header ads

অসমীয়া প্ৰবন্ধ, কন্যাশিশু আমাৰ সৌভাগ্যৰ বন্তিঃ, হেমেন চন্দ্ৰ হাজৰিকা, ৪ৰ্থ বছৰ ২য় সংখ্যা,

 কন্যাশিশু আমাৰ সৌভাগ্যৰ বন্তিঃ





      ভাৰতৱৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ মোডী ডাঙৰীয়াই এক যুগান্তকাৰী তথা অভূতপূৰ্ব আঁচনি প্ৰস্তুত কৰিছিল 'বেটী পঢ়াও , বেটী বচাও’ নামেৰে । এনে অভিলাষী আঁচনিয়ে পৰৱৰ্তী সময়ত মাইলৰ খুঁটি হিচাপে কামত আগবঢ়াত সহায় কৰিব । বিজ্ঞজনে যথা সময়ত মত আগবঢ়াই কৈ গৈছে যে এহাল দম্পতীয়ে ভাগ্যৰ বলতহে এটা পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে । কিন্তু এগৰাকী কন্যাসন্তান লাভ কৰিবলৈ হ'লে তেওঁলোক সৌভাগ্যৱান হ'ব লাগিব । বহু পূণ্যৰ ফলতহে এহাল সৌভাগ্যৱান দম্পতীয়ে কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সুযোগ লাভ কৰে । যিখন ঘৰত এগৰাকী কন্যা সন্তান থাকে সেই ঘৰখনক এখন পুণ্য থলী হিচাপে গণ্য কৰা হয় । ভৱিষ্যত প্ৰজন্মৰ ধাৰক এই কন্যা সন্তানক পিতৃ-মাতৃ আৰু অভিভাৱকসকলে আতোল-তোলকৈ ৰাখিব লাগে , কাৰণ কন্যা সন্তান নাথাকিলে পৰৱৰ্তী সমাজ এখন সৃষ্টি হোৱাৰ পৰা বঞ্চিত হ'ব । আজিৰ এই বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ সময়তো , পৃথিৱীৰ অন্য গ্ৰহত বসবাস কৰিব পৰা কিবা সুবিধা কৰিব পাৰি নেকি তাৰ পৰিকল্পনা কৰিব পৰাকৈ মগজুৰ বিকাশ হোৱাৰ সময়তো সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ল'ৰা সন্তানৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায় । সন্তানৰ ক্ষেত্ৰত পুত্ৰ-কন্যাৰ যে কোনো পাৰ্থক্য নাই সেই চিন্তাৰ পৰা আমি আজিও নিজকে মুক্ত কৰিব পৰা নাই । পৃথিৱীত এনে কি কাম নাই যে কন্যাসকলে কৰিব নোৱাৰে , বৰঞ্চ ল’ৰাতকৈ ছোৱালীহে আগবাঢ়ি যোৱা দেখা গৈছে ।

ভাৰতৱৰ্ষত প্ৰতি বছৰে ২৪ জানুৱাৰী তাৰিখে ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ পালন কৰা হয় । বৰ্তমান সময়ত দেশত কন্যা সন্তানসকলে প্ৰতিটো ক্ষেত্ৰতে নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে । তথাপিও আমাৰ দেশত কন্যাশিশু জন্মৰ ক্ষেত্ৰত মানুহ দুখী হোৱা দেখা যায় । আনকি কিছু কিছুৱে কন্যা সন্তানৰ ভ্ৰূণ পৰ্যন্ত মনে মনে হত্যা কৰে । কন্যা আৰু পুত্ৰৰ মাজত থকা বৈষম্য আজিও আমাৰ সমাজত দেখা পোৱা যায় । ল’ৰা সন্তানৰ বিয়া পাতিবলৈ হ'লে কিন্তু ভাল ছোৱালী বিচাৰি চলাথ কৰে । আমাৰ দেশত স্বাধীনতাৰ পিছৰ পৰা ভাৰত চৰকাৰে কন্যা সন্তানক দেশৰ প্ৰথম স্থানলৈ আনিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে । দেশৰ কন্যাসকলক সৱলীকৰণৰ বাবে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৪ জানুৱাৰীৰ  দিনটো ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস হিচাপে  উদ্‌যাপন কৰি অহা হৈছে ।

ৰাষ্ট্ৰীয় কন্যাশিশু দিৱসৰ তাৎপৰ্যঃ
         উল্লেখযোগ্য যে প্ৰতি বছৰৰ ২৪ জানুৱাৰী দিনটো কন্যাশিশু দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ কাৰণটো  ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে জড়িত । ১৯৬৬ চনত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । ২৪ জানুৱাৰী দিনটো ভাৰতৰ ইতিহাস আৰু মহিলা সৱলীকৰণৰ এক গুৰুত্বপূৰ্ণ দিন । উল্লেখযোগ্য যে এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে দেশৰ কন্যা শিশুসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰোৱা ৷ কন্যাশিশু দিৱসৰ দিনটোত কন্যাসকলে সন্মূখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ সৱলীকৰণ আৰু অধিকাৰ পূৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় । এগৰাকী কন্যাশিশু পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম-চেনেহ আৰু আদৰ যত্নৰে জীৱন-যাপন কৰাৰ অধিকাৰ আছে । এগৰাকী কন্যাশিশু সকলো প্ৰকাৰৰ হিংসাৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে । তেওঁলোক সু-স্বাস্থ্যৰ অধিকাৰী হৈ মানসিক , সামাজিক , বৌদ্ধিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ অধিকাৰ আছে । 
         সু-নাগৰিক হিচাপে গঢ় লৈ উঠাৰ বাবে শিক্ষাৰ প্ৰয়োজন ৷ শিক্ষা অবিহনে জীৱনৰ কোনো অৰ্থ নাথাকে । ‘এগৰাকী ল'ৰা শিক্ষিত হ'লে এটা পৰিয়াল শিক্ষিত হয় , কিন্তু এগৰাকী কন্যা শিক্ষিত হ'লে এটা জাতি শিক্ষিত হয় ৷’—এই সাৰুৱা কথাষাৰ আমি সকলোৱে হৃদয়ঙ্গম কৰা উচিত । এগৰাকী কন্যাশিশুৰ সুৰক্ষাত পিতৃ-মাতৃ , শিক্ষক-শিক্ষয়িত্ৰী , অভিভাৱক-অভিভাৱিকা আৰু সমাজ এখনৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে । কাৰণ এই কন্যাশিশু সকলেই ভৱিষ্যত প্ৰজন্মৰ ধাৰক । গতিকে আমি সিহঁতক সুৰক্ষিত কৰি ৰাখিবই লাগিব । নহ'লে আমাৰ ভৱিষ্যত সমাজখন বিশৃংখলতাই আৱৰি ধৰিব ।

     গতিকে আহক বন্ধুসকল আমি সকলোৱে মিলি আমাৰ মৰমৰ কন্যাশিশু সকলক সুৰক্ষিত কৰি ৰাখিম বুলি আজিয়েই সংকল্প লওঁ । এয়া আমাৰ সকলোৰে পৱিত্ৰ কৰ্তব্য বুলি মানি আগবাঢ়োঁ , নহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰৰ কলীয়া ডাৱৰে আৱৰি ধৰিব । জয়তু কন্যা শিশুসকল ৷



          হেমেন চন্দ্ৰ হাজৰিকা
                 সহ শিক্ষক
   বিৰুগাঁও মজলীয়া বিদ্যালয়
          ৰামপুৰ শিক্ষা খণ্ড  ।

Post a Comment

0 Comments