কোবাইছিল ৷ সেই সময়ত সোণাৰিত বাগিছাবোৰৰ মাজত ফুটবল খেল প্ৰতিযোগিতা হৈছিল ৷ তাত বীৰেন্দ্ৰই খেলিবলৈ নাপাইছিল যদিও ট্ৰাকত উঠি দলৰ লগত গৈছিল ৷
বাৰ্ষিক দুৰ্গাপূজা বাগানত খুব ধুমধামেৰে পাতিছিল ৷ শিশু বীৰেন্দ্ৰহঁতে পূজা সেৱা কৰি দেউতাকৰ লগত গধূলি প্ৰায়ে থিয়েটাৰ চাইছিল ৷ আনহাতে গোসাঁনীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত তেওঁলোকক বাগিচাৰ বৰবাবু আৰু কেৰাণীয়ে হাতীৰ ওপৰত উঠাই চফ্ৰাই নৈৰ ওচৰলৈ লৈ গৈছিল ৷ বাগিচাৰ চাহাববিলাকৰ আকৰ্ষণীয় জীৱন-যাত্ৰা আৰু বাগানৰ বনুৱাবিলাকৰ হাড়-ভগা পৰিশ্ৰম, ধনী-দুখীয়া তথা ক্ষমতাৱান আৰু নিমাখিত মানুহৰ প্ৰভেদে শিশু বীৰেন্দ্ৰৰ কুমলীয়া মনত বাৰুকৈয়ে সাঁচ বহুৱাইছিল ৷
সৰুতে বীৰেন্দ্ৰহঁতক ভাওনা চাবলৈ নিদিছিল ৷ কিন্তু ব’হাগ বিহু আহিলে হুঁচৰি গাইছিল ৷ গৰু বিহুৰ দিনা গৰু বিলাক দিহা নৈলৈ নি গা ধুৱায় ৷ মাঘৰ মেজি দিহা নৈৰ পাৰতে সাজে ৷ খেৰৰ চালি ঘৰ সাজিছিল আৰু তাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যহঁতে ভোজ-ভাত খাইছিল ৷ এই বিহুতে মানুহৰ ঘৰলৈ গৈ পিঠা চুৰ কৰি খাই লগৰীয়াৰ লগত স্ফূৰ্তি কৰিছিল ৷ চফ্ৰাইত পঢ়ি থাকোঁতে পানী খোৱা ছুটীত ওচৰৰে পদুম পুখুৰীত থকা সৰু দলঙত উঠি পদুমৰ পাতৰ নলাৰে পানী শুহি খাইছিল ৷ স্কুললৈ অহা-যোৱা কৰা ৰাস্তাৰ কাষতে এজন মুছলমান মানুহৰ ঘৰত বীৰেন্দ্ৰহঁতে প্ৰায়ে ‘বন পিঠা’ খাইছিলেগৈ৷
সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য চৰ্চা আৰম্ভ হৈছিল ল’ৰালি কালতে ৷ সেই সময়ত অসমৰ এখন নামজ্বলা শিক্ষানুষ্ঠান কাকজান এম. ই স্কুলত পঢ়ি থকাৰ সময়তে বীৰেন্দ্ৰহঁতে ছাত্ৰ সন্মিলন পাতিছিল ৷ শনিবাৰে সোনকালে স্কুল ছুটী হোৱাৰ পিছত তাতে তেওঁলোকে গল্প , কবিতা পাঠ কৰিছিল ৷ যোৰহাটৰ চৰকাৰী স্কুলত পঢ়ি থাকোঁতে এবাৰ অসমীয়া বিষয়ত শিক্ষকে বীৰেন্দ্ৰকুমাৰক ১০ ৰ ভিতৰত ১২ নম্বৰ দিছিল ৷ বাগানত সাহিত্য চচাৰ্ৰ পৰিবেশ নাথাকিলেও বীৰেন্দ্ৰ কুমাৰে পঢ়া-শুনা কৰাৰ যথেষ্ট সুবিধা পাইছিল ৷ বাগিচালৈ নিয়মীয়াকৈ অহা ‘ আৱাহন ’ , ‘ মাসিক বসুমতী ’ , ‘ দৈনিক বাতৰি ’ ‘ আমাৰ দেশ ’ , ‘ ন-জোন ’ আদি কাকত - আলোচনী পঢ়িছিল ৷ তদুপৰি দেউতাক আৰু বাগিচাৰ চাহাবসকলে কৰা সাহিত্য আলোচনাসমূহ শুনি শিশু বীৰেন্দ্ৰ কুমাৰ যথেষ্ট উৎসাহিত হৈছিল আৰু সেই স্কুলৰ হাতে লিখা আলোচনী ‘জেউতী ’ত তেওঁৰ প্ৰথম ছপা আকাৰে গল্প প্ৰকাশ পাইছিল ৷
সাতাইশখন উপন্যাস আৰু ‘ সান্ধ্যস্বৰ ’ কাব্য গ্ৰন্থৰ স্ৰষ্টা তথা ‘ মৃত্যুঞ্জয় ’ উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ১৯৯৭ চনৰ ৬ আগষ্ট তাৰিখে মৃত্যু হয় ৷
একেধাৰে গল্পকাৰ , প্ৰাবন্ধিক, সাংবাদিক, কবি এইজনা মানৱদৰদী ব্যক্তিৰ সাহিত্যকৃতি তলত উল্লেখ কৰা হ’ল–
উপন্যাস : ‘ৰাজপথে ৰিঙিয়ায়’ , ‘ আই ’ , ‘ ঈয়াৰুঙ্গম ’ , ‘প্ৰতিপদ ’ , ‘ শতঘ্নী ’ , ‘ নষ্টচন্দ্ৰ ’ , ‘ শৰৎ কোঁৱৰ ’ , ‘ ভাৰতী ’, ‘ মৃত্যুঞ্জয় ’ , ‘ চিনাকি সুঁতি ’ , ‘ ডাইনী ’ , ‘ পৰিব্ৰাজক ’ , ‘ কবৰ আৰু ফুল ’ , ‘ এটি নিশা ’ , ‘ টব আৰু ইভা ’ , ‘ ৰঙা মেঘ ’ , ‘ মুনিচুনিৰ পোহৰ ’ , ‘ ফুল কোঁৱৰৰ পক্ষী ঘোঁৰা ’ , ‘ কালৰ হুমুনিয়াহ' আৰু ‘ বুঢ়ী আইতাৰ পুৰাণ ’ ৷
গল্পপুথি : ‘ সাতসৰী ’ , ‘ কলং আজিও বয় ’ আৰু ‘ খিৰিকী কাষৰ আসন ’ ৷
কবিতা পুথি : ‘ সান্ধ্য স্বৰ ’ ৷
নাটক : ‘ জোনালী ’ , ‘ ভাৰতী ’ , ‘ শকুন্তলা ’ , ‘খহনীয়া ’ , ‘ সোণৰ ভোগজৰা ’ , ‘ অহল্যা ’ , ‘ টুৰটুফি ’ আদি ৷
ভ্ৰমণ কাহিনী : ‘ সীমাই আমনি কৰে ’ ৷
অনুদিত গ্ৰন্থ : শৰৎ চন্দ্ৰৰ উপন্যাস ‘ পৰিণীতা ’ ৷
প্ৰৱন্ধ : ‘ ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি ’ , ‘ সংবাদ সাহিত্য ’ আৰু ‘ মপিন উৎসৱ ’ ৷
শিশুপুথি : ‘ নগা ককাৰ সাধু আৰু ‘ জনজাতীয় সাধু ’ ।
0 Comments