header ads

অসমীয়া প্ৰবন্ধ, কামৰূপ জিলাৰ শৈক্ষিক উত্তৰণত কেইটামান বিশেষ অনুশীলনঃ ,অপূৰ্ব ঠাকুৰীয়া ,৪ৰ্থ বছৰ ২য় সংখ্যা,

 কামৰূপ জিলাৰ শৈক্ষিক উত্তৰণত কেইটামান বিশেষ অনুশীলনঃ 


              



        শৈক্ষিক উত্তৰণৰ বাবে এনে কিছু অনুশীলনৰ প্ৰয়োজন যাৰ যোগেদি বিশেষ প্ৰয়োজন সম্পন্ন শ্ৰেণী , শিক্ষাৰ্থী , বিদ্যালয় এখন বা ততোধিক বিদ্যালয়ক এক বিশেষ গতি প্ৰদান কৰিব পৰা যায় । বহু ক্ষেত্ৰত এই অনুশীলবোৰ নব্য বা ব্যতিক্ৰমী হ'ব পাৰে বা পুৰণি অনুশীলনক নতুন ধাৰাৰে কৰাৰ প্ৰয়াস হ'ব পাৰে ৷ সেয়ে , অনুশীলন সমূহৰ পৰা হোৱা শিকনিয়ে ৰাজ্য এখনৰ শৈক্ষিক কাৰ্যক্ৰমৰ নীতি নিৰ্ধাৰণত প্ৰভূত অৰিহণা যোগায় । কোৱা যুগুত যে এনে অনুশীলনৰ তথ্য নথিভুক্তকৰণৰ (Documentation) খুবেই প্ৰয়োজন । উল্লেখ্য যে , বিগত সময়ছোৱাত কামৰূপ জিলাত এনে ভালেমান প্ৰচেষ্টা লোৱা হৈছে । তাৰে কেইটামান অনুশীলনৰ আভাস তলত ডাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ।


 জ্ঞান সাকোঁঃ 

-----------------  

প্ৰাণ-প্ৰাচুৰ্যৰে ভৰপূৰ কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকা শৈক্ষিক দিশত তুলনামূলকভাৱে কিছু পিছপৰা । যাতায়াতৰ সু-ব্যৱস্থা আৰু বিগত সময়ছোৱাত লোৱা বিভিন্ন পদক্ষেপৰ ফলশ্ৰুতিত এই অঞ্চলত শৈক্ষিক উন্নয়ন পৰিলক্ষিত হৈছে যদিও গাৰো জনজাতি অধ্যুষিত গাৰো মাধ্যমত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল ভালেমান ক্ষেত্ৰত পিছপৰি থকা দেখা যায় ৷ এই অঞ্চলৰ শৈক্ষিক সমস্যাসমূহৰ অন্যতম হ'ল গাৰো মাধ্যমৰ পৰ্যাপ্ত শিক্ষকৰ অভাৱ , বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ অনিয়মীয়া উপস্থিতি , অভিভাৱকসকলৰ প্ৰয়োজনীয় সহযোগৰ অভাৱ , প্ৰথম বা দ্বিতীয় প্ৰজন্মৰ শিকাৰু আদি । ছাত্ৰ-ছাত্ৰীসকল বুনিয়াদী সাক্ষৰতা বা সাংখ্যিকতাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল ৷ গুণোৎসৱৰ ফলাফল বা National achievement survey ত দেখা যায় যে বিশেষকৈ ভাষাৰ দুৰ্বলতাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে আশানুৰূপভাৱে আগবাঢ়িব পৰা নাই । অলপতে , জিলাৰ পৰা কৰা এক সমীক্ষাতো এই কথা স্পষ্ট হৈ পৰিছে ।




      এনে সমস্যা লাঘৱ কৰি গাৰো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিবলৈ শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত 'জ্ঞান-সাকোঁ' শীৰ্ষক এক বিশেষ কাৰ্যক্ৰম ৰূপায়ণৰ দিহা কৰা হৈছে ৷ মূলতঃ , ভাষা-এক (গাৰো) আৰু ভাষা-দুই‌ (ইংৰাজী) পাঠ্যক্ৰমৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সামৰি ছাত্ৰ-ছাত্ৰীসকলে দুৰ্বল প্ৰদৰ্শন কৰা শিকন ফলাফল (learning outcomes) ৰ আধাৰত অভিজ্ঞ শিক্ষক আৰু ডায়েট , মিৰ্জাৰ সহযোগত কাৰ্যপত্ৰ প্ৰস্তুত কৰা হৈছে । এই কাৰ্যপত্ৰসমূহ শ্ৰেণীত ব্যাঘাত নোহোৱাকৈ অতিৰিক্ত সময় বা বন্ধ বাৰত সংশ্লিষ্ট শিক্ষক আৰু স্বেচ্ছাসেৱকৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুশীলন কৰাৰ ব্যৱস্থা কৰা হৈছে । তাৰোপৰি , গাৰো মাধ্যমত পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈ ষষ্ঠ শ্ৰেণীত অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ বাবে Bridge materials ৰ সহায়ত সংশ্লিষ্ট বিদ্যালয়ৰ যোগেদি সহায় আগবঢ়াবলৈ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে জ্ঞান সাকোঁ ৰূপায়ণৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু স্বেচ্ছাসেৱকৰ জড়িতকৰণ প্ৰক্ৰিয়া চলি আছে । ৫৭ খন গাৰো মাধ্যমৰ বিদ্যালয়ক‌ সামৰি ৰূপায়িত এই কাৰ্যসূচীত কাৰ্যপত্ৰ ছপা আৰু স্বেচ্ছাসেৱক জড়িতকৰণৰ ব্যয় CSR যোগে পোৱাৰ বাবে দিহা কৰা হৈছে । 


     'জ্ঞান সাকোঁ' কাৰ্যসূচী চলিত বৰ্ষৰ ৭ আগষ্ট‌ তাৰিখে জিলা আয়ুক্ত মহোদয়াই বকোৰ গাৰো মাধ্যমৰ হাহিম হাইস্কুলত আনুষ্ঠানিকভাৱে মুকলি কৰে । কাৰ্যসূচীসমূহ ৰূপায়ণত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়া-কৰ্মীৰ সহযোগৰ উপৰিও জিলা আয়ুক্তৰ অধ্যক্ষতাত কেবাগৰাকীও শিক্ষাবিদক সদস্য হিচাপে লৈ এখন তদাৰক সমিটিও গঠন কৰা হৈছে ।‌ প্ৰথম অৱস্থাত ৬ (ছয়) মাহৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ হ'ব । প্ৰথম পৰ্যায়ৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত কাৰ্যসূচীটো আগবঢ়াই লৈ যোৱাৰ দিহা কৰা হ'ব ।


 ছুপাৰ-২০ঃ 

----------------



        সাধাৰণতে দেখা গৈছে যে অসমত কেবাখনো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠান থকাৰ পিছতো মাত্ৰ কেইগৰাকীমান মুষ্টিমেয় ছাত্ৰ-ছাত্ৰীয়েহে এই অনুষ্ঠানবোৰত পঢ়াৰ সুযোগ ল'ব পাৰিছে ।‌ আনকি , আই.আই. টিৰ দৰে অতি উচ্চ মানৰ শিক্ষা প্ৰতিষ্ঠান কামৰূপ জিলাতে অৱস্থিত যদিও এই প্ৰতিষ্ঠানত পঢ়াৰ যোগ্যতা অৰ্জনৰ বাবে জিলাখনৰ বিদ্যালয় , মহাবিদ্যালয়ৰ যি এক পৰিকাঠামো বা পৰিবেশৰ প্ৰয়োজন সেয়া যেন আজিও আশানুৰূপ নহয় । ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো যি উৎসুকতা , প্ৰতিযোগিতামূলক দৃষ্টিভংগী , প্ৰচেষ্টা আদিৰ প্ৰয়োজন তাৰো অভাৱ পৰিলক্ষিত হয় । তাৰোপৰি , সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কিছু কৌশল আৰু দক্ষতাৰ প্ৰয়োজন । আৰ্থিক অনাটনে হওঁক বা অন্য কাৰণে হওঁক , তেনে দক্ষতা অৰ্জনৰ প্ৰয়োজনীয় প্ৰশিক্ষণ আদিৰ পৰা চৰকাৰী মাধ্যমত অধ্যয়ৰত ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হোৱা দেখা যায় ৷ 


  এনে বিষয়সমূহ অনুধাৱন কৰি জিলাখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয় / মহাবিদ্যালয়ত অধ্যয়নৰত বিজ্ঞান শাখাৰ ২০ গৰাকী প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীক‌ লৈ আই. আই .টি গুৱাহাটীৰ সহযোগত আৰু জিলা প্ৰশাসন তথা শিক্ষা বিভাগ , কামৰূপৰ উদ্যোগত ছুপাৰ-২০ শীৰ্ষক এক কাৰ্যক্ৰম ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে । JEE , AIEEE আদি পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক এক বাছনি পৰীক্ষা‌ যোগে বাছনি কৰি লোৱা হৈছে । ছুপাৰ-২০ কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ ইতিমধ্যে আই.আই‌ .টি গুৱাহাটী‌ৰ হৈ সঞ্চালক আৰু জিলা প্ৰশাসন‌ আৰু শিক্ষা বিভাগৰ হৈ জিলা আয়ুক্তৰ মাজত যোৱা ২৩ জুন , ২০২৩ তাৰিখে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে ।‌ ইতিমধ্যে এই প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু আই .আই. টি গুৱাহাটীৰ কেবাগৰাকীও অভিজ্ঞ অধ্যাপকে সহযোগিতা আগবঢ়াইছে । আশা কৰা হৈছে এই কাৰ্যসূচীয়ে চৰকাৰী খণ্ডত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সহায়-সহযোগ কৰাৰ উপৰিও যথেষ্ট মনোবল দিব ।


 সেৱা ( SEWA-School Enrichment, Welfare & Academia)ঃ 

-----------------------------------------------------------------------



      চৰকাৰী ধনৰ সদ্‌ব্যৱহাৰ আৰু ধন ব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতাই কোনো এক কাৰ্যৰ বিপৰীতে আবণ্টিত ধনক ৰাহি কৰাই নহয় এই ৰাহি ধনেৰে অনেক মূল্যবান কাম কৰিব পৰা যায় । তাৰ এক উৎকৃষ্ট উদাহৰণ হ'ল কামৰূপ জিলাৰ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা সেৱা (SEWA) আঁচনি । এই আচঁনিখন বিগত বৰ্ষৰ ৩০ ছেপ্তেম্বৰ তাৰিখে ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী তথা বিভিন্ন শিক্ষক গোটৰ কৰ্মকৰ্তাৰ উপস্থিতিত জিলা আয়ুক্তই এক‌ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্বোধন কৰে । এই আচঁনিৰ অন্যতম উদ্দেশ্য হ'ল -- জিলাখনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰ/ছাত্ৰীয়ে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বা তেনে প্ৰতিযোগিতাত বাছনি হোৱাৰ পিছত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাবলৈ এককালীন আৰ্থিক অনুদান দিয়া ; বিদ্যালয়ৰ শ্ৰেষ্ঠ অনুশীলনক উৎসাহিত কৰিবলৈ সংশ্লিষ্ট শিক্ষকক শিক্ষামূলক ভ্ৰমণৰ সুবিধা দিয়া ; ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বঁটা প্ৰাপ্ত ছাত্ৰ/ছাত্ৰীক জিলা পৰ্যায়ত সম্বৰ্ধনা জনোৱা ; শিক্ষকৰ বাবে প্ৰয়োজনীয় সমল‌পুথি প্ৰস্তুত কৰা আদি । উল্লেখ্য যে নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে চৰকাৰী নীতি অনুসৰি গঠিত পৰীক্ষা পৰিচালনা সমিতিয়ে ২০২১-২২ বৰ্ষত পৰীক্ষাৰ বাবে প্ৰাপ্ত ধনেৰে বছৰটোৰ সকলোবোৰ পৰীক্ষা সুকলমে আয়োজন কৰাৰ পাছত প্ৰায় ১৫ (পোন্ধৰ) লাখ টকা ৰাহি কৰিবলৈ সক্ষম হয় । আগতে তেনে কোনো ধন ৰাহি হোৱা দেখা পোৱা নগৈছিল যদিও জিলাখনে এবছৰতে ইমান বুজন পৰিমাণৰ ধন ৰাহি কৰি এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হয় । এই ৰাহি ধনৰ ১০ (দহ) লাখ টকাৰে সেৱা আঁচনিৰ অধীনত এক পুঁজি গঠন কৰা হৈছে আৰু ৰাষ্ট্ৰীয়কৃত বেংকত দীৰ্ঘদিনীয়াকৈ থোৱা হৈছে । এই পুঁজি জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যুটীয়া স্বাক্ষৰত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰাৰ লগতে জিলা আয়ুক্তক অধ্যক্ষ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক সমন্বয়ক-সম্পাদক হিচাপে লৈ এখন তদাৰক সমিটিও গঠন কৰা হৈছে । কোৱা বাহুল্য যে পৰীক্ষা পৰিচালনাৰ পাছত ইমান বৃহৎ পৰিমাণৰ ধন ৰাহি কৰি ছাত্ৰ-ছাত্ৰীৰ উপকাৰ/শৈক্ষিক উন্নয়নৰ বাবে আৰম্ভ কৰা সেৱা আঁচনিৰ ক্ষেত্ৰত কামৰূপ জিলাই প্ৰথম আৰু একক হিচাপে চিহ্নিত হৈছে ।



         ইতিমধ্যে এই পুঁজিৰ ধনেৰে ১৪ বছৰৰ অনুৰ্ধ্বৰ পূব মণ্ডল ছাব জুনিয়ৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হোৱা হালোগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ধৃতিমা উজীৰক ১০ (দহ) হেজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয় ।‌ কোৱা নিষ্প্ৰয়োজন যে সেৱা আঁচনিৰ যথাযথ ৰূপায়ণে জিলাখনৰ শৈক্ষিক উত্তৰণত যে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব , সেয়া ধুৰূপ ৷ 
                                                  


অপূৰ্ব ঠাকুৰীয়া 

জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ,‌ কামৰূপ

Post a Comment

0 Comments