header ads

বিশেষ লেখা, AIDS , HIV আৰু এইডছ ৰোগৰ সজাগতা, ডাঃ পুলিন চন্দ্ৰ কুমাৰ, ৪ৰ্থ বছৰ ২য় সংখ্যা

 AIDS , HIV আৰু এইডছ ৰোগৰ সজাগতা

                    

         
         AIDS ( ACQUIRED IMMUNO DEFICIENCY SYNDROME) হ'ল এবিধ ভাইৰাছজনিত ৰোগ আৰু এই ভাইৰাছবিধৰ নাম হ'ল HIV অৰ্থাৎ HUMAN IMMUNO DEFICIENCY VIRUS. এই ৰোগ হ’লে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় । মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এক জটিল প্ৰক্ৰিয়া , যাৰ দ্বাৰা দেহৰ তেজত থকা LYMPHOCYTE নামৰ এবিধ শ্বেতৰক্ত কণিকাৰ জৰিয়তে তেজত ANTIBODY নামৰ একোবিধ পদাৰ্থৰ সৃষ্টি হয় । এই ANTIBODY বিধে দেহক আক্ৰমণ কৰা যিকোনো বীজাণু বা অন্যান্য ৰোগ সৃষ্টিকাৰী উপসৰ্গৰ বিৰুদ্ধে একোখন যুদ্ধৰ সৃষ্টি কৰে আৰু এই যুদ্ধৰ জৰিয়তে ৰোগ সৃষ্টিকাৰী বীজাণু বা আন আন উপসৰ্গবোৰক প্ৰতিহত কৰি ধ্বংস কৰে আৰু শৰীৰটো বেমাৰৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে । দেহৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতাকেই চিকিৎসা বিজ্ঞানৰ ভাষাত আমি BODY IMMUNITY বুলি কওঁ । HIV বীজাণু  মানুহৰ দেহৰ তেজৰ সংস্পৰ্শলৈ আহিলেই  সুবিধা বুজি বংশবিস্তাৰ কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে মানুহজনক আক্ৰমণ কৰি  তেজত থকা LYMPHOCYTE বিলাক ধ্বংস কৰি পেলায় আৰু ক্ৰমান্বয়ে মানুহজনৰ BODY IMMUNITY কমি আহে । গতিকেই দেখা গ’ল যে AIDS ৰোগ হোৱা মানুহক বিভিন্ন বেমাৰে আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু ক্ৰমাৎ মানুহজন দুৰ্বল হৈ পৰে আৰু মৃত্যুমুখলৈ গতি কৰে । 

         AIDS  ৰোগ কেনেকৈ বিয়পে---
         ----------------------------------------
        
         AIDS ৰোগ হোৱা যিকোনো মানুহৰ বিভিন্ন ৰস যেনে তেজ (blood) , প্লাজমা (plasma), লেলাউটি (saliva) , বীৰ্য (semen) , বীৰ্যশ্লষণৰ আগৰ ৰস (pre seminal fluid) , যোনী আৰু যোনীদ্বাৰৰ ৰস ( vaginal fluid) ,  শৌচদ্বাৰৰ ৰস (rectal and anal fluid) , ওহাৰৰ গাখীৰ (breast milk) আদিত অত্যাধিক সংখ্যাত HIV ভাইৰাছৰ বংশবৃদ্ধি হয় । যদি AIDS হোৱা মানুহজনৰ এই ৰসসমূহ কোনো সুস্থ মানুহৰ ৰসৰ সংস্পৰ্শলৈ আহে তেতিয়া হ’লে সুস্থ মানুহজনৰ ৰসতো HIV ভাইৰাছ সোমাই বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে সুস্থ মানুহজন AIDS ৰোগৰ কবলত পৰে আৰু এনেকৈয়ে AIDS ৰোগ এজনৰ গাৰ পৰা আন এজনলৈ বিয়পি যায় । তলত উল্লেখ কৰাৰ দৰে বিভিন্ন প্ৰকাৰে এজন লোকৰ ৰস আন আন মানুহৰ ৰসৰ সংস্পৰ্শলৈ আহিব পাৰে-- 

 (১) মুক্ত যৌন ক্ৰিয়া ( free sexual intercourse):
--------------------------------------------------
       মুক্ত যৌন ক্ৰিয়া লাগিলে সি যোনিদ্বাৰজনিত ( vaginal intercourse) ,  শৌচাদ্বাৰজনিত ( analcanal intercourse) , মুখগহ্বৰজনিত (  oralcavity intercourse)  বা যিয়েই নহওঁক কিয় , তাৰ ফলত এজনৰ দেহৰ যৌনৰসবোৰ পোনপটীয়াকৈ সংগম কাৰ্যৰ সহযোগী অন্যজন ব্যক্তিৰ যৌনৰসৰ সংস্পৰ্শলৈ আহে আৰু ইয়াৰ দ্বাৰাই দেহলৈ সহজে বিভিন্ন বেমাৰৰ বীজাণুৰ আদান প্ৰদান হয় । যেতিয়া HIV ভাইৰাছৰ দ্বাৰা আক্ৰান্ত একোজন ব্যক্তিয়ে প্ৰেমজনিত , যৌন আবেগজনিত , যৌনক্ষুধাজনিত , পেছাজনিত বা যিকোনো কাৰণতেই বিভিন্ন ব্যক্তিৰ লগত এনেদৰে মুক্তভাবে যৌনক্ৰিয়া সম্পাদন কৰিবলৈ আৰম্ভ কৰে , তেতিয়াই এই ৰোগ বহল ভিত্তিত সমাজৰ বিভিন্ন ব্যক্তিৰ দেহলৈ সম্প্ৰসাৰিত হয় , যিয়ে নেকি আজিৰ সমাজত এক সামাজিক ব্যাধি হিচাবে দেখা দি সমাজখনক এক ভয়াবহ জটিল স্তৰলৈ ঠেলি দিছে । 

(২) নিচাযুক্ত দ্ৰব্য সেৱন ( drug abuse ) :
---------------------------------------------------------
 নিচাযুক্ত দ্ৰব্য সেৱন বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু এই আটাইবোৰেই AIDS সম্প্ৰসাৰণৰ বাবে ভয়াবহ । চিগাৰেট জাতীয় দ্ৰব্য থকা একেটা বিড়ি বা চিগাৰেটকে কেইবাজনেও হুপি  খোৱাৰ ফলত HIV virus যুক্ত লেলাৱতীৰ আদান প্ৰদান হব পাৰে । ঠিক তেনেদৰে  একেটা পাত্ৰকেই কেবাজনে ব্যৱহাৰ কৰি বা একেটা পাত্ৰতে থকা মদজাতীয় পনীয়া দ্ৰব্য কেইবাজনেও সেৱন কৰাৰ ফলতো HIV virus যুক্ত লেলাৱতীৰ সহজ আদান প্ৰদান হ'ব পাৰে । আটাইতকৈ ভয় লগাটো হ'ল বেজি ( injection ) ৰ দ্বাৰা লোৱা নিচাযুক্ত দ্ৰব্য । সেইক্ষেত্ৰত একেটা চিৰিঞ্জ আৰু একেটা পিনকে কেইবাজনো লোকে বাৰে বাৰে ব্যৱহাৰ কৰাৰ ফলত ৰক্তৰ জৰিয়তে সহজেই HIV virus ৰ আদান প্ৰদান হয় । 

(৩) ৰক্ত সঞ্চাৰন ( blood transfusion) :
---------------------------------------------------------
HIV virusৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পৰা ( blood donor ) যদি কাৰোবাৰ দেহত ৰক্ত সঞ্চাৰন কৰোৱা যায় তেতিয়াহ’লে ৰক্ত লোৱা লোক ( recipient) জনৰ গাত HIV virus য়ে আক্ৰমণ কৰিব পাৰে । 

(৪) ওহাৰৰ গাখীৰ ( breast milk ) :
-------------------------------------------------
HIV virus ৰ দ্বাৰা আক্ৰান্ত মহিলাৰ ওহাৰৰ গাখীৰৰ জৰিয়তে ভাইৰাছ শিশুৰ দেহলৈ বিয়পিব পাৰে । 

(৫) অন্তঃসত্ত্বা মহিলা ( pregnant lady) :
--------------------------------------------------------
   HIV virus ৰ দ্বাৰা আক্ৰান্ত অন্তঃসত্ত্বা মহিলাৰ ক্ষেত্ৰত এই ভাইৰাছ জৰায়ুৰ ফুল ( placenta ) ৰ মাজেৰে গৈ গৰ্ভস্থ শিশুটিৰ দেহত সোমাব পাৰে যাৰ ফলত শিশুটি সময়ত AIDS ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে । 

(৬) অন্যান্য : 
-----------------
   চুলি--ডাঢ়ি কটা চেলুন সমূহতো একেখন কেঁচি বা ব্লেড কেবাজনো লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অজানা কোনো HIV আক্ৰান্ত ব্যক্তিৰ পৰা আন লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হ'ব পাৰে । 

          HIV virus সম্প্ৰসাৰণ সন্দৰ্ভত উল্লেখ কৰা উপৰিউক্ত আটাইবোৰ কাৰণৰ মূল ব্যাধিটো হ'ল মানুহৰ শিক্ষাৰ অভাৱ , যাৰ ফলত HIV ভাইৰাছ আৰু AIDS ৰোগ সম্বন্ধে সজাগতা আৰু সচেতনতাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায় । গতিকে উপযুক্ত শিক্ষাৰ জৰিয়তে মানু্হক সজাগ আৰু সচেতন কৰি তুলিব পাৰিলেহে অদূৰ ভবিষ্যতে আমি এই AIDS  ৰোগৰ সম্প্ৰসাৰণত বাধা দি তাক প্ৰতিহত কৰিব পাৰিম । তাৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিয়েই নিম্ন উল্লেখিত ধৰণে কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত । 

         1. সন্দেহ যুক্ত ব্যক্তিৰ লগত যৌন ক্ৰিয়া এৰাই চলা আৰু কিবা কাৰণত কৰিব লগা হ'লেও মুক্ত যৌন ক্ৰিয়া বন্ধ কৰা । তেনেকুৱা ক্ষেত্ৰত নিৰোধ ( condom ) জাতীয় প্ৰতিৰোধক ব্যৱহাৰ কৰিলে ভাইৰাছ সংক্ৰমণক কিছু পৰিমাণে বাধা দিব পাৰি যদিও এই নিৰোধো এশ শতাংশই সুৰক্ষিত নহয় । সেয়ে সদায় বহুজনৰ লগত যৌন সম্পৰ্ক ( polygamy ) এৰাই চলাই মংগল । 

         2. নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা সদায় বিৰত থকাই শ্ৰেয় । আনহাতে এনেয়েও এজন ৰোগীৰ দেহত বেজি দিওঁতে ব্যৱহাৰ কৰা পিন আৰু চিৰিঞ্জ একাধিক ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে । একেটা বিড়ি বা চিগাৰেটকে কেইবাজনেও হুপি খাব নালাগে । 

         3. ৰক্ত সঞ্চাৰণৰ সময়ত  ৰক্তদাতাজনৰ ৰক্তৰ HIV , HEPATITIS আদিকে ধৰি বিভিন্ন পৰীক্ষা কৰি ল'ব লাগে আৰু সিবিলাকৰ পৰা বিপদমুক্ত হ'লেহে তেনে দাতাৰ পৰা ৰক্ত গ্ৰহণ কৰা উচিত ৷ 

         4. HIV আক্ৰান্ত মহিলাৰ ওহাৰৰ গাখীৰ শিশুক কোনোপধ্যে খাব দিব নালাগে । 

         5. HIV VIRUS ৰ দ্বাৰা আক্ৰান্ত মহিলা অন্তঃসত্ত্বা হ’লে সেই শিশুৰ জন্ম হ'ব দিব নালাগে । তেনেক্ষেত্ৰত ৰোগী , অভিভাৱক আৰু আনুষাংগিক সকলোৰে মতামত লৈ কমদিনৰ গৰ্ভাৱস্থাতেই অভিজ্ঞ চিকিৎসকৰ হতুৱাই  গৰ্ভাৱস্থাৰ সন্তান বিচ্ছেদ ( MTP--medical termination of pregnancy ) কৰাই ল'ব লাগে । 

         6. চুলি--ডাঢ়ি কটা চেলুনবোৰত একেখন কেঁচী বা ব্লেড একাধিক ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে আৰু কৰিলেও প্ৰতিবাৰ ব্যৱহাৰৰ আগেয়ে এণ্টিচেপ্টিক চলিউচন (antiseptic solution) ৰ দ্বাৰা সিবিলাক পৰিষ্কাৰ কৰি ল'ব লাগে । 

         7. HIV virus আক্ৰান্ত ব্যক্তি বা AIDS ৰোগীক সমাজৰ পৰা বৰ্জন কৰিব নালাগে (hate AIDS ,  not the person ) । তেনে লোকক ডাক্টৰৰ ওচৰলৈ নি উপযুক্ত চিকিৎসা কৰালে আজিকালি এই AIDS ৰোগ প্ৰতিহত কৰিব পাৰি । 

         8. আটাইতকৈ ডাঙৰ কথাটো হ'ল  উপযুক্ত শিক্ষাৰ জৰিয়তে সকলোকে HIV virus আৰু AIDS সম্পৰ্কে সজাগ আৰু সচেতন কৰি তোলা ।
         এই ক্ষেত্ৰত গোটেই বিশ্বকে আদি কৰি আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসমৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন সজাগতামূলক , প্ৰতিৰোধমূলক আৰু নিৰ্মূলকৰণমূলক আঁচনি প্ৰস্তুত কৰি সিবিলাকৰ কাৰ্য্যকৰীকৰণৰ কাম কৰি থকা হৈছে । জনসাধাৰণক এই ৰোগৰ বিষয়ে সজাগ আৰু সচেতন কৰি তোলাৰ মানসেৰেই 1988 চনৰ পৰা প্ৰত্যেক বছৰৰ এক ডিচেম্বৰ (1st December) ৰ দিনটো ‘বিশ্ব এইডছ দিৱস(  World AIDS Day )’ হিচাপে পালন কৰি বিভিন্ন কাৰ্যসূচী ঘোষণা কৰা হয় আৰু সিবিলাক জনসাধাৰণৰ মাজলৈ উলিয়াই অনা হয় । বাকীখিনি কৰণীয় সমাজৰ আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি ল'ব লাগিব । তেতিয়াহে আমি এই AIDS ৰোগ প্ৰতিহত কৰিব পাৰিম । 

         " শৰীৰম্ আদ্যম্ খলু ধৰ্ম্ম সাধনম্ " ll


ডাঃ পুলিন চন্দ্ৰ কুমাৰ
         মূৰব্বী অধ্যাপক
         শৈল্য চিকিৎসা বিভাগ
         ধুবুৰী চিকিৎসা মহাবিদ্যালয় 

Post a Comment

0 Comments