বৃহন্নলা সময়




যিমানেই উপলব্ধি নকৰো কিয় ইজনে সিজনক 
শূন্যতা একেই থাকি যায় প্ৰতিবাৰেই..... 

এয়া শাপগ্ৰস্ত বৃহন্নলা সময়...... 
গাণ্ডীৱহাৰা হাতৰ মুঠিৰে সৰকি যায়
অনুৰণনিত ছন্দোবদ্ধ শব্দ , সত্তা , হুমুনিয়াহ । 


সমুখ সমৰত অপ্ৰাপ্তি আক্ষেপৰ সশস্ত্ৰ বাহিনী
ক'ত গৈ শেষ হ'ব এই অজ্ঞাতবাস
দেৱদত্ত শংখনাদ কৰি পুনৰ তুলি ল'ম গাণ্ডীৱ....... 

এয়া দু:সময়ৰ কুৰুক্ষেত্ৰ 
বেদনাৰ শৰশয্যাত আমাৰ অস্তিত্বৰ পিতামহ
কোনোবা মোহাছন্ন দ্ৰোণাচাৰ্য , কোনোবা বিদুৰ
অব্যক্ত শূন্যতাৰে কুন্তী , অসহায় গান্ধাৰী 
অথবা ৰক্তবৰ্ণ প্ৰতিজ্ঞাবদ্ধ দ্ৰৌপদী........ 

তুমি মোৰ সখা , 
 দেখুওৱা আকৌ এবাৰ
 ভালপোৱাৰ চিৰন্তন বিশ্বৰূপ.... 
তোমাৰ জ্যোতিৰে পখালি আনো এই ক্লেদাক্ত প্ৰাণ.... ।      


ত্ৰিদীপ শৰ্মা                                                                  

সহকাৰী শিক্ষক
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া