header ads

গণিতৰ যাদু,ৱাহিদুদ জামান, ৪ৰ্থ বছৰ ১ম সংখ্যা,




(ক) জন্মৰ মাহ আৰু তাৰিখ নিৰ্ণয় :
-------------------------------------------------

(১) পোন প্ৰথমে কোনো এজন বন্ধুক তেওঁৰ জন্মৰ মাহটোক 5 ৰে পূৰণ কৰিবলৈ ক’বা , 
(২ ) উত্তৰটোৰ লগত 6  যোগ কৰিবলৈ ক’বা ,
(৩) সেই উত্তৰটোৰ লগত 4 ৰে পূৰণ কৰিব ক’বা ,
(৪) পূৰণফলটোৰ লগত 9 যোগ কৰিবলৈ কবা ,
(৫) যোগফলটোৰ লগত 5 ৰে পূৰণ কৰিব ক’বা ,
(৬) এতিয়া পোৱা উত্তৰটোৰ লগত বন্ধুজনৰ জন্মৰ তাৰিখটো যোগ কৰিব ক’বা ,
(৭) শেষত পোৱা উত্তৰটোৰ পৰা 165 বিয়োগ কৰিবলৈ কবা ৷

শেষত দেখিবলৈ পাবা যে বন্ধুজনৰ উত্তৰটোৰ বাওঁফালৰ পৰা প্ৰথম দুটা (কেতিয়াবা এটা) অংকই জন্মৰ মাহ আৰু শেষৰ দুটা অংকই জন্মৰ তাৰিখ হব ।

(খ) ৫ টা শাৰীত থকা পাঁচটা অংকবিশিষ্ট সংখ্যাৰ যোগফল আগতীয়াকৈ নিৰ্ণয়ঃ
------------------------------------------------------

( যোগফলটো প্ৰথম শাৰীটোত লিখা সংখ্যাটো দেখিলেই ক’ব পৰা যাব )
(১) ধৰা হ’ল বন্ধুজনে প্ৰথম শাৰীটোত লিখা সংখ্যাটো 34642 
(২) এতিয়া এই সংখ্যাটো দেখিয়েই প্ৰশ্ন কৰোঁতা জনে উত্তৰটো কিমান হ’ব এখন সৰু কাগজত লিখি অন্য এজন বন্ধুক কাগজখন ধৰি থাকিবলৈ ক’ব ,
(৩) সৰু কাগজখনত লিখা উত্তৰটো হ’ব   256862
(৪) এতিয়া বন্ধুজনক প্ৰথমে লিখা সংখ্যাটোৰ তলতেই দ্বিতীয় শাৰীত আন এটা যিকোনো ৫ টা ভিন্ন অংকবিশিষ্ট সংখ্যা লিখিবলৈ ক’ব ,
(৫) ধৰা হল বন্ধুজনে লিখিলে 12437 .
(৬) তিনি নং শাৰীত প্ৰশ্ন কৰোঁতাজনে নিজে একে ধৰণৰ ৫টা ভিন্ন অংকবিশিষ্ট সংখ্যা লিখিব , তেখেতে লিখা সংখ্যাটো হ’ব 98673
(৭) চাৰি নং শাৰীত বন্ধুজনক আকৌ ৫টা ভিন্ন  অংকবিশিষ্ট সংখ্যা লিখিবলৈ ক’ব , তেখেতে লিখা সংখ্যাটো ধৰা হ’ল 45123 ,
(৮) এতিয়া পাঁচ নং শাৰীত প্ৰশ্ন কৰোটা জনে নিজে আকৌ একে ধৰণৰ ৫টা ভিন্ন  অংকবিশিষ্ট সংখ্যা লিখিব , তেখেতে লিখা সংখ্যাটো হ’ব 65987
(৯) এতিয়া এই পাঁচটা সংখ্যা বন্ধুজনক যোগ কৰিবলৈ দিব আৰু প্ৰথমেই অন্য এজন বন্ধুক যোগ কৰাৰ আগতেই লিখি দিয়া উত্তৰটোৰ লগত মিলাই চাবলৈ দিব আৰু দেখা পাব যে উত্তৰটো একেই হ’ব আৰু উত্তৰটো হ’ব 256862 .

চৰ্ত ১ঃ প্ৰশ্ন কৰোতাজনে তৃতীয় শাৰীত নিজে লিখা সংখ্যাটো , দ্বিতীয় শাৰীত লিখা সংখ্যাটোৰ প্ৰতিটো অংকৰ লগত সোঁফালৰ পৰা এনে এটা অংক যোগ কৰি লিখিব লাগিব যাতে যোগফল সদায় 10 হয় ।

চৰ্ত ২ঃ  প্ৰশ্ন কৰোতাজনে পঞ্চম শাৰীত নিজে লিখা সংখ্যাটো , চতুৰ্থ শাৰীত লিখা সংখ্যাটোৰ প্ৰতিটো অংকৰ লগত সোঁফালৰ পৰা এনে এটা অংক যোগ কৰি লিখিব লাগিব যাতে যোগফল সদায় 10 হয় ।

চৰ্ত ৩ঃ  উত্তৰটো লিখিবলৈ হ’লে প্ৰথমে বন্ধুজনে লিখা সংখ্যাটোৰ সোঁফালৰ পৰা প্ৰথমে এককৰ স্থানৰ অংকটো লিখিব , তাৰ পিছত প্ৰতিটো অংকৰ লগত 2 যোগ কৰি ক্ৰমান্বয়ে বাওঁফাললৈ অংকবোৰ লিখি যাব আৰু একেবাৰে শেষত বাওঁফালে বন্ধুজনে লিখা এককৰ স্থানৰ অংকটো আকৌ এবাৰ লিখি দিব , যিটো শেষৰ যোগফল হ’ব । )

সংগ্ৰাহক:

ৱাহিদুদ জামান

বিষয় শিক্ষক

ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ 

শিক্ষাখণ্ড: ছয়গাওঁ 


Post a Comment

0 Comments