header ads

সাক্ষাৎকাৰ, ৪ৰ্থ বছৰ ২য় সংখ্যা

সাক্ষাৎকাৰ



            উত্তৰ আমেৰিকাৰ অসম ফাউণ্ডেচন ( Assam Foundation of North America, AFNA) আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এক স্বেচ্ছাসেৱী সংগঠন । ইং ১৯৮২ চনৰ পৰাই তেওঁলোকে অসম আৰু উত্তৰ-পূৱ ভাৰতৰ মহিলা , শিশু আৰু দৰিদ্ৰ লোকৰ আৰ্থ-সামাজিক বিকাশৰ বাবে যথেষ্ট কাম কৰি আহিছে । যোৱা ১৯/১২/২৩ ইং তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠনটোৱে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন (Indian Medical Association)ৰ অসম শাখাৰ সহযোগত কিশোৰী সকলে ঋতুস্ৰাৱৰ সময়ত ল’ব লগা যত্ন সমূহৰ বিষয়ে প্ৰকাশ কৰি উলিওৱা 'চন্দ্ৰ সময়' (Moon time) নামৰ গ্ৰন্থখন উন্মোচন কৰে । অনুষ্ঠানটোত সমগ্ৰ শিক্ষা , অসম তথা জিলা শিক্ষা বিভাগৰ পৰাও সহযোগ কৰা হৈছিল । এই অনুষ্ঠানত 'চন্দ্ৰ সময়' নামৰ গ্ৰন্থখনৰ অন্যতম প্ৰণেতা শ্ৰীমতী ৰঞ্জুমণি শৰ্মাও উপস্থিত আছিল । বিগত বহু বছৰ ধৰি তেওঁ AFNA ৰ হৈ কাম কৰি আছে । 'চন্দ্ৰ সময়' উন্মোচন অনুষ্ঠানৰ পাছত তেওঁৰ 'জ্ঞানম'ৰ সৈতে হোৱা অন্তৰংগ আলাপৰ কিছু অংশ পাঠকৰ বাবে আগবঢ়োৱা হ'ল-

('জ্ঞানম'ৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিছে শিক্ষাবিদ , লেখক ড০ গণেশ্বৰ চহৰীয়া মহোদয়ে )

১৷ জ্ঞানম : বাইদেউ নমস্কাৰ ৷ কামৰূপ জিলাত ‘জ্ঞানম’ বুলি এটি শৈক্ষিক গোট আছে ৷ এই গোটটিৰ মজিয়াৰ পৰা আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছোঁ ৷ তাৰ আগতে আপোনাৰ পৰিচয়টো জনালে ভাল পাম ৷ 

ৰঞ্জু শৰ্মা : মোৰ পৰিচয় বোলোতে প্ৰকৃততে জন্মসূত্ৰে মই গুৱাহাটীৰ ৷ পিছত মই আমেৰিকালৈ গৈ তাত ই-ই-ইলেক্ট্ৰিকেল (EE Electrical) ৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত( computer engineer) স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি যোৱা ৩০ বছৰ ধৰি মাইক্ৰ’প্ৰচেছৰ আৰু এচ অ চি ডিজাইনৰ নানান প্ৰকল্পত বিশ্বৰ বিভিন্ন দেশৰ অভিযন্তাৰ সতে কাম কৰি আহিছোঁ । তাত মই ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও নানান ধৰণৰ কাম AFNA ৰ জৰিয়তে কৰিবলৈ সুযোগ গ্ৰহণ কৰোঁ ৷

২। জ্ঞানম : বাইদেউ , আমেৰিকাত থাকি অসমৰ ছোৱালীক উদ্দেশ্যি ‘চন্দ্ৰ সময়ৰ’ দৰে এখন গ্ৰন্থ লিখাৰ কথা কিয় ভাবিলে আপুনি ?

ৰঞ্জু শৰ্মা : AFNAৰ ব’ৰ্ডৰ মিটিঙত বিশেষকৈ গাঁও অঞ্চলৰ ছোৱালীবোৰৰ বাবে স্বাস্থ্যবিধি (health and hygiene) সম্পৰ্কত নিশ্চয়কৈ ক’বলগীয়া বা কৰিবলগীয়া আছে বুলি সঘনাই আলোচনা হৈ থাকে ৷ ছোৱালীবোৰৰ বাবে স্বাস্থ্যবিধি সম্পৰ্কে চাৰ্চ (search)কৰোঁতে কৰোঁতে কিতাপ এখনৰ কথা পাই গলোঁ ৷ তেতিয়া তাৰ গুৰুত্বটো উপলব্ধি কৰিলোঁ আৰু যথাযথ কিতাপখন অনুবাদ নকৰি তাৰ লগত আৰু কিছু তথ্য সংগত কৰি চন্দ্ৰ সময় লিখি উলিওৱা হ'ল ৷
          


৩। 'জ্ঞানম' : ‘চন্দ্ৰ সময়’ কিতাপখন পঢ়ি বৰ ভাল লাগিল ৷ অৱশ্যে আমেৰিকাৰ শিক্ষা পদ্ধতি আৰু অসমৰ শিক্ষা পদ্ধতিৰ মাজত প্ৰভেদ নথকা নহয় ৷ তথাপিও এই গ্ৰন্থখনৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি ৷ এতিয়া মূল কথা হ'ল যে আমাৰ অসমত যিহেতু বহুসংখ্যক লোক এতিয়াও অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত নহয় , তেনেস্থলত কেনেকৈ ইয়াক সমাজৰ মাজলৈ লৈ যাম বা লৈ যাব পাৰিম ?


 ৰঞ্জু শৰ্মা : আচলতে আমেৰিকা আৰু অসমৰ শিক্ষাৰ মাজত বিশেষ পাৰ্থক্য নাই ৷ আমাৰ ইয়াতো এতিয়া শিক্ষাক্ষেত্ৰৰ এক্সপোজাৰ (Exposure) আমেৰিকাৰ দৰে হৈছে ৷ পাৰ্থক্য বিশেষ একো নাই ৷ কথা হ’ল অসমৰ ছোৱালীয়ে মোবাইলেৰে অৰ্থাৎ অনলাইন ব্যৱস্থাৰ যোগেদি বহু কথা জানিবলৈ সক্ষম হৈছে যদিও বাস্তৱ ক্ষেত্ৰখনত আমেৰিকাৰ ছোৱালীৰ দৰে শিক্ষা পোৱা নাই ৷ সেই কাৰণে ছোৱালীবোৰৰ ভুলো হ'ব পাৰে ৷ গতিকে সকলোবোৰ কথা অনলাইন যোগে জানিবলৈ বিচৰাতকৈ কিতাপৰ জৰিয়তে বা অধ্যয়নৰ মাধ্যমেৰে জনাটো বা জনোৱাটো বেছি যুক্তিযুক্ত বুলি মই ভাবোঁ ৷


৪। জ্ঞানম : বাইদেউ , যেতিয়া আমি আপোনাৰ পৰা পোৱা কথাখিনিৰে কিতাপখন সম্পৰ্কত আমাৰ গোটৰ শিক্ষকখিনিৰ স’তে কথা পাতিবলৈ যাম সেই সম্পৰ্কত শিক্ষক সকলক উদ্দেশ্যি কিবা ক’বলগীয়া আছে নেকি আপোনাৰ ?

ৰঞ্জু শৰ্মা : শিক্ষকসকলে আচলতে মাহেকীয়া(menstruation) শব্দটো ক'বলৈ অসুবিধা পায় ৷ তেনে ক্ষেত্ৰত ছোৱালীবোৰৰ মাহেকীয়া(menstruation) ৰ কথাটোক কোনো অস্বাভাৱিক কথা বুলি নাভাবি সাধাৰণ শ্বাস-প্ৰশ্বাসৰ দৰে গণ্য কৰি নিজে বুজাৰ লগতে অতি মুকলিভাবে সকলোৰে আগত ক’ব পাৰিলে সকলোৰে বাবে সুবিধাজনক হ’ব ৷ সেয়েহে মাহেকীয়াৰ কথাবোৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ আগত পৰাপক্ষত মুকলিভাৱে আলোচনা কৰা উচিত বুলি ভাবোঁ ৷

জ্ঞানম : বাইদেউ এইখিনি কথা অতি সুন্দৰকৈ প্ৰকাশ কৰি সকলোৰে বাবে সহজ কৰি দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ ৷ আশা কৰোঁ আপোনাৰ কথাখিনিৰ দ্বাৰা আমাৰ জ্ঞানমৰ পঢ়ুৱৈসকল উপকৃত হ’ব ৷ শেষত অতি ব্যস্ততাৰ মাজতো আপোনাৰ এই বহুমূলীয়া সময়কণ আমাক দিয়া বাবে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

Post a Comment

0 Comments