header ads

অসমীয়া কবিতা, মৰম, মধুস্মিতা মালী, ৪ৰ্থ বছৰ ১ম সংখ্যা,

মৰম



 আই তুমি মমতাময়ী 

অনুভৱ তুমি মোৰ মৰমৰ , 
আলসুৱা শব্দৰে কাৰেংঘৰ এটি
সজাইছো মই তোমাৰ বাবে । 
মোৰ হৃদয়ৰ মণিকূটত
তোমাৰেই মূৰ্তি প্ৰতিষ্ঠিত , 
য'ত মোৰ মৰমৰ অঞ্জলি
যাচিছোঁ মাথোঁ তোমাৰ বাবে আই ।
মোৰ হৰ্ষ-বিষাদৰ প্ৰতিটো ৰজনীত
মৰমৰ ডোলেৰে বান্ধিছিলা তুমি ,
মৌ-বৰষা মাতেৰে ;
ৰাখিছিলা মৰম আকলুৱা কৰি ।
মোৰ জীৱনৰ  আশা-ভৰষাৰ
প্ৰাণ প্ৰতিষ্ঠাতা তুমি , 
য'ত মোৰ উন্মুক্ত মনক 
ডেউকা মেলি নীল আকাশত
উৰিবলৈ শিকাইছিলা তুমি । 
প্ৰাণস্পৰ্শী চেনেহ 
নীৰৱতাৰ মাজত ৰাখি
তুমি নিতে নিতে ,
একতাৰ এনাজৰীৰ জ্ঞান দিছিলা
মৰমৰ দলিচা পাৰি ।। 

মধুস্মিতা মালী                                                     
প্ৰাক্তন ছাত্ৰী ,
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ৷

Post a Comment

0 Comments