header ads

তত্বাৱধায়কৰ একলম, ৪ৰ্থ বছৰ ১ম সংখ্যা

   তত্বাৱধায়কৰ একলম



    সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা মহামাৰীয়ে মানুহৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল ৷ চৰকাৰে তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰা বাবে বহু দিন স্কুল-কলেজ , দোকান-বজাৰ , অফিচ আদি সকলো বন্ধ হৈ পৰিছিল ৷ এই ভয়াবহ সময়খিনিতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে যাতে ঘৰৰ পৰাই প্ৰতিভাসমূহ বিকশাই তুলিব পাৰে সেই চিন্তা কৰি 'শৈক্ষিক গোট  জ্ঞানম' , কামৰূপৰ জন্ম হয় ৷ ইং ২০২০ চনৰ আগষ্ট মাহৰ পৰা শৈক্ষিক গোট, জ্ঞানমৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা, কামৰূপৰ সহযোগত ই-আলোচনী 'জ্ঞানম’  এ জিলাখনৰ চুকে-কোণে লুপ্ত হৈ থকা ছাত্ৰ-ছাত্ৰী , শিক্ষক- শিক্ষয়িত্ৰীৰ সৃজনশীল প্ৰতিভাসমূহ  প্ৰকাশ কৰি শৈক্ষিক , বৌদ্ধিক আদি ভিন্ন দিশত শিক্ষা ক্ষেত্ৰখনত এক বিপ্লৱ অনাৰ প্ৰয়াস কৰা হৈছে ৷ তাৰোপৰি বিশিষ্ট সাহিত্যিক সকলৰ লেখা প্ৰকাশেৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক দূৰৰ মাণিক হাততে দিবলৈ চেষ্টা কৰি অহা হৈছে ৷ ’জ্ঞানম’ ই-আলোচনীখনৰ জৰিয়তে গল্প , চুটিগল্প , কবিতা , প্ৰবন্ধ , কুইজ , সাঁথৰ , শব্দশৃংখল , বিজ্ঞানৰ ইটো-সিটো , গণিতৰ যাদু , বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ , কামৰূপৰ মঠ-মন্দিৰ , ঐতিহ্য , বিভিন্ন দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা লেখা আদি নিয়মিতভাবে প্ৰকাশ কৰি অহা হৈছে।


         গ্ৰন্থ মানুহৰ পৰম বন্ধু ৷ গ্ৰন্থৰ মাজেৰে এটা জাতি , এখন দেশ , এখন সমাজৰ সভ্যতা-সংস্কৃতি বিকাশৰ সন্ধান পোৱা যায় ৷ গ্ৰন্থই জ্ঞান দিয়ে, জীৱন গঢ়াৰ মন্ত্ৰ দিয়ে ৷ টমাছ আলভা এডিছনৰ মাতৃ নাঞ্চি ইলিয়ই বিয়াৰে কৈছিল , 'মানুহে কিতাপ পঢ়িবই লাগিব। ই জাতিৰ দাপোণ ৷ ইয়ে জ্ঞান দিয়ে ৷' মাকৰ উপদেশ মতে টমাছ আলভা এডিছনে তেওঁৰ ঘৰৰ আলমাৰিৰ সকলো গ্ৰন্থ অধ্যয়ন কৰিছিল ৷ গ্ৰন্থ অধ্যয়নৰ মাজেৰে আমি বিশাল পৃথিৱীখনৰ বহুতো নজনা কথা জানিবলৈ সক্ষম হওঁ ৷ সেই মহান উদ্দেশ্য আগত ৰাখি শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ ই আলোচনীত প্ৰকাশিত কামৰূপৰ ঐতিহ্যপূৰ্ণ সত্ৰ , দেৱালয় , মঠ , মন্দিৰ ইত্যাদি বিষয়ক প্ৰবন্ধ সমূহ সন্নিৱিষ্ট কৰি 'কামৰূপৰ ঐতিহ্য' শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হয় ৷ গ্ৰন্থখনি প্ৰকাশৰ আঁৰত থকা ব্যক্তিসকল হ’ল –সৰ্বশ্ৰী অপূৰ্ব ঠাকুৰীয়া , ড° গণেশ্বৰ চহৰীয়া , ৰজত ভৰালী , ফুলপাহি নাথ , কল্পনা দাস , স্বৰস্বতী দত্ত , তীৰ্থমণি ডেকা , তৰণী ডেকা , হেমেন ধিং , গিৰিণ দাস , মালব্য দাস , নৱ কুমাৰ নাথ , পুবালী শইকীয়া দাস , তন্দ্ৰা দে , সংগীতা কাকতি , অনিতা পাল , পুৰবী চুটীয়া , ৱাহিদুদ জামান , পল্লবী পাঠক , মনবীনী দাস , প্ৰদীপ কলিতা , নিৰলা ডেকা , অমিয় কুমাৰ ৰয় , লভিতা মেধি , ৰূপাঞ্জলী দাস আৰু নয়নমনি দাস ।
       যোৱা ইং ৬ ছেপ্তেম্বৰ , বুধবাৰে শৈক্ষিক গোট 'জ্ঞানম'ৰ ৩য় বাৰ্ষিক , প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থখন উন্মোচন কৰা হয় ৷ উন্মোচন কৰে , অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব , বিশিষ্ট সাহিত্যিক তথা অসম সৰ্ব শিক্ষা থানেশ্বৰ মালাকাৰ ছাৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাননীয় শ্ৰীযুত বেদব্ৰত মিশ্ৰ ( বিশিষ্ট সাংবাদিক ) , শ্ৰীযুত পৰেশ বৈশ্য ( সাহিত্যিক, সাংবাদিক , অৱসৰী অধ্যক্ষ ) দেৱ । উক্ত অনুষ্ঠানত কেবাগৰাকীও লেখক লেখিকা,শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকি আমাক উৎসাহিত কৰে ৷'কামৰূপৰ ঐতিহ্য' প্ৰকাশিত প্ৰবন্ধ সমূহ ক্ৰমে-পঞ্চতীৰ্থ হাজো,শ্ৰীশ্ৰী মা চণ্ডীকা দেৱালয,পিঙ্গলেশ্বৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয়, এক অৱলোকন, পোৱামক্কা , ঐতিহ্যমণ্ডিত ৰাজাপুখুৰী সতীৰ থান,
শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয় আৰু ইয়াৰ ইতিহাস,
শ্ৰীশ্ৰী দীপ্তেশ্বৰী দেৱালয় আৰু অন্নপূর্ণা দেৱী,
আকাশী গংগা বিধৌত শ্ৰীশ্ৰীধাৰেশ্বৰ দেৱালয়,
শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰৰ ইতিহাস আৰু শিৱৰাত্ৰী মহোৎসৱ,
পাৰ্বতী পাহাৰ,আলাবৈ ৰণৰ ইতিহাস,চানডুবিৰ ইতিকথা,প্ৰত্নতত্বৰ ৰত্নভাণ্ডাৰ 'মদন কামদেৱ', ছমৰীয়া সত্ৰ,ৰামদিয়াৰ ঐতিহ্য ,উত্তৰ গুৱাহাটী শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ চমু ইতিবৃত্ত,অসমৰ চহকী পৰম্পৰা : ছয়গাঁৱৰ নাওখেল আৰু নাওখেলৰ গীত,হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিখ্যাত বুলবুলি চৰাইৰ যুঁজৰ তাৎপৰ্য আৰু দক্ষিণ কামৰূপৰ 'সুঁৱৰি উৎসৱ' । 'কামৰূপৰ ঐতিহ্য' গ্ৰন্থখনি ৰাইজে আদৰি লব বুলি আমি আশাবাদী।
      'জ্ঞানম’ ই-আলোচনীখনে আজি তিনিটা বছৰ অতিক্ৰমি ৪ৰ্থ বৰ্ষত ভৰি দিছে । শৈক্ষিক গোট , 'জ্ঞানম' কামৰূপৰ মূল লক্ষ্য জিলাখনৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়া । জিলাখনক বৌদ্ধিকভাৱে আগুৱাই নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰি আহিছো । আমাৰ এই যাত্ৰাৰ সুবাস দূৰ দিগন্তলৈ বিয়পি পৰক , সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ আমি দৃঢ়সংকল্প । জ্ঞানমৰ জ্ঞান গৰিমাই আমাক উৎসাহিত কৰিব । কামৰূপ জিলা ৰাজ্যখনৰ সকলো জিলাৰ ভিতৰতে সকলো দিশতে উজ্বলি উঠিব বুলি আমি আশাবাদী । আমি আশা কৰিম পাঠক সমাজে আমাৰ অজানিতে ৰৈ যোৱা ভুল-ভ্ৰান্তি সমূহ আঙুলিয়াই দি গঠনমূলক দিহা-পৰামৰ্শৰে আমাক কৃতাৰ্থ কৰিব।

"জয়তু জ্ঞানম"

ফুলপাহি নাথ ( জিলা আঁচনি শিক্ষা বিষয়া )


তত্বাৱধায়ক ,
জ্ঞানম শৈক্ষিক গোট , কামৰূপ

Post a Comment

0 Comments