গণিতৰ যাদুঃ
(ক)
(১) যিকোনো এটা সংখ্যা লোৱা
(২) সংখ্যাটোৰ লগত এতিয়া ৩ যোগ কৰা
(৩) যোগফলটোক ২ৰে পূৰণ কৰা
(৪) পূৰণফলটোৰ পৰা এইবাৰ ৪ বিয়োগ কৰা.
(৫) এতিয়া এই সংখ্যাটোক ২ৰে হৰণ কৰা
(৬) এতিয়া হৰণ কৰি পোৱা সংখ্যাটোৰ পৰা প্ৰথমে লোৱা সংখ্যাটো বিয়োগ কৰা ৷
বিয়োগফল কি ১ পাইছা নিশ্চয় ?
(খ)
(১) যিকোনো এটা সংখ্যা ভাবা
(২) সংখ্যাটোক ৩ ৰে পূৰণ কৰা
(৩) পূৰণফলটোৰ লগত ৬ যোগ কৰা
(৪) এতিয়া যোগফলটোক ৩ ৰে হৰণ কৰা
(৫) এতিয়া হৰণ কৰি পোৱা সংখ্যাটোৰ পৰা তুমি ভাবা সংখ্যাটো বিয়োগ কৰা ৷
বিয়োগফল ২ পাবা ৷
0 Comments