header ads

শিক্ষাৰ্থীৰ চ'ৰা, গণতন্ত্ৰ দিৱসঃ , জবা দাস ,৪ৰ্থ বছৰ ২য় সংখ্যা,

গণতন্ত্ৰ দিৱসঃ   



                
       গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ ৷ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে অশেষ সংগ্ৰামৰ মাজেৰে বৃটিছ শাসনৰ অন্ত পেলাই আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল ৷ স্বাধীন  দেশখন সুচাৰুৰূপে চলাই নিবলৈ সেই সময়ত এখন সংবিধানৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰা হৈছিল ৷ সেই মৰ্মে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত ভাৰতৰ জ্ঞানী ব্যক্তিসকলৰ অৰিহণাৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত আমাৰ দেশৰ সংবিধানখন ৰচিত হৈ গৃহীত হৈছিল ৷ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰতবৰ্ষই এখন সাৰ্বভৌম , ধৰ্মনিৰপেক্ষ , গণতান্ত্ৰিক গণৰাজ্য হিচাপে বিশ্বৰ দৰবাৰত স্বীকৃতি লাভ কৰে ৷ৱ তেতিয়াৰে পৰা দেশৰ সংবিধানখনৰ প্ৰতি সন্মান জনাই তথা গণতান্ত্ৰিক আদৰ্শসমূহ বৰ্তাই ৰখাৰ উদ্দেশ্যে প্ৰতিবছৰে ২৬ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষত 'গণতন্ত্ৰ দিৱস' হিচাপে পালন কৰি অহা  হৈছে ৷                                       
      গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ দেশখনত বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান , কাৰ্যালয় আদিতো পতাকা উত্তোলন কৰা হয় ৷ ৭৫তম গণৰাজ্য দিৱস আমাৰ বিদ্যালয়তো বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে এইবেলি উদযাপন কৰা হয় ৷ বিদ্যালয় প্ৰাঙ্গণত আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ ৷ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য বৰ্ণনাৰ লগতে ৰচনা প্ৰতিযোগিতা , চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰোঁ ৷      
                     
জবা দাস                                


অষ্টম শ্ৰেণী                              
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয় 

ছয়গাঁও শিক্ষাখণ্ড 

Post a Comment

0 Comments