গ্ৰাহকৰ সজাগতা , অধিকাৰ আৰু সুৰক্ষা :
কোনো ব্যক্তি বা কোনো দেশেই আত্মনিৰ্ভৰশীল নহয় । আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও নিজে উৎপাদন কৰি ল’ব নোৱাৰে । আত্মনিৰ্ভৰশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ । আমি নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰোঁ । পুৱা চকু মেলাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰতিটো মুহুৰ্ততে আমি একো একোজন গ্ৰাহক ।
পৃথিৱীত প্ৰথম গ্ৰাহকৰ জীৱন বিনিময় প্ৰথাৰে আৰম্ভ হৈছিল । সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় কৰি গ্ৰাহকসকলে অভাৱ পূৰণ কৰিছিল । আদিম যুগত জনসংখ্যা সীমিত আছিল । উৎপাদিত সা-সামগ্ৰীৰ সংখ্যা আৰু পৰিমাণো কম আছিল । তেনে এটা পটভূমিত বিনিময় প্ৰথা কাৰ্যকৰী হৈছিল । কিন্তু একবিংশ শতিকাত সভ্যতাৰ দোকমোকালিতে আৰম্ভ হোৱা বিনিময় প্ৰথা বিলুপ্ত হ’বলৈ ধৰে ।
সাম্প্ৰতিক সময়ত আমাৰ সমাজৰ বিভিন্ন স্তৰত যিবোৰ সমস্যা আৰু দুৰ্নীতিয়ে জটিলতাৰ সৃষ্টি কৰিছে , তাৰ ভিতৰত অন্যতম ভুক্তভোগী হ’ল গ্ৰাহক আৰু উপভোক্তাসকল । সাম্প্ৰতিক সময়ছোৱাত নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকসকল প্ৰায়ে প্ৰতাৰিত হোৱা দেখা যায় । ইয়াৰ প্ৰধান কাৰণ হ’ল আমাৰ দেশৰ অধিকাংশ লোকেই অজ্ঞ আৰু অশিক্ষিত । সেয়েহে তাৰ গইনা লৈ অসাধু ব্যৱসায়ীসকলে তেওঁলোকক ঠগিবলৈ চেষ্টা চলায় । সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু অশিক্ষিত লোকসকলে সততে এনে শোষণৰ বলি হোৱা দেখা যায় । বস্তু ক্ৰয়ৰ ক্ষেত্ৰত সাধাৰণতে বেছিভাগেই ম্যাদ উকলি গৈছে নে নাই সেইখিনিহে চাই লয় । গ্ৰাহকসকলে প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা , ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, মানসূচক চিহ্নসমূহ নকল কৰা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব নিদিয়ে ।
গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে , নহ’লে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা কৰাৰ সুবিধা পায় । গ্ৰাহকে বস্তু ক্ৰয় কৰা সময়ত ল’বলগীয়া কিছুমান সাৱধানতা হ’ল : (১)বস্তু ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম , ওজন , বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা , (২) বস্তুৰ ওজন বা জোখ লওঁতে জোখ-মাখৰ সঁজুলি যেনে -- দগা-পাল্লা , মিটাৰ কাঠি আদিসমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা , (৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা , (৪) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ , MRP (সৰ্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি ।
ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ । সেয়েহে জনসাধাৰণৰ বাবে চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে । গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাৰ হকে আমাৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে । গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হ’ল :- (১) যিকোনো বস্তু কিনোঁতে বস্তুৰ মূল্য , ওজন , বিশুদ্ধতা , গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা , (২) গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা , (৩) গ্ৰাহকৰ অভাৱ-অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা , (৪) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা , (৫) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা , (৬) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি । এই অধিকাৰসমূহ আমাৰ দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰতে প্ৰযোজ্য । এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত । ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে । সমগ্ৰ বিশ্বত গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে । তাৰেই ভিত্তিত ১৫ মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ।
১৯৮৫ চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল । এই নীতি–নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে ‘গ্ৰাহক সুৰক্ষা আইন’ গৃহীত কৰিছিল । এই আইন প্ৰৱৰ্তন হোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ হেতু কেইবাখনো আইন প্ৰৱৰ্তন কৰিছিল । এই আইনবোৰ যেনে : অত্যাৱশ্যকীয় সামগ্ৰী আইন , অত্যাৱশ্যকীয় সামগ্ৰী যোগান আৰু চোৰাং বজাৰ ৰোধ আইন , একচেতিয়া আৰু সীমিত ব্যৱসায় প্ৰথা আইন , ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন , খাদ্যবস্তু ভেজাল নিষিদ্ধকৰণ আইন আদি ।
১৯৮৬ চনৰ ‘গ্ৰাহক সুৰক্ষা আইন’ৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । জিলা পৰ্যায়ত জিলা গ্ৰাহক সুৰক্ষা সংস্থা , ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা । এই সংস্থাসমূহে গ্ৰাহকৰ অভাৱ-অভিযোগ পূৰণ , ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে ।
ইয়াৰোপৰি, গ্ৰাহকৰ বিবাদ বা অভিযোগ নিষ্পত্তিৰ কাৰণে কেন্দ্ৰ , ৰাজ্য আৰু জিলা পৰ্যায়ত তিনি খলপীয়া বিচাৰ ব্যৱস্থা গঠন কৰা হৈছে । জিলা আৰু ৰাজ্যিক উভয় আদালতেই একোজনকৈ সভাপতি আৰু সৰ্বাধিক দুজন সদস্যৰে গঠিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালত এজন সভাপতি আৰু সৰ্বাধিক চাৰিজন সদস্যৰদ্বাৰা গঠিত হয় । সকলো শ্ৰেণীৰ গ্ৰাহকে কোনোধৰণৰ মাচুল নভৰাকৈ অধিবক্তাৰ সহায়ত অভিযোগ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে । তিনি মাহৰ ভিতৰত বিবাদৰ নিষ্পত্তি কৰাৰ নিয়মো এই আইনী ব্যৱস্থাত ৰখা হৈছে । গ্ৰাহক সুৰক্ষা আইনৰ অধীনত তৰা গোচৰৰ ভিত্তিত গ্ৰাহকগৰাকী যদি বিজয়ী হয় তেন্তে জিলা , ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতে বিক্ৰেতা বা সেৱাৰ যোগান ধৰোঁতাজনক (১) ক্ষতিপূৰণ অথবা (২) সামগ্ৰী বা সেৱাৰ মূল্য ওভতাই দিয়া অথবা (৩) ত্ৰুটি আঁতৰোৱাৰ বাবে নিৰ্দেশ অথবা (৪) ত্ৰুটিপূৰ্ণ সামগ্ৰী সলনি কৰি ভাল সামগ্ৰী যোগানৰ নিৰ্দেশ দিব পাৰে । যদি কোনো গ্ৰাহকে জিলা পৰ্যায়ৰ গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়ত সন্তুষ্ট নহয় , তেন্তে তেওঁ পৰ্যায়ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতত গোচৰ তৰিব পাৰে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ আদালতৰ ৰায়তো অসন্তুষ্ট হ’লে ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়দানৰ ত্ৰিশ দিনৰ ভিতৰত মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰে । এই আইনৰ অধীনত শাস্তি প্ৰদানৰো ব্যৱস্থা আছে । যদি কোনো বিক্ৰেতাই আদালতে দিয়া নিৰ্দেশ পালন নকৰে , তেন্তে (১) ন্যূনতম এমাহৰপৰা সৰ্বাধিক তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড, (২) ন্যূনতম দুই হাজাৰ টকাৰপৰা সৰ্বাধিক বিশ হাজাৰ টকাৰ জৰিমনা , (৩) কাৰাদণ্ড আৰু জৰিমনা উভয় শাস্তি প্ৰদান কৰিব পাৰে ।
ওপৰৰ আলোচনাৰপৰা এইটো কথা স্পষ্টকৈ ক’ব পাৰি যে গ্ৰাহকৰ সজাগতা , অধিকাৰ আৰু সুৰক্ষাই এখন সমাজৰ সামগ্ৰিক পৰিকাঠামো সৱল কৰে । গ্ৰাহকসকলৰ আগ্ৰহ আৰু সজাগতাৰ ওপৰতে প্ৰচলিত ঠগ-প্ৰৱঞ্চনা আৰু দুৰ্নীতি ৰোধ কৰিব পৰা যাব । কাৰণ , আমি প্ৰতিদিনে কৰি অহা খৰচ আমাৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰ কৰে আৰু আমাৰ সচেতনতাইহে জমা আৰু খৰচৰ মাজত সমতা ৰক্ষা কৰিব পাৰিব । প্ৰতিগৰাকী সচেতন ব্যক্তিয়েই নিজে সজাগ হৈ অজ্ঞ ব্যক্তিসকলকো এনে ঠগ-লুণ্ঠনৰ বিপক্ষে সচেতন কৰি তোলা অত্যন্ত প্ৰয়োজনীয় । তেতিয়াহে আমি আটায়েই দেশৰ ভৱিষ্যত উজ্জ্বল কৰাৰ লগতে এক মানবিশিষ্ট অৰ্থনৈতিক ব্যৱস্থাৰ অংশীদাৰ হ’ব পাৰিম ।
0 Comments