header ads

গৱেষণাধৰ্মী ধাৰাবাহিক লেখা, গাৰো ভাষাৰ উপভাষা, সমৰজ্যোতি শৰ্মা, ৪ৰ্থ বছৰ ২য় সংখ্যা,

  গাৰো ভাষাৰ উপভাষা     



গাৰো ভাষা মেঘালয়ৰ চৰকাৰী ভাষা যদিও পৰৱৰ্তী কালত ইংৰাজী ভাষাটোও চৰকাৰী ভাষা হিচাপে স্বীকৃত হয় । ইয়াৰ উপৰিও মেঘালয়ত খাচী , জয়ন্তীয়া ভাষাৰ প্ৰভাৱো সুচল । গাৰো পাহাৰত চাৰিখন জিলা আছে : পূৱ গাৰো পাহাৰ , পশ্চিম গাৰো পাহাৰ , উত্তৰ গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰ । অসমৰ ক্ষেত্ৰত কামৰূপ , গোৱালপাৰা , দক্ষিণ শালমাৰা , ডিমা হাছাও , কাৰ্বি আংলং জিলাত গাৰো ভাষা কোৱা লোক পোৱা যায় ।

           ২০০১ চনৰ লোকপিয়ল অনুসৰি গাৰো পাহাৰৰ মুঠ জনসংখ্যা হ'ল :
১/ পশ্চিম গাৰো পাহাৰ : ৫১,০৫,৮১৩ গৰাকী
পুৰুষ : ২৫,৯৪৪ জন
মহিলা : ১২,০১,২৪৩ জনী

‌২/ পূৱ গাৰো পাহাৰ : ২৪,০৭,৫৫৫ গৰাকী
পুৰুষ : ১২,০৬,৩১২ জন
মহিলা : ১২,০১,২৪৩ জনী

৩/ দক্ষিণ গাৰো পাহাৰ : ৯৯,১০৫ গৰাকী
পুৰুষ : ৫১,০৫১ জন
মহিলা : ৪৮,০৫৪ জনী
          ২০০১ চনৰ পিছতহে গাৰো পাহাৰত উত্তৰ গাৰো পাহাৰ জিলাখনক স্বীকৃতি দিয়া হৈছিল ।
         
উপভাষাৰ ক্ষেত্ৰত চাবলৈ গ'লে গাৰো ভাষাত মুঠ ১১টা উপভাষা পোৱা যায় ।
১/ A·WE(আওৱে), A·KAWE(আখাৱে) : আওৱে আৰু আখাৱে শব্দ দুটাৰ অৰ্থ হ'ল ভৈয়াম । ভৈয়ামৰ চুবুৰীয়া অঞ্চলত এই উপভাষাটোৰ ব্যৱহাৰ হয় । অসমৰ গোৱালপাৰা , কামৰূপৰ সীমামূৰীয়া অঞ্চলৰ পৰা আৰম্ভ কৰি গাৰো পাহাৰৰ ঝীনৰী নৈৰ পশ্চিম ঘাটলৈ এই ভাষাৰ প্ৰচলন দেখা যায় । এই উপভাষাই পিছত গাৰো পাহাৰৰ মান্যভাষাৰ ৰূপ পায় ।
২/CHI·SAK (চিচাক্) : চিচাক্ শব্দৰ অৰ্থ হৈছে নদীৰ উৎপত্তি স্থল । গাৰো পাহাৰৰ মধ্য-পূৱ অঞ্চলত বাস কৰা লোক সকলৰ মাজত এই ভাষাৰ প্ৰচলন দেখা যায় ।
৩/DUAL (দুৱাল) : গাৰো পাহাৰৰ বিখ্যাত নৈ চিমচাঙ্ (SIM·CHANG) গাৰোসকলৰ সংস্কৃতি বহনকাৰী নৈ ৷ চিমচাঙৰ উত্তৰৰ সমতল ভূমিত বাস কৰা লোকসকলক দুৱাল বোলে আৰু তেওঁলোকে দুৱাল ভাষা ব্যৱহাৰ কৰে । ইয়াৰ উপৰিও বাংলাদেশৰ মৈমনসিং জিলাৰ গাৰোসকলৰ মাজতো এই ভাষাৰ প্ৰচলন আছে ।
৪/MAT·CHI (মাৎচি) : গাৰো পাহাৰৰ মধ্য-পশ্চিম অঞ্চলত ব্যৱহৃত ভাষাই হ'ল মাৎচি । পূৱ গাৰো পাহাৰৰ সদৰ ঠাই উইলিয়াম নগৰৰ ওচৰে পাজৰে মাৎচি ভাষাৰ প্ৰচলন দেখা যায় ।
৫/ AM·BENG (আমবেং) : আমবেং উপভাষাটো পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ ঠাই তুৰা চহৰ আৰু ইয়াৰ ওচৰে পাজৰে বুগী নৈৰ কাষলৈকে প্ৰচলন দেখা যায় ।
৬/MAT·JANGCHI (মাৎজাংচি), MATABENG (মাটাবেং) : ই গাৰোসকলৰ অন্যতম ভাষা ।
এই ভাষাটো মাৎচি আৰু আমবেঙৰ মধ্যৱৰ্তী পৰ্বতীয়া অঞ্চলৰ লোকসকলে ব্যৱহাৰ কৰে ।
৭/CHI·BOK (চিবক্) : চিবক্ উপভাষাটো গাৰো পাহাৰৰ কোনো এটা উপভাষাৰ সৈতে সাদৃশ্য দেখা নাযায় । বুগী নৈৰ পৰা দাৰেং নৈলৈকে বিয়পি থকা লোকসকলৰ মাজত চিবক্ উপভাষাৰ প্ৰচলন দেখা যায় ।
৮/GARA-GANCHING (গাৰা-গানচিং) : গাৰো পাহাৰৰ দক্ষিণ অঞ্চলৰ পৰ্বতীয়া ঠাইত বাস কৰা লোকসকলক গাৰা-গানচিং বোলে । তেওঁলোকে ব্যৱহাৰ কৰা ভাষাটোকো একে নামেৰে জনা যায় ।
৯/A·TONG (আটং) : চিমচাঙ্ নৈৰ উপত্যকা অঞ্চলত ব্যৱহৃত ভাষাই হৈছে আটং । গাৰো পাহাৰৰ উত্তৰ-পূব অঞ্চলত বাস কৰা আটং ফৈদৰ লোকসকলে এই ভাষা ব্যৱহাৰ কৰে । ৰাভা ভাষাৰ উপভাষাৰ লগত এই ভাষাটোৰ সাদৃশ্য দেখা যায় ।
১০/RUGA (ৰুগা) : আটং উপভাষাটোৰ সৈতে ৰুগা ভাষাটোৰ সাদৃশ্য দেখা যায় । গাৰো পাহাৰৰ ডালু অঞ্চলৰ লোকসকলে এই ভাষাটো ব্যৱহাৰ কৰে । মূলতঃ বুগী নৈৰ উৎপত্তি অঞ্চলত বাস কৰা লোকসকলৰ উপভাষাটোৱে ৰুগা ।
১১/ME·GAM (মেগাম) : মেগাম গাৰোসকলৰ অন্যতম ফৈদ । এই ফৈদৰ বেছিভাগ মানুহেই খাচী পাহাৰত বাস কৰে । মেগামসকলক গাৰো আৰু খাচিয়াসকলৰ সংমিশ্ৰণত উদ্ভৱ হোৱা জনজাতি বোলে । সংস্কৃতি আৰু নীতি-নিয়মৰ ক্ষেত্ৰত মেগামসকল গাৰো , আনহাতে ভাষাৰ ক্ষেত্ৰত মেগামসকল খাচিয়াসকলৰ কথিত ৰূপটোৰ বেছি ওচৰচপা ।
          গাৰো ভাষাটো বৃহত্তম চীন-তিব্বতীয় ঠালৰ অন্যতম ভাষা । গাৰো ভাষাত ১১ টা উপভাষা পোৱা যায় যদিও মেগাম ভাষাৰ বাহিৰে এটা উপভাষাৰ মানুহে আন এটা উপভাষা কম-বেছি পৰিমাণেহে বুজি পায় । কেৱল মেগাম ভাষাটোহে আন ভাষীসকলে বুজি নাপায় ।

প্ৰসংগ পুথি :
১/ মজুমদাৰ, বিমল : জনজাতি আৰু গাৰো জনজাতি, বীণা লাইব্ৰেৰী , দ্বিতীয় প্ৰকাশ , নৱেম্বৰ , ২০১৫
২/ ৰাভা হাকাচাম , উপেন : অসমীয়া আৰু অসমৰ তিব্বত-বৰ্মীয় ভাষা , শ্ৰীমতী মঞ্জুলা ৰাভা হাকাচামজাক , ষষ্ঠ সংস্কৰণ , জানুৱাৰী ২০১৭
৩/ ৰাভা হাকাচাম, উপেন : অসমীয়া আৰু অসমৰ ভাষা-উপভাষা , জ্যোতি প্ৰকাশন , তৃতীয় সংস্কৰণ , ফেব্ৰুৱাৰী , ২০১৭

                                          


সমৰজ্যোতি শৰ্মা
ধাৰাপুৰ, গুৱাহাটী ।

Post a Comment

0 Comments