সতিনী (নাট)
( মঞ্চত সৰু ছোৱালী এজনী সুন্দৰ কাপোৰৰ বা কাগজৰ চেট পিন্ধি আঁৰ কাপোৰৰ আগত বা ষ্টেন্ডিৰ আঁৰত থাকিব আৰু তাৰ পৰাই নিজৰ বক্তব্য ৰাখিব । দ্বিতীয় বক্তাই সুন্দৰ সাজ পোছাক পিন্ধি ধুনীয়া প্লাষ্টিকৰ বেগ এখন লৈ কাৰ্যালয়লৈ যাব ওলাব । মোৰ ফণীয়াই সকলো ঠিক থাক কৰি মাত লগাব)
: "হেৰা, মই আহিলোঁ। বজাৰ কি কি লাগে ওৱাটচ্ আপত মেছেজ কৰিবা।"
: "এৰা ৰ'ব ৰ'ব । বজাৰ কৰিব যাব যেতিয়া মোকো লৈ বলক । কিহৰ আৰু মেছেজ কৰিব লাগে? "
: "কোনো প্ৰয়োজন নাই তুমি যাব ।"
: "এৰা মই বৰ কামৰ বস্তু ,লৈ বলক লগত । বিপদত কামত আহিম ।"
: "নালাগে । মই তোমাক লগত লৈ ফুৰাব নোৱাৰোঁ। "
: "একো নহয় দিয়কহে । মোক লগত নিলেনো কিডাল যায় আপোনাৰ?"
: "ধেৎতেৰি, নুবুজা কিয়? মই প্ৰথমতে অফিচলৈ যাম । তাৰ পিছত আহোতেহে বজাৰত সোমাম । এতিয়া তোমাক লগত নি মই দিনটো ক'ত ঘূৰাই লৈ ফুৰাম?"
: "তাতকৈ নকয় কিয় যে মোক লগত নিবলৈ আপোনাৰ লাজ লাগে । "
:" মিছা কথা ।"
: "এৰা, সিদিনা আপুনি জানো কোৱা নাছিল যে মই আউটডেটেত ।"
:" তুমিও যে আৰু । এতিয়া মোৰ খং উঠাই ন'লবা।"
: "এ হ'ব হ'ব । মোক এলাগি কৰাৰ ফল এদিন ভুগিব। তেতিয়া কিন্তু আক্ষেপ কৰি লাভ নাপাব।"
:" হ'ব দিয়া । ইমান শাওপাত দিব নালাগে । মানুহৰ সুবিধা অসুবিধাৰ কথাতো বুজিব লাগে।"
: "সেইবোৰ বুজো বাবেই ইমানদিন মনে মনে আছোঁ। মোক যদি লগত নিবলৈ লাজে লাগে, তেন্তে মোক ঘৰখনলৈ আদৰি আনিছিল কিয় ? "
: "সেই সময়ত ৰাইজৰ সেয়া দাবী আছিল । ভালহে তুমি ঘৰতে আৰামত শান্তিত থাকা । বজাৰত গ'লে বয় বস্তু দাঙিবহে লাগিব।"
: "কম শান্তিখন দিছেনে ? প্ৰতিদিনে বজাৰৰ পৰা
নতুন নতুন সতিনী লগত লৈ আহিব আৰু সেইবোৰ দেখি মই কমখন সুখত আছোনে? "
: "তোমাৰ মুঠতে শান্তি নাই।"
:" এৰা এই সতিনী সবে আপোনাক ইমান যন্ত্ৰণা দিলে। তথাপিও আপোনাৰ লাজ লাগিলনে? "
: "মনে মনে থাকাহে"
: "এৰা বহুত সহ্য কৰিলোঁ । এতিয়া আৰু মনে মনে নাথাকো । মোৰ নিৰবতাৰ সুযোগ লৈ ইতিমধ্যে চহৰবোৰ শেষ হৈ গল । মানুহ বাটে ঘাটে ওলাব নোৱাৰা হ'ল।"
: "তুমি তেন্তে গাঁৱৰ ঘৰতে থাকিবাগৈ।"
: "এৰা, গাওঁখন জানো গাওঁ হৈ আছে ! এই সতিনীৰ প্ৰভাব চিৰবিদ্যমান । সতিনীয়ে জানো গাওঁখন ভালে ৰাখিলে। এই যাৰে ঘৰত সোমায় তাৰে ঘৰ থানবান কৰিছে। তথাপিও, সকলোৰে কি যে মায়া নহয় এইবিধৰ ওপৰত । সকলোকে খুলি খুলি খাইছে এইপাতে তথাপিও কাৰো গা নলৰে ।"
: "তোমাক মনে মনে থাকিব দিছোঁ মনে মনে থাকাহা।"
: "এৰা, মোৰ নিৰবতাইতো সকলো শেষ কৰিলে । মোক আওকলীয়া বুলি তুমি সুন্দৰ stylish সতিনী আনিলা । মোক উপেক্ষা কৰি সকলোতে তাইকে নিয়া কৰিলা । তোমাৰ সুবিধাৰ কথা ভাবিয়েই মই নিৰবে থাকিলোঁ ।
এতিয়া আৰু নোৱাৰোঁ।"
: " অহ্ ৰাম তুমি নুবুজা কিয়? "
:" বুজিছো তাই স্লিম , ধুনীয়া বাবে তোমাৰ তাইক লগত নিব লাজ নালাগে হ'বলা !
মোক অবলা বুলি ভাবিছে নেকি? মোক এনেকৈ দমিনেট কৰোঁতে কৰোঁতে সতিনীয়ে চহৰ খনত বানপানী উঠালে, গাঁৱত কৃষকে পথাৰত খেতি কৰিব নোৱাৰা হ'ল, খাদ্যবস্তুবোৰ বিষাক্ত কৰি সকলো মানুহকে ঘূণীয়া কৰিলে, এই তিনিওলোক প্ৰদূষিত কৰিলে । অসুৰৰূপী বেমাৰ বোৰ সৃষ্টি কৰিলে, ইয়াৰ পৰা নিষ্প্ৰেষিত পদাৰ্থই শান্তিৰে উশাহ ল'ব নোৱাৰা কৰিলে । অ'জন স্তৰোকো আক্ৰমণ কৰিলে ,সাগৰৰ জীৱকুল ধ্বংস কৰিলে।মুঠতে এৰিলে কাক ? আৰু ইমানৰ পিছতো আপোনাৰ গা লৰিলনে ? "
: "এৰা হ'ব হ'ব । ইমান লেকচাৰ ফালিব নালাগে । মোৰ প্ৰীয়তমা কাপোৰৰ মোনা, পতা মাই, কাগজী আই , ওলোৱা ওলোৱা । আজিৰ পৰাই তোমাৰ সতিনী প্লাষ্টিকক বিদায়।"
( প্লাষ্টিকৰ মোনাখন দলিয়াই আঁৰ কাপোৰৰ আঁৰত থকা কাপোৰৰ মোনাখনৰ হাতত ধৰি বজাৰলৈ বুলি আগবাঢ়িব । )
সমাপ্ত
কৃষ্ণ কলিতা
0 Comments