header ads

সম্পাদকীয়ঃ, ৪ৰ্থ বছৰ ১ম সংখ্যা,

সম্পাদকীয়ঃ



      সময় গতিশীল ৷ বোঁৱতী নৈৰ বাধাহীন সোঁতৰ দৰেই আগবাঢ়ে সময়ৰ প্ৰবহমান সোঁত আৰু এই সোঁতেই কঢ়িয়াই লৈ যায় একোটা জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস ৷ আনহাতে সময়ৰ এই ইতিহাসবোৰ জীৱন্ত ৰূপে প্ৰস্ফুটিত হয় কাৰোবাৰ কলম নাইবা অনুভৱৰ প্ৰকাশত আৰু কালক্ৰমত ই স্বীকৃত হয় সাহিত্যৰূপে ৷ মানুহৰ চিন্তা , আৱেগ , অনুভূতিৰ বাংময় প্ৰকাশ এই সাহিত্যই এটা সময়ত স্বীকৃত হয় জাতি বা সভ্যতাৰ দাপোণ হিচাপে ৷ 
             ক’ভিডকালীন তলাবন্ধৰ সময়ছোৱাত বিশেষকৈ যিসময়ত সমগ্ৰ দেশৰে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ ছাত্ৰ , শিক্ষক উভয়ৰে মনন আৰু চিন্তনৰ দৈন্যতাৰ এক আশংকাজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেইখিনি সময়তে ছাত্ৰ-ছাত্ৰীয়ে যাতে সৃষ্টিশীল কামত মনোবিবেশ কৰি মানসিক উত্তৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰে , তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কামৰূপ জিলা শিক্ষা আঁচনি বিষয়া ফুলপাহি নাথে জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকললৈ আহ্বান জনাইছিল এক আলোচনাৰ বাবে ৷ তেখেতৰ এই প্ৰচেষ্টাত সমৰ্থন আৰু সহযোগ কৰিছিল জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক্ষা , কামৰূপৰ মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়াদেৱে
 । জিলা আঁচনি বিষয়াগৰাকীৰ এই আন্তৰিক আহ্বানৰ প্ৰতি সহাৰি জনাই জিলাখনৰ ভিন্ন অঞ্চলৰ বিভিন্ন প্ৰাথমিক , মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত একাংশ শিক্ষকে ক’ভিডকালীন তলাবন্ধ সময়ছোৱাৰ বিভিন্ন অসুবিধাকো নেওচি আগবাঢ়ি আহিছিল চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ আৰু শৈক্ষিক উত্তৰণত সহায়ক হোৱাকৈ কিবা এটা কৰাৰ লক্ষ্যৰে ৷ তলাবন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা মানসিক বিকাশ যাতে বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন মাধ্যমেৰে কৰা আলোচনাৰ অন্তত জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াদেৱ , জিলা আঁচনি বিষয়া (সমগ্ৰ শিক্ষা) ফুলপাহি নাথ বাইদেউ আদিকে ধৰি আন কেইগৰাকীমান মহানুভৱ শিক্ষকৰ আন্তৰিক প্ৰচেষ্টাৰ ফচল হিচাপে জন্ম পাইছিল জ্ঞানম নামৰ শৈক্ষিক গোটটো ৷ এই মহৎ প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে এই গোটটোৱে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানচৰ্চা অব্যাহত ৰখাত সহায়ক হোৱাকৈ 'জ্ঞানম’ নামৰ এখন আংকিক আলোচনী ( Digital Megazine ) প্ৰকাশৰ ব্যৱস্থা কৰে ৷ অৱশ্যে তলাবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানচৰ্চাৰ অনুশীলনেই এই গোটটোৰ মুখ্য উদ্দেশ্য আছিল যদিও পৰবৰ্তী সময়ত ই শৈক্ষিক ক্ষেত্ৰৰ আন কেতবোৰ দিশতো কাম কৰিবলৈ আৰম্ভ কৰে ৷ তলাবন্ধৰ পৰবৰ্তী সময় অৰ্থাৎ ক'ভিডোত্তৰ কালত ছাত্ৰ-ছাত্ৰীখিনিয়ে পাঠ্যক্ৰমৰ বিষয়ৰ লগতে সহপাঠ্যক্ৰমিক বিষয়সমূহতো যাতে সমানেই চৰ্চা অব্যাহত ৰাখে আৰু সৃষ্টিশীল কামত মনোবিবেশ কৰি মানসিক উৎকৰ্ষ সাধনৰ প্ৰচেষ্টাত ব্ৰতী হয় , সেই উদ্দেশ্যেৰে এই গোটটোৱে বিভিন্ন সময়ত চিত্ৰাংকণ , কবিতা আবৃত্তি , আকস্মিক বক্তৃতা , বাতৰি পঠন আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক-মানসিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ তাৰোপৰি জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু অনগ্ৰসৰ অঞ্চলবিলাকত ভিন্ন বিষয়ৰ কৰ্মশালা আয়োজনেৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত শৈক্ষিক সচেতনতা বৃদ্ধিৰো প্ৰয়াস চলাই আহিছে এই ব্যতিক্ৰমী গোটটোৱে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তীয় অঞ্চললৈ গৈ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দৰে কামতো সমগ্ৰ শিক্ষা , কামৰূপক সহযোগ কৰি আহিছে এই গোটটোৰ সদস্যসকলে ৷ 
         
              চাওতে চাওতে জ্ঞানম শৈক্ষিক গোটটোৱে চতুৰ্থ বৰ্ষত খোজ পেলালেহি ৷ সমান্তৰালভাৱে এই গোটৰ প্ৰচেষ্টাত শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মঞ্চ হিচাপে গঢ় লোৱা 'জ্ঞানম'-- আংকিক আলোচনীখনেও সফলতাৰ তিনিটা বৰ্ষ অতিক্ৰমি চতুৰ্থ বৰ্ষত ভৰি থৈছেহি ৷ চতুৰ্থ বৰ্ষৰ 'জ্ঞানম’ৰ সম্পাদকৰ গুৰুদায়িত্ব লোৱাৰ সময়ত আলোচনীখনক এক নতুন ৰূপত আগবঢ়াই দিয়াৰ ইচ্ছা আছিল যদিও সময় আৰু বিষয়জ্ঞানৰ অভাৱ তথা আন কিছু আনুষাংগিক অসুবিধাৰ বাবে প্ৰথমটো সংখ্যাত সেয়া সম্ভৱ হৈ নুঠিল ৷ তথাপি ই-আলোচনীখন সৰ্বাংগসুন্দৰ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰা হৈছে ৷ আলোচনীখনত অন্তৰ্ভুক্ত লেখাবোৰ প্ৰকাশৰ সময়ত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ মনোজগত সমৃদ্ধ কৰিব পৰা মননশীল লেখাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ৷ আমি  নাজানো এই প্ৰচেষ্টাত কিমানদূৰ সফল হ’ব পাৰিছোঁ ৷ তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ হাতত ৷ 
            আলোচনীখনৰ এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল , সন্মানীয় লেখক-লেখিকাসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা 'জ্ঞানম’ৰ মুখ্য উপদেষ্টা  অপূৰ্ব ঠাকুৰীয়া ছাৰ , উপদেষ্টাদ্বয় গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউকো এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ লগতে আলোচনীখনত
প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা , বিভিন্ন দিহা-পৰামৰ্শ  আদিকে ধৰি বিভিন্ন দিশত সহযোগ কৰা 'জ্ঞানম’ শৈক্ষিক গোটৰ সকলো সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা কক্ষৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ 

            শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত 'জ্ঞানম’ৰ মঞ্চখন হৈ উঠক অসম আৰু অসমীয়াৰ বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰস্থল ৷  তাকেই কামনা কৰিলোঁ আলোচনীখনৰ উন্মোচনৰ এই শুভ মুহূৰ্তত ৷ জয়তু জ্ঞানম ......৷ 🙏

নিৰলা ডেকা 

সম্পাদক , জ্ঞানম ই -আলোচনী

Post a Comment

0 Comments