header ads

সাক্ষাৎকাৰ, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 সাক্ষাৎকাৰ


    অসমৰ বিশিষ্ট আবৃত্তিকাৰ, কবি, চিত্ৰশিল্পী তথা অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 'অসম শিশু সাহিত্য ন্যাস'ৰ অৱসৰপ্ৰাপ্ত প্ৰযোজনা সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ভূপেন চক্ৰৱৰ্তী চাৰ এইবাৰৰ 'জ্ঞানম' সাক্ষাৎকাৰৰ অতিথি। ছাত্ৰ- ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ সুবিধাৰ্থে কবিতাৰ আবৃত্তি সম্পৰ্কত কিছু কথা জানিবলৈ আমি চাৰৰ কাষ চাপিছিলোঁ। আহকচোন সাক্ষাৎকাৰটিলৈ যাওঁ-


১। জ্ঞানম : কবিতা এটাৰ পাঠ আৰু আবৃত্তিৰ মাজত পাৰ্থক্য কি ?

ভূপেন চাৰ : কবিতা এটা পাঠ কৰিলে কবিতাটোৰ ভাৱ ব্যঞ্জনাটো প্ৰকাশ নহয়। শব্দৰ উচ্চাৰণৰ শুদ্ধতাটোহে পাঠত ওলায়। আনহাতে, আবৃত্তিত কবিতাৰ ভিতৰৰ ভাৱ ওলাই আৰু ৰসখিনি উদ্ধাৰ কৰিব পাৰি অৰ্থাৎ কবিতাটোৰ অৰ্থ সুন্দৰভাৱে প্ৰকাশ পায়।

পাঠ আৰু আবৃত্তি দুয়োটাই প্ৰয়োজনীয়। পাঠৰ জৰিয়তে কবিতাৰ দাঢ়ি, ক'মা উচ্চাৰণৰ সঠিকতা প্ৰকাশ পায় আকৌ আবৃত্তিত কবিতাটো সম্পূৰ্ণৰূপত প্ৰকাশিত হয়। সেয়েহে মানুহে আবৃত্তি শিকা উচিত। কবিতা ভালকৈ বুজিবলৈ আবৃত্তি হৈছে একমাত্র মাধ্যম।


২। জ্ঞানম : আবৃত্তি কৰোঁতে ধ্বনি আৰু উচ্চাৰণৰ গুৰুত্ব কিমান ?

ভূপেন চাৰ : উচ্চাৰণে ব্যাকৰণৰ নিয়ম মানি চলে। আনহাতে ধ্বনি স্বাধীন। উচ্চাৰণ, ব্যাকৰণৰ একান্ত বাধ্য। ধ্বনিত কোনো ব্যাকৰণৰ বাধ্যবাধকতা নাথাকে। ধ্বনিৰ পৰিসৰ ব্যাপক। উদাহৰণস্বৰূপে, সাগৰৰ গৰ্জন এটা ধ্বনি, উচ্চাৰণ নহয়। বিজুলী ঢেৰেকণি এটা ধ্বনি, উচ্চাৰণ নহয়। ধ্বনি প্ৰকৃতিজাত, ই প্ৰকৃতিৰ পৰা উৎপন্ন হৈছে। অ, আ, ই, ঈ এইবোৰ এনেই উচ্চাৰণ কৰিলে কোনো অৰ্থ প্ৰকাশ নকৰে। কিন্তু যদি 'অ'টোক সুৰ লগাই ধ্বনি কৰো, ই অৰ্থপূৰ্ণ হৈ পৰে। ধ্বনিয়ে শব্দৰ অৰ্থ , ভাৱ প্ৰকাশ কৰে, ইয়াৰ ভিতৰত সংগীত সোমাই আছে। সেইকাৰণে পণ্ডিতসকলে কৈছে যে কবিতাৰ আত্মাটো হ'ল ধ্বনি। ধ্বনি অবিহনে কবিতা নহয়।

৩| জ্ঞানম :আবৃত্তিৰ ক্ষেত্ৰত প্ৰকাশভংগী কেনেকুৱা হ'ব লাগে ?

ভূপেন চাৰ : আবৃত্তিৰ প্ৰকাশভংগী ধ্বনিৰ লগত জড়িত। প্ৰকাশভংগীৰ ক্ষেত্ৰত কণ্ঠস্বৰ
সাৱলিল, সুললিত হ'ব লাগে। অৰ্থাৎ শুদ্ধ উচ্চাৰণ তথা ধ্বনিৰ সঠিক প্ৰকাশ হ'ব লাগে। শব্দটোৱে প্ৰকাশ কৰা ভাৱটো যেনেকুৱা প্ৰকাশভংগীও ঠিক তেনেকুৱা হ'ব লাগিব। আবৃত্তিটো কবিতা পাঠৰ দৰে কৰিব নোৱাৰি। শব্দৰ ধ্বনি, সুৰ, অৰ্থ প্ৰকাশভংগীত প্ৰকাশ পাব লাগিব।


৪৷ জ্ঞানম : এটা কবিতা সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে এজন আবৃত্তিকাৰৰ কি কি গুণ থাকিব লাগে বুলি আপুনি ভাবে ?

ভূপেন চাৰ : কবিতা আবৃত্তি কৰিব বিচাৰিলে প্ৰথমে কবিতাটোৰ বাক্য-বিন্যাস ভালদৰে অধ্যয়ন কৰিব লাগিব। ক'ত ৰৱ লাগিব, ক'ত ৰৱ নালাগে, কোনকেইটা শব্দ একেলগে মাতিব লাগিব, কোনবোৰ শব্দ এটা এটাকৈ মাতিব লাগিব , এই সকলো কথা বাক্য-বিন্যাসৰ ভিতৰত সোমাই আছে , কবিতাটো পঢ়ি যাওঁতে সেইখিনি উলিয়াব পাৰিব লাগিব। দাঢি, ক'মা, হাইফেন আদিৰ ব্যৱহাৰ জানিব লাগিব।

দ্বিতীয়তে কণ্ঠ ঠিক কৰিব লাগিব, তাৰবাবে বিভিন্ন কবিতা পঢ়ি , আবৃত্তি কৰি কণ্ঠৰ ৰেৱাজ কৰিব লাগিব। তাৰোপৰি কবিতাটোৰ ক'ত জোৰ দি ক'ব লাগে, ক'ত নিম্ন স্তৰত ক'ব লাগে, এইবোৰ বিচাৰি উলিয়াব পাৰিব লাগিব। কবিতাটোৰ এনাটমী(Anatomy) বিচাৰি উলিয়াই তাক প্ৰয়োগ কৰিব লাগিব। কবিতাটোৰ স্বৰগ্ৰাম উদ্ধাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, দুখৰ কবিতা এটা High Scale ত গাব নোৱাৰিব। কোমলতা, উদাত্ততাবোৰ যেনেকৈ আছে তেনেকৈয়ে মাতিব লাগিব। গতিকে আবৃত্তিকাৰ এজন ভাল কাব্যৰসিক , কবিতা পঢ়োঁতা , নাটক পঢ়োঁতা হ'ব লাগিব। কবিতাৰ ভিতৰৰ দৰ্শন জানিব লাগিব। নাটকৰ সংলাপ মাতিব জানিব লাগিব। ব্যাকৰণৰ সঠিক ব্যৱহাৰ জানিব লাগিব। উচ্চাৰণ ভুল হ'লে প্ৰকাশভংগী, ভাৱ ব্যঞ্জনা, ধ্বনিৰ প্ৰকাশ ভুল হ'ব। সেয়েহে সঠিক ব্যাকৰণ ব্যৱহাৰ কৰি সঠিক উচ্চাৰণ কৰিব লাগিব।


৫। জ্ঞানম : বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আবৃত্তি ক্ষেত্ৰখনলৈ কিদৰে আগবঢ়াই লৈ যাব পাৰি ?

ভূপেন চাৰ : এইক্ষেত্ৰত ছাত্র-ছাত্ৰীসকলক লৈ কৰ্মশালা কৰিব পাৰিলে ভাল। যাতে ছাত্র-ছাত্ৰীসকলে কিদৰে আবৃত্তি কৰিব লাগে, সেয়া জানিব পাৰে। যিহেতু কবিতা আবৃত্তি এটা প্ৰায়োগিক শিল্প, সেয়ে ছাত্র-ছাত্ৰীসকলক আবৃত্তি কৰি দেখুৱাব লাগিব। ছাত্র-ছাত্ৰীসকলে নিজে প্ৰত্যক্ষ কৰি, শুনি পিছলৈ নিজে আগ্ৰহী হ'ব।

৬| জ্ঞানম : আবৃত্তিৰ কৰ্মশালাই ( গৰমৰ বন্ধ বা অন্য সময়ত দুই-তিনিদিনৰ) ন-শিকাৰুৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰেনে ?

ভূপেন চাৰ : ছাত্ৰ-ছাত্ৰীসকলে যিদৰে দেখিছে , সেইদৰেই শিকিব। সেয়ে দক্ষ লোকে শিকাব লাগে। সৰু সৰু ছাত্র-ছাত্ৰীসকলক বেছি তত্ত্ব শিকাব নালাগে । কাৰণ সেইবোৰ তেওঁলোকে নুবুজিব। তাৰ ঠাইত তেওঁলোকক লয়, তাল শিকাব লাগে যাতে সহজে বুজিব পাৰে আৰু পিছলৈ কবিতা আবৃত্তিৰ উপৰিও গানৰ ক্ষেত্রখনটো আগবাঢ়ি যাব পাৰে। সৰুসকলক ছন্দৰ মিল থকা কবিতা আবৃত্তি কৰিবলৈ শিকাব লাগে আৰু ডাঙৰ অৰ্থাৎ অষ্টম, নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলক তত্ত্ব থকা কবিতা আবৃত্তিও শিকাব লাগে । ভাল ভাল কবিতা শিকিলে, শুনিলে ছাত্র-ছাত্ৰীসকল নিজে নিজে আকৃষ্ট হ'ব । তেতিয়া সিহঁত আন বেয়া দিশৰ পৰা আঁতৰি কবিতাৰ ভাল কথাবোৰ শিকিব ।

৭৷ জ্ঞানম : অসমত গভীৰ সম্পৰীক্ষণেৰে কৰা আবৃত্তি-চৰ্চা নবীন । আবৃত্তিক নৱপ্ৰজন্মৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলাৰ হকে কেনে পদক্ষেপ হাতত ল'লে ফলপ্ৰসূ হ'ব পৰা যাব ?

ভূপেন চাৰ : আগতে মানুহে শুনিছিল , এতিয়া মানুহে চাব। সেয়ে কবিতা দেখুৱাব শিকাব লাগিব। কবিতা আবৃত্তি হ'ল এটা পৰিবেশ্য কলা (performing Art)। সেয়ে ইয়াক মঞ্চত উপস্থাপন কৰি দেখুৱাব লাগিব। যেনেদৰে নাটক এখন পঢ়ি যিমান ভাল লাগে, মঞ্চত চাই বেছি ভাল লাগে। নাটকীয় বা দলীয় নৃত্য পদ্ধতিত বা অন্য ধৰণৰ উপস্থাপনৰ দ্বাৰা আমি কবিতা দেখুৱাব লাগিব। মঞ্চত উপস্থাপনৰ কৌশল উলিয়াব লাগিব। এইটো কৰিলে কবিতাটো পৰিবেশ্য কলালৈ (performing Art) পৰিবৰ্তন হ'ব।

কবিতা কেৱল আবৃত্তি কৰিলে ই কেৱল মানুহৰ মানসপটত সোমাই থাকিব। অসমত এই ধৰণৰ কাম নোহোৱা নহয় , কিছুমানে বেলেগ বেলেগ ধৰণে কৰিছে । কিন্তু সেই যি প্ৰয়োগ, সেইটো বৰ উন্নত হোৱা নাই। সেয়ে এইক্ষেত্ৰত কবিতাৰ লগত খাপ খোৱা সমল নলʼলে  দৰ্শকে গ্ৰহণ নকৰিব। প্ৰয়োগ কৰাৰ যি চমৎকাৰিতা বা প্ৰয়োগ কৰাৰ যি প্ৰতিভা, সেইখিনি আবৃত্তিকাৰ বা পৰিচালকৰ থাকিব লাগিব। গানত সহজ , কিন্তু কবিতাই এক বেলেগ অৰ্থ বা দৰ্শন লৈ আহে , গতিকে তাৰ মাজত আবৃত্তিকাৰ বা পৰিচালকজন সোমাব পাৰিব লাগিব। সেইখিনি কৰিব পাৰিলে দৰ্শকে গ্ৰহণ কৰিব , সেই কলা মানুহে আকোঁৱালি ল'ব আৰু এই কলাৰ সময় বৰ্তমান আহি গৈছে ।

জ্ঞানম : ব্যস্ততাৰ মাজতো ইমান সময় আমাক দিয়াৰ বাবে 'জ্ঞানম' পৰিয়ালৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
                     *****************************************************

Post a Comment

1 Comments

  1. आपलोगो की यह आलोसोनी में से यह पढ़कर मुझे कुछ ज्ञान प्राप्त हुई हैं.. मैं भी कविता आबृति करती हूं और यहां जो मुझे कुछ ज्ञान प्राप्त हुई वोह मेरे लिए लाभदायक सिद्ध हुआ.... कविता मेरी एक अभ्यास हैं... कविता मेरी एक प्रिय चीज़ है...thank you...

    ReplyDelete