নৈতিক শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা
নৈতিক শিক্ষা হ’ল মানুহৰ সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় । নৈতিক শিক্ষা মানুহৰ জন্মগত গুণ নহয় । এই শিক্ষা হ’ল এক আৰ্জিত গুণ । এই শিক্ষাৰ জৰিয়তে মানুহে সততা , ন্যায়পৰায়ণতা , ভাতৃত্ব , প্ৰেম , কৰুণা , আনুগত্যতা আদি উচ্চ স্তৰীয় গুণসমূহ আহৰণ কৰিব পাৰে ।
‘নৈতিক’ শব্দটো ‘নীতি’ শব্দৰ পৰা আহিছে । ‘নৈতিক’ শব্দটো ‘নীতি’ শব্দৰ বিশেষণ ৰূপ , যিটো ‘নী’ ধাতুৰ লগত ‘ক্তিন’ প্ৰত্যয় যোগ হৈ উৎপত্তি হৈছে । ইয়াৰ ব্যৱহাৰিক অৰ্থ হৈছে সমুচিত ব্যৱহাৰ আৰু সদাচাৰ । অৰ্থাৎ , যি নিয়ম পালনৰ দ্বাৰা মানুহে সংস্কাৰপূৰ্ণ জীৱন যাপন কৰিব পাৰে সেয়াই হ’ল ‘নৈতিক’ । ইয়াৰ দ্বাৰা মানুহৰ সৰ্বাংগীণ বিকাশ হয় । ই মানৱ সভ্যতাৰ এক প্ৰতীক । মানুহে জীৱনত আত্মবিকাশৰ বাবে নৈতিকতা পালন কৰাটো অপৰিহাৰ্য ।
অতীত বুৰঞ্জীৰ পাত লুটিয়াই চালে আমি দেখা পাওঁ যে আমাৰ প্ৰাচীন গৌৰৱময় ইতিহাসত ভাৰতবৰ্ষই শাৰীৰিক , মানসিক , আধ্যাত্মিক , নৈতিক আদি সকলো ক্ষেত্ৰতেই বিশ্বৰ দৰবাৰত নেতৃত্ব বহন কৰিবলৈ সক্ষম হৈছিল । কিন্তু বৃটিছ যুগত পৰাধীনতাৰ শিকলিয়ে ভাৰতমাতৃক কেৱল শিক্ষা-দীক্ষাতেই নহয় , নৈতিক , আধ্যাত্মিক আদি দিশতো অতি দুখ লগা ধৰণে আঘাত দি গ’ল । স্বাধীন ভাৰতবৰ্ষত নতুন শিক্ষা ব্যৱস্থা হ’ল যদিও নৈতিক বিকাশৰ বাবে কোনো ব্যৱস্থা নৰখাৰ ফলত বৰ্তমানৰ ডিগ্ৰীধাৰী শিক্ষিতলোকৰ মাজত নৈতিকতাবিহীন ব্যক্তিহে বেছিকৈ দেখা যায় ।
সাম্প্ৰতিক সময়ত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে । মানুহ সকলো জীৱতকৈ শ্ৰেষ্ঠ । কিন্তু এই জীৱশ্ৰেষ্ঠ মানৱে আজি এনে কিছুমান কাম কৰিবলৈ ধৰিছে যে মানৱক জীৱশ্ৰেষ্ঠ বুলি ক’বলৈ বেয়া লগা অৱস্থা হৈছে । যি ফালেই চকু যায় সেইফালেই কেৱল ভাতৃঘাতী সংঘৰ্ষ । দোষী কোন , নিৰ্দোষী কোন তাক বিচাৰ কৰি চাবলৈ কাৰো যেন আহৰি নাই । চৌপাশে বাৰুদৰ কোলাহল আৰু তেজৰ ফাকু খেলা । ইয়াৰ মূলতে হ’ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ । আমাৰ সভ্যতা আৰু সংস্কৃতিৰ যি মানৱীয় মূল্যবোধ , চিন্তা-ধাৰণা তাক সজীৱ কৰি ৰাখিবলৈ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে ।
নৈতিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে শিশুৰ সহজাত জৈৱিক প্ৰবৃত্তি পৰিচালিত আৰু নিম্নমানবিশিষ্ট প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ সংশোধন কৰি উচ্চমানবিশিষ্ট আদৰ্শ , মূল্যবোধ , মনোভাৱ আৰু মানৱীয় অনুভূতিসমূহ বিকশাই তোলা । এই শিক্ষাই শিশুৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ বিকাশ সাধন কৰে । ইয়েই সুস্থ সামাজিক আৰু সুন্দৰ সাংস্কৃতিক জীৱন ৰচনা কৰে ।
ঘৰখনেই হৈছে শিশুৰ নৈতিক শিক্ষা আহৰণৰ সৰ্বপ্ৰথম অনুষ্ঠান । এই ক্ষেত্ৰত মাক-দেউতাক সম্পূৰ্ণ দায়িত্বশীল হ’ব লাগিব । জন্মগতভাৱে কোনো শিশুৱে নিজৰ চৰিত্ৰ গঢ় লৈ নাহে । এটি শিশুৱে জন্মৰপৰা পাঁচবছৰ বয়সলৈ পৰিয়ালৰ লগত থাকি শিকে । কুমাৰসকলে কোমল আলটীয়া মাটি পিটি পিটি চাকত ঘূৰাই পুৰি যেনেদৰে নানাবিধ মাটিৰ শিল্প গঢ়ি তোলে , ঠিক তেনেদৰে জন্মগত সুপ্ত গুণৰাজিৰে পৃথিৱীলৈ অহা দেৱশিশুসকলক এক সুস্থিৰ , শুদ্ধ পৰিৱেশ আৰু সুনিৰ্দেশনাৰে আগবঢ়াই নিয়াত মাক-দেউতাকৰ ভূমিকা গুৰুত্বপূৰ্ণ । শিশুসকলে মাক-দেউতাকৰ ক্ৰিয়া আচৰণ , তেওঁলোকৰ বিচাৰ-বিবেচনা আৰু গ্ৰহণীয়-অগ্ৰহণীয় বিষয়সমূহকেই নৈতিকতাৰ মানদণ্ড স্বৰূপে নিৰ্বিবাদে গ্ৰহণ কৰে । মাক-দেউতাকে শিশুৰ আচৰণ গঢ় দি তুলিবৰ বাবে প্ৰয়োগ কৰা শাস্তি আৰু পুৰস্কাৰ প্ৰদান কাৰ্যইও শিশু মনত নৈতিকতাৰ ভাৱ গঢ়ি তুলিব পাৰে । শিশুৰ সহজ-সৰল বিবেচনা মতে , সুখদায়ক পৰিণতি লাভ কৰাটোৱেই ‘ভাল কাম’ আৰু দুখদায়ক পৰিণতি লাভ কৰাটোৱেই ‘বেয়া কাম’ । সেই ভাল কামৰ বাবে প্ৰদান কৰা ক্ৰিয়া আচৰণক পুৰস্কাৰ আৰু বেয়া কামৰ বাবে প্ৰদান কৰা ক্ৰিয়া-আচৰণক শাস্তি প্ৰদান বুলি বিবেচনা কৰা হয় ।
শিশুৰ নৈতিক চেতনা গঢ় দি তোলাত মাক-দেউতাকৰ শাস্তি প্ৰদান কাৰ্যই বিশেষ কাম দিয়ে । এই শাস্তি বিভিন্ন উপায়ে আৰু ইয়াৰ বিভিন্ন মাত্ৰাত প্ৰয়োগ কৰিব পাৰি । অৱশ্যে এই সকলোবিধ শাস্তি সকলো পৰিস্থিতিতে সমানে প্ৰযোজ্য নহয় । পৰিয়ালৰ মাজত মাক-দেউতাকে শিশুক মৃদুভাৱে দৈহিক শাস্তি প্ৰয়োগৰ দ্বাৰা নৈতিকতাৰ ভাৱ গঢ়ি তুলিব পাৰে । দৈহিক শাস্তি প্ৰয়োগৰ বেলিকা এই কথা বিশেষভাৱে লক্ষণীয় যে এনে শাস্তি প্ৰতিশোধমূলক মনোভাৱৰ নহৈ শিশুৰ নৈতিকতাৰ দিশত প্ৰতিষেধক ব্যৱস্থা স্বৰূপেহে প্ৰয়োগ কৰিব লাগে । কেতিয়াবা কোনো কোনো অভিভাৱকে অত্যাধিক আৱেগিক উত্তেজনা আৰু শিশুৰ আক্ৰমণাত্মক আচৰণ দমন আৰু সংশোধন কৰিবলৈ অথবা অৱস্থা বিশেষে ধৈৰ্যচ্যুত হৈ কঠোৰ শাস্তি প্ৰদান কৰাও দেখা যায় । এনেবিধ শাস্তিয়ে শিশুৰ অধিক অনিষ্ট সাধনহে কৰে । সেয়েহে ক’ব পাৰি যে পৰিয়ালৰ মাজত শিশুৰ নৈতিক জীৱন সুস্থ আৰু সুন্দৰভাৱে গঢ় দি তোলাটো এক কঠিন কাম । পৰিয়ালৰ মাজত শিশুৰ নৈতিক জীৱন পৰিচালনা কৰিবলৈ মাক-দেউতাকৰ বিশেষ বুদ্ধিমত্তা আৰু দূৰদৃষ্টিৰ প্ৰয়োজন ।
শিশুৰ নৈতিক শিক্ষা প্ৰদানত শিক্ষানুষ্ঠানৰো ভূমিকা গুৰুত্বপূৰ্ণ । শিক্ষানুষ্ঠানত নৈতিক শিক্ষা দিয়াৰ মুখ্য উদ্দেশ্য হৈছে বিদ্যাৰ্থীসকলৰ মানৱীয় প্ৰেম সম্বন্ধে থকা ভাৱনাবোৰক বিকশিত কৰা যাৰ দ্বাৰা ব্যক্তিগত , সামাজিক তথা ৰাষ্ট্ৰীয় চৰিত্ৰ গঠন হয় । যি চৰিত্ৰৰ দ্বাৰা নিজৰ সংস্কৃতি আৰু সম্পদৰ ৰক্ষা হোৱাৰ উপৰিও জাতীয় দ্বেষ , পাৰস্পৰিক ঘৃণা , সন্দেহ , অবিশ্বাস আদিৰপৰা মুক্ত হৈ বিশ্ব বন্ধুত্বৰ আদৰ্শক ক্ৰিয়াত্মক ৰূপ দিয়াত সহায়ক হয় ।
সাম্প্ৰতিক সময়ত শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমত নৈতিক শিক্ষাক এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে । কাৰণ নৈতিক শিক্ষাইহে শিশুক ভাল আৰু বেয়াৰ বিচাৰ কৰিবলৈ শিকায় । এই শিক্ষাই ক্ৰোধ , ঈৰ্ষা , অহংকাৰ আদি হানিকাৰক অনুভূতিবোৰক নিয়ন্ত্ৰণ কৰে আৰু অনুশাসনত চলিবলৈ শিকায় । শিক্ষানুষ্ঠানত প্ৰাথমিক পৰ্যায়ত প্ৰাৰ্থনা , গীত-মাত , ধৰ্মীয় কথা , সাধু , মহৎলোকৰ বাণী আৰু খেলা-ধূলাৰ মাজেৰে শিশুক নৈতিক শিক্ষা দিব লাগে । উল্লেখযোগ্য যে ‘বিদ্যাভাৰতী’ৰ অন্তৰ্গত শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহত শিশুৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে শাৰীৰিক , মানসিক , বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰ শিক্ষা দিয়াৰ লগতে অংকুৰ শ্ৰেণীৰপৰাই ‘নীতিশিক্ষা’ক এক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে যাতে শিশুৰ কোমল মনতেই নৈতিক গুণে বাহ ল’ব পাৰে ।
ইয়াৰোপৰি শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহত সংস্কাৰপত্ৰই শিশুৰ নৈতিক শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । সংস্কাৰপত্ৰত সন্নিবিষ্ট কাৰ্যসমূহ , যেনে : ৰাতিপুৱা শুই উঠি প্ৰাতঃস্মৰণ কৰা , দৈনিক ব্যায়াম কৰা , সমনীয়াৰ সৈতে খোৱা বস্তু ভগাই খোৱা , সন্ধিয়া বন্দনা কৰা , আচাৰ্য-আচাৰ্যা আৰু জ্যেষ্ঠসকলৰ আজ্ঞা পালন কৰা , আবেলি খেলা-ধূলা কৰা , জ্যেষ্ঠজনৰ অনুমতি লৈ দূৰদৰ্শন চোৱা , ঘৰৰ কাম-বনত সহায় কৰা , বাতৰি কাকত আৰু জ্ঞানবৰ্দ্ধক কিতাপ পঢ়া , নিজৰ কিতাপ-পত্ৰ , কাপোৰ-কানি সযতনে ৰখা আদি । সংস্কাৰপত্ৰত সন্নিবিষ্ট কাৰ্যসমূহে ছাত্ৰ-ছাত্ৰীসকলক পৰমেশ্বৰৰ ওপৰত বিশ্বাস জাগ্ৰত কৰে । ইয়াৰোপৰি নিজৰ মাতৃভূমি আৰু ৰাষ্ট্ৰৰ প্ৰতি ভক্তি , আত্মগৌৰৱ আৰু স্বাভিমান জগাই তোলে । অখণ্ড ভাৰতৰ স্মৃতি মনত পেলাই নিজৰ ধৰ্ম আৰু কৰ্তব্যৰ প্ৰতি সদায় নিষ্ঠাবান হ’বলৈ শিকায় । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একাত্মবোধৰ সৃষ্টি হয় আৰু ইয়েই সিহঁতৰ মানসিক বিকাশতো সহায়ক হয় । শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহত দিয়া সংস্কৃত শিক্ষা নৈতিকতাৰ ক্ষেত্ৰত অগ্ৰণী স্বৰূপ । সংস্কৃতৰ বহুতো নীতি বাক্যই ছাত্ৰ-ছাত্ৰীসকলক সৎপথত আগবাঢ়িবলৈ প্ৰেৰণা যোগায় ।
শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহত শিষ্টাচাৰ আৰু নিয়মানুৱৰ্তিতাৰ ওপৰতো অধিক গুৰুত্ব দিয়া হয় । উদাহৰণস্বৰূপে , নিকেতনলৈ অহা আলহী-অতিথি আৰু আচাৰ্য-আচাৰ্যাক য'তে লগ নাপাওক কিয় নমস্কাৰ দিয়া । নিকেতনসমূহত প্ৰচলিত অনুশাসন ব্যৱস্থা সৰ্বাঙ্গসুন্দৰ ।
নৈতিক শিক্ষা প্ৰকৃতাৰ্থত শিশুসকলৰ চৰিত্ৰ গঠনৰ এটি প্ৰক্ৰিয়া । সাম্প্ৰতিক সময়ত দেশত চলি থকা দুৰ্নীতি , দুৰাচাৰ আদি অনৈতিক গুণসমূহে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক পঙ্গু কৰিব নোৱাৰে তাৰ বাবে শিশুসকলক সৰুৰেপৰা নৈতিক শিক্ষা দিব লাগে । কাৰণ 'আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক’ ৷ শুধ বগা কাগজৰ দৰে শিশুৰ নিষ্কলুষ মনটোত মাক-দেউতাক , অভিভাৱক অথবা অগ্ৰজসকলে যিধৰণৰ ৰেখাংকন বা চিত্ৰাংকন কৰিব সেইবোৰকে স্মৰণ কৰি শিশুৱে তাৰ ভৱিষ্যত জীৱন গঢ় দিবলৈ প্ৰয়াস কৰিব আৰু কালক্ৰমত এইসকল শিশুৱেই দেশৰ সামাজিক , অৰ্থনৈতিক , ৰাজনৈতিক , সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰি দেশৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব ।
________________________
উৎসসমূহ : (১) শিক্ষা-তত্ব অধ্যয়ন : যতীন বৰুৱা ।
(২)শিক্ষাৰ তত্ব আৰু নীতিসমূহৰ আধাৰ : ড: মুকুন্দ শৰ্মা ।
(৩)ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা : প্ৰাথমিক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰম ।
(৪) ‘ভাৰতী’ (শিশু শিক্ষা সমিতি, অসমৰ বছৰেকীয়া মুখপত্ৰ) : ২০০১ আৰু
২০০৪ চনত প্ৰকাশিত ।
শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
তৃতীয় বৰ্গৰ কৰ্মচাৰী
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও
0 Comments