header ads

বিশেষ লেখা, অসমৰ শিক্ষা-ব্যৱস্থাঃ সমস্যা আৰু সম্ভাৱনা , ড° তাৰিণীকান্ত হালৈ , ৪ৰ্থ বছৰ ২য় সংখ্যা,

 অসমৰ শিক্ষা-ব্যৱস্থাঃ সমস্যা আৰু সম্ভাৱনা 

               


        আমাৰ ব্যৰ্থতাৰ বাবে দায়ী আমাৰ ভাগ্য নহয় , দায়ী আমাৰ অক্ষমতা । এই অক্ষমতাক দূৰ কৰিব পৰা একমাত্ৰ শক্তি হৈছে আত্মবল ; সেয়াও আয়ত্ব কৰিব পাৰি যথাৰ্থ শিক্ষাৰ যোগেদিহে । প্ৰকৃত শিক্ষাৰ বিকাশৰ যোগেদি সমাজৰ প্ৰতিজন মানুহৰ মনত আত্মবল সৃষ্টি কৰিব পাৰিলে ভাগ্য-বিশ্বাসৰ দৰে অবৈজ্ঞানিক ধাৰণাবোৰ নাইকিয়া হ’ব আৰু ব্যক্তিগত , পাৰিবাৰিক , সামাজিক , আনকি দেশৰ সমস্যা সমাধানৰ বাবেও ধৰ্ম-যজ্ঞ এৰি সকলোৱে কৰ্ম-যজ্ঞত মনোনিৱেশ কৰিব । বাস্তৱিকতে তেনে এক পৰিবেশ সৃষ্টি কৰিব পাৰিলে ব্যৰ্থতাবোৰো সফলতালৈ ৰূপান্তৰ হৈ পৰিব । মলি লগা লেতেৰা আইনাৰে চালে সূৰ্যটোকো মলিয়ন দেখি । ভাগ্য বিশ্বাসৰ নিচিনা তেনে কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ মলি মানুহৰ মন মগজত সুমুৱাই দি যুগে যুগে এচাম সুবিধাবাদী লোকে সমাজক বিপথে পৰিচালিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাই নহয় , মানৱ সভ্যতাৰ উত্তৰণৰ পথতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে । অতি চতুৰালিৰে সেইসকলে মানুহৰ মনত এনে কিছু ভাবনা আৰু বিশ্বাস সৃষ্টি কৰি লয় , আনকি লিখিও উলিয়ায় যে মানুহে সেই কথাবোৰকে বেদৰ বাণী জ্ঞান কৰি অন্ধভাৱে বিশ্বাস আৰু আচৰণ কৰিবলৈ আৰম্ভ কৰে । পিছে অকণমান গমি চালেই প্ৰকৃত সত্যটো ওলাই পৰে । ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে কু-সংস্কাৰক পৃথিৱীৰ গভীৰতম কোণ আখ্যা দি তেনে আন্ধাৰ কোণৰ পৰা মানুহক প্ৰকৃত জ্ঞানৰ দিশত অগ্ৰসৰ হ’বলৈ আহ্বান জনাইছে । তেনে প্ৰকৃত জ্ঞান পোৱা যাব শিক্ষাৰ যোগেদি ।
        জগতৰ শান্তি-সমৃদ্ধি-কল্যাণৰ উদ্দেশ্যে বুলি অনুষ্ঠিত হৈ অহা বিবিধ ধৰ্মীয় উৎসৱ-অনুষ্ঠানৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে যদিও অশান্তি-অসূয়া কমি যোৱা নাই বা নাইকিয়া হৈ যোৱা নাই । ৰোগ-ব্যাধি , সামাজিক অশান্তি , প্ৰাকৃতিক দুৰ্যোগকে আদি কৰি কোনো এটা সমস্যাকে তেনেবোৰ ধৰ্ম-কৰ্মই ৰোধ কৰিব পৰা নাই । কিন্তু আমি দৃষ্টি প্ৰসাৰিত কৰি চালে দেখা পাম যে যিখন ঠাইত শিক্ষাৰ বিকাশ আৰু বিস্তাৰ হৈছে সেই ঠাইখনত অশান্তি-অসূয়া দিনে দিনে কমি আহিছে । গতিকে শিক্ষা হ’ল মূল বস্তু , যি মানুহক লক্ষ্য সম্পৰ্কে সচেতন কৰি জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে ।
কু-সংস্কাৰ আৰু অন্ধবিশ্বাসে মানুহৰ মনৰ মাজত এখন ধুৱলি-কুঁৱলি জগতৰ সৃষ্টি কৰি মানুহক সপোনৰ পৃথিবীত বিচৰণ কৰায় । সেই পৃথিৱীখনত মানুহে আকাংক্ষিত সকলো সুখ-সম্পদ আৰু সাফল্যৰ সম্ভাৱনা দেখিবলৈ পায় । কিন্তু সপোনত সুৱগা বোলাতকৈ মানুহে বাস্তৱত কদৰ্যতা আঁতৰোৱাৰ যত্ন কৰাহে উচিত । কিয়নো জীৱনটো বাস্তৱহে , সপোন নহয় । কু-সংস্কাৰ আৰু অন্ধবিশ্বাসে মানুহক একপ্ৰকাৰে দাসত পৰিণত কৰে । দাসত্বৰ অন্য নাম হ’ল মানসিক মৃত্যু । যি মানুহে নিজৰ চিন্তাৰ স্বাধীনতাক বিসৰ্জন দিয়ে তেওঁ নিজৰ মৃত আত্মাৰ জীৱন্ত কফিন স্বৰূপ হৈ পৰে । এই সত্য উপলব্ধি নকৰি সপোন খেদি ফুৰাসকলে হঠাতে যিদিনা অনাকাঙ্ক্ষিত বাস্তৱৰ মুখামুখি হ'বলগীয়াত পৰে , সিদিনা দিগ-বিদিগ হেৰুৱাই পেলায় । তেনে নহ’বলৈ মানুহে প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ , যুক্তি-বুদ্ধিৰে জীৱন আৰু জগতখন চাব জানিব লাগিব ।
       সাধাৰণ কথা বুলি কোনো কথাকে অৱহেলা কৰিব নালাগে । অনুসন্ধান আৰু অনুসৰণ কৰিলে তেনে সাধাৰণ কথাৰ মাজতে আপুৰুগীয়া কিবা এটা বিচাৰি পোৱা যায় । আমাৰ সকলোৰে বাবে সাধাৰণ যেন লগা গছৰ পৰা আপেল এটা সৰি পৰা সাধাৰণ ঘটনা এটা দেখিয়েই নিউটনে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কথা আৱিষ্কাৰ কৰিছিল । নিউটনৰ সেই আবিষ্কাৰে পৰৱৰ্তী পৃথিৱীবাসীৰ উত্তৰণ আৰু উন্নয়নত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে । অৱশ্যে এই অনুসন্ধান আৰু অনুসৰণ কৰিবলৈকো আমাক যথোপযুক্ত শিক্ষাৰ প্ৰয়োজন । বাহী ভাত পেলাই দিব নালাগে ; তাক পয়তা কৰি নিমখ-তেল সানি জুতি লগাই খাব পাৰি ৷ এই যে প্ৰথম দৃষ্টিত পেলনীয়া যেন লগা বাহী ভাতকেইটা , তাক পুনৰ জুতিৰে খাব পৰাকৈ প্ৰস্তুত কৰি তোলাৰ যি কৌশল -- সেই কৌশল আমি শিক্ষাৰ পৰাই পাওঁ । শিক্ষাই চিন্তাৰ গভীৰতা আনে , অনুসন্ধিৎসা জগাই তোলে , যুক্তি-বুদ্ধিৰে বিষয় এটা বিশ্লেষণ কৰি উপলব্ধিগত সত্যৰ দ্বাৰা গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াই ল’বলৈ মানুহক উৎসাহী কৰি তোলে । উপলব্ধিৰ জৰিয়তেহে প্ৰকৃত সত্য উদ্ঘাটন হয় । জীৱন আৰু জগতৰ প্ৰতি ক্ষেত্ৰত এইদৰেই শিক্ষাই মানুহক নিৰন্তৰ সহায় কৰে ।
আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে -- ঔষধ নহ’লে কেৱল পথ্যৰ দ্বাৰা ৰোগ আৰোগ্য কৰিব পাৰি , কিন্তু পথ্য নোখোৱাকৈ শ শ বিধ ঔষধ সেৱন কৰিলেও ৰোগ আৰোগ্য নহয় । শিক্ষাৰ ক্ষেত্ৰতো কথাষাৰ অতি মহত্বপূৰ্ণ । শিক্ষাই মানুহক বিদ্যা আৰু বুদ্ধি দান কৰে । বুদ্ধি থাকিলে শাৰীৰিক বল অবিহনেও মানুহে দু:সাধ্য সাধন কৰিব পাৰে । কিন্তু বুদ্ধি নাথাকিলে অতিশয় বলবান এজনো সাধাৰণ কাম এটা কৰাত ব্যৰ্থ হয় । মানুহে যিমানেই শিক্ষা আহৰণ কৰিব , জীৱনৰ বাবে প্ৰয়োজনীয় বুদ্ধি-কৌশলখিনিও সিমানেই আয়ত্ব কৰিবলৈ সক্ষম হ’ব ৷ অৱশ্যে সেই শিক্ষাও হ’ব লাগিব বিশেষত্বপূৰ্ণ । সুপৰিকল্পিতভাবে প্ৰস্তুত কৰা শিক্ষাকে বিশেষত্বপূৰ্ণ বুলি কোৱা হয় ।
শিক্ষিত মানুহক নেতৃত্ব দিয়া সহজ , যিহেতু তেওঁলোক পৰিশীলিত ৰূপত থাকে ৷ কিন্তু শিক্ষিত লোকক ভেৰাৰ পালৰ দৰে খেদি লৈ ফুৰোৱা টান ; কিয়নো শিক্ষিত লোকে যুক্তি-বুদ্ধি আৰু বিবেকক প্ৰাধান্য দি চলিব বিচাৰে । সেই কাৰণেই শিক্ষিত লোকক শাসন কৰা সহজ হ’লেও আজ্ঞাবাহী দাসত পৰিণত কৰা টান ৷ অৱশ্যে শিক্ষিত হোৱাৰ অৰ্থ কেইটামান ডিগ্ৰী অথবা কেইখনমান চাৰ্টিফিকেটৰ গৰাকী হোৱা নহয় , বৰং জীৱন আৰু জগত সম্পৰ্কে পৰিশুদ্ধ জ্ঞান আহৰণ কৰাজনহে প্ৰকৃত অৰ্থত শিক্ষিত । সেই কাৰণে শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিতকৈও বাস্তৱ অভিজ্ঞতালব্ধ জ্ঞানক অধিক মূল্যবান বুলি কোৱা হয় ৷ অতীত ভাৰতীয় বৈদিক শিক্ষা-ব্যৱস্থাত শিক্ষাৰ্থীসকলক গুৰুৱে চাৰি বেদ , চৈধ্য শাস্ত্ৰ , ওঠৰ পুৰাণ , কাব্য-মহাকাব্যৰ জ্ঞান দান কৰাৰ উপৰিও গাৰ্হস্থ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা প্ৰদান কৰিছিল । সেই কালত শিক্ষাৰ্থীসকলে গুৰু গৃহত থাকি বেদ-শাস্ত্ৰ অধ্যয়ন কৰাৰ সমান্তৰালকৈ গাৰ্হস্থ জীৱনৰ বাবে প্ৰয়োজনীয় খেতি-বাতি কৰা , খৰি-খেৰ যোগাৰ কৰা আদি কামো কৰিব লাগিছিল । ফলস্বৰূপে শিক্ষা গ্ৰহণ সমাপ্ত হোৱাৰ পিছত শিক্ষাৰ্থীসকলে গুৰু গৃহৰ পৰা নিজ নিজ ঘৰলৈ উভতি আহি সফল গাৰ্হস্থ জীৱন যাপন কৰিব পাৰিছিল । কিন্তু বৰ্তমানৰ আধুনিক শিক্ষাৰে শিক্ষিত অতি উন্নত ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীও পৰৱৰ্তী জীৱনত পদে পদে উজুটি খোৱা দেখিবলৈ পোৱা যায় । বিপৰীতে শিক্ষা-দীক্ষা নথকা লোকেও সফল গাৰ্হস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত স্বাভাৱিকতে মনত প্ৰশ্ন জাগে -- তেনেহ'লে শিক্ষা গ্ৰহণৰ প্ৰয়োজন ক’ত ? স্বামী বিবেকানন্দই বৃটিছ শাসিত ভাৰতবৰ্ষৰ আধুনিক শিক্ষা-ব্যৱস্থা সম্পৰ্কে এষাৰ মূল্যবান কথা কৈ গৈছে- “ আমি সেই শিক্ষাহে বিচাৰো, যি শিক্ষাই চৰিত্ৰ গঢ়ে , মানসিক উৎকৰ্ষ সাধন কৰে , বুদ্ধিৰ বিকাশ ঘটায় আৰু প্ৰত্যেককে নিজৰ ভৰিৰ ওপৰত থিয় কৰায় ৷ এতিয়া কথা হ'ল , ব্যক্তি আৰু সমাজৰ সাৰ্বিক উন্নয়নৰ বাবে প্ৰকৃত শিক্ষা আমি পাম ক’ৰ পৰা ? ঘৰখন , চৌপাশৰ সমাজ , শিক্ষানুষ্ঠান- শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এই তিনিওখন ক্ষেত্ৰৰে গুৰুত্ব অনস্বীকাৰ্য । ঘৰখনক শিশুৰ বাবে শিক্ষাৰ কঠিয়াতলি বুলি কোৱা হয় । শিশুৱে জীৱনৰ আদিপাঠ ঘৰখনৰ পৰাই লাভ কৰে । গতিকেই ঘৰুৱা পৰিবেশৰ প্ৰভাৱ শিশুমনত পৰে । আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে শিক্ষানুষ্ঠানলৈ যোৱাৰ পূৰ্বে ঘৰৰ চৌপাশৰ সামাজিক বাতাবৰণৰ প্ৰভাৱো শিশুমনত পৰে । সৰল শিশুমনে যি দেখে-শুনে , তাকেই অনুকৰণ-অনুসৰণ কৰিবলৈ লয় । পৰৱৰ্তী পৰ্যায়ত শিশুসকল আনুষ্ঠানিক বিদ্যা-শিক্ষাৰ বাবে শিক্ষানুষ্ঠানলৈ যায় । শিক্ষানুষ্ঠানৰ পৰিবেশ আৰু শিক্ষাগুৰুৰ আচৰণৰ প্ৰভাৱ শিশুসকলৰ ওপৰত গভীৰভাবে পৰে ৷ পিতৃ-মাতৃ বা আত্মীয়ৰ কথাতকৈও শিক্ষাগুৰুৰ কথাহে শিশুসকলে অধিক বিশ্বাসত লয় ।   
ওপৰত উল্লেখ কৰা তিনিটা কাৰকৰ উপৰিও শিক্ষাৰ বিকাশত আটাইতকৈ বেছি গুৰুত্ব আছে সঠিক পৰিকল্পনা আৰু সেই পৰিকল্পনাৰ সফল ৰূপায়ণৰ । পঢ়িব সকলোৱেই জানে ; কিন্তু কি পঢ়িব লাগে সেয়াহে সকলোৱে নাজানে । পৰিয়ালৰ যত্ন , সামাজিক পৰিৱেশ আৰু শিক্ষানুষ্ঠানৰ প্ৰভাৱত শিক্ষাৰ্থীৰ মনত কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ সৃষ্টি হ’লেই যে প্ৰকৃত শিক্ষাৰ বাট মুকলি হ’ল এনে নহয় , বৰং জ্ঞান অৰ্জনৰ পথত ই কেতিয়াবা প্ৰতিবন্ধকতাহে সৃষ্টি কৰিব পাৰে । তেনে নহ’বলৈকে পৰিকল্পনাৰ প্ৰয়োজন । সঠিক পৰিকল্পনাৰ অভাৱত বহু মেধাসম্পন্ন শিক্ষাৰ্থীৰ প্ৰতিভা নষ্ট হৈ যায় । কেৱল শিক্ষাই নহয় , দেশ-সমাজক প্ৰতিটো দিশতে সঠিকভাবে আগুৱাই নিবলৈ হ’লে প্ৰথমেই লাগিব এক সঠিক পৰিকল্পনা । সুপৰিকল্পিতভাবে প্ৰদান কৰা শিক্ষাই শিক্ষাৰ্থীৰ সুপ্ত হৈ থকা প্ৰতিভাক বিকশাই তোলে ।
আইনষ্টাইনে কৈছিল যে জ্ঞানৰ সঁফুৰাটো এদল মুষ্টিমেয় লোকৰ হাতত আবদ্ধ কৰি ৰখাৰ অৰ্থ হ'ল -- এটা জাতিৰ জ্ঞানস্পৃহাৰ উদ্যম ধ্বংস কৰি জাতিটোক বৌদ্ধিক দাৰিদ্ৰতাৰফালে আগুৱাই লৈ যোৱা । গতিকেই , সৰ্বস্তৰৰ লোকৰ মাজত শিক্ষাক সুদূৰ প্ৰসাৰী কৰি সমাজ বা জাতিক আগুৱাই লৈ যাবলৈ লাগিব পৰিকল্পিত শিক্ষানীতিৰ সফল ৰূপায়ণ । আমাৰ দেশ আৰু ৰাজ্যত ভাৰতবৰ্ষৰ স্বাধীনতাৰ বহু পূৰ্বৰে পৰাই পৰিকল্পিত শিক্ষানীতি প্ৰচলন হৈ আহিছে । কিন্তু পৰিকল্পনাৰ আঁৰত থকা বিশেষ উদ্দেশ্যধৰ্মিতা আৰু কিছু কাৰকৰ বাবেই আজিলৈ শিক্ষাৰ সমুচিত বিকাশ সম্ভৱ হৈ উঠা নাই ৷ 
         ভাৰতবৰ্ষৰ অতীতৰ শিক্ষা আছিল বৈদিক পদ্ধতিৰ শিক্ষা । অতি পৰিশীলিত আৰু আধ্যাত্মিক আদৰ্শৰ ভেটিত গঢ় লোৱা বৈদিক শিক্ষাই ভাৰতীয় সমাজ , সংস্কৃতি আৰু সভ্যতাৰ সুদৃঢ় ভেটি তৈয়াৰ কৰিছিল । বৃটিছ আমোলত ভাৰতীয় মানুহৰ মজ্জাগত সেই উচ্চ আদৰ্শসম্পন্ন শৈক্ষিক ভেটি ভাঙি , দুৰ্বল মানসিকতাৰ এচাম ভাৰতীয় আজ্ঞাবাহী ভৃত্য সৃষ্টিৰ উদ্দেশ্যে ১৮৩৫ খ্ৰীষ্টাব্দত লৰ্ড মেকলেই প্ৰস্তুত কৰা উদ্দেশ্যধৰ্মী শিক্ষা-নীতি গ্ৰহণ কৰি চৰকৰী পৃষ্ঠপোষকতাৰে তাক প্ৰয়োগ কৰা হ’ল । ফলত পূৰ্বৰ বৈদিক শিক্ষা-পদ্ধতি ক্ৰমে বিলুপ্ত হৈ ৰাজ পৃষ্ঠপোষকতাত মেকলে আয়োগৰ আধুনিক শিক্ষা-ব্যৱস্থা ভাৰতবৰ্ষত প্ৰতিষ্ঠিত হ’ল । গতিকেই সেই আধুনিক শিক্ষাৰ বৃটিছে আশা কৰা ধৰণেই বিষময় ফলো অচিৰেই দেখিবলৈ পোৱা গ’ল । বৃটিছ পৰিকল্পিত আধুনিক শিক্ষাই এচাম আদৰ্শভ্ৰস্ত , ভোগবাদী , পদলেহনকাৰী , ভাৰতীয় চাহাব সৃষ্টি কৰিলে । সেইসকল লোকৰ সহায়-সহযোগত ভাৰতবৰ্ষত বৃটিছৰাজ ঠিকেই চলিছিল যদিও ভাৰতীয় সমাজ-সংস্কৃতিৰ বিশেষ কোনো উপকাৰ নহ’ল । অৱশ্যে নিউটনৰ বলবিদ্যাৰ সূত্ৰৰ নিচিনাকৈ প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া স্বৰূপে বৃটিছ শোষণ-শাসনৰ প্ৰতিবাদকল্পে এচাম আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয় লোক নিশ্চয়কৈ সৃষ্টি হৈছিল ।
       বৃটিছোত্তৰ স্বাধীন ভাৰতৰ দেশীয় চৰকাৰেও বহুদিনলৈ বৃটিছ আধাৰিত শিক্ষা-নীতিকেই স্বৰূপাৰ্থত প্ৰচলন কৰি থাকিল । যাৰ ফলশ্ৰুতিত দেশ স্বাধীন হোৱাৰ পিছতো দেশীয় জনসাধাৰণৰ চিন্তা-চেতনা বহুদিনলৈ পৰাধীন হৈয়েই থাকিল ৷ সময়ে সময়ে দেশৰ শিক্ষা-নীতিৰ বহু সংশোধন আৰু সংবৰ্দ্ধন হৈ আহিছে যদিও ভেটিটো বৃটিছে বন্ধা হেতুকেই হয়তো শিক্ষাৰ কাংক্ষিত বিকাশ সম্ভৱ হৈ উঠা নাই । এই ক্ষেত্ৰত আন এক মৌলিক সমস্যা হৈছে চৰকাৰীভাবে গ্ৰহণ কৰা শিক্ষা-নীতিৰ প্ৰায়োগিক বিফলতা । নীতি নিৰ্দ্ধাৰণ কৰিলেই নহয় , ঈপ্সিত ফলপ্ৰাপ্তিৰ বাবে তাৰ প্ৰায়োগিক দিশটোৰ প্ৰতিও সচেতন হব লাগিব । 
আমাৰ দেশৰ প্ৰায়বোৰ বিষয়তে নীতিসমূহৰ প্ৰায়োগিক দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখা পোৱা নাযায় । আন বিষয়ৰ কথা এৰিও শিক্ষাৰ ক্ষেত্ৰত নীতিসমূহৰ যথাযথ প্ৰয়োগৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে । শিক্ষাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা আছে- শিক্ষাৰ্থী , অভিভাৱক , শিক্ষক আৰু ব্যৱস্থাপক অৰ্থাৎ চৰকাৰী পক্ষৰ । শিক্ষাৰ্থীসকলে আত্মবিশ্বাস সহকাৰে শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী হ’ব লাগিব ; অভিভাৱকসকলে দায়িত্বৰ প্ৰতি উদাসীন নহৈ শিক্ষাৰ্থীক সহযোগিতাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিব লাগিব ; শিক্ষকতা কেৱল এক জীৱিকা ৰূপে নলৈ শিক্ষকসকলেও সমৰ্পিত মনোভাৱেৰে শিক্ষাৰ্থীক যথোপযুক্ত শিক্ষা প্ৰদান কৰিব লাগিব আৰু সৰ্বোপৰি চৰকাৰী পক্ষই এক সুপৰিকল্পিত আৰু নিখুঁত শিক্ষা-নীতি প্ৰস্তুত কৰি তাৰ সফল ৰূপায়ণ সম্ভৱ কৰিব লাগিব । তেতিয়াহে যথাৰ্থ ৰূপত সমাজত শিক্ষাৰ সাৰ্বিক বিকাশ সুদূৰপ্ৰসাৰী হ’ব । পৰিতাপৰ কথা এয়ে যে কুৰি শতিকাৰ শেষ দশকৰ পৰা চৰকাৰী উদাসীনতা আৰু হঠকাৰী কিছু সিদ্ধান্তই অসমৰ শিক্ষা-ব্যৱস্থাৰ কঁকাল ভাঙি পেলাইছিল । তদানীন্তন চৰকাৰৰ দায়িত্বত থকা বৰমূৰীয়াসকলৰ অপৈণত চিন্তা ৰূপে চিহ্নিত কেতবোৰ পদক্ষেপ আৰু অযোগ্য এচাম লোকক শিক্ষাখণ্ডত নিযুক্ত কৰাৰ কুফল স্বৰূপে বিধ্বস্ত হৈ পৰা শিক্ষা-ব্যৱস্থা বৰ্তমানলৈ নিৰাময় হোৱা নাই । প্ৰায় তিনিটা দশক পূৰ্বৰ চৰকাৰীভাবে কৰা ভুলৰ পৰিমাণ স্বৰূপে অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানবোৰে বৌদ্ধিক দৈন্যতাত ভুগিব লৈছিল আৰু এচাম সচেতন লোকৰ প্ৰচেষ্টাত বিকল্প ব্যৱস্থা ৰূপে অসমৰ গাৱে-ভূঁঞে , চহৰে-নগৰে বহু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল । সিমানৰ পিছতো তদানীন্তন চৰকাৰ সমূহৰ শিক্ষাখণ্ডৰ প্ৰতি উদাসীনতাৰ সুযোগ বুজি সম্পূৰ্ণ ব্যৱসায়িক উদ্দেশ্যেৰে আন একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জন্ম হয় । বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানবোৰৰ বাঢ়ি অহা প্ৰভাৱ আৰু আকৰ্ষণৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন বছৰি খৰচ কৰি অহাৰ পিছতো বৰ্তমান সময়ত ইখনৰ পিছত সিখন শিক্ষানুষ্ঠান কেৱল মাথোঁ শিক্ষাৰ্থীৰ অভাৱ আৰু অবনমিত শৈক্ষিক ফলাফলৰ বাবে বন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আজিৰ পৰিস্থিতিত অসমৰ কোনো উচ্চ আৰু মধ্যবিত্ত পৰিয়ালৰ সন্তান চৰকাৰী শিক্ষানুষ্ঠানত পঢ়িবলৈ আগ্ৰহী নহয় । এনে পৰিস্থিতি সলনি কৰা সম্ভৱনে ?
একাগ্ৰতা আৰু প্ৰচেষ্টা অব্যাহত ৰাখিলে পৰিস্থিতি সলনি কৰা সম্ভৱ । বিশেষকৈ চৰকাৰ এখনৰ হাতত পৰিস্থিতি সলনি কৰিব পৰা সুযোগ-সুবিধা আৰু বহু ক্ষমতা থাকে । লাগে মাথোঁ অলপ সদিচ্ছা । চলিত শতিকাৰ দ্বিতীয় দশকৰ পৰা অনুষ্ঠিত কৰি অহা শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা (TET) চৰকাৰীভাবে কৰা তেনে এক সু-প্ৰচেষ্টা বুলি নিশ্চয়কৈ ক’ব পাৰি । এই ‘টেট’ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী শিক্ষানুষ্ঠানত যোগদান কৰা শিক্ষকসকল অৰ্হতা , উদ্যম , পাৰদৰ্শিতা আদি দিশত যথেষ্ট আগবঢ়া । প্ৰয়োজন মাথো এইসকল শিক্ষকৰ কৰ্মশক্তিক সঠিকভাৱে ব্যৱহাৰ কৰাৰ ৷ সু-পৰিকল্পিত নীতিৰ আধাৰত নতুন প্ৰজন্মৰ এইসকল শিক্ষকক নিযুক্ত তথা ব্যৱহাৰ কৰিব পাৰিলে অদূৰ ভৱিষ্যতে চৰকাৰী শিক্ষাখণ্ডৰ হেৰোৱা গৰিমা পুনৰ ঘূৰি আহিব বুলি নিশ্চয় আশা কৰিব পাৰি ৷
        পূৰ্বৰ শিক্ষা-নীতিৰ আসোঁৱাহ দূৰ কৰাৰ উদ্দেশ্যে সৰ্বভাৰতীয় পৰ্যায়ত ইতিমধ্যেই নতুন শিক্ষানীতি (NEP , 2020) শিক্ষানুষ্ঠানসমূহত আৰম্ভ হৈছে । অসমতো বিগত বৰ্ষৰ পৰা নতুন শিক্ষানীতিৰ আধাৰত প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে পাঠদান কাৰ্য আৰম্ভ কৰা হৈছে । অৱশ্যে এই নতুন শিক্ষানীতি এতিয়াও চালুকীয়া পৰ্যায়তে আছে । ইয়াৰ প্ৰকৃত সফলতা-বিফলতা সম্পৰ্কে এতিয়াই স্পষ্ট ধাৰণা ল’ব পৰা নাযায় । তথাপি তাৰ মাজতে বহুতে এই নতুন শিক্ষানীতিক অতি উৎকৃষ্ট মানৰ বুলি প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই কিছু আসোঁৱাহ প্ৰকাশ কৰি সমালোচনাও কৰিছে । বিশেষকৈ আদৰ্শগত শিক্ষাৰ পৰা ফালৰি কাটি আহি কেৱল বৃত্তিমুখী দৃষ্টিভংগী গ্ৰহণ কৰা বুলি অভিযোগ কৰি এই নতুন শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক বস্তুবাদী আৰু ভোগবাদী ৰূপে গঢ়ি তুলিব বুলিও এচামৰ অভিযোগ ৷ বিষয় বাচনি আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক নতুন শিক্ষানীতিয়ে অত্যধিক স্বাধীনতা প্ৰদান কৰিছে । ইয়াৰ ফলত শিক্ষাৰ্থীসকলে কোনো এটা বিষয় অধ্যয়ন কৰাৰ ক্ষেত্ৰত গভীৰতালৈ যোৱাৰ পৰিবৰ্তে বহুধাবিভক্ত ৰূপত বিষয়বোৰ অধ্যয়ন কৰিবলৈ ল’লে জ্ঞানান্বেষণৰ দিশত ঋণাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি । তদুপৰি নতুন শিক্ষানীতিৰ সফল ৰূপায়ণৰ বাবে যথোপযুক্ত আন্তঃগাঁঠনিৰ অভাৱৰ দিশতোও গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব । আমি মাথোঁ আশা কৰিব পাৰোঁ -- নতুন শিক্ষানীতিৰ সফল ৰূপায়ণে ৰাজ্য তথা দেশৰ নতুন প্ৰজন্মক সকলো দিশৰ পৰা উপযুক্ত মানৱ সম্পদৰূপে গঢ়ি তোলক ।


ড° তাৰিণীকান্ত হালৈ                               
মুৰব্বী তথা সহযোগী অধ্যাপক
অসমীয়া বিভাগ
উত্তৰ গুৱাহাটী মহাবিদ্যালয়

Post a Comment

0 Comments