header ads

অসমীয়া কবিতা,এইযে জীৱন, পূৰৱী চুতীয়া, ৪ৰ্থ বছৰ ২য় সংখ্যা,

 এইযে জীৱন

                                                             


          
              (১)

বাটে বাটে কত বাট আছে
বাটৰ শেষতো থাকে কত যে বাট ...!
আমি গৈ থাকোঁ মাথো বাটৰ আঁত বিচাৰি
দূৰণিত কাৰোবাৰ ৰিং শুনি
পাত হালধীয়া বাটটোত সপোন এটাই পোখা মেলে
গান গোৱা চৰাইজাকে পাখিত গুজি আনে
স্নেহৰ শ্ৰাৱণ ...
বৰষুণত গা ধুই অৰণ্য সেউজীয়া হয়
সেউজীয়া হয় বাটটো ―
যি বাটেৰে সপোন সাৱটি আমাৰ অহা-যোৱা ―


                (২)

বহুদিনেই হ'ল ―
নৈঃশব্দৰ স'তে কটোৱা নাই অন্তৰঙ্গ ক্ষণ
অৰণ্যৰ ছাঁত বহি শুনা নাই – বেলিৰ মুখৰ গান
                                             নতুবা নদীৰ পদ্য
                                      অথবা তৰা-ফুলৰ সাধু
কুমলীয়া বেলিটো মূৰতে লৈ ওলাওঁ
পশ্চিমৰ পাহাৰৰ নামনিত শুৱাই থৈ পুনৰ উভতি আহোঁ ৷ 
প্ৰাত্যহিকতাৰ মকৰাজাল ফালি ফালি মাথো দিনবোৰ জোৰা লগাই ফুৰোঁ
ভালপোৱাৰ গান এটাই কলিজাত শিপাই আছে বাবেই ছাগে
সহজ কৰিব খোজোঁ ―জীৱনৰ যত কঠিনতা !
মোৰ বাবে ―
জীবলৈ-জীয়াবলৈ এক সুতীব্ৰ ৰাগিৰ
অন্য নাম ― জীৱন ।
 
               (৩)

সুৰ হেৰোৱা কত গীত
ছন্দ হেৰোৱা কত কবিতা
বুকুৰ নিজানত আলফুলে ৰুই থওঁ
একান্তই নিজৰ কৰি পোৱা কোনো ক্ষণত
অভিজ্ঞান সেই সুৰ-ছন্দ গুণগুণাই
অৰ্বাচীন সুখৰ অময়া পুৰীত নিজকে আৱিষ্কাৰ কৰোঁ ।
শান্তি আৰু সুখৰ সংজ্ঞা মোৰ বাবে এইয়াই ।।


                 (৪)

দিনবোৰ গৈ থাকে
পাছে পাছে গৈ থাকে মাহ আৰু ঋতুৰ ছবি
ৰ'দৰ চিঠিত আহিনৰ বতৰা আহে
আহিন আহিব –
কুঁৱলীৰ কোমল জাল ফালি
আকাশ আৰু পথাৰ শুৱাই
আমাৰ অনুৰাগৰ পৃথিৱীত সুগন্ধি শেৱালি সৰিব
ধানৰ গানত পথাৰ গাভৰু হ'ব
সেউজীয়া নিশাহ এটা মাটিত নিবিড় হ'ব
বননিৰ এক সন্মোহনে নিপুণ হাতেৰে
জীৱনৰ ৰমণীয়তাক পুনৰ স্বাগতম জনাব ।



                                    পূৰৱী চুতীয়া
                                      শিক্ষয়িত্ৰী ,
            নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা
             শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments