header ads

অসমীয়া প্ৰবন্ধ, চন্দ্ৰপ্ৰভা শইকীয়াঃ সংগ্ৰামৰ অন্য নাম. ড° বিৰিঞ্চি কুমাৰ দাস, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 চন্দ্ৰপ্ৰভা শইকীয়াঃ সংগ্ৰামৰ অন্য নাম. 



         পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই সদায়েই নাৰীৰ প্ৰতি এক অৱদমনমূলক মনোভাৱ লৈ আহিছে। নাৰীৰ ভূমিকাক কিছুমান নিৰ্দিষ্ট কৰ্মৰ মাজত কঠোৰভাবে সীমিত কৰি ৰাখি তেওঁলোকৰ ব্যক্তিসত্তাক সংকুচিত কৰি ৰখা হৈছে যুগ যুগ ধৰি আৰু ইয়াৰ অন্তৰালত আছে কিছু জটিল ৰাজনৈতিক , অৰ্থনৈতিক হিচাপ-নিকাচ। কিন্তু পুৰুষতান্ত্ৰিকতাৰ এই দমনবাদী প্ৰৱণতাক নেওচা দিও কিছু সংখ্যক নাৰীয়ে স্বকীয় অস্তিত্ব প্ৰতিপন্ন কৰাৰ কণ্টকাকীৰ্ণ পথ হাতত লয় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে আন নাৰীৰ বাবেও পথৰ সন্ধান দিয়াৰ ক্ষমতা অৰ্জন কৰে । অকল নাৰীৰ বাবেই নহয় , সমাজৰ সকলো ধৰণৰ নিপীড়িত লোকৰ বাবে মুক্তিৰ অগ্ৰদূত হৈ পৰে এইসকল নাৰী । পদে পদে বাধাৰ সম্মুখীন হৈয়ো এইসকল নাৰীয়ে নিজৰ স্থিতি এনেকুৱাকৈ সুদৃঢ় কৰি ৰাখিব পাৰে যে সমাজে তেওঁলোকক সহজে মানি নল'লেও উলাই কৰিবও নোৱাৰা হয় ৷
          চন্দ্ৰপ্ৰভা শইকীয়া নিঃসন্দেহে সমাজৰ পুৰুষতান্ত্ৰিক মনোভাৱৰ প্ৰতিমুখে থিয় হোৱাৰ সাহস ৰখা অসমীয়া নাৰীসকলৰ অন্যতম । সৰুৰেপৰাই জীৱনৰ সমস্ত প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজাৰ সাহস ৰখা চন্দ্ৰপ্ৰভাই অসমৰ সকলো নাৰীৰ বাবে মুক্তিৰ বাৰ্তাবাহক হৈ পৰিছিল তেওঁৰ এই অদমনীয় সাহসৰ বাবেই । যি সময়ত নাৰীৰ বাবে অসমৰ সমাজখনে নিৰ্দিষ্ট কৰি দিয়া কেইটামান ক্ষুদ্ৰ ভূমিকাৰ বাহিৰত নাৰীৰ কোনো অৱস্থিতি স্বীকাৰ কৰি লোৱা নহৈছিল , সেই সময়ত কেৱল নাৰী হোৱা বাবেই সমাজৰপৰা পোৱা প্ৰতিবন্ধকতাসমূহক প্ৰত্যাহ্বান জনাই কেৱল নাৰীৰ বাবেই নহয় , সকলো অৱদমিত লোকৰ বাবেই মুক্তিৰ পথ মুকলি কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়াই । 
           অথচ পশ্চিমৰ নাৰীবাদী আন্দোলনসমূহৰ বা এই আন্দোলনৰ অন্তৰালত নিহিত আদৰ্শসমূহৰ সৈতে চন্দ্ৰপ্ৰভাৰ পৰিচিতি স্বাভাৱিকতেই নাছিল । কিন্তু নাৰীৰ প্ৰতি অতীজৰে পৰা সমাজে দেখুৱাই অহা বৈষম্যৰ লগতে আন সকলো ধৰণৰ সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ তাড়না চন্দ্ৰপ্ৰভাই অনুভৱ কৰিছিল তেওঁৰ নিজৰ জীৱনৰ শিক্ষাৰ আধাৰতেই । আচলতে ১৯০১ চনত বজালী অঞ্চলৰ একেবাৰে ভিতৰুৱা এখন গাওঁ দৈশিঙৰীত জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়াৰ জীৱনটোৱেই আছিল সংগ্ৰামৰ এক জীৱন্ত দলিল । চন্দ্ৰপ্ৰভাৰ শৈশৱ এনেকুৱা এছোৱা সময়ৰ মাজেৰে পাৰ হৈছিল , যিছোৱা সময়ত ছোৱালীৰ শিক্ষাৰ বিষয়টো না চৰকাৰ , না অসমীয়া সমাজৰ বাবে গুৰুত্ব দিবলগীয়া কথা আছিল । সাধাৰণ লোকৰ কথা বাদেই দিলোঁ , আনকি সেই সময়ৰ বহু উচ্চ শিক্ষিত অসমীয়া লোকেও ধাৰণা কৰিছিল যে নাৰীৰ শিক্ষাই সমাজক ভুল পথে পৰিচালিত কৰিব । এনেকুৱা পৰিস্থিতিত ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ ছোৱালীৰ বাবেতো শিক্ষা প্ৰায় সুদূৰ পৰাহত আছিল । কিন্তু চন্দ্ৰপ্ৰভাৰ বাবে সুবিধাজনক কথাটো আছিল এয়ে যে পিছপৰা অঞ্চলৰ হ'লেও তেওঁ এহাল দূৰদৃষ্টিসম্পন্ন পিতৃ-মাতৃৰ সন্তান আছিল , যিয়ে নিজৰ গাঁৱত বিদ্যালয় নথকা বাবে আন এখন গাঁৱৰ বাসিন্দা মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ চন্দ্ৰপ্ৰভা আৰু ভনীয়েক ৰজনীপ্ৰভাক পঠাইছিল । সেয়া আছিল চন্দ্ৰপ্ৰভাৰ সোঁতৰ বিপৰীতে গতি কৰাৰ প্ৰথম অভিজ্ঞতা আৰু এই ক্ষেত্ৰত তেওঁৰ সাহসৰ উৎস আছিল তেওঁৰ পিতৃ-মাতৃ , যিয়ে সেইখন সমাজৰ পৰিপ্ৰেক্ষিতত তেনেই বিৰল প্ৰগতিশীলতাক বহন কৰিছিল ।
           প্ৰাথমিক শিক্ষাত বাৰুকৈয়ে কৃতিত্ব অৰ্জন কৰিও অৱশ্যে চন্দ্ৰপ্ৰভাই পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা লাভ কৰাত বাধা পাইছিল এই কাৰণেই যে ছোৱালীয়ে পঢ়িব পৰাকৈ মজলীয়া বিদ্যালয় তাত নাছিল । প্ৰথমতে সেয়ে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভাক পিতৃ-মাতৃয়ে ল'ৰাই পঢ়া মজলীয়া বিদ্যালয়তে নাম লিখি দিছিল ; কিন্তু কথাটো সমাজে ভাল চকুৰে নোচোৱা বাবে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ তাতেই সমাপ্তি পেলাবলৈ তেওঁলোকৰ পিতৃ-মাতৃ বাধ্য হৈছিল । কথাটোৱে চন্দ্ৰপ্ৰভাৰ কোমল মনক বাৰুকৈয়ে আঘাত দিছিল আৰু ছোৱালীৰ বাবে শিক্ষা গ্ৰহণত থকা এই অসুবিধা দূৰ কৰিবলৈ সেই কোমল বয়সতে তেওঁ নিজেই কেৱল প্ৰাথমিক শিক্ষাৰে শিক্ষিত হোৱা সত্বেও নিজাকৈ বিদ্যালয় এখন স্থাপন কৰি তাত শিক্ষকতা আৰম্ভ কৰিছিল । এয়া আছিল সোঁতৰ বিপৰীতে যোৱাৰ ক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৰা আন এক অকল্পনীয় কাৰ্য , কাৰণ যি স্থলত ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটোৱেই সমাজৰ দৃষ্টিত আপত্তিজনক আছিল , তেনে স্থলত ছোৱালী এজনীয়ে এনেকৈ বাহিৰলৈ ওলাই আহি বিদ্যালয় প্ৰতিষ্ঠা কৰাটো সমাজৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বানেই আছিল । তেনেই কম বয়সীয়া ছোৱালী হ'লেও আৰু নিজৰেই শিক্ষা তেনেই সামান্য হ'লেও বিদ্যালয় এখন স্থাপন কৰাৰ দুঃসাহস দেখুওৱাই নহয় , সেই বিদ্যালয়খন পৰিপাটিকৈ পৰিচালনা কৰাৰ যি দক্ষতা চন্দ্ৰপ্ৰভাই দেখুৱাইছিল , সি শিক্ষা জগতৰ সৈতে জড়িত বিভিন্ন বিশিষ্ট লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ইয়েই পৰৱৰ্তী সময়ত তেওঁক ভনীয়েকৰ সৈতে নগাঁৱৰ মিশ্যন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে ।
       ক'বলৈ গ'লে নগাঁও মিশ্যন স্কুলেই বিদ্ৰোহৰ অনুশীলন আৰম্ভ কৰাৰ বিৰল সুযোগ আনি দিয়ে চন্দ্ৰপ্ৰভা শইকীয়ালৈ । বিদ্যালয়খনত পঢ়ি থকা সময়তে ঘটনাক্ৰমে এদিন তেওঁৰ দৃষ্টিগোচৰ হ'ল যে খ্ৰীষ্টান মিশ্যনেৰীয়ে চলোৱা এই বিদ্যালয়খনত হিন্দু শিক্ষাৰ্থীক খ্ৰীষ্টান শিক্ষাৰ্থীৰ সৈতে একেলগে ৰখা নহয় আৰু খ্ৰীষ্টান শিক্ষাৰ্থীসকলে সকলো সুবিধা পোৱাৰ বিপৰীতে হিন্দু শিক্ষাৰ্থীসকলে শোচনীয় অৱস্থাৰ মাজত থাকিবলগীয়া হয় । ইয়াৰ ফলস্বৰূপে বহু হিন্দু শিক্ষাৰ্থীয়ে স্বধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল আৰু হিন্দু আৰু খ্ৰীষ্টান শিক্ষাৰ্থীৰ মাজত এনে বৈষম্যৰ সৃষ্টি আছিল আচলতে বিদ্যালয়খনে ধৰ্মান্তৰকৰণক উৎসাহিত কৰাৰ এক পন্থাহে । এই কথাত অতিশয় ক্ষুদ্ধ চন্দ্ৰপ্ৰভাই বিদ্যালয়খনৰ ছাত্ৰীসকলক একগোট কৰি এই বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু অৱশেষত বিদ্যালয়ৰ কৰ্তৃপক্ষক তেওঁলোকৰ নীতিৰ পৰিৱৰ্তন ঘটাবলৈ বাধ্য কৰে ।
ইয়াৰ পাছত আৰু উভতি চোৱা নাছিল চন্দ্ৰপ্ৰভা শইকীয়াই । নগাঁও মিশ্যন স্কুলৰ শিক্ষা সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱতেই এখন প্ৰাথমিক বিদ্যালয়ত কিছুদিন শিক্ষকতা কৰাৰ পাছত তেওঁ তেজপুৰ ছোৱালী মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে । তেজপুৰত থকা সময়ছোৱাতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ সংস্পৰ্শলৈ আহি চন্দ্ৰপ্ৰভাই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত অধিক সক্ৰিয় হোৱাৰ সুযোগ পালে । ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ চতুৰ্থ বাৰ্ষিক অধিবেশনত চন্দ্ৰপ্ৰভাই স্বেচ্ছাসেৱিকাসকলৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে আৰু এনেকৈয়ে চন্দ্ৰপ্ৰভাৰ বিশাল প্ৰেক্ষাপটলৈ আগমনৰ সূচনা হয় । অসম ছাত্ৰ সন্মিলনৰ সম্পাদক অমিয় কুমাৰ দাসে কানিৰ প্ৰচলনৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰস্তাৱৰ সমৰ্থনত চন্দ্ৰপ্ৰভাই দিয়া জ্বালাময়ী বক্তৃতাটোৱে সেই সময়ত সকলো বিশিষ্ট লোকৰেই মনোযোগ আকৰ্ষণ কৰিছিল , আৰু সমগ্ৰ অসমবাসীয়ে দেখিবলৈ পাইছিল এক অগ্নিকন্যাৰ উত্থান ।
তেনে এটা সময়তে চন্দ্ৰপ্ৰভা শইকীয়াৰ জীৱনলৈ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আহিল । তেজপুৰৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক তথা তৰুণ সাহিত্যিক দণ্ডিনাথ কলিতাৰ সৈতে প্ৰণয়ৰ সম্পৰ্ক গঢ়ি উঠিল চন্দ্ৰপ্ৰভাৰ আৰু দুয়োৰে মাজত গন্ধৰ্ব বিবাহ সংঘটিত হ'ল । কিন্তু তেওঁলোকৰ এই সম্পৰ্কৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় হ'ল তেওঁলোকৰ মাজৰ জাত-পাতৰ ব্যৱধান । সেই সময়ৰ অসমীয়া সমাজখনত জাত-পাতক লৈ বৈষম্য অত্যন্ত তীব্ৰ আছিল আৰু এই বৈষম্যৰ সীমা অতিক্ৰম কৰি গৈ নিজৰ পিতৃ-মাতৃক মনোকষ্ট দিয়াটো সম্ভৱ নাছিল দণ্ডিনাথ কলিতাৰ বাবে । ফলস্বৰূপে চন্দ্ৰপ্ৰভাৰ সৈতে তেওঁৰ সামাজিক বিবাহ সম্ভৱপৰ হৈ উঠা নাছিল ৷ পিছে তেওঁলোকৰ এই সম্পৰ্কৰ পৰিণতিত চন্দ্ৰপ্ৰভাই মাতৃত্বৰ পথলৈ আগবাঢ়িছিল ৷ যিহেতু তেওঁলোকৰ মাজত গন্ধৰ্ব বিবাহহে হৈছিল আৰু সামাজিকভাবে স্বীকৃত বিবাহ তেওঁলোকৰ মাজত  হোৱা নাছিল , সেয়ে সমাজৰ দৃষ্টিত চন্দ্ৰপ্ৰভাই বিবাহ বহিৰ্ভূতভাবে সন্তানৰ মাতৃ হৈছিল । এনে বিবাহ বহিৰ্ভূত মাতৃত্বক অসমীয়া সমাজে এতিয়াও বৰ ভাল দৃষ্টিৰে নাচায় ; তেনে স্থলত আজিৰ পৰা প্ৰায় এশ বছৰৰ আগৰ অসমীয়া সমাজখনত এনে মাতৃত্ব নাৰী এগৰাকীৰ বাবে কেনে এক সংকটপূৰ্ণ কথা আছিল , সেয়া সহজেই অনুমেয় । সমাজৰ লাঞ্ছনাৰ মুখামুখি হৈ চন্দ্ৰপ্ৰভাই তেজপুৰৰ বিদ্যালয়ৰ চাকৰি ত্যাগ কৰিছিল ; কিন্তু তাৰ পাছতো নিজৰ সন্তানটোক লৈ সাহসেৰে সমাজত মূৰ তুলি থিয় হৈ থকাৰ সিদ্ধান্ত কৰি তেওঁ পিতৃগৃহলৈ উভতি আহিছিল । অৱশ্যে দণ্ডিনাথ কলিতাই চন্দ্ৰপ্ৰভা আৰু শিশুটোৰ ভৰণ-পোষণৰ দায়িত্ব বহন কৰি আছিল ।
কুমাৰী মাতৃক লাঞ্ছনা-গঞ্জনাৰ মুখলৈ ঠেলি দিয়া সমাজখনতো কেতিয়াবা কেতিয়াবা দুই এগৰাকী সুচিন্তাশীল মানুহৰ আগমন ঘটে , যিসকল মানুহৰ দৃঢ় পদক্ষেপে সমাজখনক সম্পূৰ্ণ স্খলনৰপৰা ৰক্ষা কৰি থাকে । তেনে এগৰাকী ব্যক্তি আছিল সেই সময়ৰ বৰপেটাৰ লোকেল ব'ৰ্ডৰ চেয়াৰমেন লোহিত চন্দ্ৰ নায়ক । যি সময়ত চন্দ্ৰপ্ৰভাক গোটেই সমাজখনেই লেইলেই-চেইচেই কৰিবলৈ লৈছে আৰু তেওঁক আশ্ৰয় দিয়াৰ বাবে চন্দ্ৰপ্ৰভাৰ পিতৃ-মাতৃকো কমখন নগুৰনাগতি কৰা নাই , সেই সময়তে লোহিত চন্দ্ৰ নায়কে কালজিৰাপাৰা গাঁৱত এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে চন্দ্ৰপ্ৰভা শইকীয়াক বিচাৰিলে আৰু চন্দ্ৰপ্ৰভাই এই দায়িত্ব গ্ৰহণ কৰিলে । 
ইয়াৰ পাছত লিংগভিত্তিক বৈষম্য আৰু জাত-পাতৰ বৈষম্যৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভা শইকীয়াই সমাজত এক জাগৰণৰ সৃষ্টি কৰাৰ বাবে অধিক দৃঢ়তাৰে আগবাঢ়ি আহিল । চন্দ্ৰপ্ৰভাৰ কৰ্মৰ জ্যোতি ইমান দূৰলৈকে বিয়পি পৰিছিল যে ১৯২৫ চনত অসম সাহিত্য সভাৰ নগাঁও অধিবেশনলৈ তেওঁ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত হৈছিল । তাত তেজোদ্দীপ্ত বক্তৃতাৰে চন্দ্ৰপ্ৰভা শইকীয়াই সভাস্থলীত নাৰীসকলৰ বাবে থকা পুৰুষৰ পৰা পৃথককৈ বহাৰ ব্যৱস্থা ওফৰাই দি তেওঁলোকক পুৰুষৰ সৈতে একেলগে বহাৰ বাবে উৎসাহিত কৰিছিল । ১৯২৬ চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ অধিবেশনৰ সময়তে চন্দ্ৰপ্ৰভা শইকীয়াই মহিলা সমিতি গঠনৰ বাবে আগবাঢ়িল আৰু ধুবুৰীতে এনেদৰে প্ৰথম অসম মহিলা সমিতি গঠিত হ'ল । ইয়াৰ আগতে অৱশ্যে তেওঁ ১৯১৯ চনত তেজপুৰত মহিলা সমিতি এখন গঠন কৰিছিল । এইবাৰ গোটেই অসমকে সাঙুৰি লোৱাকৈ মহিলা সমিতি গঠন কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে চন্দ্ৰপ্ৰভাই নিজে চাইকেল চলাই গাঁৱে-ভূঞে ঘুৰি পকি সংগঠনৰ কাম কৰি ফুৰিছিল । নাৰী হৈ চাইকেল চলোৱাটোৱো সেই সময়ৰ পৰিপ্ৰেক্ষিতত চন্দ্ৰপ্ৰভাৰ এক বৈপ্লৱিক কামেই আছিল । সেইটো বছৰতে তেওঁ চাকৰি বাদ দি কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ বিভিন্ন কামকাজৰ সৈতে নিজকে ঘনিষ্ঠভাৱে জড়িত কৰিলে । ইয়াৰ ফলত তেওঁ কেইবাবাৰো কাৰাবাসো খাটিবলগীয়া হৈছিল । আনকি কাৰাগাৰৰ ভিতৰতো কাৰাগাৰ কৰ্তৃপক্ষৰ বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভাই আন্দোলন কৰিছিল । 
স্বাধীনতাৰ পাছত ১৯৫৭ চনত চন্দ্ৰপ্ৰভা শইকীয়াই বজালী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অসম বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । নাৰী বুলি তেওঁৰ প্ৰাৰ্থীত্বক সহজে গ্ৰহণ কৰিব নোখোজা এচাম লোক আছিলেই , তাতে চন্দ্ৰপ্ৰভাই সেই সময়ত কংগ্ৰেছক সহায় কৰি থকা ধনী ব্যৱসায়ী , ঠিকাদাৰ আদিক বক্তৃতাত তেওঁৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ ফলস্বৰূপে এই নিৰ্বাচনত চন্দ্ৰপ্ৰভা শইকীয়াই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল । কিন্তু এই পৰাজয়ে চন্দ্ৰপ্ৰভাৰ দৃঢ়তাক ম্লান কৰিব পৰা নাছিল । অৱশ্যে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ কিছু নেতাৰ কাৰ্যকলাপৰ দ্বাৰা অসন্তুষ্ট হৈ চন্দ্ৰপ্ৰভা শইকীয়াই সমাজবাদী দললৈ গুচি আহিছিল ।
চন্দ্ৰপ্ৰভা শইকীয়াই সাহিত্য ক্ষেত্ৰতো নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ 'পিতৃভিঠা' নামৰ উপন্যাসখন এখন নাৰীবাদী উপন্যাস হিচাপে স্বীকৃত । তেওঁৰ আন কেইখনমান উপন্যাস , যেনে  'অপৰাজিতা', 'গৌৰীশংকৰ' , 'ঘৰ-জোঁৱাই' ,'বিয়াৰ বিষ' আদিয়ে প্ৰকাশৰ মুখ নেদেখিলে । ইয়াৰ উপৰিও 'মোৰ কবিতা' সংকলনৰ কবিতাসমূহকে ধৰি বিভিন্ন কবিতা , চুটিগল্প , প্ৰৱন্ধ , নাটক আদি ৰচনাৰ লগতে 'অভিযান' আৰু 'অভিযাত্ৰী' নামৰ আলোচনী দুখনো তেওঁ সম্পাদনা কৰিছিল । সেই সময়ত নাৰীৰ বাবে সাহিত্য চৰ্চাও বৰ সহজ কথা নাছিল যদিও কোনো জটিলতাই কাহানিও টলাব নোৱৰা চন্দ্ৰপ্ৰভাই এই ক্ষেত্ৰতো পাছ হুহকি নাথাকিল ।
১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে মৃত্যু বৰণ কৰা চন্দ্ৰপ্ৰভা শইকীয়াৰ বাবে জীৱনটো কেতিয়াও সহজ নাছিল এই বাবেই যে তেওঁ কেতিয়াও এটা সহজ জীৱন বিচৰা নাছিল । সমাজে দেখুৱাই দিয়া পথেৰেই চলি থাকি তেওঁ সমসাময়িক আন হেজাৰজনী অসমীয়া মহিলাৰ দৰে শিক্ষা-দীক্ষা নোলোৱাকৈ থাকি , কম বয়সতে বিয়া হৈ , সন্তানৰ মাতৃ হৈ পাহৰণিৰ গৰ্ভত লীন হ'বলগীয়া এটা জীৱন যাপন কৰিব পাৰিলেহেঁতেন । কিন্তু তেনে এটা জীৱন চন্দ্ৰপ্ৰভাই বিচৰা নাছিল । তেওঁ সময়ৰ দ্বাৰা পৰিচালিত নহৈ সময়ক নিজে বিচৰা ধৰণেৰে পৰিচালিত কৰিব বিচাৰিছিল । সেয়ে তেওঁ লিংগভিত্তিক বৈষম্যৰ উপৰিও সমাজৰ আন বৈষম্যৰ বিৰুদ্ধেও অনবৰতে সোচ্চাৰ হৈ উঠিছিল । বৰপেটা সত্ৰৰ কীৰ্তনঘৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হৈ থকা কথাটোৰ প্ৰতিবাদ তেওঁ কৰিছিল তীব্ৰ ভাষাৰে আৰু তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ পাছত সাৰদাবালা দাস আদিয়েও এই ব্যৱস্থাৰ প্ৰতিবাদ কৰিবলৈ আগ বাঢ়ি আহিছিল । 
চন্দ্ৰপ্ৰভা শইকীয়া নাৰীৰ সংগ্ৰামী সত্তাৰ এক উজ্জ্বল প্ৰকাশ । তেওঁ আছিল সমাজৰ সকলো ধৰণৰ নিষ্পেষিত লোকৰ মুখৰ ভাষা । এই ভাষাই যুগে যুগে পীড়িত মানুহক উজ্জীৱিত কৰি তোলে ।
*****


লেখকৰ ঠিকনাঃ

ড° বিৰিঞ্চি কুমাৰ দাস     

অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়
বৰপেটা-৭৮১৩০১
মোবাইল নং- ৭০০২১৪৩৩২৫

Post a Comment

0 Comments