header ads

অসমীয়া কবিতা, বৃহন্নলা সময়, ত্ৰিদীপ শৰ্মা, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 বৃহন্নলা সময়




যিমানেই উপলব্ধি নকৰো কিয় ইজনে সিজনক 
শূন্যতা একেই থাকি যায় প্ৰতিবাৰেই..... 

এয়া শাপগ্ৰস্ত বৃহন্নলা সময়...... 
গাণ্ডীৱহাৰা হাতৰ মুঠিৰে সৰকি যায়
অনুৰণনিত ছন্দোবদ্ধ শব্দ , সত্তা , হুমুনিয়াহ । 


সমুখ সমৰত অপ্ৰাপ্তি আক্ষেপৰ সশস্ত্ৰ বাহিনী
ক'ত গৈ শেষ হ'ব এই অজ্ঞাতবাস
দেৱদত্ত শংখনাদ কৰি পুনৰ তুলি ল'ম গাণ্ডীৱ....... 

এয়া দু:সময়ৰ কুৰুক্ষেত্ৰ 
বেদনাৰ শৰশয্যাত আমাৰ অস্তিত্বৰ পিতামহ
কোনোবা মোহাছন্ন দ্ৰোণাচাৰ্য , কোনোবা বিদুৰ
অব্যক্ত শূন্যতাৰে কুন্তী , অসহায় গান্ধাৰী 
অথবা ৰক্তবৰ্ণ প্ৰতিজ্ঞাবদ্ধ দ্ৰৌপদী........ 

তুমি মোৰ সখা , 
 দেখুওৱা আকৌ এবাৰ
 ভালপোৱাৰ চিৰন্তন বিশ্বৰূপ.... 
তোমাৰ জ্যোতিৰে পখালি আনো এই ক্লেদাক্ত প্ৰাণ.... ।      


ত্ৰিদীপ শৰ্মা                                                                  

সহকাৰী শিক্ষক
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া

Post a Comment

0 Comments