header ads

শিশু নাট, কি নামেৰে মাতিম, বিজয়া ডেকা, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 কি নামেৰে মাতিমঃ



        বাৰাণ্ডাতে বহি ৰিংকু আৰু তৰুৱে একেলগে খেলি আছে । কাগজ-কলম দুয়োৰে হাতত । এবাৰ এজনে লিখে , এবাৰ আনজনীয়ে লিখে । এনেতে ককাদেউতাক ওচৰ চাপি আহিল । ককাদেউতাকে দুয়োলৈ চাই সুধিলে ---

ককা : তোমালোক দুয়োৱে কি কৰি আছা ? ময়ো ভাগ লওঁ ।

ৰিংকু : ককা, আমি দুয়ো নাম লিখা খেল খেলিছোঁ । আমাৰ লিলি মামীৰ পোৱালি এটা হৈছে বোলে ।

ককা : কি ক'লি ? পোৱালি ? হেৰ' জীৱ-জন্তুৰহে পোৱালি বুলি কয় । মানুহৰ কেচুঁৱা বোলে । ওপজাৰ পৰা পাঁচ বছৰ বয়সলৈ শিশু বুলিহে কোৱা হয় ।

তৰু : (মূৰ খজুৱাই) হয় , ককা বুজিলোঁ ।

ককা : পিছে , ল'ৰা নে ছোৱালী ?

ৰিংকু : সেইটো সোধাই নহ'ল। মাত্র ক'লে বোলে তেওঁলোকৰ পৰিয়াললৈ নতুন আলহী আহিল ।

ককা : বাৰু একো কথা নাই ৷ দুয়োৱে খেলি থাকা ।

তৰু : খেলা মানে ককা ! আমি কেচুঁৱাটোৰ কি নাম দিম তাকেহে লিখি আছোঁ ।

ৰিংকু : ঘৰত মাতিম দুটা আখৰৰ নামেৰে । লিখা নামটো কি হ'ব বাৰু ?

ককা : বৰ ভাল কথা । দুয়োৱে লিখি যোৱা । ৰিংকুৱে লিখা ল'ৰাৰ নাম । তৰুৱে লিখা ছোৱালীৰ নাম । এই শব্দবোৰে তোমালোকৰ শব্দ ভাণ্ডাৰ বঢ়াব । পিছে বানানো শুদ্ধ হ'ব লাগিব ।

তৰু : হ'ব ককা । মই ছোৱালীৰ নাম লিখিম , মোৰ আখৰেৰে মানে - 'ত'ৰে আৰম্ভ হোৱা ।

ৰিংকু : ঠিক আছে । তেন্তে মই ‘ৰ' আখৰেৰে আৰম্ভণি কৰোঁ । প্ৰথমতে ময়ো ছোৱালীৰ নামেই লিখোঁ । (এক-দুই তিনি ― মই কেইটামান লিখিলোঁদেই )

ককা : তৰু , কোৱাচোন কি কি নাম পালা ?

তৰু : প্ৰথমে দুটা আখৰেৰে ― তৰা , তেজা , তুলা , তুনী , তৃষা , তুলী । তিনিটা আখৰেৰে লিখিছোঁ― তগৰ , তুলসী , তৰণী , তুলিকা , তনুজা , তৰালী , তপতী , তৃপাহী , ত্রিনয়ী , তৃণয়া , ত্রিবেণী । আৰু লিখিছোঁ ― তৃপ্তিময়ী, তৃণময়ী , তৃষ্ণাৰাণী , তৃষ্ণাময়ী , তৃষামণি , তৃষ্ণাজ্যোতি , ত্রিলোত্তমা , ত্ৰিনয়না ।

ৰিংকু : ৰ'বা, ৰ'বা । মোৰ কেইটামান শুনা ― ৰাধা , ৰূপা , ৰুমা , ৰেবা , ৰীতা , ৰীমা , ৰত্না । তিনিটা আখৰেৰে হ'ল ― ৰূপালী , ৰাগিনী , ৰ'দালি , ৰাধিকা , ৰূপহী , ৰূপমা , ৰূপশ্ৰী ,ৰত্নম , ৰক্তিমা , ৰঞ্জিতা , ৰঞ্জনা ― এনেবোৰ ।  চাৰিটাতকৈ বেছি আখৰৰ ৰক্তবর্ণা , ৰত্নাৱলী , ৰত্নময়ী , ৰূপালীম , ৰূপান্তৰিকা , ৰূপীতৰা , ৰূপৱতী , ৰত্নমালিতা , ৰত্নমালিনী , ৰূপাষ্কৃতা , ৰিম্ জিম , ৰূপালিনী , ৰূপাবিনী , ৰূপলহৰী , ৰূপাস্মিতা ...।

তৰু : তোমাৰ ভালেমান শুনিলোঁ । ইতিমধ্যে ম‍ই আৰু কেইটামান নাম লিখিলোঁ। শুনাচোন কাণ পাতি ― তন্দ্রা , তন্দ্রানী , তন্দ্রালী , তপোবনা , তপোব্রতা , তামলীমা , তামবীমা , তুলতুল , তুলতুলী , তৰুনিমা , তৰাৱতী , তেজস্বীতা , তেজস্বিনী , ত্ৰিনয়না , ত্ৰিহাৰিকা , তপর্ণা , ত্ৰিদিশা , তুহিমা , তুহিলাময়ী , তুহেলিকা , ত্রৈলোক্যময়ী , ত্রিভূৱনী ...।


ককা : দুয়োৱে দেখিছোঁ বহুত নাম লিখিছা । কিছুমান নামৰ অৰ্থ নাই যদিও শুনিবলৈ ভাল । এই ধৰা ,টিংকু , ৰিংকু , জিংকু , পিংকু , কিংকু ― এইবোৰ ঘৰৰ মানুহে মৰমতে দিয়ে । এইবোৰ নাম ল'ৰা-ছোৱালী উভয়ৰে বাবে ব্যৱহাৰ হয় ৷ আৰু এনে কিছুমান নাম আছে যিবোৰ উভয় লিংগতে ব্যৱহাৰ হয় ।

ৰিংকু : কোনবোৰ ককা ?

ককা : অমল , কমল , তিলক , কনক , কমলা , কিৰণ , দুর্গা , ডালিম , পদুম , বকুল , প্রফুল্ল , দেবী , চম্পা , ৰমণী , ৰজনী , লক্ষী , গৌৰী , হিৰণ , ভৱানী , গিৰিজা , গোলাপ আদি । সেইদৰে ধনমনি , সোণমণি , জোনমনি , হীৰামণি , ঘনকান্তি , লাৱণ্য , হিৰুমণি , ধীৰুমণি , পুতুল , পুটুকণ , ৰতি , শোভা , কুসুম আদি বহু নাম পুৰুষ-মহিলা উভয়ৰে নাম হিচাপে চলি আহিছে ।
তৰু : হয়েইতো ককা । আমাৰ ঘৰৰ ওচৰতে এনে নামৰ মানুহ আছে ।
ককা : কিছুমান নামৰ পিছত চন্দ্ৰ লগোৱা হয় । যেনে – ৰামচন্দ্ৰ , ভূৱন চন্দ্র , যতীন্দ্র চন্দ্র , উমেশ চন্দ্র , ভৱেন চন্দ্র , মদন চন্দ্ৰ , ৰবীন চন্দ্ৰ , ভৱেশ চন্দ্র , প্রবোধ চন্দ্ৰ , ৰমেশ চন্দ্র , প্রবীন চন্দ্ৰ , অৰুণ চন্দ্ৰ আদি ৷

ৰিংকু : আমাৰ দেউতাৰ নামত 'ৰাম' আছে । হয় নে ককা ?

ককা : ঠিকেইতো । সীতাৰাম , দধিৰাম , ধনীৰাম , কামিৰাম , যদুৰাম , চেনীৰাম , ৰাতিৰাম , বলোৰাম , ভোগৰাম , মিহিৰাম আদি । সেইদৰে কিছুমান নামৰ পাছত কান্ত যোগ কৰা হয় । যেনে– ধৰ্মকান্ত , মহীকান্ত , দেৱকান্ত , লক্ষীকান্ত , নৱকান্ত , ৰজনীকান্ত , শশীকান্ত , শিৱকান্ত , অচ্যুৎকান্ত , ৰাধাকান্ত , নৰকান্ত , গিৰিকান্ত আদি ।
তৰু : ছোৱালীৰ নামৰ পাছত আৰু কি থাকেনো ককা ?

ককা : 'বালা' , 'লতা' বা কুমাৰী আদি থাকে । যেনে- তৰুবালা , চাৰুবালা , লাৱণ্যবালা , সুমনবালা , সুমনলতা , প্ৰফুল্লবালা , ৰাজবালা , মধুবালা , সুধালতা , সুখলতা , চাৰুলতা , প্ৰমিলা বালা , ৰুমিলা বালা , যমুনা বালা , নলনী বালা , পুতল কুমাৰী , ললিতা কুমাৰী , মিনাক্ষী কুমাৰী , শিৱাণী কুমাৰী , জবা কুমাৰী , অলকা কুমাৰী আদি ।

ৰিংকু : ইচ্ ৰাম ককা , তুমি ইমান নাম জানা ! নামবোৰ শুনিও ভাল লাগিছে ।

ককা : কিছুমান নামৰ লগত 'ঈশ্বৰ' শব্দটো যোগ দিয়া হয় । সন্ধি হৈ থাকে। যেনে- মহেশ্বৰ , ৰত্নেশ্বৰ , তিলেশ্বৰ , গণেশ্বৰ , ভূৱনেশ্বৰ , ভৃঙ্গেশ্বৰ , ধীৰেশ্বৰ , ৰামেশ্বৰ কামেশ্বৰ , টংকেশ্বৰ , ৰহেশ্বৰ , বানেশ্বৰ , ক্ষীতেশ্বৰ , কন্দেশ্বৰ , ধনেশ্বৰ , মনেশ্বৰ , ফুলেশ্বৰ , প্রাণেশ্বৰ , প্ৰেমেশ্বৰ , কমলেশ্বৰ , দেবেশ্বৰ , হোমেশ্বৰ , বোধেশ্বৰ , শুক্লেশ্বৰ আদি ।

ৰিংকু:  বুজিলোঁ ককা। দেউতাৰ নামটোৰ লগত তেনে 'ঈশ্বৰ' শব্দটো সন্ধি হৈ আছে ।

ককা : এৰা, ঠিকেই বুজিছা । মহিলা হ'লে ,ঈশ্বৰী'- শব্দটোহে যোগ হয় । যেনে- ধনেশ্বৰী , ৰমেশ্বৰী , বগেশ্বৰী , ফুলেশ্বৰী , বানেশ্বৰী , লাহেশ্বৰী , পানেশ্বৰী , ক্ষীতেশ্বৰী , ভুৱনেশ্বৰী ,  পটেশ্বৰী , কামেশ্বৰী , তিলেশ্বৰী , তাম্ৰেশ্বৰী , ৰূপেশ্বৰী , প্ৰাণেশ্বৰী ,পাহেশ্বৰী আদি।

তৰু : বাপ্ ৰে ককা । ইমান নাম ক'লা যে , মই মনত ৰাখিবই নোৱাৰিম ।
ককা : আকৌ ইন্দ্ৰ লগোৱা নামবোৰ মনত পেলোৱাচোন। মহীন্দ্র , মহেন্দ্ৰ , জিতেন্দ্ৰ , ৰবীন্দ্ৰ , কবীন্দ্র , ধর্মেন্দ্র , যতীন্দ্র , বলীন্দ্ৰ , বলেন্দ্র , ফনীন্দ্র , ভবেন্দ্র , হেমেন্দ্র , পবিন্দ্ৰ , যোগেন্দ্ৰ , ৰাজেন্দ্ৰ , ব্ৰজেন্দ্ৰ , ৰূপেন্দ্ৰ , সুৰেন্দ্ৰ , নৃপেন্দ্ৰ , কালীন্দ্ৰ আৰু যে ক'ত আছে ! ম‍ই ইমানবোৰ নাম কলোঁ । এতিয়া তোমালোকে কেইটামান তোমালোকৰ বন্ধু-বান্ধৱী আৰু তেওঁলোকৰ মাক দেউতাকৰ নামকে কোৱা ।

ৰিংকু: মোৰ লগৰ দুটামান কওঁ দেই ককা – অলক , অলকা , অলকেশ , অমৃত , অমৃতা , অমল , অমলা , অপূর্ব , অনুপম , অনুপমা , পুলক , পুলকেশ , অর্চিতা , সুমিত্রা , সুবর্ণ, স্বর্ণ , অনিমেষ , সুৰেশ , পৰেশ , নৰেশ , অমৰেশ , নৱজ্যোতি , ধ্যানজ্যোতি , ৰোহনজ্যোতি , পৰিমল , প্রকাশ , পুনম , পূর্ণিমা , গীতাঞ্জলি ....।

তৰু: মোৰ লগত পঢ়া কেইগৰাকীমানৰ কওঁ দেই , ককা । স্বৰ্গম , চৱনম , স্বর্ণম , কমলিনী , শ্যামলী , শ্যামলীমা , পদ্মজা , পংকজা , পদ্মনাভ , অৰুণাভ , উদয়াদিত্য , হৃদয়জ্যোতি , মলয় , মৃন্ময় . অৰুণ , তৰুণ , বৰুণ , কৰুণা , লাহৰী , মৃন্ময়ী , চিন্ময়ী , চয়নিকা , দেবলিনা , পূবালী , পূবালিকা , প্রবালিকা , জ্যোৎস্নাময়ী , মণিমালা , মণিদীপা , স্বপ্নালী , স্বপালীনা , স্বর্ণালী , স্নিগ্ধা , বেদিকা , নিশাম্মিতা ... এইবিলাকেই আৰু....।
ককা : সুন্দৰ । সুন্দৰ নাম । আজিকালি মাক-দেউতাকে ভাল ভাল নাম ৰাখে । আমাৰ দিনত আকৌ আই-পিতায়ে ওপজা সময় অনুসৰি কেঁচুৱাৰ নাম ৰাখিছিল । যেনে- সাজেলি , সন্ধ্যা , উষা , পুৱেতী , গধূলি , সুৰুযমুখী ,(দুপৰীয়া) দুপেৰী , ৰাতিৰাম আদি ৷ ফুল ফুলা বতৰত ফুলৰ নামেৰে নাম ৰাখিছিল ৷ যেনে – শেৱালি , নাহৰ , কেতেকী , চম্পা , তগৰ আদি ৷ যি বাৰত বা মাহত উপজিছিল বাৰ বা মাহৰ নামেৰেও ৰাখিছিল ৷যেনে – শনিবৰ , দেওবৰ , সোমবৰী , মঙলু , বুধেশ্বৰ , শুকুৰা , বহাগী , শাওণী , জেঠুৱা , আঘোণী , পুহেই , শৰত , হেমন্ত , বৰ্ষা , বৰষা , কাতিৰাম , ভলুৱা , আঘোণা আদি ৷

তৰু : অ' ককা , কি মজা ! ভাগ্যে আমাৰ এনেকুৱা নাম নাৰাখিলে ৷

ৰিংকু : এনেকুৱা নাম কিয়নো ৰাখিব লাগে ? ভাল ভাল নাম ৰাখিব লাগে ৷

ককা : নাম ভাল হ'লে নহ'ব ৷ কাম ভাল হ'ব লাগিব ৷ শিশু এটাক নিজৰ সঁহাৰি দিবলৈকে বিভিন্ন নামেৰে মতা হয় ৷ পিছলৈ আনুষ্ঠানিকভাবে লিখা নাম এটিও থাকে ৷ লাহে লাহে নিজৰ আচাৰ- ব্যৱহাৰ , চিন্তা-চৰ্চা , কাম-কাজ আদিৰ ফলস্বৰূপে সেই নামেৰেই নিজৰ এটা সুকীয়া পৰিচয় গঢ় লৈ উঠে ৷

তৰু : বুজিছো ককা ৷ নামটোৱে নিজৰ পৰিচয় হৈ পৰে ৷
ককা : আমাৰ প্ৰত্যেকৰে যিদৰে যিমান নাম আছে , প্ৰতিখন ঠাই , ৰাজ্য , দেশৰো নাম আছে ৷ নিজা পৰিচয় আছে ৷ এইধৰা ‘অসম’ আমাৰ ৰাজ্য ৷ আমি অসমীয়া , অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি আছে ৷ আছে ভৌগোলিক আৰু ৰাজনৈতিক পৰিচয় ৷ আমি আমাৰ ভাষা সংস্কৃতিক ভালদৰে জানিব , শ্ৰদ্ধা কৰিব লাগে ৷ গৌৰৱ কৰিব লাগে ৷

তৰু-ৰিংকু : হয় ককা , আমি এইবোৰ আগতে ভবাই নাছিলোঁ ৷

ককা : সদায় নিজৰ নাম শুদ্ধকৈ ক'ব , লিখিব আৰু উচ্চাৰণ কৰিব  লাগে ৷

তৰু : আৰু এটা কথা ৷ একে নাম দেখোন বহুজনৰ থাকিব পাৰে ৷ অসুবিধা নহ'বনে ?

ককা : থাকিব পাৰে ৷ সেইবাবে পৰিচয় পত্ৰত নিজৰ পিতৃ-মাতৃৰ নাম , গাঁও , ডাকঘৰ , থানা আদি দিয়া থাকে ৷ জন্মৰ তাৰিখ থাকে ৷

ৰিংকু : হয় ককা , মোৰ স্কুলৰ পৰিচয় পত্ৰখনতো স্কুলৰ লগতে মা-দেউতাৰ নাম আৰু মোৰ জন্ম তাৰিখ আছে ৷
ককা : দক্ষিণ ভাৰতৰ ফালে আকৌ কিছুমানে নিজৰ নামৰ লগত দেউতাক , ককাদেউতাকৰ নাম লিখে ৷ যেনে – মোহনদাস কৰমচাঁদ গান্ধী ,  আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম ( এ. পি. জে. আব্দুল কালাম ) , শচীন ৰমেশ টেণ্ডুলকাৰ আদি ।

তৰু-ৰিংকু : ইমান ভাল ! সেইকাৰণে ইমান দীঘল নাম !

ককা : কিছুমান ঠাইত আকৌ নিজৰ নামৰ লগত গাঁওখনৰ নামটো লগাই দিয়ে ৷ কিমান গৌৰৱৰ কথা হয়নে ?

তৰু-ৰিংকু : গাঁৱৰ নাম ?
ককা : তোমালোকে জানাই দেখোন পণ্ডিত , দাৰ্শনিক , ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণ ৷ সৰ্বেপল্লী এখন গাঁৱৰ নাম ৷ সেইদৰে অভিনেত্ৰী কোলহাপুৰী ৷ তেওঁ কোলহাপুৰ নামৰ ঠাইখনৰ জীয়ৰী ৷

ৰিংকু : কিমান যে ভাল কথা ! আজিহে জানিলোঁ ৷ এনেতে ৰাকেশ নামৰ ল’ৰা এজন আহিল ৷ বৰদেউতালৈ চাই হাত এখন আগবঢ়াই দি ক’লে – বৰপিতাই , এইখন আপোনাৰ চিঠি ৷ আমাৰ দেউতাই দিছে ৷ ককাদেউতাই চিঠিখন হাতপাতি লৈ ৰিংকুলৈ আগবঢ়াই দি কলে –

ককা : পঢ়াচোন , খামটোৰ ওপৰত কি লিখা আছে ৷
ৰিংকু : খামটো হাতত লৈ ভালদৰে চাই মাতিলে –
প্ৰতি
শ্ৰীযুত ফণীধৰ চহৰীয়া ,
ককা : হব বাৰু এই যে মোৰ নামৰ আগত ‘শ্ৰীযুত’ লেখিছে , দেখিছানে ? কোনোবা এজন বয়সতকৈ ডাঙৰ ব্যক্তিৰ নামৰ আগত সদায় সন্মানসূচক শব্দ ব্যৱহাৰ হয় ৷ যেনে শ্ৰীযুত /শ্ৰীযুতা ৷ মহিলাৰ ক্ষেত্ৰত ‘শ্ৰীমতী’ ও লিখা হয় ৷ ৰজা-মহাৰজা সকলক যশ- কীৰ্তি আদি সন্মানেৰে বুজাবলৈ শ্ৰীল শ্ৰীযুক্ত ব্যৱহাৰ কৰা হয় ৷ আকৌ পূজ্য বা ভক্তিপূৰ্ণ ভাব বুজাবলৈ ‘শ্ৰীশ্ৰী’ ব্যৱহাৰ কৰা দেখা যায় ৷ যেনে ― শ্ৰীমন্ত শংকৰদেৱ , শ্ৰীশ্ৰী মাধৱদেৱ , শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ আদি ৷ সেইদৰে সভা এখনত বিশিষ্ট ব্যাক্তিক শ্ৰদ্ধেয় , মাননীয় , সন্মানীয় , পৰম পূজনীয় , শ্ৰদ্ধাভাজন , শ্ৰদ্বাভাজনেষু আদি শব্দৰে সম্বোধন কৰা হয় ৷

তৰু : আৰু নিজতকৈ সৰু হলে কি হ'ব ককা ?

ককা : ভাল কথা সুধিছা ৷ সৰুজনক সম্বোধন কৰোঁতে —

শ্ৰীমান / কল্যাণীয় / কল্যাণীয়া আদি শব্দৰে আৰম্ভ কৰা হয় ৷ মৰমৰ / চেনেহৰ শব্দও ব্যৱহাৰ হয় ৷
তৰু-ৰিংকু : ককা , আজি মানুহৰ নাম আৰু নামৰ লগত জড়িত বহুতো কথা জানিব পাৰিলোঁ ৷

ককা : তোমালোককো ধন্যবাদ জনালোঁ ৷ পিছত আকৌ এদিন নামৰ বিষয়ে আলোচনা কৰিম ৷ তোমালোকে এতিয়া খেলি থাকা ৷ মই খৱৰ কাগজখন পঢ়োঁ ৷





বিজয়া ডেকা

উপাধ্যক্ষা (অৱসৰপ্ৰাপ্ত)

জৱাহৰলাল নেহৰু মহাবিদ্যালয় , বকো  

Post a Comment

0 Comments